এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

Wednesday January 13, 2016,

5 min Read

কাকপথাৰ বুলি ক'লে এতিয়াও সৰ্বসাধাৰণ মানুহৰ মনলৈ আহে এখন আতংকৰ ছবি। নিৰীহৰ তেজেৰে ৰাঙলী হোৱা কাকপথাৰত ২০০৬ চনত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনা প্ৰতিজন অসমীয়াৰ মানসপটত সজীৱ হৈ আছে। এটা ঘটনাই ইতিসাহৰ পাতত কাকপথাৰৰ নাম ক'লা আখৰেৰে খোদিত কৰিলে যদিও সেই কাকপথাৰলৈ এতিয়া আপুনি গলে আপোনাৰ মনৰ ভাৱ সলনি হবলৈ বাধ্য হ'ব।চাৰিওফালে সোণালী ধাননি পথাৰ আৰু এক শান্তিময় পৰিবেশে আপোনাক আদৰণি জনাব।তাতোকৈ আপোনাক আকৰ্ষণ কৰিব কাকপথাৰত গঢ় লৈ উঠা এক ঔদ্যোগিক বিপ্লৱে। তিনিচুকীয়া জিলাৰ পৰা প্ৰায় চল্লিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাকপথাৰ অঞ্চলৰ ত্ৰিশ খন গাঁৱৰ দহ হাজাৰ লোক জড়িত ধূপ কাঠিৰ ব্যৱসায়ত। ছবছৰীয়া শিশুৰ পৰা পুৰুষ-মহিলা,যুৱক-যুৱতী,বৃদ্ধ-বৃদ্ধালৈকে সকলোকে ব্যস্ত হৈ থকা দেখিব বাহৰ পৰা ধূপ কাঠি তৈয়াৰ কৰা কাৰ্যত।স্কুলীয়া লৰা-ছোৱালীও স্কুলৰ পৰা আহি পঢ়া-শুনা সামৰি ৰাতি বাৰ বজালৈকে ব্যস্ত হৈ পৰে কাঠি তৈয়াৰ কৰা কামত।

অৰ্থনৈতিক বিপ্লৱৰ গুৰি ধৰোঁতা বিচিত্ৰ মৰাণ

image


কাকপথাৰত গা কৰি উঠা এই ঔদ্যোগিক বিপ্লৱৰ আঁৰৰ মানুহ জন হল বিচিত্ৰ মৰাণ।এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য বিচিত্ৰ মৰাণে ঘৰে ঘৰে গৈ মানুহক ধূপ কাঠি বনোৱাৰ প্ৰশিক্ষন দিছিল।'যেতিয়া মই ছাত্ৰ সংগঠনত জড়িত আছিলো তেতিয়া সামাজিক কামত বিভিন্ন ঠাই ঘূৰোতে নূন্যতম প্ৰয়োজনৰ বাবে মানুহে সংগ্ৰাম কৰা দেখিছিলো।মানুহৰ অভাৱ দেখিছিলো আৰু ইয়াৰ উপায় চিন্তা কৰিছিলো।তেতিয়া এটা বস্ত্ৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰি গাঁৱৰ মহিলা সকলক কাপোৰ বোৱা কাৰ্যৰ লগত জড়িত কৰিছিলো।কিন্তু সেই কাপোৰে বজাৰৰ কাপোৰৰ লগত ফেৰ মাৰিব নোৱাৰাত এই ব্যৱসায় সফল নহ'ল।তাৰপাছত কৃষি ফাৰ্ম আৰম্ভ কৰিছিলো।এই ক্ষেত্ৰত যোৰহাটৰ হেমকান্ত ফুকন,গুৱাহাটীৰ মৃণাল বৰুৱা আদি কৃষি বিষয়াই সহযোগ কৰিছিল।এইদৰে গাঁওবাসীক খেতিৰ লগতো জড়িত কৰিছিলো।তাৰপাছত চিন্তা কৰিলো আমাৰ অঞ্চলটোত প্ৰতি ঘৰ মানুহৰে ইমানবোৰ বাঁহ আছে,ইয়াৰ পৰাচোন ধূপ কাঠি তৈয়াৰ কৰিব পাৰি।'

অৰ্থনৈতিক বিপ্লৱৰ অঙ্কুৰিত বীজ

image


ধূপ কাঠিৰ ব্যৱসায়ৰ কথা চিন্তা কৰাৰ পাছত বিচিত্ৰ মৰাণে তেওঁৰ পৰিকল্পনাৰ কথা সেই সময়ৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত কে কে দ্বিবেদীৰ আগত ব্যক্ত কৰিলে।উপায়ুক্তই তেওঁৰ পৰিকল্পনাৰ শলাগ লোৱাৰ লগতে তেওঁক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিলে।প্ৰথমে বিচিত্ৰ মৰাণে নিজে নগাওঁ জিলাৰ ৰহাত ধূপ কাঠি বনোৱাৰ তিনি মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিলে।পৰৱৰ্তী সময়ত উপায়ুক্তৰ সহযোগত কাকপথাৰ ব্লকত নগাওঁ আৰু নলবাৰীৰ পৰা প্ৰশিক্ষক আনি সেই অঞ্চলৰ লোকক ধূপ কাঠি তৈয়াৰ কৰা প্ৰশিক্ষণ দিয়াইছিল।কিন্তু যিসকল লোক প্ৰশিক্ষণলৈ নাহিল তেওঁলোকক ঘৰে ঘৰে গৈ নিজে প্ৰশিক্ষণ দিয়াৰ দায়িত্ব ল'লে বিচিত্ৰ মৰাণে ।এই ক্ষেত্ৰত উপায়ুক্ত দ্বিবেদীয়ে তেওঁক সহায় কৰাৰ লগতে স্থানীয় স্বেচ্ছাসেৱী সংগঠন 'পাব্লিক প্ৰব্লেম চলিউশ্যন কমিটি' ৰ সহায় লৈছিল।কাকপথাৰ অঞ্চলৰ ত্ৰিশ খন গাঁৱত স্কুল, মুকলি পথাৰ আদিত একোটাকৈ প্ৰশিক্ষণ কেন্দ্ৰ পাতি প্ৰায় এবছৰ জোৰা প্ৰশিক্ষণ প্ৰদান কৰিছিল।

সকলো ভাল কামৰ আৰম্ভণিত থাকে বাধা

'প্ৰথম অৱস্থাত মানুহে আমাক ঠাট্টা,মস্কৰা কৰিছিল।বাঁহৰ সৰু কামি এডালৰ পৰা স্বাৱলম্বী হ'ব পৰা কথাটো তেওঁলোকে বিশ্বাসত ল'ব পৰা নাছিল।মই নিজে কাঠি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি তেওঁলোকক নিদৰ্শন দেখুওৱাৰ পিছত তেওঁলোক উৎসাহিত হৈছিল।বৰ্তমান তেওঁলোক নিজে এই ব্যৱসায়ৰ প্ৰতি ইমান আগ্ৰহী যে ঘৰৰ ল'ৰা-ছোৱালী,পুৰুষ-মহিলা, বয়োজ্যষ্ঠ লোকসকলো এই কাৰ্যৰ লগত জড়িত।সপ্তাহত পঞ্চাশ টনলৈকে ধূপ কাঠি তৈয়াৰ হয়।বৰ্তমান সৰু মেছাই, কপাহতলী, বৰমেছাই আদিকে ধৰি ত্ৰিশ খন গাঁৱৰ দহ হাজাৰ লোক এই ব্যৱসায়ৰ লগত জড়িত।তেওঁলোকে প্ৰস্তুত কৰা ধূপ কাঠিবোৰ তিনিচুকীয়া টাউনৰ উপৰি বাঙ্গালুৰু, শিলিগুড়ি আদি ঠাইলৈ পঠিয়াওৱা হয়।'

উল্লেখযোগ্য যে যিসকল লোক আগতে কেৱল ধান খেতি আৰু দিন হাজিৰা কৰি কোনোমতে জীৱিকা নিৰ্বাহ কৰিছিল সেই লোক সকলো এতিয়া ধূপ কাঠি ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈ উঠিছে।এই ধূপ কাঠি ব্যৱসায়ৰ পৰা প্ৰতি ঘৰ মানুহৰ দৈনিক নূন্যতম তিনিশ ৰ পৰা চাৰিশ টকালৈকে উপাৰ্জন হয়।

image


সমস্যা

অঞ্চলটোত গঢ় লৈ উঠা এই অৰ্থনৈতিক বিপ্লৱ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ কাকপথাৰলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ বিষয়-ববীয়া,অসম চৰকাৰৰ বিষয়া, অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লোক কাকপথাৰলৈ গৈছে।সকলো বিষয়াই লোকসকলৰ কৰ্মোদ্যমৰ প্ৰশংসা কৰাৰ লগতে তাতে ফেক্টৰী স্থাপন কৰি যাতে ফিনিছিঙ প্ৰডাক্ট বজাৰলৈ উলিয়াই দিব পাৰে তাৰবাবে আৰ্থিক অনুদান আৰু প্ৰয়োজনীয় যন্ত্ৰ-পাতি ক্ৰয় কৰি দিয়াৰ আশ্বাস দি আহিছে যদিও এতিয়ালৈকে কাৰ্যকৰী হৈ উঠা নাই।আনহাতে দুই এজন বিষয়াই কিছু আৰ্থিক অনুদান আগবঢ়াইছিল যদিও সেয়া মধ্যভোগীয়ে আত্মসাৎ কৰা বুলি বিচিত্ৰ মৰাণে ক্ষোভ প্ৰকাশ কৰে।

ইচ্ছাশক্তি থাকিলে অকলেই জগত জিনিব পাৰি

কিন্তু দুৰন্ত উদ্যমী এটা মনৰ বাবে যেন একোৱেই বাধা হব নোৱাৰে। চৰকাৰী অনুদানলৈ আশা নকৰি বিচিত্ৰ মৰাণে নিজেই ঘৰতে কিছু যন্ত্ৰ পাতি ক্ৰয় কৰি ধূপ কাঠিৰ ফিনিছিঙ প্ৰডাক্ট প্ৰস্তুত কৰাৰ লগতে গাঁৱৰ লোককো এই প্ৰশিক্ষণ দিছে।এই ফিনিছিঙ ধূপ কাঠি 'বন্দনা অগৰৱতী ইনছেন্ট ষ্টিক' নাম দি স্থানীয় বজাৰৰ লগতে তিনিচুকীয়াৰ তিলিঙা মন্দিৰ, শিৱ ধাম আদিত বিক্ৰী কৰে।ধূপ কাঠিৰ ব্যৱসায়ৰ লগত জড়িত প্ৰায়বোৰ লোকেই এতিয়া কাঠিৰ সলনি হাতেৰে মছলা লগোৱা কাঠি এজেন্টক বিক্ৰী কৰি আগতকৈ তিনিগুণ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

image


ইয়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা তেওঁক প্ৰশ্ন কৰিছিলো যে এজন দুজন নহয়, দহ হাজাৰ লোক স্বাৱলম্বী হৈ উঠাৰ অনুভৱ কেনেকুৱা? উত্তৰত বিচিত্ৰ মৰাণে কৈছিল-'বৰ্তমান ধূপ কাঠি ব্যৱসায়ৰ যোগেদি বহু হাজাৰ লোক স্বাৱলম্বী হৈছে।ইয়াতকৈ আনন্দৰ কাৰণ আৰু কি লাগে।মই নিমিত্তহে মাত্ৰ। সেই সময়ৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত কে কে দ্বিবেদীয়ে আমাৰ লগত গাঁৱে গাঁৱে গৈ মানুহক প্ৰশিক্ষণ দিছিল।আনহাতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটিয়া সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া আৰু যোৰহাটৰ কৃষি বিষয়া হেমকান্ত ফুকনৰ ওচৰতো মই কৃতজ্ঞ।এনে হাতে কামে জনসাধাৰাণৰ কল্যাণ চিন্তা কৰা চৰকাৰী বিষয়া বিৰল।'

উল্লেখযোগ্য যে কাকপথাৰৰ দৰে এটা পিছপৰা অঞ্চলতো যে ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰি সেই কথাৰ নিদৰ্শন দাঙি ধৰা বিচিত্ৰ মৰাণ এজন সমাজকৰ্মীৰ লগতে সাহিত্যনুৰাগীও।বিভিন্ন কাকত-আলোচনীত প্ৰৱন্ধ লিখাৰ উপৰি 'নতুন পোহৰ' আৰু 'আগুৱাই যাওঁ' শীৰ্ষক তেওঁৰ দুখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে।

যি সময়ত অসমৰ উদ্যোগ ক্ষেত্ৰৰ প্ৰতি চৰকাৰে অনীহা প্ৰকাশ কৰিছে,সেই সময়ত বিচিত্ৰ মৰাণৰ দৰে কৰ্ম্মোদ্যমী লোকৰ প্ৰচেষ্টাত একোটা অঞ্চলত অৰ্থনৈতিক বিপ্লৱে গা কৰি উঠাটো কেৱল প্ৰশংসনীয়ই নহয় আদৰ্শনীয়ও। বিচিত্ৰ মৰাণৰ এই মহান প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওঁক, য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা থাকিল শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ফেচবুকৰ M আৰু এপলৰ Siri লৈ ভাৰতীয় YANAৰ প্ৰত্যাহ্বান

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

কি দৰে মহিলাসকলে মুঠ ঘৰুৱা উৎপাদন ২৪শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে?

গুৱাহাটী মহানগৰীৰ পৰা তথ্য প্ৰযুক্তিৰে বিশ্ব বিজয়ৰ সপোন ছজন যুৱকৰ