পূজাৰ সামগ্ৰী অনলাইন যোগান ধৰি নাৰী সবলীকৰণত ব্ৰতী ছিয়া উমেশ

পূজাৰ সামগ্ৰী অনলাইন যোগান ধৰি নাৰী সবলীকৰণত ব্ৰতী ছিয়া উমেশ

Saturday December 19, 2015,

4 min Read

দুবেলা দুমুঠি খাবলৈ দৈনন্দিন যুঁজ দিয়া এটা পৰিয়ালত ডাঙৰ হোৱা ছোৱালীয়ে সাধাৰণতে এটা ডাঙৰ সপোন দেখাৰ অৱকাশেই নাপায়। কিন্তু পৰিস্থিতিত পৰি হাৰ মনা বিধৰ ছোৱালী নাছিল ছিয়া উমেশ। পৰিয়ালৰ দুৰ্বল আৰ্থিক অৱস্থা স্বত্বেও সাহসী যুৱতী ছিয়াৰ এঘড়ী যুঁজি চোৱা মানসিকতাৰ বাবেই আজি সকলো বাধা বিঘিনি নেওচি সফল হ’ব পাৰিছে। আজিৰ দিনত ছিয়াৰ নিজৰ ব্যৱসায় আছে। ছিয়াই হিন্দু ধৰ্মাৱলম্বী লোক সকলে পূজা সেৱাত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ অনলাইন বিক্ৰী কৰে।

ছিয়াৰ সফলতাৰ কাহিনীও খুবেই মনোগ্ৰাহী। আৰ্থিক অনাটনক ছিয়াই কেতিয়াও তাইৰ আকাংখ্যাৰ বাধাৰ প্ৰাচীৰ হ’বলৈ দিয়া নাছিল। বায়েকহতঁক আৰ্থিক অনাটনৰ বাবেই স্কুল এৰুৱাই দিয়া ছিয়াই দেখিছিল। অৱশ্যে তিনি জনী বায়েক ভনীয়েকৰ ভিতৰত সৰু হোৱাৰ বাবেই ছিয়াক মাকে স্কুল এৰুৱাই নিদিলে। ছিয়া পঢ়া শুনাতো ভাল আছিল। আজিও তাইৰ সফলতাৰ অন্যতম কাৰণ হিছাপে মাকে পঢ়িবলৈ দিয়া সুযোগৰ কথাই কয়। “আজি মই য’'ত আছো তাৰ আঁৰত কেৱল শিক্ষা। মই গভীৰ ভাৱে বিশ্বাস কৰোঁ, শিশুক দিব পৰা আটাইতকৈ ভাল উপহাৰ টোৱেই হ’ল শিক্ষা।”

ছিয়াই স্কুলীয়া শিক্ষা শেষ কৰিয়েই, কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক জোৰা মাৰিবলৈ কাম কৰা আৰম্ভ কৰিছিল। শ্ৰেণীৰ পাছত বিয়লী আৰু নিশা কাম কৰি ছিয়াই সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছিল। গ্ৰেজুৱেশ্বন কৰাৰ পাছত ছিয়াই এটা বায়’টেকন’লজি কম্পানীত কাম কৰিবলৈ বাংগালুৰুলৈ গ’ল। তেতিয়া ছিয়া প্ৰতিটো সপ্তাহান্তিকতে মাক- দেউতাকক লগ কৰিবলৈ মাংগালোৰলৈ আহে। ছিয়াৰ জীৱনলৈ দ্বিতীয়তো টাৰ্নি পইন্ট আহে ২০১০ চনত। দেউতাক অসুস্থ হৈ পৰাত চোৱা চিতা কৰিবলৈ ছিয়া ঘৰলৈ ঘুৰি আহিবলৈ বাধ্য হয়।

অতীত ৰোমন্থন কৰি ছিয়াই ক’লে-“সেই সময়ত সেয়া পৰিকল্পিত পদক্ষেপ নাছিল। যিহেতু হাতত যথেষ্ট পইছা পাতি নাছিল। তাতকৈও ডাঙৰ কথা বায়’টেক ইঞ্জিনায়াৰিং ডিগ্ৰী থাকিও মাংগালোৰ চহৰত এটা চাকৰি বিচাৰি পোৱাটো দুৰূঢ় আছিল। কেইমাহমান চাকৰি বিহীন হৈ মোৰ সকলো সঞ্চয় শেষ হ’ল। অন্তিম উপায় হিছাপে মই এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিলো।”

ছিয়াই ৫০০ টকা বিনিয়োগেৰে নিজৰ নতুন কোম্পানী ‘কৰ্মস্যা’ আৰম্ভ কৰিলে। ব্যৱসায়টো হ’ল অনলাইন যোগে পূজাৰ সামগ্ৰী বিক্ৰী কৰা। এনেধৰণৰ ব্যৱসায় তেতিয়া আৰম্ভ হৈছেহে মাথো। ছিয়াই এই বজাৰ খনৰ বৰ্ধিত চাহিদাৰ সম্ভাৱনা অনুমান কৰিলে। বিশেষকৈ প্ৰবাসী ভাৰতীয়ৰ বাবে হ’ব পৰা চাহিদাৰ উমান পালে ছিয়াই। কৰ্মাস্যাই বিশেষভাবে উচ্চ মান সম্পন্ন পূজাৰ সামগ্ৰী আৰু ৰুদ্ৰাক্ষ, জেম ষ্ট’ন আদিৰ যোগান ধৰে। লগতে ৰংগোলী ষ্টেনচিল, বিভিন্ন যন্ত্ৰ, আধ্যাত্মিক গহনা আদিও বিক্ৰী কৰে।

image


আৰম্ভণীৰ দিন বোৰত ছিয়াই সকলো কাম নিজেই সম্পাদন কৰিছিল। ওৱান- ৱমেন- আৰ্মি হৈ প্ৰডাক্ট প্ৰস্তুতৰ পৰা, তালিকা বনোৱা, পেকিং কৰাৰ পৰা পঠিওৱালৈ সকলো কৰিছিল ছিয়াই। ব্যৱসায়ৰ পৰা যি দুপইছা পাই, তাকেই আকৌ নতুন সামগ্ৰী অনাত খৰচ কৰে। ছমাহ ধৰি ছিয়াই অকলেই কাম কৰাৰ পিছত প্ৰথম গৰাকী কৰ্মচাৰী নিয়োগ কৰিলে। “মই সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি কৰিয়েই টোপনী গৈছিলো। উঠি আকৌ বিক্ৰী হোৱা সামগ্ৰী পৰীক্ষা কৰিছিলো। এদিনত কোনোমতে তিনি ঘন্টামান শুবলৈ পাইছিলো। অৱশেষত ছমাহৰ অন্তত কৰ্মস্যাই প্ৰথম গৰাকী কৰ্মচাৰী ‘নৱ্যাক নিয়োগ কৰিবলৈ সক্ষম হ’ল। আজি নৱ্যা কৰ্মস্যাৰ অন্যতম চালিকা শক্তি।”

“নৱ্যাই দশম শ্ৰেণীলৈকে পঢ়ি স্থানীয় এটা বিড়ি ফেক্টৰীত কাম কৰি আছিল। মই দেখিলো আন দহগৰাকী কিশোৰীৰ দৰেই ১৮ বছৰীয়া নৱ্যাৰো কিবা এটা কৰাৰ সম্পূৰ্ণ সামৰ্থ আছে। কিন্তু কোনো উৎসাহ দিয়াটো বাদেই লিংগ বৈষম্যৰ বাধাৰে তাইক দমাই থোৱা হৈছিল। মই তাইক আনি পেকিঙৰ কামত লগোৱাৰ লগতে প্ৰতিদিনে বিয়লী এঘন্টাকৈ কম্পিউটাৰ শিক্ষা দিলো। পৰবৰ্তী সময়ত নৱ্যাই অধিক দ্বায়িত্ব মূৰ পাত্ ল’লে। ফটোগ্ৰাফী, ফটো এডিটিং, ইনভেনটৰী মেনেজমেন্ট আদি কামো কৰিবলৈ ল’লে। তাতকৈও ডাঙৰ কথা নৱ্যাই যিখিনি শিকিলে তাৰ পৰাই কৰ্মস্যাৰ দ্বিতীয় গৰাকী কৰ্মচাৰী বিলাসিনীকো প্ৰশিক্ষণ দিয়াৰ আৰম্ভ কৰিলে।”

“ভাৰতৰ দৰে দেশত কেৱল আৰ্থিক অৱস্থাৰ বাবেই বহু লোকৰ আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ নহয়। আনহাতে আনুষ্ঠানিক বিশ্ববিদ্যালয়ৰ ডিগ্ৰীয়েই সদায় এগৰাকী ব্যক্তিৰ শিকাৰ ক্ষমতা বা সক্ষমতাৰ মাপকাঠী হ’ব নোৱাৰে।”- এয়া ছিয়াৰ উপলদ্ধি। সেই বাবে কৰ্মস্যাই শিক্ষা, প্ৰশিক্ষণ আৰু নতুনকৈ কিবা এটা শিকাৰ ক্ষেত্ৰত পুৰণাৰ পৰা নতুনলৈ শৃংখলদাল বৰ্তাই ৰাখিছে। এতিয়া কৰ্মস্যাৰ ১০ গৰাকী কৰ্মচাৰী। সকলোৱেই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ পৰা অহা। কৰ্মস্যাই তেওঁলোকক শিকাই বুজাই সবলীকৰণত গুৰুত্ব দি আহিছে। আৰ্থিক অৱস্থাৰ বাবেই শিক্ষা গ্ৰহণত বঞ্চিত হোৱাৰ কথা এতিয়া তেওঁলোকে বিশ্বাস নকৰে। তেওঁলোকে ইংৰাজীও শিকিছে, যিটো আমাৰ দেশৰ ভিতৰুৱা অঞ্চলৰ ছোৱালীৰ বাবে এটা ডাঙৰ পদক্ষেপ বুলিব পাৰি।

ব্যৱসায়টোৰ ক্ষেত্ৰত বহু বাধা বিঘিনিও অতিক্ৰম কৰিব লগীয়া হৈছে ছিয়াই। ছিয়াই ব্যৱসায়টো ভাৰাঘৰৰ পৰাই কৰিব বিচাৰিছিল, কিন্তু চকুচৰহা চুবুৰীয়া আৰু সহযোগীতা আগ নবঢ়োৱা মালিকৰ বাবে সঘনাই ঠাই সলাব লগীয়াও হৈছিল। মালিকে তাই আচলতে কি কৰি আছে সেয়া বুজি নাপায়। ছিয়াই আশা কৰে আমাৰ দেশতো শীঘ্ৰেই ক্ষুদ্ৰ ব্যৱসায়েও আই.টি কোম্পানীৰ দৰে মৰ্যাদা আৰু সা-সুবিধা পাব।

image


ইতিমধ্যে ছিয়াই কম বয়সতে এক চকুত লগা ব্যৱসায়িক যাত্ৰা অতিক্ৰম কৰিছে। eBay’ ৰ SheMeanBusiness প্ৰতিযোগিতাতো বিজয়ী ছগৰাকী মাজত আছে ছিয়া।

ছিয়াৰ ১৬ বছৰ বয়সত ঢুকুৱা মাক এতিয়াও ছিয়াৰ কৰ্ম স্পৃহা আৰু প্ৰেৰণাৰ উৎস। ছিয়াৰ সফলতাৰ কৃতিত্ব দিয়ে e Bayকো। কাৰণ E- Bayই তাইৰ প্ৰডাক্ট বিক্ৰীৰ বাবে প্লেটফৰ্ম খন দিছিল। আজি ছিয়াৰ ১৫০০ বৰ্গ ফুটৰ কাৰ্যালয় থকাৰ লগতে নিজা ৰিটেইল ৱেবচাইটো আছে। তাইক সহায় সাৰথী কৰি দিবৰ বাবে এটা শক্তিশালী টীম আছে, যিটে টীমক ছিয়াই নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ মাকে তাইক শিকোৱাৰ দৰেই শিকাই বুজাই গঢ়ি তুলিছে।

মূলঃ পূৰ্ণিমা মকৰম

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অনলাইন আৰু ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ বাবে ব্যৱহৃত প্ৰয়োজনীয় প্ৰযুক্তিগত অস্ত্ৰবোৰ

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক