ই-বুক প্ৰস্তুতকাৰক পেপিৰাছ এডিটৰ এতিয়া ইয়ৰ ষ্ট'ৰী মিডিয়াৰ অংশ

ই-বুক প্ৰস্তুতকাৰক পেপিৰাছ এডিটৰ এতিয়া ইয়ৰ ষ্ট'ৰী মিডিয়াৰ অংশ

Tuesday December 01, 2015,

3 min Read

 সকলোৱে নিজৰ কাহিনী সৰলভাৱে আৰু নিজে বিচৰাধৰণে ক’বলৈ সুবিধা লাভ কৰিব পৰাকৈ বিভিন্ন প্ৰযুক্তিগত উপাদান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইয়ৰ ষ্ট'ৰী মিডিয়া প্ৰাইভেট লিমিটেড ত্বৰান্বিত গতিৰে আগুৱাইছে, । আশা কৰা হৈছে ২০১৬ চনৰ জানুৱাৰী মাহত ভাৰতীয় ভাষাৰ ইউজাৰ-জেনেৰেটেড কনটেণ্ট, চমুকৈ ইউজিচি মুকলি কৰা হ’ব আৰু আজি আমি আপোনালোকক জনাবলৈ পাই অতিশয় আনন্দিত যে, আমি ইতিমধ্যে পেপিৰাছ এডিটৰ অধিগ্ৰহণ কৰিছো। পেপিৰাছ এডিটৰ হৈছে ই-বুক প্ৰস্তুত কৰাৰ বাবে বিশেষ অনলাইন এডিটৰ।


image


ইয়ৰ ষ্ট'ৰীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰদ্ধা শৰ্মাই এই চুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়,

আমি ইয়ৰ ষ্ট'ৰীত প্ৰতিদিনেই সেইসকল মানুহৰ জীৱনত আলোকপাত কৰিব বিচাৰোঁ যিসকলে কিবা এটা কৰিছে, যিসকলে নিজৰ পৃথিৱীখনৰ লগতে চৌপাশৰ পৃথিৱীখনকো এটা ৰূপ দিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই গৈছে। আমি বিচাৰোঁ সকলোৱে নিজৰ কাহিনীটো ক’বলৈ সমৰ্থ হওক। এই লক্ষ্যত উপনীত হ’বলৈ পেপিৰাছ গ্ৰহণ কৰাটো নিঃসন্দেহে অতি উল্লেখনীয় পদক্ষেপ।

ভাৰতত ঔদ্যোগিকতাৰ উদ্দীপনাক সমৰ্থন জনাবলৈ ২০০৮ চনত শ্ৰদ্ধাই আৰম্ভ কৰিছিল ইয়ৰ ষ্ট'ৰী।

‘যোৱা বছৰ মই লগ পাইছিলো গৌৰৱ তিৱাৰীক, যি এগৰাকী উল্লেখযোগ্য উদ্যোগী। মুহূৰ্ততে অনুভৱ কৰিছিলো যে ইয়াত সহযোগিতাৰ ব্যাপক সম্ভাৱনীয়তাই অপেক্ষা কৰিছে। আমি বুজি উঠিছিলো যে সকলোকে নিজৰ কাহিনীৰ মাধ্যমেৰে মত বিনিময়ৰ সুযোগ দিবলৈ উভয়ে একেই লক্ষ্য আগত লৈ আগবাঢ়িছো।’ তেওঁ পুনৰ ক’লে।

ই আছিল এক কেছ-এণ্ড-ষ্টক চুক্তি।

পেপিৰাছ এডিটৰৰ বিষয়ে

পেপিৰাছ হৈছে এক সৰল অনলাইন এডিটৰ, যিয়ে গ্ৰন্থ ৰচয়িতাসকলক সহজ আৰু অনায়াসে ব্যৱহাৰ কৰিব পৰা ইণ্টাৰফেচেৰে ই বুক প্ৰস্তুত কৰাত সহায় কৰে। ড্ৰেগ-এণ্ড-ড্ৰপ ক’ভাৰ এডিটৰেৰে ব্যৱহাৰকাৰীয়ে বেটুপাত সম্পাদনা কৰিব পাৰে, একোটা ব্লগ প’ষ্টৰ দৰেই সহজতে ইয়াত বিভিন্ন ৱেবছাইটৰপৰা প’ষ্ট আহৰণ কৰিব পাৰি নাইবা নতুন প’ষ্ট সৃষ্টিও কৰিব পাৰি। একোখন কিতাপ বিক্ৰীৰ বাবে মুকলি কৰি দিবলৈ মাথোঁ ৰচয়িতা অথবা ব্যৱকাৰীয়ে সহজভাৱে দাম নিৰ্ধাৰণ কৰি ‘পাব্লিছ’ত ক্লিক কৰিলেই হ’ল।

ই-বুক প্ৰস্তুতকৰণ পদ্ধতিটোক সৰলীকৰণ কৰাৰ উদ্দেশ্য লৈয়েই আৰম্ভ হৈছিল পেপিৰাছ। ই-বুক প্ৰকাশৰ ক্ষেত্ৰত পেপিৰাছে কিছু পৰিমাণে প্ৰান্তীয় ব্যৱহাৰকাৰীৰ অধিক ওচৰ চাপিবলৈ সক্ষম হৈছে। ইয়ৰ ষ্ট'ৰীৰ অংশ হিচাপে পেপিৰাছে অধিক ব্যৱহাৰকাৰী লাভ কৰিব আৰু ই পেপিৰাছক নতুন মাত্ৰা প্ৰদান কৰিব।

এই মন্তব্য গৌৰৱ তিৱাৰীৰ, যিয়ে ২০১২ চনৰ পেপিৰাছ আৰম্ভ কৰিছিল।

গৌৰৱে ইয়ৰ ষ্ট'ৰীত যোগদান কৰিছে প্ৰযুক্তি ক্ষেত্ৰৰ এজন গুৰুত্বপূৰ্ণ নেতৃত্ববহনকাৰী হিচাপে আৰু ক্ৰমবৰ্ধিত উচ্চ শিক্ষিত অভিযন্তাৰ দল এটাৰ সৈতে তেওঁ কাম কৰিব। ইয়ৰ ষ্ট'ৰীয়ে কাম কৰি অহা বিভিন্ন ক্ষেত্ৰৰ বাবে তেওঁ নিৰ্মাণ কৰিব বহুতো প্ৰযুক্তিগত উপাদান। ইয়াৰ ভিতৰত মুখ্যতঃ উল্লেখ কৰিব পাৰি ইউজাৰ-জেনেৰেটেড কনটেণ্টৰ মঞ্চৰ বিষয়ে।

ইয়ৰ ষ্ট'ৰী গভীৰভাৱে বিশ্বাস কৰে যে ই প্ৰতিজন ভাৰতীয়কে নিজৰ ভাষাত নিজৰ কাহিনী প্ৰকাশ কৰাৰ ক্ষমতা প্ৰদান কৰিব। পাঠ, শব্দ অথবা ভিডিঅ’ৰ মাধ্যমেৰে লাখ লাখ ভাৰতীয়ই তেওঁলোকৰ কাহিনী বৰ্ণনা কৰিব পাৰে। ভাৰতীয় ভাষাসমূহৰ বাবে মঞ্চ মুকলি কৰাটো আছিল প্ৰথম পদক্ষেপ। সম্প্ৰতি ইয়ৰ ষ্ট'ৰীয়ে বৰ্ণনা কৰা ২১,০০০ৰো অধিক উদ্যোগীৰ কাহিনী ১৩টা ভাষাত উপলব্ধ। এই ভাষাসমূহ হৈছে- ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, টেলুগু, তামিল, কানাড়া, মাৰাঠী, মালায়ালম, উৰিয়া, গুজৰাটী, পাঞ্জাৱী আৰু উৰ্দু।

‘অনুগ্ৰহ কৰি আগৰ দৰেই আমাক মৰম কৰাৰ সমান্তৰালভাৱে সমালোচনাও কৰি যাওক। ২০১৬ চনত আমি আৰু বহুতো সমল লৈ আহি আছো, আৰু আমাক লাগে আপোনালোকৰ সহযোগিতা আৰু মতামত’, শ্ৰদ্ধাই ক’লে।

ইয়ৰ ষ্ট'ৰীৰ বিষয়ে

ইয়ৰ ষ্ট'ৰী হৈছে উদ্যোগীসকলৰ বাবে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মিডিয়া টেক মঞ্চ। ভাৰতৰ ঔদ্যোগিক পৰিৱেশতন্ত্ৰক উদ্দীপনা যোগোৱা আৰু ইয়াৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ই উৎসৰ্গিত। উদ্যোগীসকলৰ সপোন, সংগ্ৰাম, বিফলতা আৰু সফলতাৰ কাহিনী প্ৰকাশ কৰাৰ ক্ষেত্ৰত ই হৈছে পথপ্ৰদৰ্শক। ভাৰতৰ ষ্টাৰ্টআপ ট্ৰেণ্ডৰ বাবে ইয়ৰ ষ্ট'ৰী হৈছে বলিষ্ঠ কণ্ঠ আৰু দৃশ্যমান কাংক্ষিত মঞ্চ।

২০০৮ চনৰপৰা, YourStory.comএ উদ্যোগী, বিনিয়োগকাৰী আৰু পৰিৱৰ্তনকাৰীসকলৰ ২১,০০০ৰো অধিক কাহিনী প্ৰকাশ কৰিছে। সমান্তৰালভাৱে ইয়ৰ ষ্ট'ৰী অৰ্ধলক্ষাধিক উদ্যোগীক বাণিজ্যিক নেটৱৰ্কিঙৰ সুবিধা প্ৰদান কৰিছে দেশজুৰি অনুষ্ঠিত কৰা বিভিন্ন সন্মিলন নাইবা বৈঠকৰ জড়িয়তে। ইয়াৰ ভিতৰত আছে টেকস্পাৰ্ক আৰু ম’বাইলস্পাৰ্ক।

দেশখনৰ পৰমাকাংক্ষিত পৰিৱৰ্তনৰ বাবে এই মঞ্চ সম্প্ৰতি হৈ পৰিছে সামূহিক কণ্ঠ। এই চিনাকিয়ে ভাৰতৰ ষ্টাৰ্টআপ, উদ্যোগী আৰু উদ্ভাৱকসকলৰ মাজত ইয়ৰ ষ্ট'ৰীক আটাইতকৈ বিশ্বস্ত আৰু জনপ্ৰিয় মঞ্চ হোৱাত সহায় কৰিছে।