কেন্দ্রীয় গ্ৰামোন্নয়ণ মন্ত্ৰালয় আৰু খাদ্য আৰু কৃষিসংস্থাৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

কেন্দ্রীয় গ্ৰামোন্নয়ণ মন্ত্ৰালয় আৰু খাদ্য আৰু কৃষিসংস্থাৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

Monday December 26, 2016,

2 min Read

কেন্দ্রীয় গ্ৰামোন্নয়ণ মন্ত্ৰালয় আৰু খাদ্য আৰু কৃষি সংস্থাৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱলৈ নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ এক গুৰুত্ব বৈঠকত অনুমোদন জনোৱা হৈছে। দেশত গ্ৰামোন্নয়ণ কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু তাক আৰু অধিক উন্নত কৰি তোলাৰ উদ্দেশ্যেৰেই এই বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱ আগবঢ়োৱা হৈছিল।

image


এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত দক্ষিণ-দক্ষিণ সহযোগিতা আৰু দীনদয়াল অন্ত্যোদয় যোজনা তথা জাতীয় গ্রামীণ জীৱিকা মিশ্যনৰ কাম-কাজৰ অভিজ্ঞতা বিনিময় কাৰ্যসূচী আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে ভাগ কৰাটো সম্ভৱ হৈ উঠিব। তাৰ লগতে, এই দুটা বিশেষ গ্রামীণ কাৰ্যসূচী ৰূপায়ণৰ পথৰ আওঁতাত কৃষি আৰু শিল্পজাত পণ্য, কর্মসংস্থানৰ বৈচিত্র্যকৰণ, গ্রামীণ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ, সামাজিক সুৰক্ষাৰ প্রসাৰ, সামগ্ৰিক ব্যৱস্থাপনা ইত্যাদি ক্ষেত্রত অন্তর্ভূক্তিমূলক আৰু নিৰন্তৰ কর্মপ্রচেষ্টাৰ প্রসাৰ আৰু বিকাশ সম্ভৱপৰ হ’ব।

এই বুজাবুজি চুক্তি স্বাক্ষৰৰ আন এটি দিশ হৈছে - গ্রামীণ মহিলাসকলক আর্থিক সচ্ছলতা প্ৰদান, প্রাকৃতিক সম্পদসমূহ গাওঁৰ দৰিদ্র জনসাধাৰণৰ বাবে সুলভ কৰি তোলা আৰু গাওঁবাসীৰ সামাজিক সুৰক্ষা তথা ব্যৱহাৰৰ প্রয়োজনত প্রাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰা। ইয়াৰ ফলত, দৰিদ্রতা দূৰীকৰণৰ লক্ষ্যত গাওঁবাসীৰ সাধাৰণ স্বার্থ ৰক্ষা যেনেদৰে সম্ভৱ হ’ব, আনফালে তেনেদৰেই এই কাৰ্যসূচী ৰূপায়ণৰ আঁত ধৰি জ্ঞান তথা অভিজ্ঞতা সঞ্চয়ো যথেষ্ট মাত্রা বৃদ্ধি পাব।

(উৎস - পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

তামিল নাডুত ৰন্ধন গেছৰ এজেন্টে লৈ ফুৰিব স্বাইপ মেচিন