উত্তৰ-পূবৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ সমাধানৰ বাবে সেৱা আগবঢ়াইছে ফাউণ্ডেচন ফৰ ছচিয়েল ট্ৰান্সফৰ্মেচন

3

সাংস্কৃতিক আৰু মানৱ সম্পদত উত্তৰ পূৰ্বাঞ্চল সদায় চহকী । তথপিও এই অঞ্চলটোৰ অধিকাংশ লোক আৰ্থনৈতিকভাৱে আৰু ভৌগোলিকভাৱে পিছপৰা । দিনে দিনে বাঢ়ি যোৱা অসমতাৰ বাবে বিভিন্ন ধৰণৰ সংঘাত আৰু আৰ্থ-সামাজিক সমস্যাই দেখা দিছে ।

এই ধৰণৰ সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ফাউণ্ডেচন ফৰ ছচিয়েল ট্ৰান্সফৰ্মেচন নামৰ সংস্থাটোৱে ।  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত নিজৰ সেৱা আগবঢ়োৱা এই সংস্থাটোৱে চাৰিটা দিশ সামৰি লয়- লিঙ্গ সমতা আৰু ন্যায়, যুৱ কল্যাণ, প্ৰকৃতিক সম্পদ আৰু জীৱিকা, স্থানীয় কলা-সংস্কৃতিক উদগণি প্ৰদান ।

ইয়াৰ অন্যতম হৈছে শাৰীৰিকভাৱে বাধাগ্ৰস্ত যুৱক-যুৱতীসকলৰ যৌন স্বাস্থ্য আৰু যৌন অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা। তাৰ বাবে সংস্থাটোৱে বিভিন্ন কৰ্মশালাৰ আয়োজন কৰি আহিছে । 

আন এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে মেঘালয়ত ভেড়াৰখীয়াসকলৰ শিশুৰ বাবে এখন খাচী বিদ্যালয় চলোৱা । 

সংস্থাটোৰ শেহতীয়া বিভিন্ন কাম-কাজৰ ভিতৰত অন্যতম হৈছে ৮ৰপৰা ১১ আগষ্টলৈকে প্ৰগ্ৰেম মেনেজমেন্ট এণ্ড জেণ্ডাৰ শীৰ্ষক কৰ্মশালা ।

শেহতীয়াকৈ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰ, পশু কল্যাণ বিভাগ আৰু জনজাগৰণ মঞ্চৰ সহযোগত লাইভষ্টক মেনেজমেন্ট এণ্ড হেল্থ কেয়াৰ শীৰ্ষক এখন কৰ্মশালা আয়োজন কৰা হৈছে ।