কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি

কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি

Thursday August 04, 2016,

2 min Read

হিজবুল মুজাহিদ্দীনৰ কমাণ্ডাৰ বুঢ়ান ৱানিৰ মৃত্যুৰ পাছত কাশ্মীৰত জ্বলি উঠা হিংসাৰ দাবানলে কিন্তু মানৱতাক জলাই পুৰি ছাৰখাৰ কৰিব পৰা নাই । তাৰে আন এটি উদাহৰণ পোৱা গ'ল যেতিয়া এক কাশ্মীৰী মুছলমান দম্পতিয়ে নিজৰ জীৱন বিপন্ন কৰি সান্ধ্য আইনৰ মাজতে ওলাই গল কাশ্মীৰী পণ্ডিতৰ এটা পৰিয়ালক সহায় কৰিবলৈ । জুবেদা বেগম আৰু তেওঁৰ স্বামীয়ে হাতত খাদ্য সামগ্ৰীৰ টোপোলা লৈ ঝিলামৰ সিপাৰে থকা এট কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্জন ৰাস্তাৰে নিজৰ জীৱন পিপন্ন কৰি ওলাই আহিল যেতিয়া তেওঁলোকে সেই পৰিয়ালটোৰপৰা সহায় বিচাৰি এটা ফোন পালে । 

Image : India Today

Image : India Today


"তেওঁ মোক ফোন কৰি কৈছিল যে তেওঁলোকৰ পৰিয়ালটোক খাদ্যৰ প্ৰয়োজন । তেওঁলোকৰ পৰিয়ালত এগৰাকী অসুস্থ বৃদ্ধাও আছিল । মই লগে লগে সিদ্ধান্ত লৈছিলো যে মই যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ সহায়ৰ বাবে ওলাই যাম ।" জুবেদাই কয় । 

জুবেদা আৰু তেওঁৰ স্বামীয়ে কয় যে এই কামৰ বাবদ তেওঁলোকে মূখামূখী হোৱা বিপদৰ তেওঁলোকে পোৱা মৰমৰ তুলনাত একো নহয় । জৱাহৰ নগৰ অঞ্চলৰ দিৱানচন্দ পণ্ডিতে তেওঁলোকক সহায় কৰিবলৈ অহা জুবেদা আৰু তেওঁৰ স্বামীৰ ভূয়সী প্ৰশংসা কৰে । তেওঁ কয়, " ইয়াত সকলোৱেই ভীষণ কষ্টত আছে । তেওঁলোক ইয়ালৈ অহাৰ বাবে আমি কৃতজ্ঞ । এয়াই মানৱতা । " 

উল্লেখযোগ্য যে দিৱানচন্দৰ পৰিবাৰ আৰু জুবেদা সহকৰ্মী আৰু দুয়ো এখন বিদ্যালয়ত শিক্ষকতা কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী

দেউলীয়া পিতৃৰ পুত্ৰই কোটিপতিৰ সৃষ্টি কৰে