কলকাতাৰ ৰাজপথত কাগজ বুটলি পেট প্ৰৱৰ্তোৱাসকলৰ জীৱন সলনি কৰিছে এগৰাকী মহিলাই

1

কলকাতাৰ ৰাজপথত কাগজ বুটলি পেট প্ৰৱৰ্তোৱা একাংশ লোক।পথৰ আৱৰ্জনাৰ মাজত ফটা কাগজ,প্লাষ্টিক,কাঁচ,আইনা,বটল বিচাৰি ফুৰা এই লোকসকলৰ উপাৰ্জন নিচেই সামান্য।অৱশ্যে অমৃতা চেটাৰ্জিৰ চেষ্টাত কিছু হ’লেও এই লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিছে । কিন্ত্ত কোন এই অমৃতা চেটাৰ্জী ?

South Asian Forum for the Environment (SAFE), Kolkata-ৰ প্রজেক্ট লিডাৰ অমৃতাই ইওৰ স্টোৰিৰ এই কাহিনীৰ মধ্যমণি। প্রশ্ন হল, কাগজ বুটলি ফুৰা লোকসকলৰ জীৱনলৈ এই পৰিৱৰ্তন আহিল কিদৰে? ইয়াৰ আঁৰত আছে সামাজিক সংস্থা ‘Resolve: Trash to Cash’-ৰ ইতিবাচক প্ৰচেষ্টা-গোটা আৱৰ্জনাৰ সংগ্ৰহ আৰু পুনঃব্যৱহাৰযোগ্যকৰণ।পৰিবেশ আৰু সমাজৰ দীৰ্ঘস্থায়ী উন্নয়নেই এই সংস্থাৰ লক্ষ্য আৰু উদ্দেশ্য। সংস্থাটোৱে গোটা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ মাধ্যমেৰে বস্তিবাসী আৰু প্ৰান্তীয় এলেকাত বসবাস কৰা মহিলাসকলৰ বাবে বিকল্প কৰ্মসংস্থানৰ ব্যৱস্থা কৰে।সম্প্ৰতি এই উদ্যোগে স্বীকৃতিও লাভ কৰিছে।

অমৃতা চ্যাটাৰ্জি
অমৃতা চ্যাটাৰ্জি

‘Resolve Trash to Cash’ নামৰ এই কল্যাণকামী সংস্থাটোৱে পেৰুৰ ৰাজধানী লিমাৰ COP ২০-ৰ অন্তর্গত UNFCCC Momentum for Change, Lighthouse Activity Award 2014 ও লাভ কৰিবলৈ সমৰ্থ হৈছে।

ভাৰতৰ মেট্রো চহৰসমূহত গোটা আৱৰ্জনাই সৃষ্টি কৰা সমস্যা এটা উদ্বেগৰ বিষয় হৈ পৰিছে ।গোটা আৱৰ্জনা অবৈজ্ঞানিক পদ্ধতিৰে নিক্ষেপ কৰাৰ ফলস্বৰুপে পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যাপক ক্ষতি হৈছে।

অমৃতাই প্ৰকাশ কৰা তথ্য মতে,"কলকাতাত প্রতিদিনে ৫ হাজাৰ টন আবর্জনা জমা হয়। ২০১০ চনৰ বছৰটোত SAFE-ৰ এটা জৰীপত দেখা যায় যে চহৰসমূহত জমা হোৱা আবর্জনাৰ ৮৬ শতাংশই যিকোনো পদ্ধতিৰে পুনঃব্যৱহাৰযোগ্য কৰি তোলা হয়।বৃ্হৎ চহৰ সমূহত বাস কৰা অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে এই আৱৰ্জনা খুচৰি তাত থকা প্ৰয়োজনীয় বস্ত্ত সংগ্ৰহৰ দ্বাৰাই দুবেলা দুসাজৰ ব্যৱস্থা কৰি আহিছে।এনে কদৰ্য আৱৰ্জনা খুচৰি,সেইবোৰ জাৰি বাছি লাগতীয়াল বস্ত্ত উলিয়াই বিক্ৰী কৰা এইসকল লোক ভয়ংকৰ ৰোগৰ চিকাৰ হোৱাৰো সম্ভাৱনা থাকে।আনহাতে তেওঁলোকৰ ইয়াৰপৰা উপাৰ্জন হয় তেনেই সামান্য।একেবাৰে অসংগঠিত এই ক্ষেত্ৰ কোনো নিয়মৰ অধীন নহয়।বুটলি ফুৰা লোকসকলে ইয়াৰপৰা হোৱা উপাৰ্জনৰ মাত্ৰ ২ ৰ পৰা ৫ শতাংশহে লাভ কৰে। এইবোৰ কথালৈ লক্ষ্য ৰাখিয়েই ২০১১ চনত আমি আৰম্ভ কৰিছিলো জাৱৰক অৰ্থলৈ ৰুপান্তৰিত কৰাৰ অভিযান ‘Resolve Trash2 cash’।"

এই কাহিনী কেৱল অমৃতাৰেই নহয়,বৰং কলকাতাৰ চুকে কোণে থকা বস্তি,ফুটপাথত যেনেতেনে আশ্ৰয় লৈ থকা বাসিন্দাসকলো এই কাহিনীৰ উপজীৱ্য। Resolve Trash to Cashৰ সহায়ত দ্ৰুতভাৱে পৰিৱৰ্তিত হোৱা এই চহৰৰ পৰিবেশ আৰু অৰ্থনৈতিক সাফল্যৰ তেওঁলোকো অংশীদাৰ।একেখন মেট্ৰো চহৰতে বসবাস কৰা এইসকল দৰিদ্ৰ বস্তিবাসী মহিলা আৰু ফুটপাথত সোণালী শৈশৱ লুণ্ঠিত হোৱা শিশুসকলৰ জীৱন সম্পৰ্কে চহৰৰ অন্য অধিবাসীৰ যেন কোনো উৎসুকতা বা ধাৰণাও নাই।কদৰ্য,অস্বাস্থ্যকৰ পৰিবেশত কেনেদৰে জীয়াই থাকে এওঁলোক?তাকে লৈ কোনেও মূৰ নঘমায়।অমৃতাই কয়,“ Resolve Trash 2 Cash’’-ৰ মাধ্যমেৰে কাগজ বোটলা এই মহিলাসকলৰ মাজতেই আমি উদ্যোগী মানসিকতাৰ মহিলাৰ সন্ধান পালো। অলপ প্ৰযুক্তিগত সহায় আৰু প্ৰাৰম্ভিক পৰ্যায়ত আৰ্থিক সাহাৰ্য লাভ কৰিলে অইন দহজন উদ্যোগপতিৰ দৰেই এওলোকো উদ্যোগী হৈ উঠিব পাৰে। আমাৰ এই প্ৰচেষ্টাই মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে মাতৃ হিচাবে তেওঁলোকক সন্তানৰ ভৱিষ্যত গঢ় দিয়াটো সহায় কৰিছে।"

ৰাষ্ট্ৰসংঘৰ পৰিবেশ সম্পৰ্কীয় কাৰ্যসূচীৰ অধীনৰ “CLEAN UP THE WORLD” অভিযানে অমৃতা চেটার্জীৰ এই প্রচেষ্টাক স্বীকৃতি দিছে । অমৃতাৰ প্ৰচেষ্টাত এই আৱৰ্জনা পুনঃব্যৱহাৰযোগ্যকৰণৰ প্ৰকল্পই ক্ৰমাৎ ক্ষুদ্ৰ উদ্যোগৰ ৰুপ ধাৰণ কৰিছে।ইয়াৰ ফলত বস্তিবাসী লোকসকলৰ মাজত নতুনকৈ কিবা গঢ় দিয়া বা সৃষ্টি কৰাৰ দক্ষতা বৃদ্ধি পাই আহিছে।ইয়াৰ লগে লগে তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হৈছে আৰু সামাজিক মৰ্যদাও বৃদ্ধি পাইছে।এই প্ৰচেষ্টাৰ আৰম্ভণি কিদৰে হৈছিল? অমৃতাই কয়,‘‘আৱৰ্জনাৰ পৰা কেনেদৰে উপাৰ্জনৰ বাট উলিয়াব পাৰি সেই সন্দৰ্ভত SAFE এ বস্তি এলেকাসমূহত কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু এই কৰ্মশালাতেই এনে প্ৰকল্পত অংশগ্ৰহণৰ বাবে বস্তিবাসী আগ্ৰহী হয়নে নহয় সেই বিষয়ে আমি অৱগত হব পাৰিছিলো।এওঁলোকৰ মাজৰে আগ্ৰহ দেখুওৱা সকলক লৈয়েই Joint Liability Groups (JLGs) সমূহ গঢ়ি তোলা হ’ল।প্ৰতিটো জে এল জি তে ১০ জনকৈ সদস্য ৰখা হ’ল ।

এই প্রকল্পৰ অধীনৰ কামটো আছিল ফটা, পেলনীয়া অপ্রয়োজনীয় কাগজৰ পৰা উপহাৰসামগ্রী তৈয়াৰ কৰা। জেএলজি'ৰ একাউন্ট খোলাৰ বাবে বেংকত যোগাযোগ কৰিবলৈ লৈয়েই আমি বিপাঙত পৰিলো।কিয়নো অধিকাংশ সদস্যৰে পৰিচয়পত্ৰ নাছিল।কিন্ত্ত এইক্ষেত্ৰত আমি কৃতজ্ঞ শুভাকাংখী তথা SAFE ৰ কৰ্মকৰ্তাসকলৰ প্ৰতি,কিয়নো এইসকলৰ প্ৰচেষ্টাতে ইউকো বেংকত একাউণ্ট খোলা সম্ভৱ হ’ল।

ইয়াৰ পাছত আৰম্ভ হ’ল জেএলজিৰ সদস্যসকলৰ প্রশিক্ষণপৰ্ব।সামগ্ৰী প্ৰস্ত্ততকৰণ, বিক্ৰী, হিচাব নিকাচকে ধৰি প্ৰয়োজনীয় কথাসমূহ খৰচি মাৰি শিকোৱা হ’ল।যিসকল মহিলাৰ পক্ষে ঘৰতেই কাম কাজ কৰা সম্ভব হয়, সেইসকলক কাগজৰ পৰা উপহাৰসামগ্রী তৈয়াৰ কৰিবলৈ শিকোৱা হ’ল। কেইবাটাও কৰ্প'ৰেট সংস্থাৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰা হ’ল । সেই সংস্থাসমূহৰ পেলনীয়া বা নাকচ কৰা কাগজ পত্ৰসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ল।কাৰ্যালয়সমূহত পৃথককৈ আৱৰ্জনা পাত্ৰৰ ব্যৱ্স্থা কৰা হ’ল।এই বৃহৎ প্ৰতিষ্ঠানসমূহলৈ গৈ কাগজ সংগ্ৰহ কৰাৰ বাবে জে এল জিৰ পুৰুষ সদস্যসকলক আধুনিক আদৱ কায়্দাসমূহ শিকাই দিয়া হ’ল।ইয়াৰ পাছত প্ৰস্ত্তত হোৱা উপহাৰসামগ্ৰী বিভিন্ন মেলা ,কৰ্পোৰেট হাউছ আদিত বিক্ৰীৰ ক্ষেত্ৰত SAFE এ সহযোগ আগবঢ়ালে।এইক্ষেত্ৰত আন এক উল্লেখযোগ্য কথা হ’ল, Resolve: Trash to Cash সম্পূৰ্ণৰুপে মহিলা মালিকানাধীন। তেওঁলোকে নিজেই নিজৰ প্রতিনিধি নির্বাচন কৰে আৰু সিদ্ধান্তসমূহো নিজেই গ্ৰহণ কৰে।”

Resolve: Trash to Cash-ৰ সদস্য আৰু হিতাধিকাৰী সকলৰ প্ৰায়ভাগ লোকেই প্ৰাথমিক পৰ্যন্ত পঢ়াশুনা নাইবা বস্তি অঞ্চলৰ নিৰক্ষৰ লোক।পথৰ কাষৰ আৱৰ্জনাৰ মাজৰ পৰা সংগ্ৰহ কৰা বস্ত্ত বিক্ৰী কৰি তেওঁলোকে দৈনিক প্ৰয়োজনীয় ৰচদ পাতি যোগাৰ কৰে । Trash to Cash-ৰ সৈতে কলকাতাৰ তিনিটা বস্তিত থকা এই ধৰণৰ প্রায় ৩৫০ জন লোক জড়িত হৈ আছে। সমগ্ৰ প্ৰকল্পটোকেই সংগঠিত ৰুপ দিয়া হৈছে।এই যাত্ৰাত সাফল্যও অৰ্জন কৰা হৈছে, সম্ভৱ হৈছে আৰ্থিক স্বাৱলম্বিতা।আগেয়ে তেওঁলোকে যিমান অৰ্থ উপাৰ্জন কৰিছিল তাতকৈ ৩৫% বেছি ধন এতিয়া উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই প্রকল্পত প্রত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত হৈ থকা প্রায় চাৰিশজন লোক এতিয়া Tata-AIG Life-ৰ ক্ষুদ্ৰ বিত্তীয় বীমাৰ আওতালৈ আহিছে। ইয়াৰ পৰিবেশৰ দিশতো এটা সুপ্ৰভাৱ পৰিলক্ষিত হৈছে।চাইচিতি আৱৰ্জনা পেলোৱাৰ ইতিবাচক মানসিকতাৰো জন্ম হৈছে।

প্ৰকল্পত অংশগ্ৰহণকাৰীসকলে কি কয়

সুন্দৰবনৰ উপান্ত এলেকাৰ পৰা কৰ্মৰ সন্ধানত কুৰি বছৰ আগেয়ে কলকাতালৈ আহিছিল আলাউদ্দিন শেখ। কিন্ত্ত কৰ্মৰ সন্ধান পোৱা নাছিল।এতিয়া সামান্য হ’লেও ভালদৰে পেট প্ৰৱৰ্তাবলৈ তেওঁ সক্ষম। এই বাবে Resolve: Trash to Cash প্রকল্পক ধন্যবাদ দিয়ে আলাউদ্দিনে। তেওঁৰ মতে," ডাঙৰ ডাঙৰ অফিচলৈ ইউনিফর্ম আৰু ফটো আইডি কাৰ্ডৰ সৈতে প্ৰবেশ কৰা কথাটো মোৰ সপোনৰো অগোচৰ আছিল। এই প্রকল্পৰ সহায়্ত সেয়াও সম্ভব হৈছে। মোৰ দৰে এজন ফুটপাথবাসীয়েও এই সুযোগ পোৱা বাবে এই প্ৰকল্পত অংশ লৈ মই গৰ্বিত। Apeejay group এ মোক এটা পুৰস্কাৰো দিছে।"

আলাউদ্দিনৰ দৰেই এই প্রকল্পৰ পৰা উপকৃত হৈছে মায়া মণ্ডল। এটাসময়ত খাল-বিলত মাছ পুঠি ধৰি মাহেকত ৭৫০ৰ পৰা ১৮০০ টকালৈহে উপাৰ্জন হৈছিল।ছাল আৰু পেটৰ অসুখতো ভুগিছিল।কিন্ত্ত এতিয়া তেওঁৰ অৱস্থা আগতকৈ বহু উন্নত।শৰীৰো আগতকৈ সুস্থ।পেপাৰ মেচিনত উপহাৰসামগ্রী প্ৰস্ত্তত কৰি উপাৰ্জন আগৰ তুলনাত পাঁচগুণ হৈছে। ল’ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈও সক্ষম হৈছে। নিজেও পঢ়িব , লিখিবলৈ শিকিছে। তেওঁৰ মতে," কেইবা প্ৰজন্ম ধৰি আমাৰ পৰিয়ালটো ভীষণ কষ্টেৰে জীয়াই আছিলো। সপোনতো ভাৱিব পৰা নাছিলো যে হাতৰ কাম,অংকনৰ মাধ্যমেৰে অন্যভাৱে জীয়াই থকাৰ পথৰ সন্ধান পোৱা যায়। দিদিয়ে কৈছিল (অমৃতা), একগোট হব পাৰিলে আমি এই কাম কৰিব পাৰিম।আৰু এই প্রকল্পই সেইটোৱেই আমাক শিকালে। ভালদৰে জীয়াই থকাৰ বাবে আমি এইদৰেই কাম কৰি যাম।" এই সাফল্যই তৃপ্তি দিছে অমৃতা চ্যাটার্জীক। অনাগত সময়ত এই ধৰনৰ অন্য কোনো প্রকল্প আৰম্ভ কৰাৰ তেওঁৰ প্ৰবল হেঁপাহ আছে। মানুহৰ কল্যাণৰ বাবে সেই হেঁপাহ সফল হওক।

মূলঃৰাজদুলাল মুখাৰ্জী

অনুবাদঃঅৰুণিমা গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

প্ৰতি সপ্তাহৰ শেষ দিনা গুৰগাঁৱত যান-বাহন স্তব্ধ কৰি দিয়া মানুহগৰাকী

তিনিটা দশক ধৰি ভাৰতীয় কাৰু-শিল্পৰ তত্বাধায়কৰ ৰূপত লাইলা তৈয়বজী আৰু দস্তকাৰ

মহিলা হৈ জন্মগ্ৰহণ কৰা সকলতকৈ মই বেছি সুখী আৰু উদাৰঃ কল্কী সুব্ৰমণিয়াম