কন্যা সন্তান উপজিলে চিকিৎসা মাচুল নোলোৱা এজন চিকিৎসক

কন্যা সন্তান উপজিলে চিকিৎসা মাচুল নোলোৱা এজন চিকিৎসক

Sunday November 22, 2015,

2 min Read

ভাৰত এখন বিচিত্ৰ দেশ। এফালে যদি মহাকাশ বিজ্ঞানী সকলে মঙলযানেৰে মঙল গ্ৰহত অভিযান চলাইছে আনফালে এতিয়াও দেশত চলি আছে কন্যাভ্ৰুণ হত্যা। আজিও ভাৰতৰ কোনো কোনো ঠাইত কন্যা সন্তান উপজিলে স্বামী পৰিয়ালৰ ৰোষৰ বলি হয় প্ৰসূতি। আনহাতে সমাজত এনে ব্যক্তিও আছে যি সমাজৰ এনে অশুভ পৰম্পৰাৰ বিৰুদ্ধে অহৰহ যুঁজ দি আহিছে। এনে এজন ব্যক্তি ডাঃ গণেশ ৰাখ। যি ব্যক্তিগত ভাবে আৰম্ভ কৰা এক অভিযান এতিয়া পৰিণত হৈছে এক সামাজিক আন্দোলনলৈ।

ডাঃ গণেশ ৰাখৰ পিতৃ আছিল এজন বনুৱা। এজন বনুৱাৰ পুত্ৰ চিকিৎসক হোৱাৰ যাত্ৰাও মসৃণ নাছিল। তাতকৈয়ো মনোগ্ৰাহী তথা প্ৰেৰণাদায়ক ডাঃ গণেশ ৰাখ এজন সফল চিকিৎসক হোৱাৰ কাহিনী। ২০০৭ চনত ডাঃ গণেশ ৰাখে পুণেৰ হাডাপচাৰত আৰম্ভ কৰিলে ২৫ খন বিচনা যুক্ত এখন সাধাৰণ আৰু মেটাৰনিটি হাস্পতাল। চিকিৎসালয় খন আৰম্ভ কৰাৰ উদ্দেশ্যই আছিল আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোক সকলক সহায় কৰা। আজি ডাঃ গণেশ ৰাখৰ চিকিৎসালয় খন এখন ব্যস্ত চিকিৎসালয়।

পুণেৰ সেই অঞ্চলটোত চলি থকা কন্যাভ্ৰুণ হত্যা তথা কন্যা সন্তান বিৰুধী অশুভ পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ পণ ল’লে ডাঃ গণেশ ৰাখে। ডাঃ ৰাখে সেই উদ্দেশ্যেই নিজৰ চিকিৎসালয়ত আৰম্ভ কৰিলে এক নিয়ম। ডাঃ ৰাখে নিশ্চিতি দিলে কোনো প্ৰসূতীয়ে কন্যাসন্তান জন্ম দিলে চিকিৎসা ব্যয় বা মাচুল নলয় তেওঁৰ চিকিৎসালয়খনে। ইয়াৰ উপৰিও কন্যাসন্তান জন্ম হ’লে ডাঃ ৰাখৰ গোটেই চিকিৎসালয় খনতে মিঠাই বিতৰণ কৰি সৃষ্টি কৰা হয় এক উৎসৱ মুখৰ পৰিবেশ। এটা সাক্ষাৎকাৰত প্ৰকাশ কৰা ডাঃ ৰাখৰ ভাষ্য এনেধৰণৰ- “আমাৰ পৰম্পৰাগত সমাজখন কেৱল পুৰুষ প্ৰধান। তাৰ ছাঁ পৰে কন্যা শিশুৰ ওপৰতো। এজন পেছাদাৰী চিকিৎসক হিছাপে সন্তান জন্ম দিয়াৰ পিছত সন্তানটি কন্যা হোৱাৰ বাবে পৰিয়ালে মাতৃ গৰাকীক কৰা লাঞ্চনা মই দেখিছো।”

ডাঃ গণেশ ৰাখ

ডাঃ গণেশ ৰাখ


আটাইতকৈ প্ৰেৰণাদায়ক কথাটো হ’ল ডাঃ ৰাখৰ এই পদক্ষেপ লাহে লাহে এক সামাজিক আন্দোলনৈ ৰূপান্তৰ হ’ল। ডাঃ ৰাখে নিজে নভবা কিছু ইতিবাচক প্ৰতিক্ৰিয়াও দেখা গ’ল তেওঁ আৰম্ভ কৰা এই সামাজিক আন্দোলনৰ দ্বাৰা। “মোৰ মেডিকেল ৰিপৰ্ট পঢ়াৰ পিছত প্ৰায় ১৭-১৮ খন গ্ৰাম পঞ্চায়তৰ লগতে শতাধিক চিকিৎসকে মোৰ সৈতে যোগাযোগ কৰিলে। প্ৰতিশ্ৰুতি দিলে লিংগ নিৰ্ণয় পৰীক্ষা নকৰাৰ। লগতে কন্যা সন্তান জন্ম দিলে পৰিয়ালক উৎসাহিত কৰিব বুলিও চিকিৎসকে দায়িত্ব গাত পাতি ল’লে।”- ডাঃ ৰাখে নিজৰ ভাললগা অভিজ্ঞতাৰ কথা ক’লে এনেদৰে। বৰ্তমানলৈ ডাঃ ৰাখৰ সামাজিক আন্দোলনত মহাৰাষ্ট্ৰৰ বহু ভিতৰুৱা অঞ্চলৰ প্ৰায় ৩,০০০ চিকিৎসকে যোগদান কৰিছে। সকলো সংকল্পবদ্ধ কণ্যা শিশু বিৰোধী সমাজৰ অশুভ পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ।

মূলঃ থিংক চেইঞ্জ ইণ্ডিয়া

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

    Share on
    close