ভাৰত আৰু কেনিয়াৰ মাজত কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত দ্বিপাক্ষিক বুজাপৰাৰ চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু কেনিয়াৰ মাজত কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত দ্বিপাক্ষিক বুজাপৰাৰ চুক্তিত কেবিনেটৰ অনুমোদন

Thursday January 05, 2017,

1 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু কেনিয়াৰ মাজত কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত দ্বিপাক্ষিক বুজাপৰাৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই চুক্তিয়ে কৃষি ক্ষেত্ৰৰ গৱেষণা, পশু-বিজ্ঞান আৰু দুগ্ধ উৎপাদন, পশুধন আৰু মৎস্য উৎপাদন, উদ্যানগত শস্য, প্ৰাকৃতিক সম্পদৰ সদব্যৱহাৰ, উৎপাদিত ফচলৰ পৰিচালনা আৰু বিপণন, ভূমি সংৰক্ষণ, পানীৰ সদব্যৱহাৰ, জলসিঞ্চন, কৃষি ব্যৱস্থাৰ উন্নয়ন, সংহত জলপ্ৰৱাহৰ উন্নয়ন, সংহতভাৱে কীটনাশক ব্যৱহাৰৰ ব্যৱস্থা, কৃষিজাত উদ্ভিদ, ব্যৱস্থা আৰু উদ্ভিদৰ ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন বিষয় সামৰি ল’ব।

image


এই চুক্তিয়ে দুয়োখন দেশৰ প্ৰতিনিধিৰে কৰ্মীগোট গঠনৰ সুবিধা প্ৰদান কৰিব যি ভৱিষ্যতে কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত বুজাপৰাৰ চুক্তিখনৰ ভিত্তিত নতুন নতুন কাৰ্য আঁচনি প্ৰস্তুত কৰাৰ লগতে চুক্তিৰ প্ৰকৃত ৰূপায়ণৰ প্ৰতি নজৰ ৰাখিব।

এই চুক্তি স্বাক্ষৰিত হোৱাৰ দিনাৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব আৰু অনাগত পাঁচ বছৰলৈকে কাৰ্যকৰী হৈ থাকিব। যদি কোনো এটা পক্ষই এই চুক্তি পাঁচ বছৰৰ পিছতো বন্ধ কৰিব নোখোজে তেন্তে ই পিছৰ পাঁচ বছৰৰ বাবে নিজে নিজে নৱীকৃত হ’ব। এই চুক্তি ৰদ কৰিবলৈ হ’লে কোনো এটা পক্ষই ছমাহৰ জাননী দিব লাগিব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে