ইৰাণৰ ২৪ বছৰীয়া ছাজাদ ঘৰিবীক জনা যায় ইৰাণৰ হাল্ক (hulk) নামেৰে। ৩৩০ পাউণ্ড ওজনৰ ছাজাদ এজন ভাৰোত্তোলক আৰু তেওঁ ৩৮৬ পাউণ্ড পৰ্যন্ত ওজন উঠাব পাৰে । বিবিচিৰ বাতৰি মতে তেওঁ শেহতীয়াকৈ ইৰাণৰ সৈন্যবাহিনীত যোগদান কৰিছে ছিৰিয়াত আছাদ চৰকাৰৰ হৈ আইছিছৰ বিৰুদ্ধে যুজিবলৈ । তেওঁ ছিৰিয়াত আইছিছৰ হাতৰপৰা ছিয়া মছজিদ সমূহক সুৰক্ষা দিয়াৰ কাম কৰিব ।
ডেইলী মেইলৰ বাতৰিত প্ৰকাশ যে ইনষ্টাগ্ৰামত তেওঁৰ ৫৯,০০০ অনুৰাগী আছে । তেওঁ নিজৰ ভাৰোত্তোলন সম্পৰ্কীয় চিত্ৰ আৰু অন্যান্য তথ্য ইয়াত প'ষ্ট কৰে । অৱশ্যে তেওঁ তাত নিজৰ খাদ্যাভ্যাসৰ কথা নিলিখে ।
ছাজাদ তেওঁৰ পেশীবহুল শৰীৰৰ বাবে হাৰকিউলিছ নামেৰেও জনাজাত । নিজৰ দেশক বহুবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছে ছাজাদে । পাৱাৰলিফ্টিং শিতানৰ প্ৰতিযোগিতাত যেগদান কৰা ছাজাদে বডিবিল্ডিং প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে ।
ছচিয়েল মিডিয়াৰ যোগেদি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা ছাজাদ ইন্টাৰনেটত এক শেহতীয়া চাঞ্চল্য । তেওঁৰ পেশীবহুল শৰীৰৰ ছৱি আৰু তেওঁৰ খবৰ যথেষ্ট জনপ্ৰিয় । ফাৰ্চী ভাষাত তেওঁ প'ষ্ট দিয়ে যদিও #strongman, #strongbody, #big, #muscles, #powerful আদি হেশ্বটেগ ব্যৱহাৰ কৰে ।
আজৰি সময়ত নিজতকৈ বহু সৰু আকাৰৰ বস্তুৰ সৈতে ফটো তোলাটো তেওঁৰ চখ । একন ফটোত তেওঁক দেখা গৈছে এটা ফান্টা বটলৰ সৈতে । আন এখনত তেওঁ সাধাৰণ অৱয়বৰ এজন বন্ধুক আঁকোৱালি ধৰি এখন ফটো লৈছে । তেওঁৰ অনুগামী সকলৰ বিশ্বাস তেওঁ আইছিছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰয়োগ কৰি সফলতা লাভ কৰিব ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি
প্ৰাক্তন চোৰ ব্যাসাৰ যুঁজ গৃহহীনৰ বাবে
'কাজু কিং' ৰাজমোহন পিল্লাইৰ উপন্যাসোপম সংঘৰ্ষৰ কাহিনী
মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম
Stories by Team Asamiya