১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

Friday September 09, 2016,

2 min Read

যদি আপুনি ভাবে যে স্নাতকোত্তৰ ডিগ্ৰী এটা উচ্চ শিক্ষাৰ বাবে যথেষ্ট তেনেহলে আপুনি অধ্যাপক ভি এন পাৰ্থিবেনক লগ পোৱাৰ পিছত হয়তো আপোনাৰ মত সলনি কৰিব । অধ্যাপক পাৰ্থিবেনৰ ডিগ্ৰীৰ সংখ্যা হ'ল ১৪৫ ।

Image : (L) – India Today; (R) – The Huffington Post

Image : (L) – India Today; (R) – The Huffington Post


চেন্নাইৰ বাসিন্দা ৫৫ বছৰীয়া পাৰ্থিবেনে পইত্ৰিশ বছৰ ধৰি এই ডিগ্ৰীসমূহ অৰ্জন কৰিছে । অন্যান্য ডিগ্ৰীৰ লগতে তেওঁৰ আছে ১২ টা এম ফিল, ৯ টা এম বি এ, ৮ টা এম এল, ১০ টা এম এ, ৮ টা এম কম আৰু ৩ টা এম এছ চি ডিগ্ৰী । এই সন্দৰ্ভত তেওঁ কয়- 

"মই এটা সাধাৰণ পৰিয়ালৰপৰা অাহিছো । মোৰ প্ৰথম ডিগ্ৰীটো লাভ কৰিবলৈ মই কষ্ট কৰিবলগীয়া হৈছিল আৰু এই ডিগ্ৰী কৰাৰ পাছত মই ন্যায়পালিকা বিভাগত এটা চাকৰি পাইছিলো । তাৰ পাছত মই এনেকুৱা সকলোবোৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ ধৰিলো যিবোৰত পঞ্জিয়নৰ বাবে ট্ৰান্সফাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই । এনে কৰাৰ কাৰণ আছিল যাতে মই একে সময়তে বিভিন্ন কৰ্ছ কৰিব পাৰোঁ । মই যোৱা ত্ৰিশ বছৰ ধৰি পৰীক্ষা দিয়া আৰু নতুন কৰ্ছৰ বাবে প্ৰস্তুতি চলোৱা কামটো কৰি আহিছো। প্ৰতি দেওবাৰে মই পৰীক্ষা অথবা গৱেষণা পত্ৰ লিখাৰ কামত ব্যস্ত থাকোঁ ।"

চেন্নাইৰ বিভিন্ন কলেজত অধ্যাপক পাৰ্থিবেনে প্ৰায় ১০০ টা বিষয় পঢ়ায় । অৱশ্যে ইমানবোৰ বিষয়ৰ জ্ঞান থকা স্বত্তেও তেওঁ অকপটে স্বীকাৰ কৰে যে তেওঁ গণিত বিষয়টো টান পায় । 

এই সকলো সফলতাৰ বাবে তেওঁ নিজৰ পত্নীক ধন্যবাদ জনায় । বেংকৰ চাকৰীয়াল তেওঁৰ পত্নীৰ আছে ৯ টা ডিগ্ৰী আৰু তেওঁ পৰিয়ালটো আৰু তেওঁলোকৰ দুটি সন্তানৰ যত্ন লোৱাৰ লগতে তেওঁৰ এই অধ্যয়নত সহযোগ কৰি আহিছে । "মই শিক্ষালাভৰ প্ৰক্ৰিয়া চলাই নিবলৈ বিচাৰোঁ । মই আৰু কেইবাটাও কৰ্ছত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছো ।" অধ্যাপক পাৰ্থিবেনে কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

৯৪ বছৰ বয়সত গ্ৰামপ্ৰধান হিচাপে নিৰ্বাচিত গঙ্গুবাই ভাম্বুৰে

মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাৰপৰা কি শিকিব পাৰে

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'