'চ’লাৰ দিদি'য়ে প্ৰমাণ কৰিছে- মহিলাই যিকোনো কামেই কৰিব পাৰে

'চ’লাৰ দিদি'য়ে প্ৰমাণ কৰিছে- মহিলাই যিকোনো কামেই কৰিব পাৰে

Thursday January 07, 2016,

4 min Read

এই পৃথিৱীত কঠিন পৰিস্থিতিৰ সন্মূখীন হোৱা মানুহৰ সংখ্যা বহুত বেছি। তাৰ মাজতো এনে কিছুমান লোক আছে যিয়ে দুসাজ খাবলৈও নেপায়। এনে সময়তে কিছুমান লোকে নিজকে আগুৱাই নিয়ে, নিজকে তৈয়াৰ কৰে আৰু জীৱনটোক উন্নত কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখে। সেয়েহে কোৱা হয়, সফলতা তেওঁলোকৰ কাষলৈ আহে যাৰ পানীতো ৰেখা অঁকাৰ ক্ষমতা থাকে। কানপুৰৰ কাষতে থকা এখন গাঁৱৰ এগৰাকী বিধৱাই এনেকুৱা এক কামেই কৰি দেখুৱাইছে। গুড়িয়া । সচাঁকৈয়ে, নামটো তেওঁৰ গুড়িয়াই আছিল, যি শৈশৱতে মাক-দেউতাকে মৰম আৰু চেনেহতে ৰাখিছিল। কিন্তু আজিৰ ডজনৰো অধিক গাঁৱত এই গুড়িয়াই গাওঁবাসীৰ বাবে চ’লাৰ দিদি নামে জনাজাত। শুনিবলৈ আচহুৱা যেন লাগে নহয়নে ? এয়াই সঁচা যে চ’লাৰ দিদি হ’বলৈ গুড়িয়াই বহু সংঘৰ্ষ কৰিছিল। সংঘৰ্ষ তাকো সেই ক্ষেত্ৰতেই হ’ল য’ত কেৱল পুৰুষৰহে আধিপত্য আছে। চ’লাৰ দিদিয়ে নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত চ’লাৰ মেকানিকৰ খিতাপ লাভ কৰিলে।

image


আহক, আপোনালোকক আজি জনাম চ’লাৰ দিদিৰ আচল জীৱনৰ বিষয়ে। আজিৰ চ’লাৰ দিদি ওৰফে কালিৰ গুড়িয়া ৰাঠোড় কানপুৰৰ বিধানু এলেকাৰ হড়হা গাঁৱৰ বাসিন্দা আছিল। তেওঁৰ ফাতেহপুৰত বিবাহ হৈছিল। বিয়াৰ পাছত তেওঁৰ অৱস্থা ঠিকেই যে আছিল, সেইটো ক’ব নোৱাৰি। কোৱা হয় বিপদ একেলগে চাৰিওদিশৰ পৰা আহে। আজিৰ পৰা চাৰি বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হ’ল। পতি বিয়োগৰ পাছত দুটি সন্তানৰ সৈতে শহুৰৰ ঘৰত থকাটো তেওঁৰ বাবে দিনে দিনে দুৰ্বিবহ হৈ পৰিছিল। এইখিনি সময়তে গুড়িয়াই সিদ্ধান্ত ল’লে যে তেওঁ তেওঁৰ সন্তানৰ সঠিক ভৰণ-পোষণ শহুৰেকৰ ঘৰত থাকি কৰিব নোৱাৰিব। এনেকুৱাত পথ এটাই আছিল, তেওঁৰ নিজৰ মাকৰ ঘৰখন। গুড়িয়াই নিজৰ সন্তানক লৈ মাকৰ ঘৰলৈ গুছি আহিল। মাকৰ ঘৰলৈ আহি তেওঁ আৰু এটা সিদ্ধান্ত ল’লে, সেয়া হ’ল আত্মনিৰ্ভৰশীল হোৱাৰ। সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে গুড়িয়াই ঘৰৰ বাহিৰত খোজ দিলে আৰু সামাজিক সংস্থা শ্ৰমিক ভাৰতীত যোগদান কৰিলে। এই সংস্থাই কেন্দ্ৰীয় চৰকাৰৰ টেৰি যোজনাৰ অধীনত গাওঁবোৰত সৌৰ চাকিৰ কাৰ্যক্ৰম চলায়।

য়ৰ ষ্ট'ৰীক গুড়িয়াই নিজৰ কৰ্মৰ আৰম্ভণিৰ বিষয়ে জনায়-

“মই প্ৰথমে শ্ৰমিক ভাৰতী সংস্থা জোৱানৰ বিনামূলীয়া সৌৰ চাকি লগোৱাৰ কামত নিয়োজিত হৈছিলো, আজি মই সৌৰ চাকিৰ লগত জড়িত সকলোবোৰ কাম কৰি লওঁ। মই ভাবিছিলো এনে কি আছে যি মহিলাই নোৱাৰে। মই কেৱল এই মনোভাবেৰেই সৌৰ চাকিৰ কাম আৰম্ভ কৰিলো”।

গুড়িয়াই গাঁৱে গাঁৱে গৈ সৌৰ চাকি, সৌৰ জুহাল, সৌৰ পাংখা লগোৱাৰ কাম আৰম্ভ কৰিলে। চাৰি বছৰ ধৰি একেৰাহে কৰি অহা কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফল এইয়াই যে, গাঁৱৰ মানুহে গুড়িয়াক চ’লাৰ দিদি নামেৰে মাতিবলৈ আৰম্ভ কৰি দিলে। গুড়িয়াই কয়-

“প্ৰথমতে যেতিয়া মোক মানুহে চ’লাৰ দিদি বুলি মাতিছিল তেতিয়া অলপমান আচহুৱা যেন লাগিছিল, কিন্তু লাহে লাহে এই নামটো মোৰ ভাল লগা হ’ল”।

image


চ’লাৰ দিদিয়ে যে কামবোৰ কেৱল একাগ্ৰতাৰে কৰে তেনে নহয়, এই কামবোৰ খুব নিপুণভাবেও কৰে। সেইকাৰণেই সম্প্ৰতি বিধানু এলেকাৰ গাওঁ বনপুৰা, কঠাৰা, উজিয়াৰা, তিৱাৰীপুৰ আদি ডজনৰো অধিক গাঁৱত চ’লাৰ মেকানিক হিচাপে কেৱল আৰু কেৱল মাত্ৰ চ’লাৰ দিদিৰেই নাম আগত আহে।

একে গাঁৱৰেই ভাৰতী নামৰ মহিলাগৰাকীৰ ভাষ্য-

“গাঁৱত চ’লাৰ লাইট বেয়া হোৱা, পাংখা বেয়া হোৱা আদি যিকোনো কামতেই কেৱল চ’লাৰ দিদিক ফোন কৰোঁ, চ’লাৰ দিদিয়েও স্ক্ৰু ড্ৰাইভাৰ, প্লাচ আৰু চ’লাৰ সামগ্ৰী লৈ নিজৰ স্কুটিৰে লগে লগে আহি যায়”।

image


কোৱা হয় যে, সময়ে সকলোকে সুযোগ দিয়ে, নতুন পথ দেখুৱায়। যদিহে সন্মূখত থকাজনে সেই সংকেত বুজি পায়, তেওঁৰ স্থিতি সলনি হোৱাটো নিশ্চিত। নিজৰ পুৰণি সমস্যাসমূহক নতুন দিশ দিলে আৰু সেইসমূহক যোগাত্মক বনালে। এই পথত কষ্টও যিদৰে আছে, সেইদৰে আত্মনিৰ্ভৰ হোৱাৰ আত্মতুষ্টিও আছে। এই আত্মসন্তুষ্টি চ’লাৰ দিদিৰো আছে। তেওঁ কয়-

“এটা সময়ত মোৰ এনেকুৱা লাগিছিল যে, মোৰ জীৱনত এতিয়া কি হ’ব। কিন্তু সকলো সমস্যাৰ পৰা হাত সৰাৰ পথ থাকেই। কেৱল জৰুৰী তাৰ পৰা বাহিৰ হোৱাটো। মই যি কৰিছো তাৰ পৰা মই আত্মসন্তুষ্টি লাভ কৰিছো”।

image


আন এজন গাওঁবাসী কল্লূৱে কয়- “চ’লাৰ দিদিক আমি গাওঁবাসীয়ে যেতিয়াই ফোন কৰো তেওঁ তুৰন্তে নিজৰ বেগ লৈ হাজিৰ হয়হি। ঘৰৰ চ’লাৰৰ লগত জড়িত সকলো সমস্যাৰ এটাই সমাধান আৰু সেয়া হ’ল চ’লাৰ দিদি”।

image


নিজৰ বলত অকলশৰীয়া এগৰাকী মহিলাই এইদৰে দজনৰো অধিক গাঁৱত কাম কৰাতো কোনো এটা পৰ্বতত আৰোহণ কৰাতকৈ কম নহয়। চহৰত যিমানেই সুবিধা নাথাকক তথাপিও আপুনি চাগৈ কেতিয়াও দেখা নাই এগৰাকী মহিলাই ঘৰে ঘৰে গৈ বিজুলী নতুবা চ’লাৰৰ লগত জড়িত সমস্যাৰ সমাধান কৰা। গুড়িয়া ওৰফে চ’লাৰ দিদিৰ এই সাহসিকতা কেৱল মাত্ৰ প্ৰশংসাৰ পাত্ৰই নহয়, ই প্ৰেৰণাদায়কো। য়ৰ ষ্ট'ৰীয়ে চ’লাৰ দিদিৰ পৰিশ্ৰম আৰু একাগ্ৰতাক অভিবাদন জনায়।

লেখক- বিজয় প্ৰতাপ সিং

অনুবাদ-অৰুন্ধতী বেজবৰুৱা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা