আহক জীৱ-জন্তুবোৰকো জীয়াই থাকিবলৈ দিওঁ

আশুতোষৰ বিশেষ লেখা

আহক জীৱ-জন্তুবোৰকো জীয়াই থাকিবলৈ দিওঁ

Friday July 08, 2016,

5 min Read

ভদ্ৰা এটা সৰু কুকুৰ পোৱালী । মাত্ৰ পাঁচ মাহ বয়সীয়া এই পোৱালীটোৱে সমগ্ৰ দেশৰ অনুকম্পা পাবলৈ সক্ষম হৈছে । ভদ্ৰা মোৰ শ্বেৰুৰ দৰেই । মোৰ মনত পৰিছে মই শ্বেৰুক হাস্পাতালত চাবলৈ যাওঁতে সি মোক দেখি যিদৰে দৌৰি আহিছিল আৰু মোলৈ কৰুণ চাৱনিৰে চাইছিল । জন্মৰপৰা বিলাসী অট্টালিকাত থকা শ্বেৰু শেহতীয়াকৈ আছে চিকিৎসালয়ত । তাৰ চাৱনিত স্পষ্ট যে সি বিচাৰে মই তাক লৈ যোৱাটো । কিন্তু চিকিৎসকৰ মতে তাক লৈ যাব পৰা হোৱা নাই । শ্বেৰু টিউমাৰত ভুগি আছে ।

image


শ্বেৰু আমাৰ আবাসিক অট্টালিকাটোত থাকিছিল । মই যেতিয়া তাক প্ৰথম দেখিছিলো তেতিয়া সি স্বাস্থবান আছিল । মই তাৰ বয়স নাজানো। সি বন্ধু ভাৱেৰে মোৰ আৰু মোৰ দুটা পোহনীয়া কুকুৰ পোৱালীৰ পিছ লৈছিল আৰু আন কুকুৰবোৰক সেই পোৱালীকেইটাৰপৰা আঁতৰাই ৰাখিছিল । মোৰ কুকুৰকেইটাই তাক ভুকিলেও সি ওলোটাই আক্ৰমণ নকৰি সিহঁতৰ অভিভাৱকৰ ভূমিকা লৈছিল । সি কাকো কেতিয়াও কামোৰা নাছিল যদিও আমাৰ অট্টালিকাটোৰ বহুতেই তাক খেদাই দিয়াৰ পক্ষপাতী আছিল । 

এদিন মই আবিষ্কাৰ কৰিছিলো তাৰ মূৰৰ নোমবোৰ খুব টান হৈ পৰিছিল । মই গুৰুত্ব দিয়া নাছিলো কিন্তু কেইদিনমানৰ পিছত মন কৰিছিলো যে তাৰ নোমবোৰ সৰিবলৈ ধৰিছে । মই পশু চিকিৎসকৰ পৰামৰ্শ লৈছিলো আৰু সেইমতে তাক দৰব খুৱাইছিলো । দুই এদিনতে সি ভাল হৈ উঠিছিল । কিন্তু কেইদিনমানৰ পিছতে দেখিলো তাৰ ডিঙিত এটুকুৰা পকা ঘাঁ। তাক পুনৰ পশুচিকিৎসকজনে ঔষধ দিছিল আৰু কৈছিল তাক হাস্পাতাতললৈ পঠিওৱাৰ কথা । মই সেইমতে এখন এম্বুলেন্স মাতিছিলো আৰু তাক তেওঁলোকে লৈ গৈছিল । সি ভয় খাইছিল আৰু যাবলৈ বিচৰা নাছিল ।

ভদ্ৰাৰ ক্ষেত্ৰত তাইৰ ভাগ্য ভাল আছিল যে দুমহলীয়া ঘৰ এটাৰপৰা পেলাই দিয়াৰ পিছতো তাইৰ আঘাত গুৰুতৰ নাছিল । তাইৰ মাত্ৰ পিছ ঠেং ভগিছে আৰু তিনিসপ্তাহত তাই ঠিক হৈ যাব । কিন্তু তাইক পেলাই দিয়াৰ ঠিক পাছৰ সময়খিনিৰ কথা কোনোবাই ভাবিছে নে ? কিমান কষ্ট আৰু বিষ হ'ব পাৰে কোনোবাই ভাবিছে নে ? আমাৰ সামান্য অসুখ হ'লে আমি চিকিৎসকৰ কাষ চাপোঁ । আমাৰ পৰিয়ালৰ মানুহে আমাৰ যত্ন লয় । কিন্তু এই জীৱ-জন্তুবোৰৰ ক্ষেত্ৰত ?

আৰু এটা কুকুৰৰ কথা মনত পৰিছে । মই তাক নিয়মিতভাৱে খুৱাইছিলেো । এদিন তাক নেদেখা হ'লো । বহুদিন ধৰি তাক বিচাৰিও মই তাক নাপালো । এনেতে এদিন মই গাড়ীত উঠিবৰ সময়ত এটা কুকুৰৰ কেঁকনি শুনিলো । ভালকৈ চাই দেখিলো সেই কুকুৰটো । কোনোবাই তাৰ নেজডাল কাটি পোলাইছিল আৰু তাৰপৰা তেজ বৈ আছিল । সি বাৰু মোৰপৰা সহায় বিচাৰিছিল নেকি । সি একো ক'ব নোৱাৰে । মই নিজে আন্দাজ কৰি লৈছিলো । 

আন এটা ঘটনা । এদিন মই মোৰ দুৱাৰ মূখত এজনী মাইকী কুকুৰ আৰু এটা পোৱালী দেখিলো । সিহঁতক মই আগতে দেখা নাছিলো । মই দেখিলো পোৱালীটো নিথৰ হৈ পৰি আছে । মই তাক চুই চাই গম পালো সি অসুস্থ । তাক মই কিবাকিবি খুৱালো। সাধাৰণতে কুকুৰ পোৱালী এটাৰ গাত হাত দিলে মাকে ভুকে যদিও সেইদিনা কিন্তু মাকে ভুকা নছিল । মই মোৰ পশুচিকিৎসকজনক ফোন কৰিলো আৰু তেওঁ মোক পুৱা আহিবলৈ ক'লে । 

পুৱা উঠি বাহিৰলৈ গৈ মই দেখিলো যে কুকৰ পোৱালীটো মৃত । মাকজনী মুৰ্তিৰ দৰে বহি আছিল । মই ভাবিবলৈ ধৰিলো কি কাৰণে তাই পোৱালীটো লৈ মোৰ ওচৰলৈ আহিছিল ? কোনো তাইক মোৰ ঠিকনা দিছিল ? তাই সহায় বিচাৰি মোৰ কাষলৈহে কিয় আহিছিল ? তাই কেনেকৈ জানিছিল যে মোৰ ওচৰত তাই সহায় পাব? তাই মোক ক'ব পৰা নাছিল বা তাইৰ ভাষা বুজাৰ সামৰ্থ্য মোৰ নাছিল । মোৰ পোহনীয়া কুকুৰ পোৱালী দুটাৰ কথা মই বুজি পাওঁ । মগু আৰু চোটু নামৰ এই পোৱালী দুটাই মোক যিকোনো কথা বুজাব পাৰে । সিঁহতৰ খং উঠা, আনন্দ আনুভৱ অথবা ভোক লগাৰ কথা সিহঁতে মোক বুজাব পাৰে । কিন্তু বাটৰ কুকুৰৰ ক্ষেত্ৰত ইয়াক লৈ কিছু সমস্যা থাকে । 

সৌ সিদিনা এগৰাকী মহিলা মোৰ কুকুৰ কেইটা দেখি আতংকিত হৈছিল । তেওঁ কৈছিল সিহঁতে তেওঁক কামুৰিব । মই হাঁহিছিলো । মানুহৰ ধাৰণা যে কুকুৰে কামুৰিবই । মোকো তৃতীয় শ্ৰেণীত এজনী কুকুৰে কামুৰিছিল কিন্তু মোৰ কুকুৰৰ প্ৰতি মৰম কমা নাছিল । বৰঞ্চ বছৰে বছৰে ই বাঢ়িহে গৈছিল । আজিৰ তাৰিখত মই সিহঁতৰ অবিহনে জীৱন কল্পনা কৰিব নোৱাৰোঁ। মই বাটৰ কুকুৰৰ লগত য'তে ত'তে ধেমালি কৰোঁ । যেতিয়া মই সিহতক মাতোঁ সিহঁতে নেজ জোকাৰে । মই লুধিয়ানাৰ এটা পেট্ৰ পাম্পত এটা কুকুৰক বিস্কুট খুৱাইছিলো আৰু সি মোৰ লগত কৰমৰ্দন কৰিছিল । মোক কামোৰা ৰাণী নামৰ কুকুৰজনীও বেয়া নাছিল । তাই ভোকত আছিল আৰু মোৰ হাতত এটা পাউৰুটি দেখি থপিয়াবলৈ চেষ্টা কৰোঁতে মোৰ হাতত এটা কামোৰ পৰিছিল । সকলো কুকুৰে যদি অনিষ্ট কৰে তেনেহলে শ্বেৰুৱে কিয় কেতিয়াও মোক কামোৰা নাছিল । বা যিবোৰ কুকুৰক মই খুৱাওঁ সিহঁতে কিয় মোক কামোৰা নাছিল। 

শ্বেৰুৱে জীৱনৰ শেষ দিনকেইটা নিজৰ থকা ঠাইখন এৰিব খোজা নাছিল । মই তাক সহায় কৰিবলৈ চেষ্টা কৰিছিলো । কিন্তু তেনে কৰিবলৈ যাওঁতে হয়তো মই তাৰ জীয়াই থকাৰ ইচ্ছা নাইকিয়া কৰি পেলাইছিলো । সি হাস্পাতালত থকাৰ দুসপ্তাহৰ পিছতে এদিন হঠাৎ মৰি থাকিল । মই অপৰাধী অনুভৱ কৰোঁ তাৰ মৃত্যুৰ কাৰণে । মই মোৰ দুৱাৰমূখত মৃত্যুবৰণ কৰা কুকুৰ পোৱালীটোৰ কাৰণেও অপৰাধী অনুভৱ কৰোঁ । তাৰ মাকে বহুত আশা লৈ মোৰ ওচৰলৈ তাক লৈ আনিছিল কিন্তু মই সেই ৰাতিয়েই তাক হাস্পাতাললৈ নিব নোৱাৰিলো । মই সেই সকলোবোৰ কুকুৰৰ কাৰণে দুখী অনুভৱ কৰোঁ যিবোৰক মই খুৱাইছো যদিও সিহঁতক থাকিবলৈ এখন ঠাই দিব পৰা নাই । সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে । বিশ্বাস কৰক সিহঁত খুবেই মৰমীয়াল । আৰু সিহঁথে মানুহৰপৰাও মৰমেই বিচাৰে । 

কুকুৰে কামোৰাৰ বাবে কুকুৰক দোষ নিদিয়া মানুহ মই আজিলৈকে পোৱা নাই । এই কথা সত্য যে সিহঁতে কামোৰে । কিন্তু যেতিয়া সিহঁতক প্ৰৰোচিত কৰা হয় । খুব ভোকত থাকিলেও সিহঁতে কামোৰে । গ্ৰাম্যাঞ্চলত কুকুৰক ধৰ্মীয় কাৰণত খুউৱাৰ পৰম্পৰা আছে । মানুহ আৰু পশুৰ মাজৰ এই সম্পৰ্ক কিন্তু চহৰত নাই । চহৰাঞ্চলত জন্তুবোৰ মাউৰা । সিহঁতক গাড়ীৰে চেপি মৰা হয়, অথবা আন ধৰণে অত্যাচাৰ কৰা হয় । আমি মানুহে সিহঁতক আক্ৰমণ কৰোঁ আৰু অত্যচাৰ কৰোঁ অথচ আমিয়েই সিহঁতক দোষ দিওঁ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দক্ষিণ মেৰু, এভাৰেষ্ট আৰু চিয়াচেন আৰোহণ কৰা একমাত্ৰ ভাৰতীয় অৰ্জুন থাপা

ধাৰলৈ লোৱা চিলাই মেচিনেৰে শ্বেতা ছোনীয়ে স্থাপন কৰিলে বিশাল ব্যৱসায়

যোগ শিক্ষণে সকলো কথা নম্ৰভাবে গ্ৰহণ কৰিবলৈ শিকালে যোগ প্ৰশিক্ষক ৰিংকু ছুৰীক

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....