জন্মদিনৰ কেকক লৈ লাভ কৰা বেয়া অভিজ্ঞতাই জন্ম দিছিল ordermytreat.comৰ

জন্মদিনৰ কেকক লৈ লাভ কৰা বেয়া অভিজ্ঞতাই জন্ম দিছিল ordermytreat.comৰ

Wednesday June 15, 2016,

3 min Read

২০১২ চনলৈকে ছৈয়দা তছনিম জাৰিন আছিল গুৱাহাটী মহানগৰীৰ আন বহু মহিলাৰ দৰে এগৰাকী গৃহিণী। আন দহগৰাকী গৃহিণীৰ দৰে সন্তান আৰু ঘৰৰ দায়িত্বত ব্যস্ত আছিল তেওঁ। কিন্তু যিটো কথাই তেওঁক আনতকৈ পৃথক কৰিছিল সেইটো আছিল কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ । এই সময়তে তেওঁৰ খুলশালীয়েকে চেন্নাইৰপৰা অনলাইন পঠোৱা এটা উপহাৰক লৈ তেওঁ লাভ কৰিলে এটা তিক্ত অভিজ্ঞতা । তছনিমৰ জন্মদিন উপলক্ষে পঠোৱা এই কেকটো নিৰ্দ্ধাৰিত দিনটো পাৰ হৈ যোৱাৰ পাছতহে তেওঁৰ হাতত পৰিছিল । লগতে বিক্ৰেতাই যোগান ধৰা কেকটোৰ মানো আছিল নিম্নমানৰ । আন দুই এজনৰ লগত কথা পাতি তছনিমে গম পালে বহুতৰে আছে তেনে তিক্ত অভিজ্ঞতা । বিশেষকৈ অসমৰ গ্ৰাহকৰ বাবে আন ঠাইৰ অনলাইন উপহাৰ প্ৰেৰণ সেৱা সমূহৰ যোগেদি পঠোৱা উপহাৰৰ ক্ষেত্ৰত বিক্ৰেতাসকলে যিহকে তিহকে পঠোৱাৰ সম্ভাৱনা থাকে । এই কথাৰপৰাই এটা এনেকুৱা অনলাইন প্লেটফৰ্মৰ ধাৰণা তছনিমৰ আহিল যাৰ জৰিয়তে দেশে বিদেশে থকা অসমীয়াসকলে নিজৰ আপোনজনলৈ বিভিন্ন উপহাৰ পঠিয়াব পাৰিব । 

ইতিমধ্যে কিবা এটা কৰাৰ ইচ্ছাই তেওঁক অহৰহ আমনি কৰি থাকিছিলেই । এই নতুন ধাৰণাটোৰ কথা কোৱাৰ লগে লগে তেওঁৰ স্বামীয়ে তেওঁক সমৰ্থনেই নহয় সম্পুৰ্ণ সহযোগো আগবঢ়ালে । ঘৰ আৰু সন্তান চম্ভালি থাকিও ব্যৱসায়টোকো কিদৰে আগুৱাই নিব পাৰি সেই সম্পৰ্কে অহৰহ চিন্তা চৰ্চা কৰাৰ অন্তত অতি কম মূলধনেৰে ordermytreat.com ৰ ভেটি স্থাপন হ'ল । 

'মোৰ এই ব্যাৱসায়িক ধাৰণাটোত মোৰ স্বামীয়ে সমৰ্থন জনাইছিল যদিও আনবোৰ মানুহক বুজোৱাটো যথেষ্ট কঠিন আছিল । মূলতঃ এই ধাৰণাটো কোনেও বুজিব পৰা নাছিল আৰু তেওঁলোকে মোক বাধা দিছিল কাৰণ তেওঁলোকে ভাবিছিল মই লোকচানৰ সন্মূখীন হ'ম।' তছনিমে কয় ।

২০১৩ চনৰ ৩১ জানুৱাৰীত প্ৰথমটো ়ডেলিভাৰী দিয়া অৰ্ডাৰ মাই ট্ৰীটে ইতিমধ্যে প্ৰাৰম্ভিক বাধা সমূহ নেওচি এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই ব্যৱসায়ৰ সফলতাক লৈ যিসকলে সন্দেহ প্ৰকাশ কৰিছিল তেওঁলোকৰ মনত বিশ্বাস জন্মাই ইতিমধ্যে তিনিটা বছৰ সম্পূৰ্ণ কৰিছে অৰ্ডাৰ মাই ট্ৰীটে । 'আমি কোনো ধৰণৰ বিশাল প্ৰচাৰ অভিযান চলোৱা নাছিলো । কিন্তু মানুহৰ মূখ বাগৰি বাগৰি হোৱা প্ৰচাৰেই আমাক সফলতা দিছে । যোৱা তিনিটা বছৰত আমাৰ ফেচবুক পেজৰ অনুগামীৰ সংখ্যা সাত হাজাৰৰো অধিক ।' 

আৰম্ভণীতে কোনো বিশাল প্ৰচাৰ অভিযানৰ সলনি কেতবোৰ অগতানুগতিক পদক্ষেপ গ্ৰহণ কৰিছিল তছনিম আৰু তেওঁৰ স্বামী ছৈয়দ মিফটাহুৰ ৰহমানে । তেওঁলোকৰ গাড়ীখনত কিছুমান গ্ৰাফিটি (graffiti) অংকন কৰি তেওঁলোকে ঠায়ে ঠায়ে প্ৰচাৰ অভিযান চলাইছিল । ইয়াত এগৰাকী নৃত্যৰতা মহিলাই কেক এটা ধৰি থকাৰ দৃশ্য অংকিত আছিল । তাৰ পিছত আন এক অভিনৱ প্ৰচাৰ অভিযান চলাইছিল তেওঁলোকে । বাটৰুৱা একোজনক একোটা কেক হাতেৰে ডাঙি চাই তাৰ ওজন অনুমান কৰি শুদ্ধ উত্তৰ দিলে কেকটো উপহাৰ হিচাপে দিয়াৰ এই প্ৰতিযোগিতাই তেওঁলোকক যথেষ্ট জনপ্ৰিয়তা দিছিল । 

অৰ্ডাৰ মাই ট্ৰীটে অসমৰ বেছিভাগ ঠাইৰ লগতে অসমৰ বাহিৰতো কেক বা আন উপহাৰ সামগ্ৰী যোগন ধৰে । একোজন গ্ৰাহকে ৱেবচাইটটোত উপলদ্ধ সামগ্ৰীৰ উপৰিও নিজৰ পচণ্ড অনুসৰি এই সামগ্ৰীসমূহৰ আৰ্হি ঠিক কৰিব পাৰে । অনাগত দিনত বিভিন্ন ৰেষ্টোৰাঁৰ হৈ হোম ডেলিভাৰী আৰু গৃহিনীসকলক ৰন্ধন কলাৰ প্ৰশিক্ষণ দিয়াৰো পৰিকল্পনা আছে অৰ্ডাৰ মাই ট্ৰীটৰ । 

ব্যাৱসায়িক অগ্ৰগতিৰ লগে লগে সামাজিক ক্ষেত্ৰতো অৱদান আগবঢ়াইছে অৰ্ডাৰ মাই ট্ৰীটে । ইতিমধ্যে ছিক্ৰেট ছান্তা নামৰ এক আঁচনিৰ জৰিয়তে প্ৰশংসাও বুটলিছে অৰ্ডাৰ মাই ট্ৰীটে । এই আঁচনিৰ যোগেদি প্ৰতিটো অৰ্ডাৰৰ বিপৰীতে বৃদ্ধ আৱাস বা অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীক উপহাৰ প্ৰদান কৰা হয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

বিদ্যলয়লৈ যাব নোৱাৰা ল'ৰা-ছোৱালীৰ ঘৰতে বিদ্যালয়ৰ ব্যৱস্থা-বীণা চেট্টী লস্কৰীৰ ড'ৰষ্টেপ স্কুল

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল