অভ্যাস সৃষ্টিৰ লক্ষ্যৰে আপুনি বিপণন কৰে নেকি?
Tuesday December 22, 2015,
4 min Read
আমি দৈনিক কৰা কামৰ ৪০ৰ পৰা ৫০ শতাংশ আমাৰ স্বভাৱ সম্ভুত নহয়। সেয়া দৰাচলতে অভ্যাসৰহে বহিঃপ্ৰকাশ। এই মন্তব্য অভ্যাস বিশেষজ্ঞ চাৰ্লছ ডিউহিগৰ। অভ্যাস সৃষ্টি কৰাটো প্ৰত্যেক ব্যৱসায়ীৰ বাবে এক বহুমূলীয়া কঠিন কাম লগতে জটিল।
এইবোৰৰ বিষয়ে ভাবি চাওক
১) নাইকিয়ে ইচ্ছাশক্তিক অভ্যাস হিচাপে গঢ়ি তুলিবলৈ ভাল পায়।
২) মিলিটেৰীৰ প্ৰশিক্ষণতো ইচ্ছাশক্তিক অভ্যাস হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
৩) ইচ্ছাশক্তিক অভ্যাস হিচাপে গঢ়ি তোলাৰ ওপৰত নিৰ্ভৰশীলতাই ‘ষ্টাৰ বাকছ’ৰ গ্ৰাহক সেৱাৰ মূল মন্ত্ৰ।
প্ৰতিষ্ঠানবোৰে কৰ্মচাৰী আৰু গ্ৰাহকৰ অভ্যাস সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে। অভ্যাসগত বিপণন বিনিময়ৰ এটা শক্তিশালী মাধ্যম।
প্ৰায় এটা দশক পূৰ্বে ১৯৭৫ চনত মই যেতিয়া আমেৰিকান এক্সপ্ৰেছৰ বিজ্ঞাপন বিভাগত অভ্যাস বিপণনৰ বৈজ্ঞানিক ভিত্তি দেখিছিলো তেতিয়াই মই আৱিষ্কাৰৰ আনন্দ অনুভৱ কৰিছিলো। এটা বিজ্ঞাপনত কোৱা হৈছিল ‘এইটো অবিহনে ঘৰ নেৰিবা’। অভ্যাস এটা গঢ়ি তুলিবৰ সামৰ্থ্য থকা এক সহজ, শক্তিশালী আৰু দৈনন্দিন উপদেশ।
তেতিয়াৰ দিনত মানুহৰ জেপত ক্ৰেডিট কাৰ্ড নাছিল। কিন্তু আজিকালি ক্ৰেডিট, ডেবিট কাৰ্ড লৈ ফুৰাটো এক এৰাব নোৱাৰা অভ্যাস। এয়া একবিংশ শতিকাৰ একেবাৰে শেহতীয়া অভ্যাস।
এৰাব নোৱাৰা অভ্যাসৰ আন কেইটামান উদাহৰণ হ’ল -
(১) হেপি বাৰ্থডে’ শীৰ্ষক গীতটি আৰু ইয়াৰ অপৰিহাৰ্য সুৰটো।
(২) জন্মদিনত কেক কটাটো।
(৩) শৰীৰ চৰ্চা কৰা বা নকৰা।
(৪) অতিথিক জলপান আগবঢ়োৱাতো
বৈজ্ঞানিক ভিত্তিত ক’ব পাৰি যে আপুনি যদি অভ্যাসবশতঃ কিবা কাম কৰে তেন্তে তাত চিন্তা কৰিবলগীয়া বিশেষ একো নাথাকে। অভ্যাস গুছোৱাটো কঠিন। স্নায়ু বিশেষজ্ঞসকলে অভ্যাসক মগজুৰ এক অংশ হিচাপে ধৰি লয়। যাক basal ganglia বুলি কোৱা হয়। ই আৱেগ, স্মৃতি শক্তিৰ উন্নতিৰ প্ৰধান কাৰক হিচাপে কাম কৰে। অভ্যাস নিজে নিজে গঢ় লয়। সেইবাবেই অভ্যাসগত বিপণন বৰ লোভনীয়। অভ্যাসগত বিপণন সফল ব্যৱসায়ৰ নতুন বাৰ্তাবাহক।
অভ্যাস বিপণন হ’ল সফল ব্ৰেণ্ড মেছেজৰ অংশবিশেষ। অন্যান্য ধৰণবোৰৰ ভিতৰত আছে আশা সঞ্চাৰী, সামগ্ৰীকেন্দ্ৰিক, পৰোপকাৰী, আৱেগিক প্ৰতিফলন আৰু ‘আমি বনাম তেওঁলোক’ আদি বিপণন শৈলী।
সেয়ে যদি ‘অভ্যাসকেন্দ্ৰিক’ ব্ৰেণ্ড মেছেজিং প্ৰগ্ৰেমলৈ যোৱাৰ বাবে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিছে তেন্তে যোগাযোগৰ নতুন পৰিকল্পনা ৰচনাৰ বাবে আপুনি নিজকে কিছু প্ৰশ্ন সুধিব পাৰে।
(১) মোৰ টেগ লাইনটোৱে ‘অভ্যাস’ক লক্ষ্য কৰি হৈছেনে?
উদাহৰণস্বৰূপে নাইকিৰ ‘জাষ্ট ডু ইট’ টেগ লাইনটো লওক। তুমি মাথোঁ এইটো কৰিলেই হ’ল। এই উপদেশেৰে অভ্যাস সৃষ্টি কৰাৰ সফল চেষ্টা চলোৱা হৈছে য’ত সেইটো কৰিলেই হয়। অতিথিক জলপান বা শীতল পানীয়ৰে স্বাগতম জনোৱাতো অভ্যাসৰেই আন এটা শক্তিশালী দিশ। যাৰ দ্বাৰা সুন্দৰভাৱে অতিথিৰ সৈতে নিজৰো তৃষ্ণা নিবাৰণৰ অভ্যাস গঢ়ি উঠে।
(২) মই সম্ভাৱনাপূৰ্ণ হয়নে?
বিপণনত জড়িতসকলৰ কামটো কঠিন। তেওঁলোকে অনিচ্ছুক গ্ৰাহকক নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া হয়। সেইসকল গ্ৰাহকে মেইল ডিলিট কৰি পেলায় আৰু পুস্তিকাবোৰ ডাষ্টবিনলৈ দলিয়াই দিয়ে। অভ্যাস বিপণনে এয়া সলাই পেলাব পাৰে। এনেধৰণৰ গ্ৰাহকে নিজৰ মতটোতে লাগি থাকে। এই চকুত নপৰে যে আপুনি কিবা এটা বিক্ৰী কৰিবলৈ গৈছে। উদাহৰণস্বৰূপে এটা কেচিন’ৰ শ্ল’ট মেচিনে বহু লোকৰ অলপৰ কাৰণে লক্ষ্যচ্যুত হোৱাটো দেখুৱায় আৰু সেয়ে জুৱাত আসক্ত লোকসকলে ভাবি লয় যে জয়লাভ অৱশ্যাম্ভাৱী। আৰু তাৰ আশাত তেওঁলোকে বাজি ধৰি যায়। বাৰে বাৰে জুৱাত বাজি ধৰিবলৈ নিমন্ত্ৰণ জনোৱা পোষ্টাৰ কেচিন’ত কেতিয়াও দেখিবলৈ পোৱা নাযায়।
(৩) মোৰ প্ৰডাক্ট জীৱনৰ স্তৰকেন্দ্ৰিক নে?
অভ্যাস আহে আৰু যায়। ই জীৱনৰ বিভিন্ন স্তৰৰ ওপৰত নিৰ্ভৰ কৰে। সকলোবোৰ অভ্যাস জীৱনৰ সকলো স্তৰতে নহয়। প্ৰতি দেওবাৰে ১১ বজাত আপোনাৰ ৭ বছৰীয়া কণমানিটোৰ সৈতে ডিস্ক’ভাৰী চেনেল চোৱাৰ আপোনাৰ অভ্যাসটো চিৰদিনলৈ নাথাকে। সেইবাবে অভ্যাসৰ পৰামৰ্শৰ ওপৰত গুৰুত্ব দিবলগীয়া হয়। জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ - ঘৰ সলোৱা, সন্তানসম্ভৱা হোৱা অথবা বিবাহ এইবোৰ নতুন অভ্যাসৰ সৈতে চিনাকি হোৱাৰ ডাঙৰ সুযোগ।
(৪) মই এটা জোৰদাৰ কাহিনী কৈছোনে?
অভ্যাসৰ কিছুমান অহা-যোৱা দিশ থাকে। এইবোৰে নতুনকৈ কাহিনীৰ মাধ্যমেৰে পুনৰাৱৰ্তন বিচাৰে। যেনে টিভিৰ ধাৰাবাহিকবোৰ। সেইবোৰে তোমাক নিজৰ ফালে আকৰ্ষণ কৰে যে সেইবোৰ সদায় চোৱাটো এক অভ্যাসত পৰিণত হয়।
(৫) মই বঁটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোনে?
ৰুটিনখন সুন্দৰ কিন্তু তাৰ শেষত আমি এটা পুৰস্কাৰ লাভ কৰি ভাল পাওঁ। এইটো এটা লক্ষ্যত পৰিণত হয়। সামাজিকৰ পৰা ব্যক্তিগত দিশলৈ পুৰস্কাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে। চাৰ্লছ ডিউহিগৰ বিশ্ববিখ্যাত 'cue-routine-reward' চক্ৰটো অভ্যাস বিপণনৰ বাবে অতি জৰুৰী। আনকি নাক খুচৰি থকা বা নখ কামুৰি থকা অভ্যাসৰো সৰু-সুৰা পুৰস্কাৰ তাত সংলগ্ন হৈ আছে।
(৬) মই সামগ্ৰিক মূল্য আগবঢ়াইছোনে?
কেতিয়াবা যেতিয়া পুৰস্কাৰ লগে লগে পোৱানাযায় বা শাৰী পতা আৰু পুৰস্কাৰ লাভৰ মাজত দূৰত্ব থাকে তেতিয়া অভ্যাস সৃষ্টিৰ প্ৰয়োজনীয়তা থকা প্ৰডাক্টৰ লক্ষ্যটো সময় বাঢ়ি যোৱাৰ লগে লগে ব্যৱহাৰকাৰীজনৰ বাবে বৰ মূল্যৱান যেন লাগে। যিহেতু ব্যৱহাৰকাৰীজনে সেই সামগ্ৰীবিধত বিনিয়োগ কৰিয়ে থাকে। ব্লগিং বা ব্যায়ামৰ অভ্যাসৰ ক্ষেত্ৰত এয়া অধিক সত্য।
সমাপ্তিত
সকলো পৰিকল্পিত অভ্যাস সৃষ্টিৰ প্ৰচেষ্টাৰ মাজতে আহে এক সংহতিনাশকাৰী অভ্যাস যি এটা প্ৰজন্মৰ চিন্তাৰ ধৰণ আৰু কাম-কাজ সলায় পেলায়। উদাহৰণস্বৰূপে হোৱাটছএপ মেছেজ বা টুইটাৰ ফিড চাই থকাৰ অভ্যাসটো আগতে নাছিল আৰু যিটো হ’ব গুৰুতৰভাৱে ‘আসক্তি’ সম্পৰ্কীয় আৰু যি স্বভাৱবোৰেই সলাই পেলাব পাৰে।
আপোনাৰ অভ্যাস বিপণনে এনে যুগান্তকাৰী প্ৰচলিত অভ্যাসক নোহোৱা কৰি নতুন অভ্যাস সৃষ্টিৰ পৰিঘটনাৰ সৈতে ফেৰ মাৰি আগবাঢ়িব লাগিব। পুৱাৰ বাতৰি কাকতখন, চাহ-বিস্কুটৰ ৰুটিন আছিল ১৯৯০ আৰু ২০০০ চনৰ অভ্যাসৰ সাৰ্বজনীন ছবি। ২০১৫ চনৰ অভ্যাসৰ এনে ছবিখনত থাকিব লাগিব এটা স্মাৰ্টফোন আৰু তাৰ ব্যৱহাৰকাৰীয়ে তাতে ধ্যানস্থ হৈ থকাৰ মুহূৰ্ত।
মূলঃ ৰীতা গুপ্তা
অনুবাদঃ ৰুণুমী শইকীয়া