বিগ বি আৰু আম্বানীৰ পৰামৰ্শদাতা জ্যোতিষী স্থপতিবিদগৰাকী

বিগ বি আৰু আম্বানীৰ পৰামৰ্শদাতা জ্যোতিষী স্থপতিবিদগৰাকী

Saturday November 07, 2015,

4 min Read

আৰম্ভণিতে নীতা সিনহাৰ মনত কিছু সংশয় আছিল।দুই দশকৰো আগেয়ে সিনহাৰ সাক্ষাৎ হৈছিল প্ৰসিদ্ধ হোমিওপেথ আৰু বৈদিক জ্যোতিষ বিশেষজ্ঞ কে.এছ.কৃষ্ণমূৰ্ত্তিৰ ছাত্ৰ প্ৰয়াত ডঃএল এন কুসুমৰ সৈতে।ডঃ কুসুমে ইমান সঠিকভাৱে সিনহাৰ জীৱনৰ ভৱিষ্যবাণী কৰিছিল যে ইয়েই তেওঁৰ মনত বৈদিক জ্যোতিষৰ প্ৰতি স্পৃ্হাৰ জন্ম দিছিল। বাস্তুশাস্ত্ৰ্ৰ্ৰৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ ৩০,০০০ টা বাসগৃ্হ আৰু অন্যান্য স্থান গৱেষণা কৰাৰ পাছ্ত তেওঁলোকে এটা জটিল প্ৰশ্ন সম্পৰ্কে গভীৰভাৱে বিবেচনা কৰিছিল,‘সুউচ্চ দালান এটাৰ প্ৰতিটো ঘৰৰে বাস্তু একেই হোৱা সত্ত্বেও ইয়াত বাস কৰা প্ৰতিজন ব্যক্তিয়েই ভিন্ন ফলাফল কিয় লাভ কৰে?’ আৰু ইয়েই সিনহাৰ বাবে এটা লাভজনক কেৰিয়াৰৰ আৰম্ভণি ঘ্টাইছিল।

সিনহা এই সিদ্ধান্তত উপনীত হৈছিল যে মানৱ জীৱনত প্ৰভাৱ পেলাব পৰা প্ৰতিটো স্থানৰে ৰাশি গণনা হোৱা উচিত।এই বিষয়টো বৃত্তি হিচাবে গ্ৰহণ কৰিবলৈ সিনহাই নিজকে জ্যোতিষী-স্থপতি হিচাবে পৰিচয় দিবলৈ ললে। শক্তিৰ সুন্দৰ সন্তুলন ঘটাবলৈ জ্যোতিষবিদ্যা আৰু স্থাপত্যৰ ই এক সংমিশ্ৰণ যিয়ে এটা নিৰ্দিষ্ট স্থানৰ ৰাশিগণনা কৰি ইয়াৰ ইতিবাচক আৰু নেতিবাচক শক্তিৰ পৰিসৰ সম্পৰ্কে অধ্যয়ন কৰে। ফেং শ্বুই বা বাস্তুত সাধাৰণতে থকাৰ দৰে এই জ্যোতিষ-স্থাপত্যত কোনো নীতি নাই আৰু একেটা স্থানত বসবাস কৰা প্ৰতিজন মানুহৰ সুকীয়া প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল এই চৰ্চাক জ্যোতিষৰ ব্যক্তিগতকৰণ বুলি কব পাৰি।

সিনহাৰ মতে,‘থূলমুলকৈ কবলৈ গলে দৰাচলতে জ্যোতিষ-স্থাপত্য, মানৱৰ সৈতে বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল ।’


image


বিষয়টো ব্যাখ্যা কৰি সিনহাই কয়,‘প্ৰতিটো স্থানৰে ৩টা নেতিবাচক আৰু ৯টা ইতিবাচক খণ্ড থাকে।মই প্ৰথমে ঘৰটোৰ নক্সা আৰু নিৰ্মাণৰ পৰিকল্পনা সম্পৰ্কে অধ্যয়্ন কৰোঁ আৰু ইয়াৰ পাছত নেতিবাচক খণ্ডৰ সংখ্যা হ্ৰাস কৰি ইতিবাচকৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰোঁ।সমাজৰ বিভিন্ন স্তৰৰ লোকে সহায় বিচাৰি তেওঁৰ কাষ চাপে যদিও ইয়াৰ ভিতৰত প্ৰখ্যাত লোকসকলৰ সংখ্যাই অধিক। বিগত ২৫ বছৰৰো অধিক সময়ৰ ভিতৰত বৃত্তিগত কাৰণতে তেওঁ অমিতাভ বচ্চন,অক্ষয় কুমাৰ,কৰণ জোহৰ ,শ্বাহৰুখ খান ৰ দৰে খ্যাতনামা ব্যক্তি ,আম্বানী গ্ৰুপ,বিৰলা গ্ৰুপ,বহু বিলাসী হোটেল আৰু প্ৰখ্যাত শিক্ষা প্ৰতিষ্ঠানৰ বাবে কাম কৰাৰ সুযোগ পালে।.

‘মোৰ জীৱনৰ দ্বন্দটো হ’ল এই বিখ্যাত লোকসকলৰ সৈতে কাম কৰাৰ বাবে মানুহে মই কেৱল চহকী আৰু বিখ্যাত লোকসকলৰ কামেই কৰোঁ বুলি ধাৰণা কৰে।কিন্ত্ত সঁচা কথাটো হ’ল যিকোনো লোকেই সহজে মোৰ পৰা সহায় লব পাৰে,’ সিনহাই কয়।এই বৃত্তিটো নিষ্ঠাৰে গ্ৰহণ কৰিবলৈ ইচ্ছুক হোৱা যিকোনো ব্যক্তিৰ বাবে বৃ্হৎ প্ৰত্যাহ্বানটো হ’ল ধৰ্মীয় ব্ৰহ্মাণ্ডতত্ত্ব বা জ্যোতিষ বুলি কোনোবাই উচ্চাৰণ কৰাৰ লগে লগে আমাৰ মগজুৰ সংসূচকসমূহ সজাগ হৈ পৰে। প্ৰায় ক্ষেত্ৰতে এনে বিষয়মূহ বাস্তবিকভাবে নিৰীক্ষণযোগ্য বিজ্ঞান হিচাবে গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সংখ্যাগত মানো নিৰুপণ কৰিব নোৱাৰি।এনেক্ষেত্ৰত সমস্যাৰ উদ্ভব হয় যদিও এনে সংশয়ৰ মনোভাৱে কামকাজ বা সাফল্যত বাধাৰ জন্ম দিয়া বুলি সিনহাই অনুভৱ নকৰে। তেওঁ কয় যে স্থাপনৰ এই বিজ্ঞানে ইতিবাচক শক্তিৰ জন্ম দিয়াৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু ইয়াৰ দ্বাৰা মানৱৰ কল্যাণ আৰু সমৃদ্ধি হয়।এগৰাকী জ্যোতিষী-স্থপতি হিচাবে মই এজন ব্যক্তিৰ ব্যক্তিগত শক্তিৰ(যাক সাধাৰণতে Aura বা অংগজ্যোতি বুলি জনা যায়) সৈতে মহাজাগতিক শক্তিক্ষেত্ৰৰ সমন্বয় সাধন কৰো। মোৰ গণণা মহাকাশত গ্ৰহ নক্ষত্ৰৰ স্থিতি আৰু ব্যক্তিৰ ব্যক্তিগত শক্তিৰ ওপৰত নিৰ্ভৰশীল।ইয়াক মই দিব্য বিজ্ঞান বুলি কওঁ কিয়নো মোৰ গণনা অনুসাৰে ভবিষ্যদ্বাণীও ইয়াৰ অন্তৰ্ভুক্ত।

এই বিজ্ঞানৰ চৰ্চা প্ৰতিজন ব্যক্তিৰ বাবে পৃথক হোৱা বাবে কেইবাটাও প্ৰকল্পত কাম কৰা সম্ভৱ নহয়। সিনহাৰ মতে,‘যিহেতু আমাৰ দেশত জ্যোতিষ-স্থাপত্য চৰ্চা কৰা মই একমাত্ৰ ব্যক্তি,২৪ ঘণ্টাতকৈ অধিক কাম কৰা মোৰ বাবে অসম্ভৱ।আনহাতে যিহেতু ই এক ব্যক্তিগত পৰ্যায়ৰ বিজ্ঞান,মোৰ কামৰ বোজা আনে লোৱাও সম্ভৱ নহয়।অৱশ্যে মোৰ জীয়ৰী অংশু পপলীয়ে এই চৰ্চা অব্যাহত ৰখাত মোক সহায় কৰে।’

২৫ বছৰ পিছলৈ উভতি চালে, সিনহাৰ কেৰিয়াৰৰ কেইটামান মুহূৰ্তই আনকো প্ৰভাৱিত কৰে।প্ৰায় ১৫ বছৰ আগেয়ে খ্যাতনামা কৰিঅ’গ্ৰাফাৰ শ্যামক ডাৱৰে দিল্লীৰ এটা চহকী গহণা ব্যৱসায়ী পৰিয়ালৰ এগৰাকী মহিলাক সিনহাৰ সৈতে চিনাকী কৰাই দিছিল।তেজৰ কৰ্কটৰোগ বা লিউকেমিয়াত আক্ৰান্ত মহিলাগৰাকীক সুস্থ কৰি তুলিবলৈ অস্থি মজ্জা অৱৰোপন কৰাৰ বাহিৰে কোনো চিকিৎসা নাছিল আৰু সেইসময়ত এই চিকিৎসাও বিৰল আছিল। চিকিৎসাৰ বহু বিফল প্ৰচেষ্টাৰ পাছত মহিলাগৰাকী আৰু ৬ মাহ মানহে জীয়াই থাকিব বুলি ধৰা হৈছিল।এনে সময়তে এই বিষয়ে সিনহাৰ সৈতে আলোচনা কৰা হ’ল। সিনহাৰ ভাষাত,‘যেতিয়া প্ৰথমবাৰৰ বাবে তেওঁক লগ পাইছিলো তেওঁ খুবেই বেয়া অৱস্থাত আছিল আৰু তেওঁৰ চকুৰ সেই কাতৰ চাৱনি মই আজিও পাহৰিব পৰা নাই। তেওঁৰ দুটি শিশু সন্তান আছিল আৰু জীয়াই থকাৰ তীব্ৰ হেঁপাহ আছিল। মই ততালিকে তেওঁৰ ঘৰটো সম্পৰ্কে অধ্যয়ন কৰি গম পালোঁ যে ইয়াৰ স্বাস্থ্য কোণটোত গুৰুতৰ সমস্যা আছে।এই কোণটো সমতূল কৰিবলৈ মই লগে লগে কিছু ব্যৱস্থা গ্ৰহণ কৰোৱালোঁ। ১৫ দিনৰ ভিতৰতে প্ৰথম ভাল খবৰটো পালোঁ যে তেওঁৰ সৈতে খাপ খোৱা সুস্থ অস্থি মজ্জা পোৱা গৈছে আৰু কিছুদিন পাছতে ইয়াক সফলভাৱে অৱৰোপণ কৰোৱা হ’ল।তেওঁৰ আয়ুস কমেও ১৫ বছৰলৈ বৃদ্ধি পালে।’

সিনহাৰ অনুভৱ,এই মহিলাগৰাকীক জীৱনত ১৫ টা বছৰ যোগ দি ভবিষ্যতৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত জ্যোতিষ-স্থাপত্যৰ বিশেষ ভূমিকা আছে।তেওঁৰ মতে জ্যোতিষ-স্থাপত্যৰ জৰিয়তে তেওঁ মানুহৰ জীৱনলৈ গুৰুত্বপুৰ্ণ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে আৰু কথাটোৱে তেওঁক অধিক আশাবাদী আৰু বিনয়ী কৰি তোলে। শেষত,সিনহাৰ আৰু কিছু পৰামৰ্শ,‘গৃ্হ বা ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰিব খোজা যিকোনো লোকে সেই ঘৰৰ মজিয়া বা কোঠাসমূহ মোক দেখুৱাই সুফলৰ বাবে পৰামৰ্শ লব পাৰে। ঘৰটো যাৰ নামেৰে ৰখা হৈছে বা ঘৰটোৰ নামে (দালান ঘৰ বা ব্যক্তিগত বাসগৃ্হৰ ক্ষেত্ৰত) বহুক্ষেত্ৰত প্ৰভাৱ পেলায়। মই চৰ্চা কৰা এই বিজ্ঞান খুবেই কাৰ্যকৰী। মই নিৰ্মাণৰ গাঠনিৰ কোনো সালসলনি নকৰোঁ আৰু ইয়াৰ প্ৰভাৱ ইতিবাচক হে হয় , নেতিবাচক নহয়।মানুহক সহায় কৰি মই সুখী হওঁ।”

ইওৰ ষ্ট’ৰী যোগে নীতা সিন্হাক যোগাযোগ কৰিব পাৰে- www.neetasinha.in