নাৰায়ণমূর্তীৰ মতে, এই দশকটো ভাৰতৰ উদ্যোগী সকলৰ দশক

নাৰায়ণমূর্তীৰ মতে, এই দশকটো ভাৰতৰ উদ্যোগী সকলৰ দশক

Sunday January 10, 2016,

2 min Read

ভাৰতবর্ষত ষ্টার্টআপ ইক’চিষ্টেম উন্নীত কৰা কেন্দ্ৰীয় চৰকাৰৰ অভিযানটোৰ সূচনা কৰাৰ প্ৰাকমূহুর্তত ইনফ’চিচৰ যুটিয়া প্ৰতিষ্ঠাপক তথা এনে উদ্যোগৰ বিনিয়োগকাৰী এন. আৰ. নাৰায়াণমূর্তীয়ে মন্তব্য কৰিছে যে এই দশকটোক ভাৰতবর্ষৰ উদ্যোগী সকলৰ দশক হিচাপে চিহ্নিত কৰাৰ উপযুক্ত আৰু অনুকূল পৰিবেশ এটা আহি পৰিছে৷

‘মই ভাবোঁ যে উদ্যোগী সকলৰ প্ৰত্যেকৰে গ্ৰহ গতিৰ অৱস্থানকে ধৰি সকলো ফালেদি ন-ন উদ্যোগ গঢ়ি তোলাৰ পৰিবেশ এটা অহাৰ বাবেই এই দশকটোত উদ্যোগৰ উত্তৰোত্তৰ উন্নতি হ’ব’, মুম্বাইত আই. চি. এছ. আই. ৰ এটা অনুষ্ঠানৰ মাজতে সাংবাদিক সকলৰ সৈতে হোৱা কথা বতৰাত নাৰায়ণমূর্তীয়ে এইদৰে কয়৷

তেওঁ কয় যে এতিয়া প্ৰতিক্ষেত্ৰৰে প্ৰতিজন উদ্যোগীৰ সন্মূখত সাংঘাতিক সুযোগ সুবিধা আহি পৰিছে অৰু এই পৰিবেশে তেওঁলোকক নিশ্চয়কৈ উৎসাহ যোগাব৷

এন. আৰ. নাৰায়ানামূর্তী

এন. আৰ. নাৰায়ানামূর্তী


নাৰায়াণমূর্তীয়ে বৰ্তমান ‘কেটামেৰন ভেঞ্চাৰচ্’ (Catamaran Ventures) নামৰ ভেঞ্চাৰ ইনভেষ্টিং ফার্মখন পৰিচালনা কৰে। তেওঁ সাংবাদিক সকলক কয় ‘ভেঞ্চাৰ কেপিটেলত বহুত বিনিয়োগৰ সম্ভাৱনা আছে আৰু চৰকাৰেও উদ্যোগী সকলৰ সুবিধা হোৱাকৈ এই বিনিয়োগসমূহক সূচল কৰাত অত্যন্ত আগ্ৰহ প্ৰকাশ কৰিছে’৷

২০১৬ চনৰ ১৬ জানুৱাৰী তাৰিখে হ'বলগীয়া ‘ষ্টার্টআপ ইণ্ডিয়া ইনিচিয়েটিভ’ৰ প্ৰতি লক্ষ্য ৰাখি নাৰায়াণমূর্তীয়ে এই দিশত ভাৰত চৰকাৰে দিয়া গুৰুত্বৰ দিশটোক স্বীকাৰ কৰাৰ লগতে উদ্যোগী সকললৈ সুভকামনাও যাচে৷

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ষ্টার্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া’ নামৰ অভিযানৰ সূচনা ঘটোৱাৰ কথাটো ঘোষণা কৰিছিল৷ এই অভিযানৰ দ্বাৰা ষ্টার্টআপ সমূহক বিভিন্ন সুযোগ সুবিধা প্ৰদান কৰাৰ লগতে এইবোৰত বেঙ্কৰ বিনিয়োগ সুচল কৰি এই খণ্ডটোত পর্যাপ্ত নিয়োগ সৃষ্টিৰ চেষ্টা কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল৷

পৰৱর্তী সময়ত, বিত্ত বিভাগৰ ৰাজ্য মন্ত্ৰী ‘জয়ন্ত সিনহা’ই কয় যে, ’১৬ জানুৱাৰীত এই অভিযানৰ সূচনা কালত প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটোৰ দ্ৰুত বিকাশৰ বাবে বহুবোৰ আঁচনিৰ কথা ঘোষণা কৰিব৷

সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে বর্তমানে ভাৰতবর্ষ ষ্টার্টআপৰ ক্ষেত্ৰত তালিকাৰ চতুর্থ নম্বৰত আছে৷ কেৱলমাত্ৰ আমেৰিকা, ইংলেণ্ড আৰু চীনহে এইক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে৷

পিটিআই