চাৰিজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাত-দেশত প্ৰথমবাৰৰ বাবে তিনিখন গাঁৱত বিনামূলীয়া ৱাই-ফাই সেৱাৰ ব্যৱস্থা

চাৰিজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাত-দেশত প্ৰথমবাৰৰ বাবে তিনিখন গাঁৱত বিনামূলীয়া ৱাই-ফাই সেৱাৰ ব্যৱস্থা

Sunday January 17, 2016,

2 min Read

যি সময়ত যুৱ উচ্ছৃংখলতা তথা যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা বুলি সততে অভিযোগ কৰা হয়, সেই সময়ত মধ্য প্ৰদেশৰ চাৰিজন যুৱকে প্ৰমাণ কৰি দেখুৱালে আমাৰ দেশৰ যুৱ শক্তি কোনো কাৰণত পিছপৰা নহয়।যুৱ শক্তি জাগ্ৰত হলে দেশৰ সৰ্বাঙ্গীন প্ৰেক্ষাপট সলনি কৰিব পাৰে।হয় আমি ক'ব খুজিছো মধ্যপ্ৰদেশৰ চাৰিজন যুৱকৰ কথা যাৰ প্ৰচেষ্টাত মধ্যপ্ৰদেশৰ তিনিখন গাঁৱৰ গাঁওবাসীয়ে এতিয়া বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিছে ৱাই-ফাই ইন্টাৰনেট সেৱা।

image


ডিজিটেল ইণ্ডিয়া অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ চাৰিজন যুৱক-চাকিল অঞ্জুম, তুষাৰ ভৰথৰে, ভানু যাদৱ আৰু অভিষেক ভৰথৰেই নিজা প্ৰচেষ্টাত জিলাখনৰ তিনিখন গাঁৱত বিনামূলীয়া ৱাই-ফাই সেৱা উপলদ্ধ কৰালে। উল্লেখযোগ্য যে চাৰিওজন যুৱকেই প্ৰতিভাশালী আই.টি.বিশেষজ্ঞ। তেওঁলোকৰ প্ৰচেষ্টাৰ বিষয়ে চাকিল অঞ্জুমে মন্তব্য কৰে-'ডিজিটেল ইণ্ডিয়া অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ ববাড়ীখেড়া জাগীৰ, শিৱনাথপুৰা আৰু দেৱৰিয়া গাঁৱৰ গাঁওবাসীক বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত ল'লো।কোনো চৰকাৰী সাহাৰ্য নোলোৱাকৈ আমি চাৰিজনে নিজাকৈ দুই লাখ টকা ব্যয় কৰি এই প্ৰকল্প সাফল্যমণ্ডিত কৰিছোঁ।'

বিনামূলীয়া ৱাই-ফাই ইন্টাৰনেট সেৱা উপলদ্ধ হোৱাৰ পাছত গাঁওবাসীয়ে প্ৰায় এশ স্মাৰ্ট ফোন ব্যৱহাৰ কৰিছে। আনহাতে বিদ্যুতৰ সমস্যাৰ বাবে গাঁওবাসী যাতে ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত নহয় তাৰবাবে ২০০ এমপিয়েৰ ক্ষমতাৰ এটা ইনভাৰটাৰৰ সংযোগ কৰা হৈছে। অঞ্জুমে মন্তব্য কৰে-'গাঁৱৰ চাৰিজন যুৱকে লেপটপত ৱাই-ফাই সেৱা ব্যৱহাৰ কৰাৰ লগতে বেংক অৱ ইণ্ডিয়াৰ বিষয়াই ইন্টাৰনেটৰ জৰিয়তে বৰ্তমান তেওঁলোকৰ কাম-কাজ পৰিচালনা কৰিছে।'

চাকিল, তুষাৰ, ভানু আৰু অভিষেকে ৱাই-ফাই জ'নৰ বাবে সৰ্বপ্ৰথমে আশী ফুট উচ্চতাসম্পন্ন লোহাৰ তাৱাৰ স্থাপন কৰে।পৰৱৰ্তী সময়ত এটা কম্পানিৰ পৰা চাৰ্ভাৰ আৰু লীজ লাইন সংযোগ কৰিলে।ইয়াৰ পিছত একছেচ পইন্ট, এক্সটেনশ্যনৰ ব্যৱস্থাৰ লগতে ইনভাৰটাৰৰ ব্যৱস্থা কৰা হ'ল যাতে বিজুলী নথকা অৱস্থাতো গাঁওবাসীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে।

কেৱল গাঁওবাসীয়েই নহয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে যুৱক কেইজনৰ এনে ব্যতিক্ৰমী কৰ্মৰ প্ৰশংসা কৰি কয়, 'এনে কাৰ্যৰ দ্বাৰা যুৱক কেইজনে এক ডাঙৰ উদাহৰণ দাঙি ধৰিলে'।টুইটাৰৰ জৰিয়তে তেওঁ মন্তব্য কৰে-'চাৰিজন প্ৰতিভাশালী যুৱকে ৰাজগড় জিলাৰ তিনিখন অখ্যাত গাঁৱক ভাৰতৰ প্ৰথম বিনামূলীয়া ৱাই-ফাই সেৱাৰে সংযোগ কৰোটো অত্যন্ত সুখৰ বিষয়।কাৰিকৰী জ্ঞান সম্বলিত এই চাৰিজন যুৱকে কেৱল যুৱ শক্তি প্ৰমাণ কৰাই নহয়,আনৰ বাবে অনুপ্ৰেৰণা হোৱাকৈ এক উদাহৰণ দাঙি ধৰিছে।

মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক কেৱল প্ৰশংসা কৰাই নহয় তেওঁলোকক আশ্বাস দি কয় যে ভবিষ্যতে যুৱক কেইজনে কোনো পৰিকল্পনা হাতত ললে চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হ'ব।


মূল: ৱাই.এছ.টীম হিন্দী

অনুবাদ: পূবালী ভাগৱতী