অনিতা ডংগ্ৰে: প্ৰচলিত সামাজিক ধ্যান-ধাৰণা নেওচি উদ্যোগশীলতাৰ বাটত এগৰাকী ডিজাইনাৰ

মূল- প্ৰীতি চামিকুট্টি

অনিতা ডংগ্ৰে: প্ৰচলিত সামাজিক ধ্যান-ধাৰণা নেওচি উদ্যোগশীলতাৰ বাটত এগৰাকী ডিজাইনাৰ

Thursday October 20, 2016,

7 min Read

নাৰী হিচাপে আঢ়ৈকুৰিৰ ডেওনা গৰকা অনিতা ডংগ্ৰেৰ বাবে জীৱনটো হৈছে এক বৰ্ণিল যাত্ৰা। তেওঁ জন্মগ্ৰহণ কৰিছিল এনে এক পৰম্পৰাগত ভাৰতীয় পৰিৱেশত য’ত নাৰীয়ে সমাজে জাপি দিয়া সকলোবোৰ দায়িত্ব পালন কৰি গৈছিল নিৰ্বিবাদে। যৌথ পৰিয়ালটোত তেওঁৰ সম্বন্ধীয় ভগ্নী, খুৰীয়েক-পেহীয়েক, ভগ্নী সকলোৱে পত্নী আৰু মাতৃৰ ভূমিকা সানন্দে পালন কৰি গৈছিল। কিন্তু এনে এটা পৰম্পৰাগত পৰিয়ালত জন্মগ্ৰহণ কৰা অনিতাৰ ক্ষেত্ৰত জীৱনে মুকলি কৰিছিল এক সুকীয়া বাট।

image


“মই এক পৰম্পৰাগত সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰিছিলো। মোৰ ককা-আইতা আছিল জয়পুৰৰ। শৈশৱত গ্ৰীষ্মকালীন বন্ধসমূহ মই প্ৰায়ে জয়পুৰত কটাইছিলো আৰু তেতিয়াই দেখা পাইছিলো সেই পৰিৱেশত মোৰ সম্বন্ধীয় ভগ্নীসকলৰ বাবে কিমানধৰণৰ বাধা-নিষেধ আছিল। মোৰ জন্মৰ কেইমাহমানৰ পিছতে দেউতা মুম্বাইলৈ স্থানান্তৰিত হৈছিল। মুম্বাই আছিল এক সম্পূৰ্ণ সুকীয়া ঠাই। য’ত আছিল নাৰীৰ বাবে জীৱন গঢ়াৰ সুবিধা আৰু আছিল উদ্যোগী মহিলা।” সুঁৱৰিলে অনিতাই। তেওঁৰ পৰিয়ালত কোনো মহিলা উদ্যোগী নাছিল। তেওঁৰ যৌথ পৰিয়ালটোৰ ৫০ গৰাকী সম্বন্ধীয় ভগ্নীৰ কোনেও ক’তো কাম কৰা নাছিল। গতিকে প্ৰশিক্ষণ সমাপ্ত কৰি চাকৰিত সোমোৱা অনিতাক লৈ পৰিয়ালৰ সকলো হতভম্ব হৈ পৰিছিল। “সকলো আচৰিত হৈছিল আৰু মোক বহুত বুজাইছিল। সেইসময়ৰ চিন্তাধাৰা আছিল যে পৰিয়ালে ভৰণ-পোষণ দিব নোৱাৰিলেহে এগৰাকী নাৰীয়ে কাম কৰিবলগীয়া হয়।” অনিতাৰ মন্তব্য।

image


কিন্তু এতিয়া সেই সকলোবোৰ অতীত। বৰ্তমান অনিতা ডংগ্ৰে হৈছে দেশৰ ভিতৰতে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ আৰু তেওঁৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰে বহু নামী-দামী ব্যক্তিত্বই। হাৰ ষ্টৰীয়ে এইগৰাকী উদ্যোগী মহিলাৰ জীৱনৰ আকষৰ্ণীয় যাত্ৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো।

আৰম্ভণি

এগৰাকী উদ্যোগী হিচাপে অনিতাই সন্মুখীন হোৱা প্ৰতিবন্ধকতাৰ তুলনাত পৰিয়ালৰ পৰা পোৱা বাধা-নিষেধ আছিল অতি সামান্যধৰণৰ। পৰিয়ালৰ মহিলাসকলে ফেব্ৰিকেৰে প্ৰস্তুত কৰা সুন্দৰ সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰি অতি কম বয়সতে অনিতা ফেশ্বন উদ্যোগৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁৰ মাতৃ আছিল এগৰাকী দক্ষ কাৰিকৰ আৰু সৰুতে অনিতা আৰু ভগ্নীৰ বাবে পোচাক মাকেই চিলাইছিল।

সপোন পূৰণৰ দিশত তেওঁৰ পৰৱৰ্তী পদক্ষেপ আছিল মুম্বাইৰ এছএনডিটি বিশ্ববিদ্যালয়ৰ পৰা ফেশ্বনৰ এক ডিগ্ৰী গ্ৰহণ। “ডিজাইন আৰু ফেশ্বনেই আছিল একমাত্ৰ বিষয় যাৰ প্ৰতি আনকি ১৫ বছৰ বয়সতো মই আকৃষ্ট আছিলো। এন এম কলেজত মোৰ সৈতে বাণিজ্য শাখাত অধ্যয়ন কৰা বহু লগৰীয়াই চাৰ্টাৰ্ড একাউণ্টটেণ্টৰ বৃত্তি বাছি লৈছিল। কিন্তু একমাত্ৰ ফেশ্বনক লৈহে মই আগ্ৰহী আছিলো, গতিকে মই ঠিৰাং কৰি পেলাইছিলো এইটোৱেই হৈছে মোৰ বাবে সঠিক পথ।” অনিতাৰ ভাষ্য।

কনিষ্ঠ ভগ্নীৰ সৈতে ৩০০ বৰ্গ ফুটৰ এক সৰু ঠাইত অতি চালুকীয়াভাৱে তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল আৰু কেইবছৰমানৰ ভিতৰত তেওঁৰ এই ব্যৱসায়ত যোগ দিছিল সৰু ভায়েকেও। ব্যৱসায়ৰ আৰম্ভনিৰ বছৰবোৰ আছিল অতি কঠিনতাৰে ভৰা কাৰণ কামৰ বাবে স্থায়ী ঠাইৰ অভাৱৰ বাবে ঘনাই তেওঁলোকে ঠিকনা সলাই ফুৰিবলগীয়া হৈছিল। “সেই সময়বোৰ আছিল অতি কঠিন আৰু বহু সময়ত মই এই বৃত্তি ত্যাগ কৰাৰ কথাও চিন্তা কৰিছিলো, কিন্তু এই চিন্তা আছিল ক্ষন্তেকীয়া। প্ৰতি পুৱা শোৱাপাটিৰ পৰা উঠি মই নিজকে সুধিছিলো, মই কি কৰিম এতিয়া।” স্মৃতিৰ বৰপেৰা খুলি গ’ল প্ৰতিষ্ঠিত ডিজাইনাৰগৰাকীয়ে। অনিতাই লগতে জনালে ভাৰা সময়মতে দিব নোৱাৰাৰ বাবে বহুবাৰ মালিকে তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিছিল।

“প্ৰথম সময়ছোৱাত ধনৰ অভাৱ আছিল এক বৃহৎ সমস্যা। কিন্তু লাহে লাহে সকলো ঠিক হ’বলৈ ধৰিলে। মোৰ দৃষ্টিত এগৰাকী উদ্যোগীৰ বাবে প্ৰত্যেকটো দিনেই এক প্ৰত্যাহ্বান। প্ৰতিটো দিনেই লগত আনে নতুন নতুন প্ৰত্যাহ্বান। আনকি বৰ্তমানও মই দৈনিক সমস্যাৰ মুখামুখি হবলগীয়া হয় কিন্তু মই ভাবো আমি এইসমূহৰ সৈতে সহাৱস্থান কৰিবলৈ শিকি লোৱা উচিত।” অনুভৱৰ দুৱাৰ খুলি ব্যক্ত কৰিলে অনিতাই।

তেওঁৰ ব্যৱসায়িক কৌশল

ফেশ্বনৰ প্ৰতি থকা অনুৰাগৰ সমান্তৰালকৈ অনিতাই ব্যৱসায়িক দিশটোতো সমানে গুৰুত্ব দি আহিছে। বৰ্তমান তেওঁৰ কোম্পানীটো এণ্ড ডিজাইনছ ইণ্ডিয়া লিমিটেড AND Designs India Ltd (ADIL)নামেৰে পৰিচিত আৰু ইয়াৰ অধীনত আছে চাৰিটাকৈ শাখা। AND আৰম্ভ কৰা হৈছিল ১৯৯৯ চনত আৰু ইয়াৰ জৰিয়তে পশ্চিমীয়া সাজ-পাৰৰ বিপণন কৰা হয়, ২০০৭ চনত প্ৰৱৰ্তন কৰা গ্ল’বেল দেশীত বিক্ৰী কৰা হয় পৰম্পৰাগত সাজ-পাৰ, ইণ্টাৰপ্ৰেট হৈছে দৈনন্দিন পৰিধান কৰা বস্ত্ৰৰ শাখা, টাইমলেছত কইনাৰ সাজ-পাৰ আৰু গ্ৰাছৰুটত জৈৱিক ফেশ্বনক প্ৰাধান্য দিয়া হৈছে। অৱশ্যে নতুন সামগ্ৰীৰ শাখা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ব্যৱসায়িক পৰিকল্পনাক লৈ অধিক মুৰ নঘমায় বুলিও জনালে অনিতাই।

হৃদয়ৰ আহ্বানতে ব্যৱসায় সম্প্ৰসাৰণ কৰি গৈছিল অনিতাই। আনকি অনিতাই বস্ত্ৰ যোগান ধৰা বিপণীবোৰে তেওঁ ডিজাইন কৰা পশ্চিমীয়া সাজসমূহ লবলৈ অস্বীকাৰ কৰাৰ বাবেহে নিজাববীয়াকৈ এক ব্ৰেণ্ড আৰম্ভ কৰাৰ কথাই তেওঁৰ মগজুত খুন্দা মাৰে।

“আজিৰে পৰা ১৪-১৫ বছৰ পূৰ্বে পশ্চিমীয়া সাজৰ সৈতে পৰীক্ষণৰ বাবে আগ্ৰহী কৰ্মৰত যুৱতীসকলৰ প্ৰতি দৃষ্টি ৰাখি মই নিজে পচন্দ কৰাধৰণে এলানি সাজ প্ৰস্তুত কৰিছিলো। কিন্তু মই কোনো এখন বিপনীৰ পৰা এইক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰা নাছিলো। মোৰ ইমান খং উঠিছিল যে মই নিজে এইসমূহ বিক্ৰীৰ সিদ্ধান্ত লও আৰু এনেদৰে অনিতা ডংগ্ৰে ডিজাইনছৰ জন্ম হয়।” মুখত এটা হাঁহি লৈ মন্তব্য ডিজাইনাৰগৰাকীৰ।

“মোৰ অন্তৰাত্মাৰ আহ্বানেই হৈছে মোৰ ব্যৱসায়িক কৌশলৰ আঁৰৰ কাৰণ। মই কোনো ধৰণৰ বজাৰ অধ্যয়ন নকৰোঁ। সহজভাৱেই মই মোৰ কাম কৰি যাওঁ। প্ৰায় প্ৰতিখন বিপনীয়ে মোৰ বস্ত্ৰসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে অত্যন্ত খং উঠি মই নিজৰ বিপনী খোলোঁ।” তেওঁ ব্যাখ্যা কৰিলে। উদ্যোগশীলতাৰ ক্ষেত্ৰত ব্যৱসায়িক দিশক লৈ তেওঁ অত্যাধিক গুৰুত্ব নিদিয়ে যদিও ইয়াৰ প্ৰয়োজনীয়তা অস্বীকাৰ নকৰে বুলি জনালে অনিতাই। অনিতাৰ ভাষাত সুবিধা পালে তেওঁ কেৱল ডিজাইনিঙতহে মনোনিবেশ কৰিব।

বৰ্তমান এণ্ডৰ বিপণনৰ বাবে ভিন্ন ঠাইত আছে ২৫০ খন বিপনী। ইয়াত ভিতৰত ৪১ খন আছুতীয়া বিপনী আৰু শ্বপাৰ্ছ ষ্টপ, লাইফষ্টাইল, চেণ্ট্ৰেল, কাপছন আৰু পেণ্টালুনৰ দৰে মাল্টি ব্ৰেণ্ড মলত আছে ২০০খন বিপনী। গ্লবেল দেশীৰ ৫৪ খন আছুতীয়া বিপনীৰ লগতে কমেও ১৩০ খন মাল্টি ব্ৰেণ্ড আউটলেটত বিপনী আছে। চলিত বৰ্ষতে মৰিছাছতো গ্লবেল দেশীৰ প্ৰথমখন বিপণী মুকলি কৰা হয়। 'টাইমলেছ' আৰু 'লিণ্টাৰপ্ৰেট' উপলব্ধ অনিতা ডংগ্ৰেৰ নামত থকা দেশৰ ৯খন বিশেষ ষ্টৰত।

দেশজুৰি থকা ১০৪খন ষ্টৰত সমগ্ৰ ব্ৰেণ্ডটো উপলব্ধ আৰু ইয়াৰ মিশ্ৰিত বাৰ্ষিক বৃদ্ধিৰ হাৰ ২০১০ চনৰ পৰা ৫৭শতাংশ হাৰত বৃদ্ধি পাইছে। শেহতীয়া বিত্তীয় বৰ্ষৰ সামৰণিলৈকে ইয়াৰ ব্যৱসায়িক লেন-দেনৰ প্ৰত্যাশা আছিল ৩৫০ কোটি টকা।

মাটিত খামুচি আকাংক্ষাৰ দিকচৌ বাটত

মৰিছাছত দুখনকৈ বিপনী মুকলি কৰিলেও অনিতা এতিয়াও দেশৰ ভিতৰতে থকা ব্যৱসায়ৰ প্ৰৱল সম্ভাৱনীয়তাক লৈ অত্যন্ত আশাবাদী। “২০ বছৰ পূৰ্বে মোৰ এগৰাকী অতি ঘনিষ্ঠ বন্ধুৱে এবাৰ কৈছিল যে যদিহে মই আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ ব্যৱসায় আৰম্ভ কৰিলোহেতেন তেনেহলে আজি মোৰ ব্যৱসায় ১০০ গুণ অধিক বৃহৎ হলহেতেন। কিন্তু তথাপিও মোৰ বাবে এয়া ঠিক আছে। মই ভাৰতীয় সাজ প্ৰস্তুত কৰি ভালপাওঁ আৰু ইয়াত তাৰবাবে বহুতো সম্ভাৱনীয়তা আছে।” তেওঁ লগতে কয়, ২০১৫ চন হৈছে তেওঁৰ বাবে বিদেশত ব্যৱসায় সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ সময়।

পৰিয়ালৰ ভূমিকা তেওঁৰ জীৱনত অপৰিসীম। পৰিয়াল হৈছে ব্যৱসায়ৰ ভিতৰে-বাহিৰে থকা তেওঁৰ শক্তি। ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰথম পূঁজি প্ৰদান কৰিছিল তেওঁৰ পিতৃয়ে আৰু ইয়াৰ বাবে আন বিত্তীয় প্ৰতিষ্ঠানৰ দৰেই অনিতাৰ পৰা তেওঁ ঋণৰ সুতো লৈছিল। “মোৰ দেউতা এজন শক্তিশালী মনৰ মানুহ আছিল আৰু মই গৰ্বিত যে তেওঁ আমাক লাগ বুলিলেই সকলো হাতত ধৰাই দিয়া নাছিল। তেওঁ মোক ধনৰ মূল্য শিকাইছিল। আনকি বতৰ্মানেও যেতিয়া মই আৰু ভণ্টীয়ে কোম্পানীৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্ত ল’বলাগে আমি তেওঁলৈ মনত পেলাওঁ। তেওঁ আমাক ধনক সন্মান কৰিবলৈ শিকাইছিল আৰু এয়া অতি গুৰুত্বপূৰ্ণ কথা।” অনিতাই লগতে কয়।

তেওঁৰ ভাতৃ আৰু ভগ্নীয়ে ব্যৱসায়ৰ পাইকাৰী দিশ আৰু পৰিকল্পনাসমূহ তদাৰক কৰাৰ বিপৰীতে অনিতাই ডিজাইনিঙৰ দিশতে মনোনিবেশ কৰি আহিছে। অনিতাৰ ভাষাত এতিয়াও তেওঁৰ কৰিবলগীয়া যথেষ্ট আছে আৰু হয়তো এই জীৱনকাল ইয়াৰ বাবে পৰ্যাপ্ত নহব। অৱধাৰিতভাৱে তেওঁৰ মূল ধ্যান কেৱল ডিজাইনিঙতে থকাৰ লগতে সোঁতৰ বিপৰীতে সাঁতোৰ মেলাতো কেন্দ্ৰীভূত।

উৎপাদনৰ সকলো বিষয় একে ঠাইৰ পৰা পৰিচালনা কৰিবলৈ অনিতাৰ কোম্পানীয়ে শেহতীয়াকৈ নবী মুম্বাইৰ ৰাবেলত ১৮০,০০০ বৰ্গফুটৰ এক ক্ষেত্ৰ ক্ৰয় কৰিছে। গুণগত মান ৰক্ষাৰ দিশৰ পৰা এয়া অতিশয় গুৰুত্বপূৰ্ণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে এয়া জৰুৰী। ২০০৮ চনত ফিউচাৰ গ্ৰুপে অনিতাৰ ব্যৱসায়ৰ ২৩ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছিল আৰু পৰৱৰ্তী সময়ত ব্যক্তিগত ফাৰ্ম জেনেৰেল আটলাণ্টিকক এই শ্বেয়াৰ তেওঁলোকে বিক্ৰী কৰিছিল। জানিব পৰা মতে ADILগ্ৰুপৰ এক সামান্য অংশ ক্ৰয় কৰিবলৈ জেনেৰেল আটলাণ্টিকে ১৫০ কোটি টকা বিনিয়োগ কৰিছিল।

অনিতাৰ মতে তেওঁ কাপোৰ তৈয়াৰ কৰি ভালপায় আৰু অনাগত সময়তো তেওঁ এই কামেই কৰি যাবলৈ ভাল পাব। বিভিন্ন ধৰণৰ ব্যৰ্থতা আৰু হতাশাৰ মাজতো অনিতা থমকি ৰোৱা নাই। “মানুহক নিজে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰোৱা, ফেশ্বনৰ প্ৰতি আগ্ৰহী কৰি তোলা, মহিলাক নিজৰ প্ৰতি ভাল অনুভৱ কৰোৱাতো এক আৰ্শীবাদ। মই অন্তিম সময়লৈকে কাম কৰি যাবলৈ বিচাৰো। মৃত্যুৰ পিছতো মই এনে এক সুন্দৰ ফেশ্বন হাউছ এৰি যাব বিচাৰোঁ যিয়ে আমাৰ মূল্যবোধক আগুৱাই লৈ যাবলৈ সক্ষম হব।” অনিতাই কয়।

সুখী হৈ থকা আৰু নিজে কৰা কামক লৈ গৰ্ব অনুভৱ কৰা, এয়াই হৈছে উদ্যোগশীলতাৰ বাট গ্ৰহণ কৰিব খোজা মহিলাসকললৈ অনিতাৰ পৰামৰ্শ। এক ভাল মনোবৃত্তি ৰখাৰ লগতে যিকোনো কামৰ আৰম্ভনি সঠিকভাৱে কৰাটো প্ৰয়োজনীয়। “কেৱল টকা ঘটাৰ লক্ষ্য আগত বান্ধি আপুনি একো কামেই ভালদৰে আৰম্ভ কৰিব নোৱাৰে। নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব লাগে আৰু পৰৱৰ্তী সকলোবোৰ নিজে সঠিক পথলৈ আহিব।” অনিতাৰ সোণসেৰীয়া বচন।