ভাৰতবৰ্ষৰ চহৰ সমূহত অ’লা আৰু উবেৰে যাতায়তৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছে: ইয়ৰষ্টৰীৰ এক জৰীপ

ভাৰতবৰ্ষৰ চহৰ সমূহত অ’লা আৰু উবেৰে  যাতায়তৰ  ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছে: ইয়ৰষ্টৰীৰ এক জৰীপ

Sunday November 08, 2015,

3 min Read

মহানগৰ সমূহত সম্প্ৰতি যাতায়ত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। জনসংখ্যা বঢ়াৰ লগে লগে যাতায়তৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা বৃদ্ধি হৈছে।সেইদৰে বাহনৰ চাহিদা বৃদ্ধি পাইছে। ব্যক্তিগত বাহন,চৰকাৰী বাহনৰ লগতে এতিয়া জনপ্ৰিয়তা বৃদ্ধি হৈছে ব্যক্তিগত খণ্ডত চলা কিছুমান বাহনৰ।মাই টেক্সি, প্ৰাইম কেব, অ’লা, উবেৰ আদি তেনে কিছুমান ব্যক্তিগত খণ্ডৰ বাহন। সহজলভ্য, কম খৰচী আৰু আৰামদায়ক এই বাহন সমূহে যাত্ৰীক বহু সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে।উদাহৰণস্বৰূপে অ’লা নামৰ সংস্থাটোৰ অধীনত বিভিন্ন চহৰত দুই লাখ পঞ্চাশ হাজাৰ বাহন চলাচল হৈ আছে।

কিন্তু এই বাহন সমূহে পৰিবেশত কেনে প্ৰভাৱ পেলাইছে বা চৰকাৰী নীতি-নিৰ্দেশনা মানি চলাৰ ক্ষেত্ৰত কিমান বিশ্বাসযোগ্যতা বৰ্তাই ৰাখিব পাৰিছে, এই বিষয়ত চিন্তাৰ প্ৰয়োজন আছে।

image


EMBARQ India নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই বিষয়ত এক সিদ্ধান্তলৈ আহিবৰ বাবে এক জৰীপ আৰম্ভ কৰিছে।এই জৰীপৰ পৰা এক সুফল যাতে সাধাৰণ জনতাইয়ো লাভ কৰে সেই কথাৰ প্ৰতি দৃষ্টি ৰাখি YourStory এ এই জৰীপত EMBARQ India ক সহযোগ কৰাৰ প্ৰয়াস কৰিছে।

জৰীপৰ পৰা এই কথা জানিব পৰা গৈছে যে চাহিদা থকা এই কেব সংস্থাবোৰে যাৱতীয় নথি-পত্ৰৰ বিষয়টোত গুৰুত্ব আৰুপ কৰা নাই।ফলত কোনো সময়ত যাত্ৰী বিপদত পৰাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি।এই জৰীপত আমি নিম্নলিখিত তথ্য সমূহত গুৰুত্ব আৰুপ কৰিছোঁ-

১) একোখন বাহনে কিমান কিলোমিটাৰ দূৰত্ব সাঙুৰি লয়।

২)এই বাহন সমূহে ব্যক্তিগত বাহন চাহিদাত কেনে প্ৰভাৱ পেলাইছে।

৩)পাৰ্কিঙত কেনে প্ৰভাৱ পৰিছে।

৪)নিৰাপত্তা, আৰাম, ভাৰা আদিৰ ক্ষেত্ৰত যাত্ৰীসকলে কেনে সুবিধা লাভ কৰিছে।

৫)বাহন চালকসকলৰ সুবিধা-অসুবিধা।

৬)পৰিবেশত পৰা প্ৰভাৱ।

এই জৰীপ প্ৰক্ৰিয়াত যাত্ৰীসকলৰ লগত অনলাইন যোগাযোগ কৰাৰ লগতে চালকসকলৰ সুকীয়া চাৰ্ভে কৰা হৈছে।ইয়াৰোপৰি এনে বাহনত ভ্ৰমনৰ কাৰণ,সুবিধা,বাহনৰ স্বতাধীকাৰি সংস্থাৰ অভিমত, ছাৰ্ভিচ ফেচিলিটি আদি বিভিন্ন দিশৰ প্ৰশ্ন সামৰি লোৱা হৈছে।

দেশজুৰি বাহনৰ চাহিদা

OLA,UBER,MYTAXI আদি ব্যক্তিগত বাহনৰ চাহিদা দেশজুৰি ভিন্ন।যিসময়ত US প্ৰশাসন আৰু ইণ্ডিয়া গভৰ্নমেন্টে এই বাহন সমূহ চলাচলত নতুন আইন প্ৰয়োগ কৰিছে, সেইসময়ত আন কিছুমান দেশে এই বাহন সমূহ চলাচলত সীমাবদ্ধতা আৰূপ কৰিছে।২০১৫ চনৰ আগষ্টলৈকে, ১৭ খন US city আৰু কলকতাৰ বিধাননগৰকে ধৰি চাৰিখন ৰাজ্যই এই বাহন সমূহৰ ক্ষেত্ৰত সুবিধাজনক আইন প্ৰয়োগ কৰিছে।আনহাতে, বষ্টনকে ধৰি কিছুমান চহৰৰ প্ৰশাসনে বাহন সমূহৰ ক্ষেত্ৰত উদ্যমী সমাধান গ্ৰহন কৰিছে।বষ্টনৰ প্ৰশাসনে UBER ৰ ক্ষেত্ৰত কৰ সংগ্ৰহেৰে এক পাৰ্টনাৰশ্বিপ আৰম্ভ কৰিছে।উন্নত মানৰ যাতায়ত সেৱা লাভৰ ক্ষেত্ৰত যাত্ৰীৰ পৰা কৰ সংগ্ৰহ কৰাত গুৰুত্ব আৰূপ কৰিছে নিউ ইয়ৰ্ক প্ৰশাসনে।আনহাতে লণ্ডন প্ৰশাসনে চালকৰ সেৱাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা আৰম্ভ কৰিছে।

ভাৰতবৰ্ষত ব্যক্তিগত বাহনৰ প্ৰভাৱ

ভাৰতবৰ্ষত ব্যক্তিগত বাহনৰ প্ৰভাৱ বা চাহিদাৰ বিষয়ে EMBARQ India ই স্বতাধীকাৰি আৰু transport authority ৰ লগত নিম্নলিখিত বিষয়সমূহত আলোচনা কৰাৰ প্ৰয়াস কৰিছে-

১)বাহন সমূহৰ মানদণ্ড ৰক্ষা কৰিবলৈ কেনে ধৰণৰ নতুন পদক্ষেপ লব পাৰি।

২)Model সমূহ উন্নত কৰাৰ বিষয়ে কেনে ব্যৱস্থা গ্ৰহন কৰিব পাৰি।

৩)একোখন চহৰৰ বাবে কেনে সেৱা আৰম্ভ কৰিব পাৰি।

৪)ভৱিষ্যত জৰীপ বা সুবিধাজনক পদক্ষেপৰ বাবে কি কৰিব পাৰি।

এই সংক্ৰান্তত উপযুক্ত তথ্যৰে এই জৰীপত আমাক সহযোগ কৰিবলৈ অনুগ্ৰহ কৰি এই ফৰ্ম খন সম্পূৰ্ণ কৰক

(ছৱি- shutterStock ৰ সৌজন্যত )