ঘটনাক্ৰমে কাৰ্বন ডাই অক্সাইডৰপৰা ইন্ধন প্ৰস্তুত কৰিলে মাৰ্কিন বিজ্ঞানীয়ে

ঘটনাক্ৰমে কাৰ্বন ডাই অক্সাইডৰপৰা ইন্ধন প্ৰস্তুত কৰিলে মাৰ্কিন বিজ্ঞানীয়ে

Monday October 31, 2016,

1 min Read

এদল বিজ্ঞানীয়ে ঘটনাক্ৰমে আবিষ্কাৰ কৰিছে এক যুগান্তকাৰী প্ৰযুক্তি । বতৰ পৰিবৰ্তন আৰু পৰিবেশৰ প্ৰতি ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । 

Image : Public Health Watch

Image : Public Health Watch


আমেৰিকা যুক্তৰাষ্ট্ৰৰ অ'ক ৰিদজ নেচনেল লেবৰেটৰীৰ শক্তি বিভাগৰ এদল বিজ্ঞানীয়ে কাৰ্বন ডাই অক্সাইডক ইথানললৈ পৰিণত কৰা এক ৰাসায়নিক বিক্ৰিয়া আৱিষ্কাৰ কৰিছে । ইয়াৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডক ইন্ধনত পৰিণত কৰিব পৰা যাব। 

এই বিজ্ঞানীৰ দলটোক নেতৃত্ব দিয়া আডাম ৰণ্ডিননে এই আৱিষ্কাৰ সন্দৰ্ভত কয়, "আমি আন কিবা এটা পৰিঘটনা অধ্যয়ন কৰি থাকোঁতে ঘটনাক্ৰমে এই আৱিষ্কাৰ কৰি পেলালো ।" 

Image : ORNL

Image : ORNL


ইতিমধ্যে এই আৱিষ্কাৰৰ সবিশেষ কেমিষ্ট্ৰি চিলেক্ট নামৰ এক বিজ্ঞান পত্ৰিকাত প্ৰকাশ পাইছে । এই প্ৰক্ৰিয়াটো সাধাৰণ উষ্ণতাত সস্তীয়া সামগ্ৰীৰে চলাব পাৰি । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক