চৰকাৰৰ উদাসীনতাত অতিষ্ঠ হাৰিয়ানাৰ ৰাইজে নিজে নিৰ্মাণ কৰা দলঙত ৰাজনীতিকৰ প্ৰৱেশ নিষেধ

চৰকাৰৰ উদাসীনতাত অতিষ্ঠ হাৰিয়ানাৰ ৰাইজে নিজে নিৰ্মাণ কৰা দলঙত ৰাজনীতিকৰ প্ৰৱেশ নিষেধ

Saturday December 12, 2015,

2 min Read

হাৰিয়ানাৰ চীৰ্চা জিলাৰ ৰাইজে এক অভূতপৰ্ব কাম সমাধা কৰি প্ৰমাণ কৰি দেখুৱালে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ জিলাখনৰ আলীকা আৰু পানীহাৰী গাৱঁৰ ৰাইজে নিৰ্মাণ কৰিলে এখন দলং। চাৰি দশক ধৰি চৰকাৰৰ তৰফৰ পৰা এখন দলং নিৰ্মাণ হ’ব হ'ব বুলি আশা পালি থকা ৰাইজে অৱশেষত নিজে নিৰ্মাণ কৰিলে তেওঁলোকৰ যাতায়তৰ বাবে অতীৱ প্ৰয়োজন এখন দলং। এই দলঙৰ নিৰ্মাণৰ ফলত চীৰ্চা নগৰলৈ তেওঁলোকৰ গাঁৱৰ পৰা যাত্ৰা ৩০ কিল’মিটাৰ ৰাহি হ’ল।

image


গাওঁবাসীয়ে নিজৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ প্ৰতিদিনে ৪০ কিল’মিটাৰৰ এক যাত্ৰা অতিক্ৰম কৰিবলগীয়া হৈছিল। দলং নিৰ্মাণ সমিতিৰ সম্পাদক মেজৰ সিংঙে ৰাষ্টীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিক জনায়, 'বহু চৰকাৰ আহিল আৰু গ’ল, আমি দলং নিৰ্মাণ কৰাৰ অনুৰোধ লৈ সাংসদ, মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ, বিজেপি আৰু আই এন এল ডিৰ বহু নেতাক সাক্ষাত কৰিছিলো কিন্তু একোয়েই ফল নধৰিলে। তেওঁলোকো মাথো আমাক দিছিল আশ্বাস আৰু কেৱল আশ্বাস। আৰু এই আশ্বাস পূৰণ নহোৱাত ৰাইজে নিজেই সিদ্ধান্ত ললে দলং নিৰ্মাণ কৰাৰ।'

১.২৫ লাখ লোকৰ জীৱন ৰেখাস্বৰুপ হৈ পৰা ঘগ্গৰ নৈ ওপৰত নিৰ্মিত এই দলং হৈছে ২১৪ ফুট দৈৰ্ঘৰ আৰু ১৬ ফুট প্ৰস্তৰ এখন কংক্ৰীটৰ দলং। এতিয়া এই দলঙে প্ৰতিগৰাকী কৃষকৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। গাওঁবাসীয়ে নিজৰ মাজৰ পৰাই এক কোটি টকা বৰঙণি সংগ্ৰহ কৰি এই দলং নিৰ্মাণ কৰি দেখুৱালে। এয়া সঁচাকৈয়ে গাওঁবাসীৰ বাবে এক গৌৰৱৰ বিষয়।

পানীহাৰী গাৱঁৰ হৰদেৱ সিঙে গৌৰৱৰে কয় যে দলং খনৰ উন্মোচনৰ বাবে আমি কোনো ৰাজনীতিকক নিমন্ত্ৰণ জনোৱা নাছিলো। দীৰ্ঘ সময় ধৰি আমাক মুৰ্খ সজাই থকা ৰাজনীতিকতকৈ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল সেই সকল বনুৱা যিয়ে দলং নিৰ্মাণৰ বাবে ৫০০টকাৰ বৰঙণি আগবঢ়াইছিল তথা সেইসকল বিধৱা যিয়ে নিজৰ বিধৱা পেঞ্চনৰ পৰা আমাক ১০০০টকা দিছিল। আন এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইকোনমিকছ টাইমছক এইদৰে কয় হৰদেৱ সিঙে।

ৰাইজে নিৰ্মাণ কৰা এই দলং কোনো কালেই ৰাজনীতিকক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দি গাওঁবাসীয়ে কয় যে এই দলং ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ কাৰণেই নিৰ্মিত।

থিংক চেইঞ্জ ইণ্ডিয়া

অনুবাদঃ শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

মহিলাই সকলো আহৰণ কৰিব পাৰে, নিৰ্ভৰ কৰে কেৱল দৃষ্টিভংগীৰ ওপৰতঃ আছপি গুপ্তা, এভিপি, মুম্বাই এঞ্জেলছ

আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।