শ্রম-নির্ভৰ উৎপাদন ক্ষেত্রত কর্মসংস্থানৰ সুযোগ সৃষ্টি আৰু উৎপাদিত পণ্যসামগ্ৰীৰ ৰপ্তানিত উৎসাহ যোগাবৰ বাবে সংস্কাৰ সাধনৰ বাবে কেবিনেটৰ অনুমোদন

শ্রম-নির্ভৰ উৎপাদন ক্ষেত্রত কর্মসংস্থানৰ সুযোগ সৃষ্টি আৰু উৎপাদিত পণ্যসামগ্ৰীৰ ৰপ্তানিত উৎসাহ যোগাবৰ বাবে সংস্কাৰ সাধনৰ বাবে কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

দেশৰ কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত শ্রম-নির্ভৰ উৎপাদন ক্ষেত্রত কর্মসংস্থানৰ সুযোগ সৃষ্টি আৰু ৰপ্তানি বৃদ্ধিৰ বিষয়সমূহক উৎসাহ যোগোৱাৰ লক্ষ্যৰে প্রয়োজনীয় সংস্কাৰ সাধনৰ প্রস্তাৱলৈ যাৱতীয় অনুমোদন জনায়৷

বস্ত্ৰ উৎপাদন শিল্পত নির্দিষ্ট সময়সীমাৰ মাজত ৬,০০৬ কোটি টকাৰ এক প্রকল্প ৰূপায়ণলৈ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় কেবিনেটে৷ ১১ লাখ লোকৰ প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট সুযোগ সৃষ্টি হ’ব এই পদক্ষেপৰ দ্বাৰা৷ ‘প্রধানমন্ত্রী বস্ত্ৰ ৰোজগাৰ প্রোৎসাহন যোজনা’টোও ইয়াৰ ফলত সম্প্রসাৰিত হোৱাৰ সুযোগ লাভ কৰিব।

image


সংস্কাৰমূলক উদ্যোগৰ এক অংশ হিচাপে শ্রম আইন সংস্কাৰৰ প্রস্তাৱটোও ইতিবাচকভাৱে বিবেচনা কৰিছে কেন্দ্রীয় মন্ত্রিসভাই। ইয়াৰ ফলশ্ৰুতিত, অতিৰিক্ত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু উৎপাদিত বস্ত্ৰৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্রত সম্প্রসাৰণৰ উপৰিও, শ্রম-নির্ভৰ বস্ত্ৰ শিল্পলৈ উৎসাহৰ সঞ্চাৰ ঘটাব বুলি আশা কৰা হৈছে৷ 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড