বাঙ্গালুৰুৰ ৪০০ অট'চালকে প্ৰযোজনা কৰিছে এখন বাণিজ্যিক ছৱি

বাঙ্গালুৰুৰ ৪০০ অট'চালকে প্ৰযোজনা কৰিছে এখন বাণিজ্যিক ছৱি

Monday June 27, 2016,

2 min Read

বাঙ্গালুৰুৰ ৪০০ অট' চালকে সমূহীয়াভাৱে প্ৰযোজনা কৰিছে এখন ছৱি । প্ৰতিজনেই ১০০ৰপৰা ২ লাখলৈকে টকা বৰঙণি আগবঢ়াই ২ কোটি টকাৰে প্ৰযোজনা কৰিছে এখন কন্নড় ছৱি আৰ জি ভি । জ্যেষ্ঠ পৰিচালক এ আৰ বাবুৰ পুত্ৰ এ আৰ শ্বানে পৰিচালনা কৰা ছৱিখনত অভিনয় কৰিছে তাৰকা অৰু গৌড়াই ।  

Image: S Shyam Prasad Twitter

Image: S Shyam Prasad Twitter


পৰিচালক শ্বানে ছৱিখনৰ চিত্ৰনাট্য অট'চালক তথা ছৱি প্ৰচাৰক অট' নাগাৰাজক শুনোৱাৰ লগে লগে তেওঁ সিদ্ধান্ত লয় ছৱিখন প্ৰযোজনা কৰাৰ । তেওঁ চাৰিশ অট'চালকক সন্মত কৰায় এই ছৱিখনত বিনিয়োগ কৰিবলৈ । টাইমছ অৱ ইণ্ডিয়াক এই কথা জানিবলৈ দিয়ে শ্বানে ।

নাগাৰাজৰ বাবে এয়া আছিল এক সপোন । 'মই ১৫ বছৰ ধৰি অট' চলাই আহিছো । মই অভিনেতা হ'বলৈ বিচাৰিছিলো । ছৱি জগতৰ বহুতৰে সৈতে মই যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিলো আৰু দুই এটা সৰুসুৰা চৰিত্ৰত অভিনয়ো কৰিছো।' তেওঁ কয় ।

এ আৰ শ্বানৰ মতে ছৱিখনৰ চিত্ৰগ্ৰহণ শেষ হোৱালৈকে প্ৰায় ১০০০জন অট'চালক ছৱিখনৰ প্ৰযোজনাৰ সৈতে জড়িত হৈ পৰিব । তেওঁৰ মতে অট'চালকসকল তেওঁ লগ পোৱা সকলৰ ভিতৰত অন্যতম পেছাদাৰীত্ৰ ক্ষেত্ৰত অন্যতম । 'তেওঁলোক যেন অভিজ্ঞ প্ৰযোজকসকলৰ দৰেই । শ্বুটিঙৰ সময়ত দেখা দিয়া সমস্যাসমূহক লৈওঁ তেওঁলোকৰ মনোভাৱ অত্যন্ত পেছাদাৰী। লগতে অট'চালকে প্ৰযোজনা কৰা বুলি যে আমি নগণ্য বাজেটত কাম কৰিছো তেনে নহয় । আমি শ্ৰেষ্ঠতম কলাকুশলীসকলক লৈ আগবাঢ়িছো । যিকোনো বাণিজ্যিক কন্নড় ছৱিৰ দৰেই এইখন ছৱি ।' তেওঁ কয় । 

এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এইধৰণৰ অন্যান্য কাহিনী

ব্ৰেকজিটে ভাৰততো প্ৰভাৱ পেলাব

বিনিয়োগৰ সঠিক ঠিকনাৰ সন্ধান দিছে কলকাতাৰ ‘ৰুপীভেষ্টে’

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

একালৰ বিধায়ক এতিয়া পথৰ বাসিন্দা