ফিটনেছৰ বাবে পৃথিৱীৰ প্ৰথমটো চুপাৰ ছ্যুট যিটো পৰিধান কৰি খেল খেলিব পাৰি

ফিটনেছৰ বাবে পৃথিৱীৰ প্ৰথমটো চুপাৰ ছ্যুট যিটো পৰিধান কৰি খেল খেলিব পাৰি

Tuesday January 19, 2016,

2 min Read

নিগনি দৌৰত ব্যস্ত আজিৰ পৃথিৱীত পিতৃ-মাতৃ উভয়ে কৰ্মৰত হোৱাৰ বাবে শিশুৰ গতিবিধি ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ ৰৈছে।ইয়াৰ কুপ্ৰভাৱ পৰিছে শিশুৰ খেলা-ধুলাৰ ক্ষেত্ৰতো।ইয়াৰ সমাধান সূত্ৰ উলিয়াইছে ‘মেডৰেট গেমছ’এ।ভেগাছৰ চি ই এছ ২০১৬ত তেওঁলোকে প্ৰস্তুত কৰিছে বিশ্বৰ প্ৰথমটো চুপাৰ ছ্যুট আৰু এই পোছাক শিশুৰ লগতে অভিভাৱকে খেল-ধেমালিৰ সময়ত পৰিধান কৰিব পাৰে।ইয়াৰ দ্বাৰা সন্তান আৰু অভিভাৱকৰ মাজত পাৰস্পৰিক সম্পৰ্ক মধুৰ হোৱাৰ লগতে খেল-ধেমালিৰ মাধ্যমত তেওঁলোকৰ শাৰিৰীক বিকাশো সাধন হয়।

image


এই চুপাৰ ছ্যুটৰ ডিজাইন ২১শতিকাৰ পৃথিৱীখনৰ প্ৰতি চকু ৰাখি প্ৰস্তুত কৰা হৈছে।বৰ্তমান শিশুসকলৰ বাহিৰত খেলা-ধুলা কৰাটো একপ্ৰকাৰ বন্ধই হৈ পৰিছে।হয় তেওঁলোকৰ খেলা-ধুলা কৰা স্থান যেনে পাৰ্ক ,বেচমেণ্ট, গলি, চাদ আদি নাইকীয়া হৈছে নহ’লে এইবোৰৰ আকাৰ ক্ৰমাৎ সংকুচিত হৈছে। ফলত শিশুসকলে ঘৰতে খেলা-ধুলা কৰিবলৈ বাধ্য হৈ পৰিছে।

মেডৰেট গেমছৰ সংস্থাপক ৰজত ধাৰিৱালে গেম মুকলি কৰাৰ সময়ত কৈছিল, “আমি আজি চি ই এছত চুপাৰ ছ্যুট মুকলি কৰি বহুত আনন্দ অনুভৱ কৰিছো। আমাৰ উদ্দেশ্য হৈছে শিশুসকলক স্ক্ৰীণ গেমছৰ পৰা আঁতৰত ৰখা।চুপাৰ ছ্যুট ভৱিষ্যতৰ গেম হওক এয়াই আমাৰ আশা।”

ৰজতে লগতে কয় যে আউটড’ৰ গেম পূৰ্বৰে পৰা শিশুসকলৰ পচন্দৰ খেল। নগৰীকৰণ আৰু উদ্যোগীকৰণৰ ফলত তেওঁলোকৰ খেলা-ধুলা কৰা স্থান হ্ৰাস পাইছে। সুৰক্ষাৰ প্ৰতি চিন্তা কৰিও পিতৃ-মাতৃয়ে নিজৰ সন্তানক বাহিৰত খেলিবলৈ যোৱাত বাধা দিয়ে।ইয়াৰ বাবে এফালে শিশুসকলৰ শাৰিৰীক বিকাশ বাধাগ্ৰস্ত হোৱাৰ লগতে আনফালে তেওঁলোকে নিজকে বান্ধ খাই থকা যেন অনুভৱ কৰে। শিশুসকলৰ এনে সমস্যাৰ সমাধান লৈ আহিছে চুপাৰ ছ্যুটে।ইয়ে শিশুসকলক আনন্দৰ লগতে স্বাধীনতাৰ অনুভৱো প্ৰদান কৰে যাতে তেওঁলোকে নিজৰ মনৰ ইচ্ছামতে খেলিব পাৰে।

image


চুপাৰ ছ্যুটৰ দুটা গুৰুত্বপূৰ্ণ অংগ হৈছে-বনিয়ান আৰু হাতমোজা।বনিয়ানে যিকোনো হিট ৰেকৰ্ড কৰাৰ লগতে ইয়াক প্ৰদৰ্শনো কৰে।(পোহৰ,শব্দৰ ৰূপত) আনহাতে হাতমোজা খেলুৱৈ আৰু ট্ৰিগাৰৰ সৈতে সংলগ্ন হ’লে খেলত ব্যৱহৃত পোহৰ নিক্ষেপ কৰিবলৈ সহায়ক হয়।

ইয়াৰ সমানে সমানে চিষ্টেমে বাহিৰত ‘ব’টছ’ৰ সহায় লাভ কৰে।ইয়াক সংলগ্ন কৰি নিয়ন্ত্ৰণো কৰিব পৰা যায়।চুপাৰ ছ্যুটৰ এছডিকে নতুন খেলৰ বিকাশতো সহায়ক। ‘চুপাৰ ছ্যুট’ৰ সৈতে সংলগ্ন এপে অভিভাৱকক নিজৰ সন্তানৰ ওপৰত চকু ৰখাত সহায় কৰে।ইয়াৰ দ্বাৰা অভিভাৱকসকলে নিজৰ সন্তানৰ ফিটনেছ ডাটা জনাৰ লগতে তেওঁলোকৰ অৱস্থিতিও নিৰ্ধাৰণ কৰিব পাৰে।এইসকলোবোৰ কাম ব্লু-টুথৰ দ্বাৰা সম্পন্ন হয়।ইয়াৰ লগতে ইয়াত নতুন খিতাপৰ ডাউনলডিং, খেল আপডেট কৰাৰ উপৰিউ খেলুৱৈৰ প্ৰফাইল আৰু ডাটাও সংৰক্ষণ কৰা হয়।

মূল-টীম হিন্দী

অনুবাদ-তুলিকা দেৱী