চেনিটেৰী নেপকিনৰ ব্যৱসায়েৰে অৰুণাচলম মুৰুগণানথমৰ সামাজিক বিপ্লৱ

চেনিটেৰী নেপকিনৰ ব্যৱসায়েৰে অৰুণাচলম মুৰুগণানথমৰ সামাজিক বিপ্লৱ

Wednesday February 03, 2016,

5 min Read

শেহতীয়াকৈ অৰুণাচলম মুৰুগণানথম আৰু তেওঁৰ কম্পেনী ‘জয়শ্ৰী এণ্টাৰপ্ৰাইজ’ৰ বিষয়ে বহু লোকে এতিয়া জানিব পাৰিছে৷ ব্যৱসায় আৰু সামাজিক আন্দোলন এই দুয়োটাৰ সমাহাৰ এই কম্পেনীটো। সকলো শ্ৰেণীৰ ভাৰতীয় মহিলাৰ উপযোগীকৈ চেনিটেৰী নেপকিন তৈয়াৰ কৰাৰ লগতে সেইবোৰ এক মৌলিক উপায়েৰে বিক্ৰী কৰাৰ ব্যৱস্থা কৰে জয়শ্ৰী এণ্টাৰপ্ৰাইজে৷

তেখেতে ‘জয়শ্ৰী এণ্টাৰপ্ৰাইজ’ক কম্পেনী বোলাতকৈ এটা আন্দোলন বুলিহে ক’ব খোজে৷ এই কথাটোৱে ইয়াকে সূচায় যে তেওঁ কামটো কেৱল লাভৰ কাৰণে কৰা নাই, ইয়াৰ আঁৰত এক মহৎ উদ্দেশ্যও আছে৷ তৎস্বত্বেও কিন্তু বর্তমানে অৰুণাচলম মুৰুগণানথমৰ ‘জয়শ্ৰী এণ্টাৰপ্ৰাইজে’ বছৰি প্ৰায় এক মিলিয়ন ডলাৰ (দহ লাখ ডলাৰ) ৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷

আমাৰ সৈতে বার্তালাপ কৰোতে তেখেতে কিছু গর্বেৰেই ক’লে, "বর্তমান মোৰ নিজাকৈ এখন বলেৰ’ আৰু কইম্বাট’ৰ চহৰত এটা ঘৰ আছে৷ এই চহৰৰ বহুতেই ভাবে যে মই অচিৰেই ইয়াত কিছুমান মল খুলিম৷ আৰু এই মল খোলা কামটোত অৰুণাচলম মুৰুগণানথমে প্ৰায় ৫ বিলিয়ন ডলাৰৰ এটা ব্যৱসায়ৰ সম্ভাৱনা দেখা পাইছে যিটোক তেওঁ নিশ্চিতভাৱে কামত লগাব বুলি আমাক দৃঢ়ভাৱে জনালে৷ তেওঁ লগতে ইয়াকো ক’লে যে যেতিয়া তেওঁ সেইটো কৰিব পাৰিব তেতিয়াই তেওঁ নিজাকৈ এখন জেট বিমানো কিনি ল’ব৷"

অৰুণাচলম মুৰুগণানথম

অৰুণাচলম মুৰুগণানথম


‘জয়শ্ৰী এণ্টাৰপ্ৰাইজ’ৰ এই একক আৰু অদ্বিতীয় চেনিটেৰি নেপকিন বিধ ভাৰতৰ ২৫ খন ৰাজ্যৰ হাজাৰ হাজাৰ গাঁৱৰ মহিলাইব্যৱহাৰ কৰিছে৷

এই কামত কাৰো সহায় নোলোৱাকৈ অকলেই অৰুণাচলম মুৰুগণানথমে সামগ্ৰীবিধ ইমান জনপ্ৰিয় কৰিবলৈ সক্ষম হৈছে৷ হয়, আপুনি ঠিকেই পঢ়িছে, অৰুণাচলম মুৰুগণানথমে কোনো কর্মচাৰী নিয়োগ নকৰাকৈয়ে এই ব্যৱসায়টোক আগবঢ়াই নিছে৷ আনহাতে তেখেতে জনালে যে কোনো কর্মচাৰী নিয়োগ নকৰাকৈয়ে তেওঁৰ এই ব্যৱসায়ত হাজাৰ হাজাৰ লোক জড়িত হৈ ইয়াৰ দ্বাৰা আর্থিকভাৱে লাভাম্বিত হৈছে৷

চেনিটেৰি নেপকিন ব্যৱহাৰৰ এই বিল্পবৰ সূচনা কেনেকৈ হ’ল আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে জড়িত হৈ থকা শংকাসমূহ...

এ.বি. নিয়েলচনৰ এটা সমীক্ষাত প্ৰকাশ হৈছিল যে ভাৰতত মাত্ৰ ১২% মহিলাইহে চেনিটেৰি নেপকিন ব্যৱহাৰ কৰে৷ এ.বি. নিয়েলচনৰ এই সমীক্ষাটোৰ প্ৰসঙ্গত মুৰুগণানথমে ক’লে, “কিয় নাজানো, স্বাধীন ভাৰতত এতিয়াও বিদেশীয়ে কৰা কামৰ প্ৰতি বিশেষ সমীহ আৰু সন্মান প্ৰদর্শন কৰা দেখা যায়৷ বিদেশী প্ৰতিষ্ঠান হিচাপে এ.বি. নিয়েলচনে এই সমীক্ষাটো কোনো ভাৰতীয় প্ৰতিষ্ঠানতকৈ শুদ্ধকৈ কৰিব পাৰিছে বুলি মোৰ মনে নধৰে৷ সি যি কি নহওঁক মই কিন্তু এই পৰিসংখ্যাটো ১২% তকৈ যথেষ্ট কম হ’ব বুলি ভাবোঁ৷ কাৰণ ভাৰতৰ বৃহৎ চহৰৰ লগতে মেট্ৰ কেইখন আঁতৰাই দিলেই এই সংখ্যাটো আপোনা-আপুনি কমি যাব”৷

অৰুণাচলম মুৰুগণানথমে লগতে ক’লে, “ভাৰতত বর্তমানে চেনিটেৰি নেপকিন সহজলভ্য হৈছে যদিও এইবোৰ প্ৰস্তুত কৰা কম্পেনীবোৰে গুৰুত্ব দিবলগীয়া বহুবোৰ কথাত মনযোগ দিয়া নাই৷ ইয়াৰ বিজ্ঞাপন বোৰত ‘নেপকিন ব্যৱহাৰৰ আৰাম’ আৰু ‘শান্তি’ৰ কথাটোহে উল্লেখ কৰা হয় কিন্তু ‘চাফ-চিকুনতা’ৰ দৰে মূল কথাটো সদায় বাদ পৰি যায়৷ এই চাফ-চিকুনতা’ৰ প্ৰসঙ্গটোৰ কথা উল্লেখ নকৰিলে কোনোকালে নেপকিন ব্যৱহাৰ কৰি নোপোৱা সকলে ইয়াৰ ব্যৱহাৰৰ উপকাৰীতাৰ কথাবোৰ কেনেকৈ জানিব পাৰিব”?

তাৰোপৰি ভাৰতীয় সমাজত বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বহুবোৰ নিষেধাজ্ঞা থকা কথাটো সর্বজনবিদিত৷ বহুতো গোড়া লোকে এইবিধ সামগ্ৰী ব্যৱহাৰ কৰিলে ৰৌ ৰৌ নৰকত পৰিব লাগিব বুলিওঁ ভাবে৷ আনহাতে চেনিটেৰি নেপকিন প্ৰস্তুত কৰা বৃহৎ কম্পেনীবোৰে এইবোৰ কথালৈ বিশেষ কানসাৰ নিদিয়ে৷

অৰুণাচলম মুৰুগণানথমে জনালে যে তেওঁ ভাৰতৰ গাঁৱে-ভূঁঞে নেপকিন বেচাৰ বাবে আনতকৈ পৃথক কিছু উদ্ভাৱনী উপায় অৱলম্বন কৰিছে৷ বহু ঠাইত তেওঁ আনকি শাক-পাছলি, পিয়াজ আদিৰ বিনিময়তো এইবিধ চেনিটেৰি নেপকিন বেচাৰ ব্যৱস্থা কৰিছে৷ আন কিছু ঠাইত আকৌ এই নেপকিনবোৰ ইনষ্টলমেণ্টত বেচাৰো দিহা কৰা হৈছে৷

এজন পৰিকল্পনাকাৰী আৰু তেওঁৰ এক সপোন

তেখেতৰ কামৰ জৰিয়তে হাজাৰ হাজাৰ ভাৰতীয়ৰ কাৰণে অৰুণাচলম মুৰুগণানথম আজি এজন আদৰ্শ ব্যক্তি হ’ব পাৰিছে৷ পিছে তেওঁৰ আদৰ্শ ব্যক্তি কোন বুলি সোধাত তেখেতৰ কোনো ৰোল মডেল নাই বুলি জনোৱাৰ লগতে আনকো কোনো ৰোল মডেলক অনুসৰণ নকৰিবলৈ পৰামর্শ দিয়ে৷ তেখেতৰ মতে, "পৃথিবীৰ ৭ বিলিয়ন মানুহৰ ভিতৰত তুমি বা মই একক আৰু অনন্য ৰূপে জন্ম লৈছো, গতিকে আমি কোনেও আন কাৰো নিচিনা হ’বই নোৱাৰোঁ, সেয়ে পৰাপক্ষত বেলেগক অনুসৰণ নকৰাটোৱেই ভাল ৷" 

অৰুণাচলম মুৰুগণানথম শৈশৱৰে পৰা কাৰিকৰী বিদ্যাৰ সৈতে হাতে-কামে জড়িত হোৱা এজন লোক৷ ‘জয়শ্ৰী এণ্টাৰপ্ৰাইজ’ গঢ় দিয়াৰ পূর্বে এখন সাধাৰণ জ্বালাইৰ দোকান চলাইছিল৷ আছলতে সৰুতেই দেউতাক ঢুকুৱা বাবে তেওঁ ঘৰ চলাবৰ নিমিত্তে গাঁৱৰে জ্বালাইৰ দোকান এখনত সেই কামৰ খুতি-নাতিবোৰ শিকিবলৈ বাধ্য হৈছিল৷ মুৰুগণানথমে ক’লে যে সেই জ্বালাইৰ দোকানৰ গৰাকীজন অতিমাত্ৰা সুৰাসক্ত লোক হোৱা হেতুকে প্ৰায় প্ৰতিদিনে ৰাতিপুৱা তেওঁ মানুহজনক ৰাস্তাৰ কাষৰ নর্দমাৰ পৰা তুলি আনিব লগা হৈছিল৷ তেওঁ লগতে ক’লে যে সেই দহ বছৰ বয়সতে জ্বালাইৰ দোকানৰ মতগজ মালিকজনক তুলি আনিবলৈ তেওঁ সদায় যথেষ্ট কষ্ট কৰিব লগা হৈছিল৷

দোকানৰ মালিকজনক সদায় তেনে অৱস্থাত দেখি দেখি মুৰুগণানথমে হেনো জীৱনত কেতিয়াওঁ কোনো কাৰণতে সেই মানুহটোৰ নিচিনা নহয় বুলি সেই তেতিয়াই শপত লৈছিল৷ আৰু যেতিয়া তেওঁ ১৭ বছৰত ভৰি দিলে তেতিয়া এদিন এটকা এটকাকৈ বহু কষ্টেৰে জমা কৰা তেওঁৰ জমা ধন ৫০,০০০ টকাৰে জ্বালাইৰ সেই দোকানখন সুৰাপায়ী মালিকজনৰ পৰা মুৰুগণানথমে কিনি ল’লে৷ সেইটোৱেই তেওঁৰ জীৱনৰ প্ৰথমটো আর্জিত সম্পত্তি বুলি মুৰুগণানথমে গর্বৰে প্ৰকাশ কৰে৷

শৈশৱতে সেই জ্বালাইৰ দোকানখন চলোৱা অভিজ্ঞতাটোৱেই তেওঁক পিছলৈ চেনিটেৰী নেপকিন উৎপাদন কৰা মেচিনৰ গৰাকী হোৱাত অৰিহণা যোগোৱাৰ লগতে ভাৰতৰ চুকে-কোণে হাজাৰ হাজাৰ মানুহক কর্মসংস্থান দিবলৈ সক্ষম কৰি তুলিছে বুলি মুৰুগণানথমে কয়৷

অৰুণাচলম মুৰুগণানথমে নিজকে এজন অভিযন্তা বুলি চিনাকি দি ভাল পায়৷ তেওঁ আমাক ক’লে যে এতিয়া তেওঁ বজাৰত আন এবিধ পণ্য সামগ্ৰী মুকলি কৰাৰ পৰিকল্পনা কৰিছে৷ তেওঁৰ মতে “এবাৰ আৰম্ভ কৰাৰ পিছত এটা ব্যৱসায় আপোন গতিত চলি থাকিব৷ সেইকাৰণেই মই কিবা এটা আৰম্ভ কৰি সেইটোক থানথিত লগোৱাৰ পিছত আন এটা কামত ধৰোঁগৈ৷ মোৰ কাম হ’ল সৃষ্টি কৰা – এবাৰ সৃষ্টি হোৱাৰ পিছত যিকোনো এটা বস্তু তাৰ নিজস্ব গতিত গৈ থাকিব৷ মই চিৰদিন সেইটোৱেই কৰি আহিছো – কাৰণ মই নিজকে এজন সৃষ্টিকর্তা অথৱা এজন পৰিকল্পনাকাৰী অথৱা এজন অভিযন্তা বুলি ভাৱো”৷

মূল কাহিনী – ৰঘু মোহন

অসমীয়া অনুবাদ – মণি ভট্টাচার্য

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পক্ষাঘাত, স্তন কেন্সাৰেও প্ৰতিহত কৰিব নোৱাৰা এগৰাকী সাহসী মহিলা লাজৰিনা

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে