বলীউদত এজন উদীয়মান অসমীয়া- বিবেক কৰ

বলীউদত এজন উদীয়মান অসমীয়া- বিবেক কৰ

Sunday February 28, 2016,

2 min Read

আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে, যিবোৰ ব্যক্তিয়ে জীৱন বাটত বহু সংগ্ৰাম কৰি সফলতাৰ মুখ দেখিছে। আজি আপোনালোকৰ মাজলৈ এনে এজন যুৱকৰ কাহিনী আনিছো যিগৰাকী ব্যক্তিয়ে, সংগ্ৰাম কৰি সফলতাৰ মুখ দেখাই নহয়, অসমলৈও গৌৰৱ কঢিয়াই আনিছে । এই যুৱকজনৰ নাম হ’ল বিবেক কৰ । 

সম্প্ৰতি মুম্বাইৰ বাসিন্দা বিবেক কৰ হ’ল অসমৰ সন্তান । শিৱসাগৰ জিলাৰ চেপনৰ এখন ভিতৰুৱা গাৱৰ সন্তান বিবেক। দেউতাক বাবুল কৰ আৰু মাক ৰীনা কৰ । পূৰ্বে বিবেকৰ ঘৰৰ অবস্থা সিমান টনকিয়াল নাছিল। জীৱন সংগ্ৰামৰ বাবে অভিভাৱেকে সন্মুখীন হোৱা ঘাট-প্ৰতিঘাত দেখি বিবেক ব্যথিত হৈছিল । জীবন গঢ়াৰ কমাৰশাল বুলিলে ঘৰখনেই বুজা যায় । বিবেকৰ আদৰ্শ, প্ৰেৰণা, উচ্চাকাংক্ষাৰ মূলতে তেওঁৰ ঘৰখনেই । বৰ্ত্তমান বিবেক মুম্বাইত চিনেমাৰ মিউজিক কম্প'জাৰ হিচাপে কৰ্মৰত ।

image


নিজৰ শিক্ষা আৰু কৰ্মজীৱন সম্পৰ্কে বিবেকে কয়, 'মোৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল মৰাণত । তাৰ পিছত Journalism and Mass communication মুম্বাইত অধ্যয়ন কৰো আৰু সেই সুত্ৰে Entertainment Journalist হিচাপে The Telegraph,The Hindu,Times of India আদিবোৰ কাকতত কিছু বছৰ কৰ্মৰত আছিলো । অৱশ্যে স্কুলৰ দিনৰ পৰা গীটাৰ বজোৱাটো হবি আছিল আৰু সেয়েহে মই মুম্বাইত গৈ পোন প্ৰথমে কীৰ্বড, পিয়ানোৰ শিক্ষা লওঁ । আনহাতে মুম্বাই জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ প্ৰতম চক্ৰৰ্বত্তীৰ লগত কাম কৰা সৰুৰ পৰা সপোন আছিল । মুম্বাইত গৈ সেই সপোন সাৰ্থক হয়, প্ৰীতম চক্ৰৰ্বত্তীক লগ পাও। তেখেতে মোক পৰামৰ্শ দিয়ে যে যদি সংগীতৰ লগত জড়িত হব বিচাৰিছা, তেনেহলে কেৱল সংগীততেই মনোনিবেশ কৰা । তাৰ পিছতেই সাংবাদিকতা পেছা ত্যাগ কৰোঁ আৰু প্ৰীতমৰ অধীনত বহু কাম শিকো । উল্লেখযোগ্য যে তেখেতে মোকেই নহয় অসমৰ বহুকেইজন ব্যক্তিক এক সুকিয়া পৰিচয় দিব পৰাকে এখন মঞ্চ দিলে । আনকি তেখেতৰ সান্নিধ্যত থকাটোতে বহুতো প্ৰসিদ্ধ নামী দামী তাৰকা, সংগীতজ্ঞ, পৰিচালকৰ লগত পৰিচয় হোৱাৰ সুযোগ পাওঁ সেয়েহে মই তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ।

মিউজিক ডাইৰেক্টৰ হিচাপে মুক্তি প্ৰাপ্ত বিবেকে কাম কৰা চিনেমা কেইখন হল –জিন্দগী ৫০-৫০ , মেৰুথিয়া গেংষ্টাৰ্ছ, ডাইৰেক্ট ইশ্ক আদি । আনহাতে মুক্তি পাবলগীয়া অৱস্থাত আছে অন্য কেইখনমান ছৱি । 

image


আনহাতে এপ্ৰিলৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হোৱা “ চাচে দি লাষ্ট ৱেথ” নামৰ চিনেমা খনৰ কাহিনী বিবেক কৰে লিখে । বিবেক কৰে ২০১৫ চনত কলাত্মক ছৱি 'ফ্লেম'ৰ বাবে Best Music Composer বটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

বিবেকৰ সফলতাৰ জয় যাত্ৰাৰ বাবে ভগৱানৰ লগতে তেখেতৰ অভিভাৱক, গুৰু স্মাৰণ কৰে । ভবিষ্যতে মিউজিকত জগতত আৰু সফল ভাবে প্ৰতিষ্ঠা লাভ কৰা সপোন পুঁহি ৰাখিছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

স্কুলীয়া দিনৰ ভেশচন প্ৰতিযোগিতাতেই পোখা মেলিছিল প্ৰিয়দৰ্শিনীৰ 'মিছ ইণ্ডিয়া'ৰ স্বপ্নই

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা

স্বাৱলম্বীতাৰে সমাজ সেৱা আগবঢ়োৱা ব্যক্তিজন