উত্তৰ পূৰ্বাঞ্চলত ক’চিং চেন্টাৰক উদ্যোগলৈ পৰিণত কৰা যুৱকজন

উত্তৰ পূৰ্বাঞ্চলত ক’চিং চেন্টাৰক উদ্যোগলৈ পৰিণত কৰা যুৱকজন

Saturday January 09, 2016,

5 min Read

উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ- ছাত্ৰী সকলৰ বাবে এক চিনাকী নাম কনচেপ্ট এডুকেশ্বনছ। কনচেপ্ট এডুকেশ্বনে এই দুয়োটা বিষয়ত হোৱা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়ে ছাত্ৰ- ছাত্ৰীক। গুৱাহাটী আই আই টিৰ পৰা ইলেকট্ৰনিকছ্ এণ্ড কমিউনেকেশ্বনছত স্নাতক অভিজিৎ দত্তৰ সপোনৰ প্ৰতিষ্ঠান কনচেপ্ট এডুকেশ্বনছ। কনচেপ্টৰ গুৱাহাটিতে তিনিটাকৈ শিক্ষা কেন্দ্ৰ থকাৰ লগতে শিলচৰ আৰু শিৱসাগৰতো আছে ইয়াৰ শাখা। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞানৰ বিভিন্ন বিভাগৰ শিক্ষা প্ৰদান কৰা কনচেপ্ট এডুকেশ্বনছৰ বৰ্তমান দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। ৪০ জনকৈ শিক্ষক তথা প্ৰায় ১২০ জন কৰ্মচাৰীৰে কনচেপ্ট এডুকেশ্বনছ এতিয়া পৰিণত হৈছে এটা উদ্যোগলৈ।

image


এটা সপোনৰ জন্ম

কনচেপ্ট এডুকেশ্বনছৰ আঁৰৰ মূল ব্যক্তিজন অভিজিৎ দত্ত। অভিজিতৰ জম্ম গোলাঘাটত। গোলাঘাটত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে অভিজিতৰ মাতৃৰ বিয়োগ ঘটে। তাৰপিছতে দেউতাকৰ সৈতে শিলচৰলৈ যোৱা অভিজিতে হাইস্কুলীয়া শিক্ষা শিলচৰতে গ্ৰহণ কৰে। নৱম শ্ৰেণীত পঢ়ি থাকোতেই বিজ্ঞান শিক্ষাৰ প্ৰতি মন ঢাল খাই অভিজিতৰ। তেতিয়াই অভিজিতে থিৰাং কৰিলে অভিযন্তা হোৱাৰ। উচ্চতৰ মাধ্যমিক আৰু ইঞ্জিনিয়াৰিঙ প্ৰৱেশ পৰীক্ষাৰ বাবে ক’চিং দুয়োটা একেলগে হোৱাকৈ অভিজিতে শিক্ষা গ্ৰহণ কৰিলেগৈ ৰাজস্থানৰ কোটাত। সেয়া ২০০৩ চনৰ কথা। এই সময়ছোৱাত অভিজিতে বাৰুকৈয়ে উপলব্ধি কৰিলে গুৱাহাটী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী সকলৰ বাবে ক’চিং চেন্টাৰমূহৰ সম্ভাৱনীয়তাৰ কথা।

কেনেদৰে আৰম্ভ হ’ল কনচেপ্ট এডুকেশ্বনছ

ৰাজস্থানৰ কোটাৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিচৰা ধৰণেই গুৱাহাটী আই আই টিত স্থান লাভ কৰিলে অভিজিতে। অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ সমান্তৰাল ভাবে অভিজিতে মনত পুহি ৰখা সপোনৰ বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিলে। ২০০৬ চন। গুৱাহাটী আই আই টিত দ্বিতীয় বৰ্ষ, তৃতীয় ষাম্নাসিকৰ ছাত্ৰ অভিজিৎ। মালিগাৱত মোমায়েকে টিউচন কৰা কোঠা এটাতে অভিজিতে প্ৰথম আৰম্ভ কৰিলে ক’চি চেন্টাৰৰ। দুখন কাঠৰ টেবুল লগ লগাই কৰা সৰু এটা কাৰ্যালয়। নাম ভৰ্তিকে ধৰি যাৱতীয় কাম কাজৰ বাবে দুজন কৰ্মচাৰী, আৰু এটা শ্ৰেণী কোঠা। “ৰাতি ৰাতি বিজ্ঞাপনৰ বাবে গুৱাহাটীৰ বিভিন্ন ঠাইত মই পোষ্টাৰ লগাই ফুৰিছিলো। আন্ধাৰত হাতৰ য’তে ত’তে কাটিছিল। কিন্তু আই আই টিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছিলো বাবে প্ৰচাৰৰ আইডিয়াটো মোৰ আছিলে। এনেদৰেই প্ৰথম বছৰ ৩০ জন ছাত্ৰ- ছাত্ৰী পাইছিলো।”- কনচেপ্ট এডুকেশ্বনছৰ আৰম্ভণিৰ দিনবোৰৰ কথা এনেদৰে মনত পেলালে অভিজিৎ দত্তই। প্ৰথম বছৰ দুজন সহপাঠী আৰু অভিজিতে লগ হৈ পাঠদান কৰি আৰম্ভ কৰা কনচেপ্টৰ ৩০ জন শিক্ষাৰ্থীৰ ৬জনেই আই আই আই টিত ছিট পাইছিল। সেয়া আছিল অভিজিতৰ বাবে এক ডাঙৰ সফলতা। তাৰ পিছত আৰু পিছলৈ উভটি চোৱা নাই অভিজিৎ তথা কনচেপ্ট এডুকেশ্বনছে। ক্ৰমে বাঢ়ি গৈ আছে কনচেপ্ট এডুকেশ্বনছৰ পৰিসৰ- শিক্ষাৰ্থী আৰু আন্তঃগাঠনি উভয় দিশতে। গুৱাহাটীৰ মালিগাৱঁত আৰম্ভ হোৱা কনচেপ্ট এডুকেশ্বনছৰ এতিয়া জি. এছ ৰ’ডত এটা আৰু দীঘলী পুখুৰীৰ পাৰত এটাকৈ কাৰ্যালয় আছে। তদুপৰি গুৱাহাটীৰ ৬টাকৈ স্থানত আছে শ্ৰেণীকোঠা। মুলত উত্তৰ পূৰ্ৱাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে শিক্ষা বা প্ৰশিক্ষণ গ্ৰহণ কৰে কনচেপ্ট এডুকেশ্বনছত। প্ৰস্তুত হয় ইঞ্জিনীয়াৰিং আৰু মেডিকেলৰ বিভিন্ন প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে। ২০১৪ চনত শিলচৰত আৰু ২০১৫ চনত শিৱসাগৰত এটাকৈ শাখা কাৰ্যালয় তথা ক’চিং চেন্টাৰ খুলিছে কনচেপ্ট এডুকেশ্বনছে।

image


সফলতাৰ যাত্ৰা

কনচেপ্ট এডুকেশ্বনছ এতিয়া কেৱল এটা ক’চিং চেন্টাৰ নহয়। পৰিণত হৈছে এটা উদ্যোগলৈ। প্ৰাইভেট লিমিটেড কোম্পানী হিচাবে নামো পঞ্জীয়ন কৰা ইতিমধ্যে হৈ গৈছে। এয়াও আছিল অভিজিৎ দত্তৰ আন এক সপোন। এটা ক’চিং ইনষ্টিটিউটক সুসংগঠিত ভাবে এটা পূৰ্ণ পৰ্যায়ৰ প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গঢ় দিয়াৰ সপোন, য’ত আন কম্পানীৰ দৰেই একাউন্টছ, মাৰ্কেটিং, অপাৰেচনছ সকলো বিভাগে কৰি গৈছে নিজৰ নিজৰ কাম। ইতিমধ্যেই উল্লেখ কৰিছো বৰ্তমান কনচেপ্ট এডুকেশ্বনছ পৰিয়ালত ৪০ জন পূৰ্ণকালীন শিক্ষকে শিক্ষাদান কৰি আছে। ইয়াৰে কেইবাজনো কনচেপ্ট এডুকেশ্বনছৰে একালৰ ছাত্ৰ। অৰ্থাৎ কনচেপ্ট এডুকেশ্বনছত নিজে ক’চিং লৈ আই আই টি বা আন কোনো নাম থকা কলেজৰ পৰা ইঞ্জিনীয়াৰিং ডিগ্ৰী লৈ আকৌ ঘুৰি আহিছে কনচেপ্টত পাঠদানৰ বাবে। আৰু আন কৰ্মচাৰীৰ দৰেই কনচেপ্ট এডুকেশ্বনছে তেওঁলোকক দিছে আৰ্থিক নিৰাপত্তা। কনচেপ্ট এডুকেশ্বনছো একালৰ নিজৰ শিক্ষাৰ্থীক পাঠদানৰ সুবিধা দি গৌৰৱান্বিত। শিক্ষা মানৰ ক্ষেত্ৰত খুবেই গুৰুত্ব দিয়ে কনচেপ্টে । তাৰ বাবে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে শিক্ষকৰ বিষয়ে শিক্ষাৰ্থীৰ মতামত অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। মেডিকেল বা ইঞ্জীনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আন এক প্ৰয়োজনীয় বিষয় হ’ল ষ্টাডি মেটেৰিয়েল অৰ্থৎ কিতাপ পত্ৰ। কনচেপ্ট এডুকেশ্বনছে এই অসুবিধা দূৰ কৰি নিজৰ কিতাপ নিজেই ছপা কৰে। প্ৰতিবছৰে প্ৰয়োজনীয় সালসলনি কৰি আপডেট কৰা হয় কিতাপ পত্ৰ সমূহ। অৱশ্যে এই কিতাপ কেৱল কনচেপ্ট এডুকেশ্বনছৰ ছাত্ৰ- ছাত্ৰীৰ বাবেহে। ছাত্ৰ- ছাত্ৰীৰ বাবে জলপানিৰ সুবিধাও আছে কনচেপ্ট এডুকেশ্বনছত। ইয়াৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত জলপানিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হয়। নিৰ্দিষ্ট নিয়ম অনুসৰি ধনী- দুখীয়া নিৰ্বিশেষে জলপানি তথা বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয় জলপানি লাভ কৰা শিক্ষাৰ্থীক। ইয়াৰ উপৰিও মেধা সম্পন্ন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামুলীয়াকৈ পঢ়োৱাৰ সুবিধাও আছে। ইয়াৰ বাবে শিক্ষাৰ্থীয়ে দাখিল কৰিব লাগে চৰকাৰী বিপিএল কাৰ্ড (দৰিদ্ৰ সীমা ৰেখাৰ তলত প্ৰমাণ পত্ৰ)। মেধা সম্পন্ন দৰিদ্ৰ শিক্ষাৰ্থীক কোনোবা অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণৰ সমগ্ৰ খৰচ কনচেপ্ট এডুকেশ্বনছে বহন কৰাৰো উদাহৰণ আছে।

য়’ৰ ষ্ট’ৰীৰ ফালৰ পৰা আমি অভিজিৎ দত্তক প্ৰশ্ন কৰিছিলো ইঞ্জীনিয়াৰিং পাছ কৰাৰ পাছত কোনো চাকৰিৰ কথা চিন্তা নকৰি এটা ক’চিং ইনষ্টিটিউটৰ কথা কিয় ভাবিলে। অভিজিৎ দত্তৰ উত্তৰ আছিল স্পষ্ট-“বিজ্ঞান পঢ়াৰ মোৰ হেপাহ আছিল সেই বাবে মই ইঞ্জীনিয়াৰিং পঢ়িছিলো। কিন্তু শিক্ষকতা কৰিহে মই ভাল পাঁও, আনক শিকাইহে মই আনন্দ পাঁও। কিবা এটা শিকোৱাৰ পাছত সেইটো বুজি পাই ছাত্ৰ- ছাত্ৰীৰ মুখত একো নোকোৱাকৈ যি হাঁহি বিৰিঙি উঠে, সেয়াই মোৰ সন্তুষ্টি। এইটো কৰিয়েই যদি মই আৰ্থিক নিৰাপত্তা পাইছো, আন দহজনক আৰ্থিক নিৰাপত্তা দিব পাৰিছো লগতে উপকৃত হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ- ছাত্ৰী তেন্তে ইয়াত বেয়াতো একোৱেই নাই ”।

অভিজিৎ দত্ত এতিয়া কেৱল এজন প্ৰশিক্ষক নহয়, অভিজিৎ দত্ত এজন উদ্যোগী। এটা ক্ষুদ্ৰ উদ্যোগলৈ পৰিণত হৈছে কনচেপ্ট এডুকেশ্বনছ। সেই সুত্ৰেই এজন উদীয়মান উদ্যোগী হিচাপে অসমৰ অন্যতম প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান ‘সাদিন- প্ৰতিদিন’ গোষ্ঠীয়ে আগবঢ়োৱা ২০১৫ চনৰ ‘য়ুথ বিজনেছ লীডাৰ’ বঁটা লাভ কৰিছে অভিজিৎ দত্তই।

অন্য এক ব্যক্তিত্ব

এজন প্ৰশিক্ষক, এজন উদ্যোগীৰ উপৰিও আন এক ব্যক্তিত্ব আছে অভিজিৎ দত্তৰ। প্ৰকৃতিক প্ৰাণ ভৰি ভাল পায় অভিজিতে। বন্যপ্ৰাণীৰ ফটো তোলাৰ অভিজিতৰ খুবেই চখ। প্ৰতিবছৰে আফ্ৰিকাৰ জংঘলৰ মাজত জীৱ জন্তুৰ ফটো তোলেগৈ অভিজিতে। তাৰ বাবে আফ্ৰিকাত থকা বন্ধুৰ সৈতে অভিজিতৰ সঘন যোগাযোগ। ৱাইল্ড লাইফ ফ’ট’গ্ৰাফীৰ এটা ৱেব পেজো আছে, যিটোৰ ফ’ল’ৱাৰৰ সংখ্যা অসমৰ ভিতৰত অন্যান্য ফটগ্ৰাফাৰতৈ বহু বেছি। ইয়াৰ উপৰিও পোহনীয়া জন্তু ৰখাটো অভিজিতৰ আন এক চখ। বহু কেইটা পোহনীয়া জন্তু আছে অভিজিতৰ। কুকুৰ, মেকুৰী, বিভিন্ন চৰাইৰ লগতে বান্দৰ আৰু সাপো পুহিছে অভিজিতে। অৱশ্যে দেশৰ বন্য প্ৰাণী আইনক সম্মান জনাই বিদেশৰ ঘৰত ৰখাৰ পোহাৰ আইনী সন্মতি থকা জীৱ জন্তুহে ৰাখিছে অভিজিতে।