গাড়ী চালকৰ পৰা বঁটা বিজয়ী উদ্যমীলৈঃ সাৰণ্যন শৰ্মাৰ প্ৰেৰণাময় যাত্ৰা
Friday May 13, 2016,
5 min Read
সাৰণ্যন শৰ্মাক যেতিয়া মই কলম্বোৰ এখন সৰু হোটেললৈ লগ কৰিবলৈ মাতিলো, তেওঁৰ ঠাইখন বিচাৰি উলিওৱাত অলপো পলম নহ’ল, অথচ সেই ঠাইখনত একে ধৰণৰ অসংখ্য হোটেল আছিল। “আঠ বছৰৰ আগতে এই ঠাইবিলাকত মই চ’ডা আৰু স্নেকচ্ বিলাইছিলো,” গাড়ী চালক হিচাপে কাম কৰাৰ দিনবোৰ সুৱঁৰি তেওঁ এইদৰে কৈ গ’ল।
এইদৰে সাধাৰণভাৱে আৰম্ভ কৰি বহুদূৰ আগুৱাই আহি তেওঁ বৰ্তমান Extreme-Seo.netৰ(যি শ্ৰী লংকাৰ প্ৰধান ডিজিটেল মাৰ্কেটিং ফাৰ্মৰ এখন) প্ৰতিস্থাপক আৰু মূখ্য কাৰ্যবাহী বিষয়া। সাৰণ্যনে Privilegeserver Technologies আৰু 7Arena Technologies নামৰ আন দুটা কোম্পানীও আৰম্ভ কৰে।
এতিয়া এখন ডেলিভাৰী ভানৰ পৰিৱৰ্তে ভাভুনিয়াৰ তেওঁৰ ঘৰখনৰ বাহিৰত চাৰিখন গাড়ী পাৰ্ক কৰি থোৱা হয়। ইয়ে তেওঁৰ সংগ্ৰামী যাত্ৰা আৰু সন্তুষ্টিকে প্ৰতিফলিত কৰে।
ভাভুনিয়া চহৰখন উত্তৰ শ্ৰীলংকাৰ সম্পূৰ্ণ তামিলভাষী লোকৰ চহৰ। সাৰণ্যনৰ পৰিয়ালটো ২০০৯ চনত জাফনাৰ পৰা তামিল-সিংহলীৰ গৃহযুদ্ধৰ সময়ত ভাভুনিয়ালৈ উঠি আহে। “সম্পূৰ্ণ তিনি মাহৰ মূৰতহে মই মোৰ পৰিয়ালটোক দেখা পাইছিলো। তাৰ আগতে তেওঁলোক জীয়াই আছে নে মৰিল মই একো গম পোৱা নাছিলো।”
গৃহযুদ্ধখনৰ শেষৰ মাহকেইটা ভয়াবহ আছিল আৰু তেওঁ পৰিয়ালৰ সৈতে কোনোপধ্যেই যোগাযোগ কৰিব পৰা নাছিল। “সেই সময়ছোৱাত মই কলম্বোত ইঞ্জিনিয়াৰিং পঢ়ি আছিলো। কিন্তু পঢ়া মই এৰি দিব লগীয়া হ’ল, কাৰণ পৰিয়ালৰ পৰা বিশ্ববিদ্যালয়ৰ খৰচ বহন কৰিব নোৱাৰা হ’ল।” কিন্তু চলিবৰ কাৰণে,তেওঁ গাড়ী চালক হিচাপে চাকৰি এটা যোগাৰ কৰি ল’লে, কিন্তু অতি বেগত গাড়ী চলোৱাৰ কাৰণে সেই চাকৰিৰ পৰা উলিয়াই দিয়া হ’ল। কিন্তু এই অভিজ্ঞতাই তেওঁৰ বাবে সৌভাগ্য কঢ়িয়াই আনিলে আৰু উদ্যমিতাৰ জগতখনেই যে তেওঁৰ ভৱিষ্যত হ’ব সেই কথা অনুভৱ কৰোৱালে।
“মই গাড়ী চালক হ’বলৈ কেতিয়াও বিচৰা নাছিলো। মই মাথোঁ নিজাকৈ কি কৰিব পাৰি সেই বিষয়েহে চিন্তা কৰিছিলো,” সাৰণ্যনে ক’লে।“সেই সময়ছোৱাত মই ই-কমাৰ্চ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ উঠিছিলো, যিহেতু এইটো এনেকুৱা এখন ক্ষেত্ৰ য’ত প্ৰত্যকৰে ব্যৱসায় আৰম্ভ কৰাৰ বাবে সুযোগ থাকে। সেয়ে মইও ইয়াকে বাচি ল’লো।
সমস্যাটো হ’ল তেওঁৰ হাতত পইচাও নাছিল আৰু কামটো আৰম্ভ কৰিবলৈ নাছিল এটা ইলেক্ট্ৰনিক আহিলা।“মোৰ হাতত আছিল ২২,০০০ লংকান টকা, কিন্তু এটা সাধাৰণ কম্পিউটাৰৰ দামেই আছিল ৪৮,০০০ লংকান টকা। মই ইয়াৰ বাবে স্থানীয় লোকৰ পৰা টকা ধাৰলৈ লৈছিলো আৰু মই আপোনাক ক’ব নোৱাৰিম এইটো কিমান কষ্টকৰ আছিল। মোক কোনেও চিনি নাপাইছিল আৰু সেয়েহে সকলোৱে মোক বিমুখ কৰিছিল।” অৱশ্যে তেওঁৰ ককায়েকৰ কথাত মান্তি হৈ চুবুৰীয়া কিছু লোকৰ সহায়ত তেওঁ মূলধনখিনি যোগাৰ কৰিব পাৰিছিল। “মই তেতিয়ালৈ একো আৰম্ভই কৰা নাছিলো, কিন্তু ইতিমধ্যেই ধৰুৱা হৈ পৰিলো!” তেওঁ কৈ হাঁহিছিল।
তেওঁ পুনৰ কৈছিল,“মূল কথাটো হৈছে,যেতিয়া আপুনি এটা ব্যৱসায় আৰম্ভ কৰে, টকাটো প্ৰথম চিন্তা কৰিবলগীয়া বিষয় নহয়। এইটো নিশ্চয় দৰকাৰী, কিন্তু কেতিয়াও প্ৰথম নহয়।”
তেওঁৰ ক্ৰমে বৃদ্ধি পাই অহা সেৱাৰ চাহিদা পূৰণ কৰিবলৈ যেতিয়া ব্যৱসায় বঢ়োৱাৰ কথা আহিল, সাৰণ্যনে কিছু সংখ্যক কৰ্মচাৰীক নিয়োগ কৰিলে, কিন্তু তেওঁলোকক দৰমহা দিবলৈ টকা নাছিল।সেয়েহে তেওঁ মূলধনী টকাখিনি ডেস্ক, চকী আৰু কম্পিউটাৰ ক্ৰয় কৰাত খৰচ কৰিছিল।
বৰ্তমান সাৰণ্যনে ৬৫ গৰাকী ব্যক্তিক নিয়োগ কৰিছে, ইয়াৰে ৬ গৰাকী বিভিন্ন ধৰণেৰে সক্ষম।“আমাৰ ১৭ টা কম্পিউটাৰ আছে, যি কেইটা শ্ৰীলংকাত পোৱা শ্ৰেষ্ঠ কম্পিউটাৰ। আমাৰ প্ৰতিটো কোঠাতে জেনেৰেটৰ আৰু বাতানুকুল ব্যৱস্থা আছে। Extreme-Seo.net ৰ কৰ্মচাৰীক গৃহ ঋণ বা বিবাহৰ বাবে ধনৰ প্ৰয়োজন হ’লে তেওঁলোকক আৰ্থিক সহায়ো আগবঢ়োৱা হয়।সাৰণ্যনে তেওঁৰ ব্যৱসায়ৰ পৰিসৰ মুম্বাইলৈও প্ৰসাৰিত কৰিব বিচাৰিছে।
যোৱা ছয় বছৰত, কোম্পানীটোৱে প্ৰায় ৩৮,০০০ টা চ’ছিয়েল মিডিয়া কেম্পেইনত অংশ লৈছে।“প্ৰথমগৰাকী আমেৰিকান গ্ৰাহকৰ পৰা পোৱা ৫ ডলাৰ এতিয়াও আমাৰ লগত আছে,” সাৰণ্যনে ক’লে। এতিয়া পাৰ্থক্যটো হৈছে, Extreme-Seo.net ৰ জৰিয়তে লাভ কৰা সেৱাৰ বাবে তেওঁলোকে আমাক শতাধিক বাৰৰ বাবে মূল্য দিয়ে।
কোম্পানীটোৰ দ্ৰুত বিকাশৰ মূলতেই হ’ল সাৰণ্যনৰ হাতত সদায় পৰিকল্পনা খ আৰু গ একোটা যিকোনো সময়ৰ কাৰণে সাজু হৈ থাকে।“ধৰক মই কোনো এটা কাম ৰাতিপুৱা ৮ বাজি ৩০ মিনিটত এজনক সম্পূৰ্ণ কৰিবলৈ কোৱা আছে, কিবা কাৰণত যদি তেওঁ কৰিব নোৱাৰা হয়, তেওঁৰ ঠাইত আন দুজনে সেই কামটো কৰিব পৰাকৈ সাজু হৈ থাকে।” তেওঁ এইদৰে ক’লে।
ব্যৱসায়ৰ পৰিসৰ বাঢ়ি গৈ থকা স্বত্বেও সাৰণ্যনে কেতিয়াও ভাভুনিয়াৰ পৰা ওলাই অহাৰ কথা ভৱা নাই, যিখন শ্ৰীলংকাৰ ডিজিটেল ইক’-চিষ্টেমৰ পীঠস্থান কলম্বোৰ পৰা বহু যোজন দূৰৈত অৱস্থিত। তেওঁৰ নিজৰ ভাষাত,“যিখন ঠায়ে মোক গঢ়ি তুলিলে, সেই ঠাইখনৰ মানুহখিনিক মই পোৱাখিনি ঘূৰাই দিব খোজোঁ, নহ’লে মই ব্যৱসায় কৰি থকাৰ কোনো উদ্দ্যেশ্য নাথাকিব। মোৰ কোম্পানীৰ বেছিভাগ কৰ্মচাৰীয়েই স্থানীয় লোক। মই নিয়োগৰ সময়ত ব্যক্তিজনৰ শিক্ষাগত অৰ্হতাক লৈ আগ্ৰহী নহওঁ, বৰঞ্চ তেওঁৰ কৰ্মস্পৃহাক বেছি গুৰুত্ব দিওঁ। মোৰ বেছিভাগ কৰ্মচাৰীয়েই ইংৰাজীত তেওঁলোকৰ নাম লিখিব নাজানে, মই তেওঁলোকক শিকাওঁ আৰু এতিয়া তেওঁলোকে সহজে ইংৰাজীত কাম কৰিব পাৰে।” তেওঁৰ ব্যৱসায়ত তেওঁ এই কথা প্ৰচাৰ কৰিছে যে, ব্যৱসায় মানে কেৱল অৰ্থই মূল কথা নহয়, তাৰ লগতে অভিজ্ঞতা আহৰণ কৰি যোৱাটোও সমানেই প্ৰয়োজনীয়।
সাৰণ্যন আৰু তেওঁৰ কোম্পানীটোৱে যোৱা পাঁচ বছৰত বহুতো প্ৰশংসা তথা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০১২ আৰু ২০১৩ চনত তেওঁৰ নাম শ্ৰেষ্ঠ স্থানীয় আৰু ৰাষ্ট্ৰীয় উদীয়মান উদ্যমী বটাঁৰ বাবে বাচনিত উঠিছিল। ২০১৩ চনত তেওঁক এছীয়া পেচিফিক এলেকাৰ শ্ৰেষ্ঠ উদ্যমিতাৰ বটাঁ দিয়া হয়। যোৱা বছৰ তেওঁক বছৰটোৰ যুৱ উদ্যমীৰ সন্মানো যঁচা হয়।
“মই সদায় অনন্য হ’ব বিচাৰিছিলো। কাৰোবাক অনুসৰণ কৰা কথাটো মই ভাল নাপাওঁ।” তেওঁ লগতে ক’লে। উদ্যমিতাৰ যাত্ৰাপথত তেওঁ বহুতো বাধাৰ সন্মূখীন হ’ব লগা হয়, কিন্তু এইবিলাকক তেওঁৰ যাত্ৰাৰ হেঙাৰ হ’বলৈ দিয়া নাই।
বৰ্তমান তেওঁ উত্তৰ শ্ৰীলংকাৰ বিভিন্ন ঠাইত সৰু সৰু ষ্টাৰ্ট-আপ গঠনত বিনিয়োগ কৰিছে। “শ্ৰীলংকাত কেৱল তিনিখন বিনিয়োগকাৰী ফাৰ্ম আছে, আটাইকেইখনে কেৱল তেওঁলোকে কিমান লাভ কৰিব পাৰে ,সেইটোতহে গুৰুত্ব দিয়ে। মই এই মানসিকতাক প্ৰত্যাহ্বান জনাই ষ্টাৰ্ট-আপৰ ধাৰণাবোৰ কিমান বেছি সৃষ্টিমূলক হয়, সেইটোতহে গুৰুত্ব দিছো।”
সাৰণ্যনৰ কাহিনীৰ বিষয়ে বহুতো কথাই ক’ব পাৰি, কাৰণ তেওঁৰ উদ্যমিতাৰ যাত্ৰা যথেষ্ট সংঘৰ্ষপূৰ্ণ। তেওঁ নিজৰ অভিজ্ঞতাৰ পৰাই নিজৰ ভাগ্য গঢ়ি তুলিছে। সেয়ে তেওঁ বিদ্যালয়ত পঢ়ি শিকাৰ পৰিৱৰ্তে কাম কৰি শিকাতহে বেছি প্ৰাধান্য দিয়ে। তেওঁ কৈছিল,“মোৰ ব্যাৱসায়িক পৰিকল্পনাৰ প্ৰতিটো পৃষ্ঠাত মই লিখিছিলো, ‘কেতিয়াও পৰিত্যাগ নকৰিবা’, কাৰণ একক আৰু অনন্য হোৱাৰ বাবে খোজটো পেলোৱাত এই কথাটোৱেই প্ৰথম আৱশ্যকীয় কথা।”
মূলঃ ফ্ৰাণ্সেকা ফেৰাৰিঅ’
অনুবাদঃ লীনা শইকীয়া
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com
ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী
উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন