এম এছ শুভলক্ষ্মীৰ সোঁৱৰণত ৰাষ্ট্ৰসংঘৰ ডাকটিকট

এম এছ শুভলক্ষ্মীৰ সোঁৱৰণত ৰাষ্ট্ৰসংঘৰ ডাকটিকট

Monday October 24, 2016,

3 min Read

কৰ্ণাটকী শাস্ত্ৰীয় সঙ্গীতৰ উজ্জল নক্ষত্ৰ এম এছ শুভলক্ষ্মীৰ সোঁৱৰণত ৰাষ্ট্ৰসংঘই এটা ডাক টিকট প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে শুভলক্ষ্মীয়ে ৫০ বছৰ আগতে ৰাষ্ট্ৰসংঘৰ মজিয়াত সঙ্গীত পৰিবেশন কৰিছিল । ৰাষ্ট্ৰসংঘৰ ডাক বিভাগে শুভলক্ষ্মীৰ জন্মশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি মুকলি কৰা এই ডাক টিকটৰ মূল্য ১.২০ মাৰ্কিন ডলাৰৰ ।  

ভাৰতে পেৰিছ পাৰিপাৰ্শ্বিকতা চুক্তিত অনুমোদন জনোৱা উপলক্ষে ৰাষ্ট্ৰসংঘৰ মূখ্য কাৰ্যালয়ত অায়োজিত এক অনুস্থানত এই ডাক টিকট উন্মোচন কৰা হয় । 

image


কুঞ্জম্মা নামেৰে জনাজাত শুভলক্ষ্মীৰ জন্ম ১৯১৬ চনৰ ১৬ ছেপ্টেম্বৰত মাদুৰাইত হৈছিল । তেওঁৰ মাতৃ আছিল প্ৰসিদ্ধ বিণাবাদক সন্মূখৱদিৱু অম্মাল আৰু পিতৃ সুব্ৰহ্মণিয়ম আয়াৰ । তেওঁৰ আইতাক অক্কাম্মাল আছিল এগৰাকী বেহেলাবাদক । তেওঁৰ মাতৃ আছিল দেৱদাসী সম্প্ৰদায়ৰ আৰু তেওঁ প্ৰায়ে মঞ্চত পৰিবেশন কৰিছিল । ইয়াৰপৰা হোৱা নামমাত্ৰ উপাৰ্জনেৰে তেওঁ তিনিটা সন্তান, খুড়াক, ভায়েক আৰু ভাই বোৱাৰীয়েকেৰে গঠিত এটা বিশাল পৰিয়ালক পোহপাল দিব লাগিছিল । 

নিচেই কম বয়সতে কুঞ্জম্মাই নিজ মাতৃৰপৰা সঙ্গীতৰ পাঠ আহৰণ কৰে । চেম্মানগুড়ি শ্ৰীনিৱাস আয়াৰৰপৰা তেওঁ আনুস্থানিক সংগীত শিক্ষা আৰম্ভ কৰে আৰু পাছলৈ পণ্ডিত নাৰায়ণ ৰাও ব্যাসৰপৰা হিন্দুস্তানী সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰে । অতি কম বয়সতে তেওঁ মাতৃৰ বীণাৰ সৈতে মঞ্চত সঙ্গীত পৰিবেশন আৰম্ভ কৰে । মাত্ৰ দহ বছৰ বয়সতে তেওঁ অতি উচ্চ পৰ্যায়ৰ সঙ্গীত পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । 

image


১৯৩০ চনত কুঞ্জম্মা আৰু তেওঁৰ মাতৃ চেন্নাইলৈ যায় সঙ্গীতৰ ক্ষেত্ৰত অধিক সফলতাৰ সন্ধানত । তাতেই তেওঁ লগ পায় সাংবাদিক আৰু স্বাধীনতা সংগ্ৰামী ত্যাগৰাজন সদাশিৱনক । তেওঁল সৈতেই ১৯৪০ চনত বিবাহপাশত আবদ্ধ হয় কুঞ্জম্মা । সদাশিৱনৰ সংস্পৰ্শত কুঞ্জম্মাৰ মাজতো স্বাধীনতাৰ চেতনাই গা কৰি উঠে আৰু তেওঁৰ সঙ্গীতত স্বাধীনতাৰ চেতনাই স্থান পাবলৈ ধৰে । 

সদাশিৱনৰ বন্ধু চি ৰাজাগোপালচাৰীৰ যোগেদি তেওঁ গান্ধীজি আৰু নেহৰুৰ সৈতে পৰিচিত হয় । ১৯৪৪ চনত কস্তুৰবা স্মাৰক ন্যাসৰ বাবে পুঁজি সংগ্ৰহৰ কাৰণে তেওঁ পাঁচটা অনুষ্ঠান কৰে । ইয়াৰ পাছত তেওঁ আন কেইবাটাও সামাজিক অনুস্থানৰ বাবে তেনে ধৰণৰ অনুষ্ঠান কৰে । 

১৯৩৭ আৰু ১৯৪৭ত শুভলক্ষ্মীয়ে কেইবাখনো ছৱিত অভিনয় কৰে । কল্কি নামৰ তামিল সাপ্তাহিকখনৰ বাবে পুঁজি সংগ্ৰহৰ কাৰণে তেওঁ সাবিত্ৰী নামৰ ছবিখনত অভিনয় কৰে । ইয়াত তেওঁ নাৰদৰ চৰিত্ৰত অভিনয় কৰিছিল । মীৰাবাইৰ জীৱনৰ ওপৰত আধাৰিত মীৰা নামৰ ছৱিখনৰ নাম ভূমিকাত কৰা অভিনয়ে তেওঁক ৰাষ্ট্ৰীয় খ্যাতি প্ৰদান কৰে । ১৯৫০ চনত এই ছৱিখন হিন্দীত ৰিমেক কৰা হয় আৰু ইয়াৰ লগে লগে এম এছৰ খ্যাতি দেশজুৰি বিয়পি পৰে । 

অৱশ্যে শুভলক্ষ্মীয়ে এটা সময়ত কেৱল সঙ্গীততেই মনোযোগ দিয়াৰ সিদ্ধান্ত লয় । তেওঁৰ হিন্দী ভজনবোৰে তেওঁক দক্ষিণ ভাৰতৰ বাহিৰত বিপুল জনপ্ৰিয়তা প্ৰদান কৰিলে । পিছে প্ৰচাৰবিমূখ শুভলক্ষ্মীয়ে কেতিয়াও সংবাদ মাধ্যমৰ আগত কোনো সাক্ষাৎকাৰ দিয়া নাছিল । 

অন্যান্য বহু সন্মানৰ লগতে ১৯৫৪ চনত পদ্মভূষণ, ১৯৭৪ চনত ৰেমন মেগছেছে বঁটা, ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰ, ১৯৭৫ চনত পদ্ম বিভূষণ, ১৯৮৮ চনত কালিদাস সন্মান, কণাৰ্ক সন্মান, সঙ্গীত নাটক একাডেমীৰ ফেলশ্বিপ, হাফিজ আলি খান বঁটা, ৰাষ্ট্ৰীয় সংহতিৰ বাবে ইন্দিৰা গান্ধী বঁটা আৰু দেশিকোত্তম বঁটাৰে বিভূষিত হোৱা শুভলক্ষ্মীয়ে ১৯৯৬ চনত ভাৰত ৰত্ন বঁটা লাভ কৰে । তেওঁ পুৰষ্কাৰ হিচাপে পোৱা ধনৰ অধিকাংশই সামজিক কাম কাজৰ বাবে দান হিচাপে আগবঢ়াইছিল । 

১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান ইউ থান্টৰ আমন্ত্ৰণ ক্ৰমে সঙ্গীত পৰিবেশন কৰি তেওঁ ৰাষ্ট্ৰসংঘত পৰিবেশন কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত হয় । 

ভাৰতৰ স্বাধীনতাৰ ৭০ তম জয়ন্তী উপলক্ষে আৰু ২০১৬ চনৰ আগষ্টত শুভলক্ষ্মীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এ আৰ ৰহমান আৰু তেওঁৰ সংগীসকলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সংগীত পৰিবেশন কৰিছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে