ছবছৰ বয়সতে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা প্ৰাৰ্থনা চৌধুৰীয়ে আজি আকাশ চুইছে

ছবছৰ বয়সতে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা প্ৰাৰ্থনা চৌধুৰীয়ে আজি আকাশ চুইছে

Tuesday May 17, 2016,

2 min Read

ছবছৰ বয়সত অতি জটিল শাস্ত্ৰীয় সঙ্গীত পৰিবেশন কৰি উপস্থিত ৰাইজক চমক খুৱাই দিছিল এজনী ছোৱালীয়ে । ৰাগ বেহাগ আৰু মীৰা ভজনেৰে সেই অনুস্থানত উপস্থিত থকা সকলোকো আচৰিত কৰি দিছিল । তাইৰ কণ্ঠৰ যাদু আৰু সেই বয়সতে জটিল শাস্ত্ৰীয় ৰাগ গোৱা দেখি সেইদিনা বহুতেই কৈছিল- এই ছোৱালীজনী এদিন ভাল সঙ্গীতশিল্পী হ'ব। সেই দিনা যিসকলে এই কথা কৈছিল তেওঁলোকৰ কথা সত্য প্ৰতিপন্ন হ'ল। সেই ছোৱালীজনী বৰ্তমান এগৰাকী সঙ্গীত শিল্পী ।

শেহতীয়াকৈ মুম্বাইত ৫ম আৰ্টিষ্ট এলাউড মিউজিক এৱাৰ্ডছত শ্ৰেষ্ঠ মহিলা সঙ্গীতশিল্পীৰ সন্মান লাভ কৰা অসমৰ সুযোগ্য জীয়ৰী প্ৰাৰ্থনা চৌধুৰী উঠি অহা প্ৰজন্মৰ কাৰণে এক ৰ'ল মডেল । উল্লেখযোগ্য যে নিজে লিখা, সুৰ দিয়া আৰু গোৱা হিন্দী গীত 'কেইছি খুদগৰ্জী'ৰ বাবে প্ৰাৰ্থনাই লাভ কৰে এই বঁটা । সঙ্গীত প্ৰাৰ্থনাৰ বাবে কেৱল শিকা বস্তু নহয়। সঙ্গীতৰ চৰ্চা পৰিবেশত জন্ম আৰু ডাঙৰ দীঘল হোৱা প্ৰাৰ্থনাই শৈশৱৰপৰাই উশাহ নিশাহৰ লগতে লৈছে সঙ্গীত । 

নিচেই কম বয়সৰপৰা সঙ্গীতৰ তালিম গ্ৰহণ কৰা প্ৰাৰ্থনাই ওপৰত উল্লেখ কৰাৰ দৰেই সেই বয়সৰপৰাই নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনো সমানে কৰি গৈছিল । দিল্লীৰ হংসৰাজ কলেজত অধ্যয়ন কৰি থকা অৱস্থাত কলেজৰ হৈ বিভিন্ন প্ৰতিযোগিতাত সৰ্বাধিক সংখ্যক বঁটা লাভ কৰাৰ বাবে কলেজ কালাৰ এণ্ড ব্লেজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । প্ৰতিভা আৰু অমায়িকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে তেওঁ পৰৱৰ্তী সময়ত অসমৰ এগৰাকী জনপ্ৰিয় শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

image


ইতিমধ্যে বহুকেইটা বঁটাৰে সন্মানিত হোৱা প্ৰাৰ্থনাই ভজন, গজল, লোকসঙ্গীত, চুফী, হিন্দী ৰক, ফিউজন আদি বিভিন্ন ধাৰাৰ সঙ্গীত পৰিবেশন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে । ২০১০ চনত জি টিভিৰ 'ছোনা ভক্তি কি আৱাজ' অনুস্থানৰ দহগৰাকী ফাইনেলিষ্টৰ মাজত স্থান পাইছিল প্ৰাৰ্থনাই । ইতিমধ্যে ভাৰতৰ উপৰিও আমেৰিকা, ডুবাই আদি বিভিন্ন স্থানত সঙ্গীত পৰিবেশন কৰিছে প্ৰাৰ্থনাই । শেহতীয়াকৈ মুম্বাইত অনুস্থিত হোৱা জগজিত সিং সঙ্গীত মহোৎসৱত সঙ্গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰিত হোৱা নিৰ্বাচিত কেইগৰাকীমান শিল্পীৰ মাজত প্ৰাৰ্থনাও আছিল । আকাশবাণীৰো এগৰাকী মনোনীত শিল্পী প্ৰাৰ্থনা । গুৱাহাটী দুৰদৰ্শন আৰু অন্যান্য চেনেলৰ উপৰিও আকাশবাণী মুম্বাই, ডি ডি উৰ্দুতো গীত পৰিবেশন কৰিছে প্ৰাৰ্থনাই । ইতিমধ্যে বহুকেইটা জনপ্ৰিয় এলবামত কণ্ঠদান কৰা প্ৰাৰ্থনাই জনপ্ৰিয় মাৰাঠী, বাংলা আৰু কন্নড় গীততো কণ্ঠদান কৰিছে । 

image


সঙ্গীতৰ উপৰিও প্ৰাৰ্থনাই কৰ্পৰেট জগততো খোপনি পুতিবলৈ সক্ষম হৈছে । কৰ্পৰেট কমিউনিকেছনৰ স্নাতকোত্তৰ প্ৰাৰ্থনা মুম্বাইত এগৰাকী ৰৰ্পৰেট কমিউনিকেছন পেছাদাৰীৰূপে কৰ্মৰত ।প্ৰাৰ্থনাৰ সফলতাৰ বাবে তেওঁ তেওঁৰ পৰিয়াৰ, বন্ধুবৰ্গ আৰু সকলো শুভকাঙ্ক্ষীকে ধন্যবাদ জনায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

গাড়ী চালকৰ পৰা বঁটা বিজয়ী উদ্যমীলৈঃ সাৰণ্যন শৰ্মাৰ প্ৰেৰণাময় যাত্ৰা

অসমৰ এখন সৰু চহৰৰ পৰা ৰুবৰু মিঃ ইণ্ডিয়ালৈ সঞ্জু ৰায়ৰ যাত্ৰা

গুৱাহাটীত ভাড়াঘৰৰ বাবে bharaghor.com

যোগ শিক্ষণে সকলো কথা নম্ৰভাবে গ্ৰহণ কৰিবলৈ শিকালে যোগ প্ৰশিক্ষক ৰিংকু ছুৰীক



    Share on
    close