ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত সহযোগিতা বৃদ্ধিৰ প্রস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত সহযোগিতা বৃদ্ধিৰ প্রস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Monday January 30, 2017,

1 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ইউনাইটেড আৰব এমিৰেটছৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত সহযোগিতা বৃদ্ধিৰ প্রস্তাৱিত বুজাবুজি চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে।

image


প্ৰস্তাৱিত এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত দুয়ো দেশেই উপকৃত হ’ব। ইয়াৰ জৰিয়তে ভাৰত আৰু ইউনাইটেড আৰব এমিৰেটছে উন্নত কৃষি পদ্ধতি তথা উন্নতমানৰ উৎপাদনশীলতা সন্দৰ্ভত পাৰস্পৰিক সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ সুযোগ লাভ কৰাৰ লগতে বৈশ্বিক বজাৰ ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ সুযোগ লাভ কৰিব। কৃষি খণ্ডৰ সহযোগিতাই নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে উৎপাদন আৰু উৎপাদনশীলতা বৃ্দ্ধি কৰি খাদ্য সুৰক্ষাৰ ভেঁটিও সুদৃঢ় কৰিব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

বৃদ্ধ পেঞ্চন বীমা আঁচনি-২০১৭

অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ পেকেজ-চিজিটিএমএছইত অনুমোদন কেবিনেটৰ

দেশত গ্ৰামীণ আৱাসৰ প্ৰসাৰৰ বাবে নতুন আঁচনিত অনুমোদন কেবিনেটৰ