আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

Wednesday December 21, 2016,

1 min Read

আবৰ্জনাৰ অভাৱত ভুগিছে ছুইডেন । দেশখনৰ আবৰ্জনা নিষ্কাশন প্ৰকল্প চলাই ৰাখিবলৈ বিদেশৰপৰা আবৰ্জনা আমদানি কৰিবলগীয়া হৈছে । ছুইডেনৰ আধা বিজুলী শক্তি আবৰ্জনাৰপৰা প্ৰস্তুত কৰা হয় । ১৯৯১ চনত ছুইডেনে ফছিল ইন্ধনৰ ওপৰত বিপুল পৰিমাণৰ কৰ আৰোপ কৰিছিল ।

যোৱা দুই দশক ধৰি ছুইডেনৰ আবৰ্জনা নবীকৰণৰ প্ৰণালী ইমান উন্নত হৈ পৰিছিল যে দেশখনৰ আবৰ্জনাৰ ১ শতাংশতকৈও কম আবৰ্জনাহে মাটিত পেলোৱা হৈছিল । 

image


ছুইডেনৰ চৰকাৰে এনে এটা ব্যৱস্থা স্থাপন কৰিবলৈ চেষ্টা চলাই আছে যাৰ সহায়ত প্ৰতিঘৰ মানুহৰ চৌহদতে আবৰ্জনাক শক্তিলৈ ৰুপান্তৰিত কৰিব পৰা হ'ব । ইয়াৰ ফলত আবৰ্জনা সংগ্ৰহ আৰু পৰিবহণৰ প্ৰয়োজন নাইকীয়া হৈ পৰিছে । এই প্ৰযুক্তি ইমানেই কাৰ্যক্ষম যে শেহতীয়াকৈ দেশখন জাবৰৰ আভাৱত ভূগিছে । আনকি এই ব্যৱস্থা চলাই ৰাখিবলৈও জাবৰৰ অভাৱ হৈছে । সেয়েহে আন দেশৰ পৰা আবৰ্জনা আমদানি কৰিছে দেশখনে । ২০১৪ চনত ৮০ লাখ টন জাবৰ দেশখনে আমদানি কৰিছিল । ছুইডেনৰ লগতে জাৰ্মানী, ডেনমাৰ্ক, নেডাৰলেণ্ডছ আৰু বেলজিয়ামেও শেহতীয়াকৈ আবৰ্জনা আমাদনি কৰিবলৈ ধৰিছে আন দেশৰপৰা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

শৈক্ষিক পৰিবৰ্তনৰ বাবে বৰ্তমানৰ আটাইতকৈ শক্তিশালী মাধ্যম ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ যুগলবন্দী ঘটালে গীতাঞ্জলী খান্নাই

পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ মদৰ দোকানৰ ওপৰত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ