ISRO আৰু USGS-ৰ মাজত তথ্য আৰু পৰিসংখ্যাগত বিনিময় চুক্তিলৈ কেবিনেটৰ অনুমোদন

ISRO আৰু USGS-ৰ মাজত তথ্য আৰু পৰিসংখ্যাগত বিনিময় চুক্তিলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

চলিত বছৰৰ ৯ জুলাই তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো (ISRO) আৰু মার্কিন যুক্তৰাষ্ট্রৰ ভূ-তাত্ত্বিক সমীক্ষা দপ্তৰৰ(USGS) মাজত স্বাক্ষৰিত সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তিখনলৈ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকে যাৱতীয় অনুমোদন প্ৰদান কৰে৷ মার্কিন যুক্তৰাষ্ট্রৰ ভূমি সংক্রান্তীয় দূৰ সংবেদী উপগ্রহ পৰিসংখ্যাগত ব্যৱহাৰ আৰু বিনিময়ৰ লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হৈছিল ভাৰতৰ বাঙ্গালুৰুত।

image


এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত USGS-ৰ লেণ্ডছেট – ৭ আৰু ৮ ৰ পৰা পৰিসংখ্যা সংগ্রহ কৰিব পাৰিব ইছৰোৱে। আনফালে, ইছৰোৰ ৰিছ’ৰ্চ ছেট – ২ ৰ মাধ্যমেৰে তথ্য আৰু পৰিসংখ্যা আহৰণৰ সুযোগ লাভ কৰিব মার্কিন ভূখণ্ডত।

উপগ্রহৰ যোগেদি তথ্য সংগ্রহৰ ক্ষেত্রত পাৰস্পৰিক স্বার্থৰ কথা বিবেচনা কৰি এই বুজাবুজি চুক্তিখন স্বাক্ষৰৰ উদ্যোগ গ্ৰহণ কৰা হৈছে ইছৰো আৰু USGS কৰ্তৃপক্ষৰ পৰা।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড