“ষ্টাৰ্ট আপ ইণ্ডিয়া”---মোদী চৰকাৰৰ বিশেষ আঁচনি- ১৬জানুৱাৰীত হ’ব বিস্তৃত আলোচনা

“ষ্টাৰ্ট আপ ইণ্ডিয়া”---মোদী চৰকাৰৰ বিশেষ আঁচনি- ১৬জানুৱাৰীত হ’ব বিস্তৃত আলোচনা

Tuesday January 05, 2016,

3 min Read

১৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে জনাব ষ্টাৰ্ট আপ কাৰ্য যোজনাৰ কথা।

ইনক্যুবেটৰ, উদ্যোগ পুঁজি কোষৰ সৈতে হ'ব আলোচনা।

১৬জানুৱাৰীত দিল্লীৰ বিজ্ঞান ভৱনত হব ষ্টাৰ্ট আপৰ বাবে আঁচনি বৈঠক।

এই আঁচনিৰ জৰিয়তে ষ্টাৰ্ট আপৰ পৰিসৰ আৰু ইয়াক উদগনি প্ৰদান সম্পৰ্কত হব আলোচনা।

এক তথ্য মতে দেশত প্ৰায় ৩,২০০ ষ্টাৰ্ট আপ আছে।

প্ৰতি বছৰে ৮০০ নতুন ষ্টাৰ্ট আপৰ জন্ম হৈ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ষ্টাৰ্ট আপৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰাৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। নতুন চিন্তাৰে নতুন কোম্পানী গঠনৰ দিশত সহায় কৰিব চৰকাৰে। এই সন্দৰ্ভত এক আঁচনিৰ বাবে অহা ১৬জানুৱাৰীত এক বৈঠক আহ্বান কৰিছে মোদীয়ে। এই আঁচনিৰ জৰিয়তে উদ্যোগশীলতাৰ বাবে কামকাজসমুহ সৰল কৰাৰ বাবে বিভিন্ন পদক্ষেপ অন্তৰ্ভুক্ত হোৱাৰ লগতে বিভিন্ন ৰেহাইৰ ব্যৱস্থাও ৰখা হৈছে।


image


চৰকাৰখনৰ শীৰ্ষ বিষয়া, উদ্যোগ পুঁজি কোষ, বিত্তপোষক তথা ইনক্যুবেটৰসকলক লগত হৈ ১৬জানুৱাৰীত এই বৈঠক আহ্বান কৰা হৈছে। বিজ্ঞান ভৱনত এই বৈঠক অনুস্থিত হব। সেই দিনটোতে প্ৰধানমন্ত্ৰীৰ আগত এই প্ৰস্তাৱিত যোজনাখন প্ৰদৰ্শন কৰা হব।

এজন বিষয়াই প্ৰকাশ কৰা মতে, ‘‘এই আঁচনিখনত ষ্টাৰ্ট আপক পৰিসৰ আৰু উৎসাহ প্ৰদান কৰাৰ উপায় সন্নিৱিস্ত কৰা হৈছে। যিকোনো নতুন ষ্টাৰ্ট আপৰ বাবে নব্য উদ্ভাৱনেই হৈছে মূল ছাবিকাঠী। সেই উদ্ভাৱন হব লাগিব কাৰিকৰি দিশত।’’ তেওঁ কয় যে এই আঁচনিখনত ষ্টাৰ্ট আপৰ বাবে বিভিন্ন ৰেহাইৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোকে সৰলীকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ঔদ্যোগীক নীতি আৰু বিকাশ বিভাবে এইক্ষেত্ৰত এটা প'ৰ্টেল আৰু এপো নিৰ্মাণ কৰি আছে। নৰেন্দ্ৰ মোদীয়ে নিজৰ ৰেডিঅ' অনুস্থান মন কি বাতত উল্লেখ কৰিছে যে অহা ১৬জানুৱাৰীত ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ বাবে আঁচনি উত্থাপন কৰা হব। মোদীয়ে স্বধীনতা দিৱসত দিয়া ভাষণত উদ্যোগশীলতাৰ বৃদ্ধিৰ বাবে ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ ঘোষণা কৰিছিল।

দৰিদ্ৰসকল আৰু যুৱসকলৰ বাবে এই ষ্টাৰ্ট আপ ইণ্ডিয়া এক বৃহৎ আৰু নৱউন্মেষকাৰী আঁচনি বুলি অভিহিত কৰিছে নৰেন্দ্ৰ মোদীয়ে। মন কি বাতত মোদীয়ে উল্লেখ কৰিছে যে কি এই আঁচনি, কিহৰ বাবে বাবে এই আঁচনি,এই আঁচনিৰে কি হ'ব, এই সকলো কথা প্ৰকাশ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে, দেশৰ আইআইটি, আইআইআইএম, সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এনআইটিৰ লগতে সকলো যুৱ প্ৰজন্মকে সাঙোৰা হব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানো আমাৰ দেশত ষ্টাৰ্ট আপৰ বাবে এক বদ্ধমূল ধাৰণা বৰ্তী আছে। উদাহৰণ স্বৰূপে, ষ্টাৰ্ট আপ কেৱল ডিজিটেল পৃথিৱী বা আইটি খণ্ডৰ লোকসকলৰ বাবেহে। কিন্তু সেয়া সত্য নহয়।


image


মোদীয়ে কয়, ‘‘আমি ভাৰতৰ প্ৰয়োজনসাপেক্ষে পৰিৱৰ্তনৰ সূচনা কৰিব লাগিব। দুখীয়া কোনো লোকে দিন হাজিৰা কৰিছে আৰু কোনো নৱপ্ৰজন্নই কোনো এটা নৱউন্মেশেৰে তেওঁৰ পৰিশ্ৰম লাঘৱ হোৱাকৈ কিবা এটা উদ্ভাৱন কৰিছে,মই তাকো ষ্টাৰ্ট আপ আখ্যা দিম।’’ আমাৰ দেশত ষ্টাৰ্ট আপৰ ৰাজধানী স্থাপন কৰিব নোৱাৰোনে? আমাৰ ৰাজ্যসমুহৰ নৱপ্ৰজন্মই নতুন কিবা এটাৰ সূচনা কৰি নিৰ্মানক্ষেত্ৰ, সেৱাখণ্ড,কৃষিখণ্ড আদিত নতুন নতুন দিশৰ সন্ধান কৰিব নোৱাৰিব নে?

এই আঁচনি প্ৰস্তুত সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়, ডিআউপিপি,দূৰসঞ্চাৰ বিভাগ, মন্ত্ৰীমণ্ডল, সচিবালয় তথা ইলেক্ট্ৰনিক তথা তথ্য প্ৰচাৰ বিভাগৰ মাজত যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা অব্যাহত আছে। এক তথ্য মতে দেশত প্ৰায় ৩,২০০ ষ্টাৰ্ট আপ আছে। প্ৰতি বছৰে ৮০০ নতুন ষ্টাৰ্ট আপৰ জন্ম হৈ আছে।


ধন বিনিয়োগ, আৰম্ভণী কোষ,কোম্পানীবোৰক বিশ্ববিদ্যালয়সমুহৰ সৈতে জড়িত কৰোৱা, বিপণন আদি বিভিন্ন বিষয় সন্দৰ্ভত অহা ১৬ জানুৱাৰীত ১০টা বজাৰ পৰা ১১বজালৈ বিস্তৃত আলোচনা হব।

উৎস---পিটিআই