দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ প্রকল্প ৰূপায়ণ ন্যাস পুঁজিৰ কার্যকালৰ ম্যাদ বৃদ্ধিৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ প্রকল্প ৰূপায়ণ ন্যাস পুঁজিৰ কার্যকালৰ ম্যাদ বৃদ্ধিৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ প্রকল্প ৰূপায়ণ ন্যাস পুঁজিৰ ম্যাদ সম্প্রসাৰণ আৰু সেই ধৰণৰ ঔদ্যোগিক কৰিডৰ উন্নয়ন তথা ৰূপায়ণ ন্যাস হিচাপে চিহ্নিত কৰাৰ প্রস্তাৱ দুটা বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে অনুমোদন জনাইছে। ঔদ্যোগিক কৰিডৰ গঢ়ি তোলাৰ কামত বিশেষ জোৰ দিবলৈ এই অনুমোদন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত, আবণ্টিত ধন ব্যয়ৰ সময়সীমা ৩১ মার্চ, ২০২২ চন পর্যন্ত বৃদ্ধি কৰা হৈছে। কৰিডৰ গঢ়ি তোলাৰ কামত ইতিমধ্যেই মঞ্জুৰিকৃত ধন ব্যয় কৰাৰ উপৰিও ১,৫৮৪ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ সদ্ব্যৱহাৰ সম্ভৱ হ’ব এই বর্ধিত সময়সীমাৰ ভিতৰত।

image


বর্তমান এই পাঁচটা ঔদ্যোগিক কৰিডৰৰ অধীনত আছে পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্রদেশ, উত্তৰাখণ্ড, বিহাৰ, ঝাড়খণ্ড, পশ্চিমবঙ্গ, মধ্যপ্রদেশ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্র, কর্ণাটক, অন্ধ্রপ্রদেশ আৰু তামিলনাডু। যি ঔদ্যোগিক কৰিডৰসমূহৰ কাম বর্তমানে চলি আছে আৰু সেয়া ৰূপায়ণৰ ক্ষেত্রত উল্লেখযোগ্য অগ্রগতিও দেখা গৈছে তাৰ ভিতৰত আছে – দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ (DMIC), চেন্নাই-বেঙ্গালুৰু ঔদ্যোগিক কৰিডৰ (CBIC), বেঙ্গালুৰু-মুম্বাই অর্থনৈতিক কৰিডৰ (BMEC), অমৃতসৰ-কলকাতা ঔদ্যোগিক কৰিডৰ (AKIC) আৰু বিজাগ-চেন্নাই ঔদ্যোগিক কৰিডৰ (VCIC)। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড