বিনিয়োগ কৰাৰ আগতে মই তেওঁলোকৰ চকুৰ ভাষা পঢ়োঁ: ছফ্ট বেংকৰ প্ৰতিষ্ঠাতা মাছায়শী ছন

বিনিয়োগ কৰাৰ আগতে মই তেওঁলোকৰ চকুৰ ভাষা পঢ়োঁ: ছফ্ট বেংকৰ প্ৰতিষ্ঠাতা মাছায়শী ছন

Saturday January 16, 2016,

4 min Read

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ষ্টাৰ্ট আপ শীৰ্ষক সন্মিলনত ছফ্ট বেংকৰ সংস্থাপক তথা মুখ্য প্ৰধান সঞ্চালক মাছায়শী ছনে ষ্টাৰ্ট আপৰ লগত জড়িত ১৪ টা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।'ফছট্ৰিঙ দ্য স্পিৰিট অৱ ইনভেশ্যন' শীৰ্ষক আলোচনাত ছনে উল্লেখ কৰে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা।

image


১.উদ্যোগীৰ মাজত কি দেখা পায়

যেতিয়া বিনিয়োগৰ কথা আহে মই প্ৰথম এজন উদ্যোগীৰ চকুলৈ চাওঁ।এই কথা লক্ষ্য কৰোঁ সেই দৃষ্টিত কিমান আত্মবিশ্বাস আছে। তাৰপাছত চাওঁ তেওঁৰ লগত কেনে গোট আছে। বজাৰত প্ৰভাৱ পেলাব পাৰিবনে? স্নেপডীল,ইনমবি,হাওচিঙ,অ'য়ো আদি কম্পেনিত বিনিয়োগ কৰা আগশাৰীৰ বিনিয়োগকাৰী মাছায়শী ছনে বিনিয়োগৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ কথাবোৰ উল্লেখ কৰে।যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে স্নেপডীলৰ সহ- সংস্থাপক কুণাল বহল আৰু অ'য়োৰ নিতেশ অগৰৱালৰ মাজত তেওঁ কি দেখিছিল? উত্তৰত ছনে মন্তব্য কৰে যে তেওঁলোকৰ চকুত উজ্জ্বলতা দেখিছিল।

২.ভাৰত এতিয়াও তেওঁৰ বাবে দহ অাৰব ডলাৰৰ বজাৰ নেকি

পূৰ্বে এক সাক্ষাৎকাৰত ছনে মন্তব্য কৰিছিল যে অহা এক দশকত তেওঁ ভাৰতবৰ্ষত দহ আৰব ডলাৰ বিনিয়োগ কৰিব।ছনে মন্তব্য কৰে যে যোৱা বৰ্ষত ছফ্ট বেংকে ভাৰতীয় কম্পেনিত দুই আৰব আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে। যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে ভাৰতৰ কি কথাই তেওঁক আকৰ্ষিত কৰে তেওঁ উত্তৰত কৈছিল, 'ভাৰতবৰ্ষ পৃথিৱীৰ বৃহৎ লোকতন্ত্ৰ।আশী কোটি যুৱ প্ৰজন্ম সকলো দিশতে আগবঢ়া।মোৰ মতে একৈশ শতিকাত ভাৰতৰ নাম উজ্জ্বল হৈ ৰ'ব।'

৩) ভাৰতীয় ষ্টাৰ্ট আপ সকল লাভান্বিত কেতিয়া হ'ব

ছনৰ মতে ষ্টাৰ্ট আপৰ আৰম্ভণিৰ পাঁচৰ পৰা দহ বছৰলৈ লাভালাভ গুৰুত্বপূৰ্ণ নহয়।প্ৰথমতে গ্ৰাহক অধিগ্ৰহণ, গ্ৰাহকৰ সন্তুষ্টি আৰু ব্যৱসায়িক কৌশল বিকশিত কৰাৰ প্ৰয়োজন। যেতিয়া আপুনি এই সকলো কৌশল আয়ত্ব কৰি ল'ব তেতিয়া লাভৰ কথা চিন্তা কৰক। ছনৰ মতে কম্পেনি সমূহে মূৰ্খৰ দৰে পইচা ব্যয় কৰা উচিত নহয়। ছনক প্ৰশ্ন কৰা হৈছিল যে কোনবোৰ কম্পেনিয়ে মূৰ্খৰ দৰে টকা ব্যয় নকৰে। ছনে উত্তৰত ক'লে যে তেওঁ যিবোৰ কম্পেনিত বিনিয়োগ কৰিছে সেইবোৰে কৌশলেৰে টকা ব্যয় কৰে।

৪) ষ্টাৰ্ট আপৰ সৈতে স্পীড ডেটিঙ

২০০০ চনত যেতিয়া তেওঁ আলিবাবত বিনিয়োগ কৰিছিল তেতিয়া তেওঁৰ লগত কম্পেনিৰ পৃষ্ঠভূমি নীৰিক্ষণ কৰিব পৰাকৈ ডাঙৰ টীম নাছিল।তেওঁ কয় সেয়া বুজাবুজিৰে কৰা হৈছিল।বিশ্বাস আৰু বুজাবুজি অধিক গুৰুত্বপূৰ্ণ।

৫)বিনিয়োগৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন

ছফ্ট বেংকে প্ৰথমে ইনমবিৰ দৰে কম্পেনিত বিনিয়োগ কৰিছিল যি গোলকীয় বজাৰ সমূহক লক্ষ্য কৰিছিল।ছনৰ মতে সময়ৰ পৰিৱৰ্তন হৈছে,মঞ্চ আহি পৰিছে আৰু ভাৰতীয় অৰ্থব্যৱস্থাই প্ৰসাৰ লাভ কৰিছে। যোৱা দহ বছৰত চীনৰ অৰ্থনীতি যিদৰে প্ৰসাৰ হল, ভাৰতবৰ্ষইও সেইদৰে প্ৰসাৰতা লাভ কৰিব পাৰে।

৬) গোলকীয় প্ৰতিযোগিতাত ভাৰতীয় ষ্টাৰ্ট আপ

স্থানীয় উদ্যমী সকলৰ বহু সুযোগ আছে। উদ্যমী প্ৰতিভাশালী আৰু ক্ষমতাশালী হলেও বিশ্ব পৰ্যায়ৰ ব্যৱসায়ীৰ সৈতে প্ৰতিযোগিতাত তেওঁলোক সৰু হৈ পৰে।চীন আৰু ভাৰতৰ বহু স্থানীয় বজাৰ থকাৰ দৰে যথেষ্ট সম্ভাৱনাও আছে।

৭)২০০০ চনৰ পৰা কি পৃথক

ছনৰ সম্পূৰ্ণ বিশ্বাস আছে যে এয়া সম্ভাৱনাপূৰ্ণ আৰম্ভণি। বিশেষকৈ ভাৰতবৰ্ষৰ কাৰণে এয়া বিগ বেঙৰ আৰম্ভণি।

৮)কৃত্ৰিম মানৱৰ বুদ্ধি সাধাৰণ মানুহতকৈ বেছি হ'বগৈ

ছনৰ মতে তেওঁ ভাল ভবিষ্যৎবাণী কৰিব পাৰে।ত্ৰিশ বছৰৰ পিছত কি পৰিৱৰ্তন হ'ব তেওঁ ক'ব পাৰে।তেওঁ ৰোমন্থন কৰে যে ত্ৰিশ বছৰৰ আগতে তেওঁ ভবিষ্যৎবাণী কৰিছিল যে সকলোৰে লগত ব্যক্তিগত লেপটপ বা পি.চি.থাকিব। তেওঁৰ মতে অনাগত দিনত কৃত্ৰিম বুদ্ধিমত্তা মানৱ বুদ্ধিত কৈ বহু ক্ষেত্ৰত প্ৰখৰ হব।গণনাৰ ক্ষেত্ৰত দহ লাখ গুণ তীব্ৰ ক্ষিপ্ৰতাৰ লগতে দহ লাখ গুণ বেছি ষ্ট'ৰেজ আৰু দহ লাখ গুণ বেছি সংবাদ আদান-প্ৰদান কৰিব পৰা যাব। তেতিয়া ব্যৱসায় মডেল,জীৱনপ্ৰণালী আদি সকলো সলনি হ'ব।

৯)চৰকাৰৰ ভূমিকা

সকলো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা থকা উচিত।বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত চৰকাৰে আন্ত:গাঁথনিত গুৰুত্ব প্ৰদান কৰাৰ লগতে ব্ৰডবেণ্ড আৰু বিদ্যুৎ ব্যৱস্থা সুলভ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত।

১০)ভাৰতীয় ই-কমাৰ্চৰ আই.পি.অ.

ভাৰতৰ ই-কমাৰ্চ ক্ষেত্ৰৰ আই.পি.অ. অহা পাঁচ ৰ পৰা দহ বছৰৰ ভিতৰত সম্ভৱ হব।ভাৰতীয় ই-কমাৰ্চত ছনে বিনিয়োগ কৰিছে।তেওঁৰ মতে আই.পি.অ.ৰ বাবে লৰালৰি কৰাৰ প্ৰয়োজন নাই।

১১)ধনী হোৱাৰ অনুভৱ কেনেকুৱা

ছনে স্মৰণ কৰে ২০০০ চনত তেওঁ তিনি দিনৰ বাবে বিল গেটছতকৈ ধনী ব্যক্তি হিচাপে পৰিচিত হৈছিল।পিছৰ বৰ্ষত শ্বেয়াৰৰ দাম ৯৯ শতাংশ নিম্নগামী হৈছিল।এনে অসফলতা অতিক্ৰম কৰিবলৈ মানসিক শক্তিৰ প্ৰয়োজন।

১২)ছফ্ট বেংকৰ ভিজন

আমাৰ দৃষ্টি আছিল এক নম্বৰ বুদ্ধি আৰু জ্ঞান দাতা হিচাপে খ্যাত হোৱাত।বুদ্ধি আৰু জ্ঞানৰ দ্বাৰা সঞ্চালিত সূচনা ক্ৰান্তি ঔদ্যোগিক বিপ্লৱতকৈ এশ গুণ বেছি শক্তিশালী।

১৩)যিসকল উদ্যমীয়ে অসফলতাৰ মুখামুখি হৈছে

ছনৰ মতে জাহাজৰ কেপ্তেইন জনে এই কথা জানিব লাগে যে জাহাজ খনে কোনো দুৰ্ঘটনাৰ সন্মুখীন হ'লে তেৱেঁই দায়িত্ব মূৰ পাতি ল'ব লাগিব। যেতিয়াই সংকটৰ মুখামুখি হ'ব লগা হয় এজন উদ্যমীয়ে বুজি পোৱা উচিত যে তেওঁ জাহাজৰ কেপ্তেইনৰ দৰে। তেৱেঁ জাহাজখন উদ্ধাৰ কৰিব লাগিব।

১৪) ভাৰতৰ দৰে দেশত ডাঙৰ প্ৰত্যাহ্বান

কেৱল বিনিয়োগৰ ওপৰতে ষ্টাৰ্ট আপ নিৰ্ভৰ নকৰে।ছনৰ মতে ভাৰতীয় উদ্যোগী সকলক শকত অংকৰ চেকে আকৰ্ষিত কৰে।কিন্তু উদ্যোগী সকলে এয়া ভাবিব নালাগে যে বিনিয়োগকাৰীয়ে ডাঙৰ চেক লিখিলে বুলিয়েই তেওঁলোকে ডাঙৰ মাছ জালত পেলালে।



মূল: এছ.ইব্ৰাহিম

অনুবাদ: পূবালী ভাগৱতী