কলকাতাৰ ফুটপাথত দিন কটাইও ষ্টার্টআপ কৰা যুৱকজন

কলকাতাৰ ফুটপাথত দিন কটাইও ষ্টার্টআপ  কৰা যুৱকজন

Friday December 18, 2015,

3 min Read

ব্যস্ত মহানগৰী কলকাতাই ষ্টাৰ্টআপৰ দৌৰ কিছু পলমকৈ আৰম্ভ কৰিলেও সম্প্ৰতি এই দিশত দ্ৰুতগতিৰে ধাৱমান হৈছে।কলকাতাৰ তৰুণ তৰুণীয়ে চমকপ্ৰদ কৌশল উদ্ভাৱনেৰে নতুন ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়ৰ ষ্ট'ৰীৰ পাঠকসকলৰ বাবে এয়া তেনে এজন তৰুণৰ জীৱনৰ অনন্য উত্তৰণৰ কাহিনী।ব্যৱসায়ৰ কৌশলেই কেৱল নহয়, এই তৰুণৰ জীৱনৰ গতিপথেই যেন অন্য। গ’লিৰ পৰা ওলাই আহি ৰাজপথত বীৰদৰ্পে খোজ কঢ়াৰ এয়া যেন বাস্তব কাহিনী।

কলকাতাৰ ফুটপাথ আৰু ৰেল স্টেচনতে পাৰ হৈছিল তেওঁৰ শৈশব আৰু কৈশোৰৰ সময়ছোৱা। চহৰৰ এটা ৰাস্তাৰ পৰা আনটো ৰাস্তালৈ গৈ সন্ধান কৰিবলগীয়া হৈছিল অস্থায়ী বাসস্থানৰ।কিন্ত্ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিয়ামিৰ এখন কমিউনিটি কলেজত অধ্যয়নৰ বাবে জলপানি লাভ কৰাৰ পাছতেই সলনি হৈছিল তেওঁৰ জীৱনৰ গতি,হঠাতে সলনি হৈছিল অশোক পাল নামৰ সেই যুৱকৰ জীৱন।মুকলি আকাশৰ তলত শুবলৈ ঠাই বিচাৰি লৈও পুলিচৰ ভয়ত পলাবলগীয়া হোৱা সেই সময়বোৰ অশোকৰ বাবে এতিয়া যেন দুঃস্বপ্ন।পাৰ্ক চাৰ্কাছ এলেকাৰ ভাড়াঘৰত সসন্মানে বাস কৰি থকা ২১ বছৰীয়া অশোক এতিয়া এজন উদীয়মান তথ্যপ্ৰযুক্তি উদ্যোগী ।ইয়াতেই তেওঁ গঢ়ি তুলিছে তেওঁৰ স্টার্টআপ Sky Cursor। ওৱেবছাইট ডেভেলপমেন্টেৰ ক্ষেত্ৰত Sky Cursor এ বিদেশৰ ক্লায়েন্টসকলক সহায় আগবঢ়ায়।


image


কি যাদুকাঠিৰ স্পৰ্শত জীৱনৰ এই পৰিৱৰ্তন সম্ভৱ হ’ল? অশোকে কয়,"Miami Dade College-ত এটা এবছৰীয়া আই টি পাঠ্যক্ৰম সমাপ্ত কৰি ঘূৰি আহিয়েই এইবছৰৰ জুন মাহত Sky Cursor ৰ কাম আৰম্ভ কৰিলো।মিয়ামিত থাকোতেই শিকিছিলো কিদৰে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈও নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰি।”বৰ বেছি সুযোগ নাপালেও সৰুকালৰেপৰাই কম্পিউটাৰৰ ওপৰত অশোকৰ মোটামুটিকৈ দখল আছিল।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কমিউনিটি কলেজৰ পাঠ্যক্ৰমৰ বাবে মনোনীত হোৱাৰ পাছত তেওঁ আই টি বা তথ্য প্ৰযুক্তিকেই বিষয় হিচাবে বাছি ললে।ক্লাছত বহা অশোকৰ বাবে যেন গোটেই কথাবোৰেই শূন্যৰ পৰা আৰম্ভ হৈছিল।সেই শূন্যৰ পৰা আহি নিজৰ স্বপ্ন পূৰণৰ নিচেই কাষ পোৱাত অশোক খুবেই সুখী।সৰু হ’লেওঁ তেওঁ এতিয়া এটা কোম্পানিৰ গৰাকী।এপইছা দুপইছাকৈ জমা কৰা ধনেৰে কিনা এটা লেপটপ আৰু তাত ইন্টাৰনেট সংযোগ-এয়াই অশোকৰ কোম্পানীৰ মূল সম্পত্তি।এজন ব্যক্তি আৰু এটা মেচিনেৰে চলা এটা কোম্পানী।শৈশৱত বোধোদয়ৰ সময়তেই অশোকে বুজি পাইছিল যে তেওঁৰ আপোন বুলিবলৈ কোনো নাই।মাক,দেউতাক,ভায়েক,ভনীয়েক,কেও কিছু নথকা ল’ৰাটোৱে জীয়াই থকাৰ বাবে ৰাস্তাই-ঘাটে,ষ্টেচনে-ফুটপাথে আশ্ৰয় লবলগীয়া হৈছিল।কিন্ত্ত ১০ বছৰ বয়সত ভৰি দিয়াৰ লগে লগে যেন তেওঁৰ জীৱনে গতি সলাবলৈ ললে। ডন বস্কো আশালয়মৰ কৰ্মীসকলে তেওঁক বিদ্যালয়ত নামভৰ্তি কৰাই দিলে।এই বিদ্যালয়ৰ পৰাই তেওঁ ব’ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হ’ল।পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত হাতৰ বিদ্যা আয়ত্ত কৰিবলৈ টেৰা ইণ্ডিকা নামৰ এটা ফাৰ্ণিচাৰ ৱৰ্কশ্বপত কাম শিকিবলৈ ললে।কাম শিকাৰ লগে লগে হোৱা কিছু উপাৰ্জনেৰে তেওঁৰ পঢ়াশুনাও চলি থাকিল আৰু এদিন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰা জলপানিটোৱে তেওঁৰ জীৱন সম্পূৰ্ণৰপে সলাই পেলালে। মিয়ামিৰ কমিউনিটি কলেজত মাৰ্কিন উচ্চাৰণেৰে ইংৰাজী বুজাত খুবেই অসুবিধাৰ সন্মুখীন হৈছিল যদিও সেয়াও তেওঁৰ পথত বাধা নহ’ল। "এগৰাকী শিক্ষকে খুবেই সহায় কৰিছিল। মই যাতে বুজাত অসুবিধা নহয় তাৰবাবে খুব লাহে লাহে পঢ়াইছিল আৰু ক্লাছৰ পাছতো সহায় কৰিছিল। সকলো কথাই সহজ ভাষাত বুজাই দিছিল।ইন্টাৰনেটত পোৱা ভিডিও টিউটৰিয়েলছ সমূহেও মোক উপকৃত কৰিছিল।”কমিউনিটি কলেজে অশোকৰ জীৱন সম্পূৰ্ণ পৰিৱৰ্তিত কৰি দিলে।হাতেকামে শিক্ষা, প্রফেশন্যাল ইনটার্নশ্বিপ, চার্ভিচ লার্নিং, কমিউনিটি এনগেজমেন্ট আদিয়ে ক্ৰমাৎ তেওঁৰ জীৱনক অন্যভাৱে চোৱাৰ সুযোগ দিলে।এপলৰ সহ প্ৰতিষ্ঠাতা প্ৰয়াত স্টিভ জবছক আদর্শ হিচাবে লৈ আগবাঢ়ি গৈছে অশোক পাল।

মিয়ামিত স্টাডি স্কলাৰশ্বিপ লৈ পঢ়ি থকা সময়তে অশোকে এটা সংস্থাত ইন্টাৰ্ণশ্বিপ কৰিছিল আৰু সংস্থাটোৰ বাবে এটা ৱেবচাইট ডেভেলপ কৰিছিল।তেতিয়াৰে পৰা তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পালে।আনকি কলেজৰ নিজা ৱেবচাইটটোও তেওঁ নিয়মীয়াকৈ আপডেট কৰিছিল। ১৫০০ পৃষ্ঠাৰ সেই ৱেবচাইট নিতৌ আপডেট কৰাটো সহজ নাছিল কিন্ত্ত বন্ধুসকলৰ সৈতে সেই কাম কৰি ক্ৰমাৎ তেওঁৰ দক্ষতা বাঢ়ি আহিবলৈ ধৰিলে।ইয়াৰ ফলত পৰৱৰ্তী সময়ত তেওঁৰ বিশেষ উপকাৰ হ’ল। অশোকে কয়,‘‘মোৰ জীৱন সলনি হৈ গৈছে।আনকি মোৰ কথা বতৰাৰ ধৰণো সলনি হৈছে।এতিয়া মই যথেষ্ট প্ৰফেশ্যনেল।” অৱশ্যে এতিয়াও সংগ্ৰাম শেষ হোৱা বুলি তেওঁৰ মনে নধৰে।লাহোৰত অনুষ্ঠিত ১৯বছৰ অনুৰ্দ্ধ ৰাগবী প্ৰতিযোগিতাৰ ভাৰতীয় দলৰ সদস্য হোৱাৰ অভিজ্ঞতা থকা অশোক আমেৰিকাৰ পৰা ভাৰতলৈ উভতিছে,নিজৰ কোম্পানী খুলিছে,পঢ়াশুনাও চলাই গৈছে।সান্ধ্য কলেজত অধ্যয়ন অব্যাহত আছে। সন্মুখত এতিয়াও তেওঁৰ অনেকদূৰ বাট।

মূলঃৰাজদুলাল মুখাৰ্জী

অনুবাদঃঅৰুণিমা গোস্বামী