২০ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ষ্টাৰ্টআপৰ যুদ্ধ

২০ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ষ্টাৰ্টআপৰ যুদ্ধ

Sunday February 14, 2016,

1 min Read

২০ ফেব্ৰুৱাৰীত হ'ব এখন যুদ্ধ। বন্দুক-বাৰুদ, ঢাল তৰোৱালৰ যুদ্ধ নহয় । যুদ্ধ হ'ব ব্যৱসায়িক আঁচনিৰ। যুঁজত অৱতীৰ্ণ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-ছাত্ৰী, উদ্যমী তথা কেইবাটাও ষ্টাৰ্টআপ। অসমত ষ্টাৰ্টআপ স্থাপনৰ পৰিবেশ উন্নত কৰাৰ বাবে স্থাপিত স্বেচ্ছাসেৱী সংগঠন ষ্টাৰ্টআপ আছামে আয়োজন কৰিছে এক বিশেষ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ ডিজিটেল পাৰ্টনাৰ হৈছে য়'ৰ ষ্ট'ৰী অসমীয়া। 'ষ্টাৰ্টআপ অৱ দা ব্ৰহ্মপুত্ৰ ভেলী' শীৰ্ষক এই প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰী, উদ্যোগী তথা ষ্টাৰ্টআপ প্ৰকল্পসমূহৰ মাজৰ পৰা নিৰ্বাচিত ১০ খন শ্ৰেষ্ঠ ব্যৱসায়িক আঁচনিৰ মাজত অনুষ্ঠিত হ'ব। ২০ ফেব্ৰুৱাৰীত কটন কলেজৰ ছুডমাৰ্ছন হলত অনুস্থিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ তিনিটা শ্ৰেষ্ঠ ব্যৱসায়িক ধাৰণাক নগদ ধন, প্ৰমাণপত্ৰৰে সন্মানিত কৰাৰ লগতে বিজয়ীসকলক বিশেষজ্ঞৰ পৰামৰ্শৰ সুবিধাও প্ৰদান কৰা হ'ব । প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ক্ৰমে ১০,০০০ টকা, ৫০০০ টকা আৰু ২০০০ টকা প্ৰদান কৰা হ'ব। 

image



এই পুৰস্কাৰ কটন কলেজৰ ১৯৮৯-৯০ চনৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ সঞ্জীৱ কুমাৰ গগৈৰ সোঁৱৰণত প্ৰদান কৰা হ'ব । প্ৰতিযোগিতাৰ কোনো যোগদান মাছুল নাই । কাৰিকৰী অথবা অ-কাৰিকৰী যিকোনো ক্ষেত্ৰৰ ব্যৱসায়িক আঁচনি এই প্ৰতিযোগিতাই সামৰি ল'ব।

image



এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

ভেলেন্টাইনছ ডে আৰু ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বজাৰখন

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

সহজ ভাষাত ষ্টাৰ্টআপ শব্দজাল

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চললৈ তথ্য-প্ৰযুক্তি লৈ যোৱা গুৱাহাটীৰ উদ্যোগীজন