৫০,০০০ মহিলা ড্ৰাইভাৰক পৰবৰ্তী তিনি বছৰত একোগৰাকী উদ্যোগী হিছাপে গঢ়ি তোলাৰ অভিলাসী আঁচনি অ’লাৰ

0

যোৱা কিছু বছৰৰ পৰা মহিলা গাড়ী চালকৰ প্ৰয়োজনীয়তাৰ কথা চৰ্চিত হৈ আহিছে। সকলোৰে একেটাই প্ৰশ্ন - মহিলাৰ সুৰক্ষা, বিশেষকৈ মহিলাই অকলে ভ্ৰমণ কৰা সময়ৰ নিৰাপত্তা। গাড়ী চালক আৰু মহিলা যাত্ৰীৰ সুবিধা হোৱাকৈ বহুকেইটা কেব ছাৰ্ভিচত মহিলা গাড়ী চালকৰ ব্যৱস্থা আছে।

ৰেণুকা অ’লা মহিলা ড্ৰাইভাৰ উদ্যোগী
ৰেণুকা অ’লা মহিলা ড্ৰাইভাৰ উদ্যোগী

অ’লাৰ লক্ষ্য ইয়াতকৈও আৰু এঢাপ আগত। মহিলা এগৰাকীক কেৱল কেব ড্ৰাইভাৰ হিচাপে নহয়, এগৰাকী মহিলা উদ্যোগী হিচাপে গঢ়ি তুলিব বিচাৰে অ’লাই। “আমাৰ উদ্দেশ্য আছিল গাড়ী চালনাৰ পেছাৰ সৈতে খাপ খাব পৰাকৈ মহিলা সবলীকৰণৰ বাবে বাস্তৱিক এটা মডেল প্ৰস্তুত কৰা। লগতে মহিলা সকলক নিজে এগৰাকী উদ্যোগী হোৱাত সহায় আগবঢ়োৱা।” অ’লাৰ মাৰ্কেটিং কমিউনিকেচনৰ সঞ্চালক আনন্দ সুব্ৰমন্যমৰ মন্তব্য এয়া।

কেইমাহমানৰ আগতে অ’লা কেবচে আৰম্ভ কৰে অ’লা পিংক। অ’লা পিংকৰ বাবে বিষেশভাৱে মানুহ আনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়াভাৱে অ’লা পিংকে “এমপাৱাৰ প্ৰগতি”ৰ সৈতে এক বুজা পৰাৰ চুক্তিত মিলিত হৈছে।“এমপাৱাৰ প্ৰগতি” এটা বিনিয়োগকাৰী প্ৰতিষ্ঠান। যিটোৱে ৰাষ্ট্ৰীয় দক্ষতা বৃদ্ধি নিগম (NSDC) আৰু অট’ম’টিভ স্কিলছ ডেভলপমেন্ট কাউঞ্চিলত মহিলা সৱলীকৰণ আৰু মহিলা গাড়ীচালকৰ বাবে মটৰগাড়ীৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ বাবে বিনিয়োগ কৰিব।

প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি

‘পিংক কেবচ’ৰ জড়িয়তে অ’লাই মহিলাক ড্ৰাইভিং কেৰিয়াৰ হিচাবে বাছি ল’বলৈ উৎসাহিত কৰাৰ উদ্যোগ লৈছে।সমাজৰ সা-সুবিধাৰ পৰা বঞ্চিত অঞ্চল সমূহৰ মহিলা সকলক সুবিধা দিয়াই অ’লাৰ মূল লক্ষ্য। প্ৰশিক্ষণত গাড়ী চালনাৰ নিয়ম আৰু অভ্যাস, প্ৰাথমিক মেকানিকেল কাম-কাজ আৰু মেপ ৰিডিং শিকোৱা হ’য়। মহিলা সকলক কথা- বতৰাৰ ধৰণ, স্পকেন ইংলিছ, প্ৰযুক্তিবিদ্যাৰ আভাষ, আচাৰ- ব্যৱহাৰ, শিষ্টাচাৰ আৰু বাট-পথৰ প্ৰশিক্ষণো দিয়া হ’য়।

প্ৰাৰম্ভিক বাচনি প্ৰক্ৰিয়াত চোৱা হ’য় মহিলা সকলৰ গাড়ী চলোৱাৰ বৈধ অনুজ্ঞাপত্ৰ আছেনে নাই। “অ’লাই মহিলাসকলক কাম আৰম্ভ কৰিবৰ বাবে এক আন্তঃগাঠনি দিছে, আৰ্থিক বিকল্প আৰু পৌনঃপূনিক উপাৰ্জনৰ সুবিধা দিছে। অ’লাত ড্ৰাইভাৰ হিছাপে কাম কৰাৰ আগতে প্ৰশিক্ষণ নথকা সকলক প্ৰশিক্ষণ দি লোৱা হয়।” আনন্দ সুব্ৰমন্যমে ক’লে এনেদৰে। অন্যান্য ড্ৰাইভাৰৰ দৰে মহিলা ড্ৰাইভাৰ সকলৰো ব্যক্তিগত আৰু পেছাদাৰী কে’ৱাইচি (KYC)ৰ প্ৰয়োজন।

সম্পূৰ্ণ স্বচ্ছতা আৰু সুৰক্ষাৰ বাবে সকলো ড্ৰাইভাৰৰ অপৰাধী কাৰ্য্যকলাপৰ বিচাৰ আৰু পুলিচ ভেৰিফিকেশ্বন অ’লা এপচত সংযোযিত কৰা হৈছে। আনন্দে কোৱা মতে এই কামটো কৰিবলৈ তেওঁলোকে অ’থব্ৰিজ নামৰ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান এটাৰ সহায় লৈছে। লগতে আইএছঅ আৰু আইএছঅ- আইএছএমএছ ৰ স্বীকৃতি প্ৰাপ্ত কেইবাটাও প্ৰতিষ্ঠানৰো সহায় লোৱা হৈছে।

সফলতাৰ নিশ্চয়তা

এগৰাকী দক্ষ ড্ৰাইভাৰ গঢ়ি তোলাৰ বাবে দিয়া প্ৰশিক্ষণৰ বাহিৰেও, অ’লাই মহিলা ড্ৰাইভাৰ সকলক অন্যধৰণেও সহায় কৰে। প্ৰতিদিনে কিস্তি দিব পৰাকৈ এছবিআই, শ্ৰীৰাম ট্ৰেন্সপৰ্ট ফাইনেন্স কম্পেনী, মহিন্দ্ৰা ফাইনেন্স আদিৰ দৰে প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ সুবিধা কৰি দিয়ে যাতে এগৰাকী ড্ৰাইভাৰ এগৰাকী উদ্যোগীলৈ ৰূপান্তৰ হ’ব পাৰে। ড্ৰাইভাৰ এগৰাকীয়ে নিজে এখন গাড়ী কিনিব পৰাকৈ অ’লাৰ ১০০ কোটী টকাৰ নিজস্ব পুঁজি এটাও আছে।

এগৰাকী সফল মহিলা ড্ৰাইভাৰ উদ্যোগী ৰেণুকা দেৱীয়ে কোৱা মতে- তেওঁ সদায়েই এগৰাকী স্বাধীন নাৰী হ’ব বিচাৰিছিল আৰু এইক্ষেত্ৰত সহায় কৰিলে অ’লাই। দুবছৰ পূৰ্বে তেওঁ এখন গাড়ীৰে ব্যৱসায় আৰম্ভ কৰিছিল, আজি তেওঁৰ সাতখন গাড়ী আছে। আটাইকেইখনেই জড়িত হৈ আছে অ’লাৰ সৈতে। উপৰুৱা উপাৰ্জনৰ বাবে আৰম্ভ কৰা ব্যৱসায়টো আজি ৰেণুকাৰ পৰিয়ালটোৰ উপাৰ্জনৰ মূল উৎস। ৰেণুকাৰ ভাষ্য- “মই অ’লাৰ সৈতে জড়িতহৈ খুবেই সুখী, যিহেতু অ’লাৰ পৰা মই যথেষ্ট সহায় পাইছো। ড্ৰাইভাৰ সকলেও নতুন প্ৰযুক্তিৰ শিক্ষা পাইছে যাৰ সহায়ত গ্ৰাহক পোৱাত সহায়ক হৈছে।”

সুৰক্ষা আৰু মানদণ্ড

ড্ৰাইভাৰ আৰু যাত্ৰী উভয়ৰে সুৰক্ষাৰ বাবে, অ’লাই কেইবা তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা ৰাখিছে। অ’লাৰ এপচত এছঅ’এছ ৰ সুবিধা আছে য’ত জিপিআৰএছৰ জড়িয়তে পৰিয়ালৰ কোনো সদস্যলৈ এছএমএছ আৰু ই-মেইল কৰি সময়ত অনুসৰি যাত্ৰাৰ বিবৰণ প্ৰেৰণ কৰা হ’য়। “গ্ৰাহকক কোন সময়ত লাগে, যিকোনো সময়তে জনাব পৰাকৈ অ’লাৰ ২৪x৭ কল চেন্টাৰৰো সুবিধা আছে। ইয়াৰ বিপৰীতে প্ৰতিখন কেব অ’লাই ট্ৰেক কৰে। অ’লাৰ মান অটুত ৰাখিবৰ বাবে আমাৰ ফিডবেক ৰেটিং ছিষ্টেম এটাও আছে।”– আনন্দৰ বক্তব্য।

মহিলা ড্ৰাইভাৰে অসহজ অনুভৱ কৰিলে যিকোনো মুহূৰ্ত্বত বুকিং প্ৰত্যাখ্যান কৰাৰ স্বাধীনতা তেঁওলোকৰ আছে। আনন্দে কয় -“তেওঁলোকে ২৪ ঘন্টাই ড্ৰাইভাৰ ছাপৰ্ট টীমকো যোগাযোগ কৰিব পাৰে। অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা অহৰহ সাজু থাকে”

আন এগৰাকী মহিলা ড্ৰাইভাৰ উদ্যোগী শিৱাৰ ভাষ্য -“মই অ’লাত যোগ দিয়া দুমাহ হ’ল আৰু মই পোৱা বুকিঙকলৈ মই খুবেই সুখী। মই খুব ভাল ব্যৱহাৰ পাওঁ আৰু যি সময়তে বিচাৰোঁ সেই সময়তে কাম কৰাৰ স্বাধীনতা পাওঁ। পৰিয়াল আৰু কামৰ সময় ধুনীয়াকৈ মিলাই ল’ব পাৰোঁ।”

পৰবৰ্তী তিনি বছৰত ৫০,০০০ মহিলা ড্ৰাইভাৰ

অ’লাৰ ৭০ শতাংশতকৈও অধিক ড্ৰাইভাৰেই নিজে একোগৰাকীকৈ উদ্যোগী। ইয়াৰ উপৰিও অ’লাৰ সহায়ত বহুলোকে টাটা, নিছান, মাৰুতী, ফৰ্ড আৰু মহিন্দ্ৰাৰ দৰে ক’ম্পানীৰ পৰা গাড়ী ক্ৰয় কৰিছে।অ’লাই নিৰ্মাণ প্ৰতিষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানৰ লগতো সু-সম্পৰ্ক গঢ়ি তুলিছে যাতে ড্ৰাইভাৰ সকলে কম দামত গাড়ী কিনিব পাৰে। অ’লাই দাবী কৰে সমগ্ৰ দেশৰ ১৫,০০০ তকৈও অধিক ড্ৰাইভাৰ ইয়াৰ জড়িয়তে উপকৃত হৈছে।

অ’লাৰ লক্ষ্য পৰবৰ্তী তিনি বছৰত ৫০,০০০ মহিলা ড্ৰাইভাৰক এই সুবিধা দিয়া। আৰু অ’লাৰ এই লক্ষ্য পূৰণৰ বাবে ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়তো বিভিন্ন প্ৰতিষ্ঠানৰ লগত অংশীদাৰীত্ব চুক্তি কৰিছে। ইয়াৰ ভিতৰত আছে- অল ইণ্ডিয়া ৱ’মেনছ এডুকেচন ফাণ্ড এছ’ছিয়েছন (AIWEFA), দিল্লী, এছ’ছিয়েছন ফৰ নন-ট্ৰেডিছনেল এমপ্লয়মেন্ট ফৰ ৱ’মেন (ANEW), চেন্নাই আৰু এঞ্জেল কেব ছাৰ্ভিছ, বাংগালুৰু।

“অ’লা, ইপি আৰু এএছডিচি একেলগ হৈ, মহিলা ড্ৰাইভাৰ- উদ্যোগীৰ বাবে উপযোগী কেৰিয়াৰৰ সৃষ্টিৰে তেওঁলোকৰ জীৱিকা সুনিশ্চিত কৰাৰ বাবে বদ্ধপৰিকৰ”- এয়া আনন্দৰ ভাষ্য।