কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com

Sunday May 15, 2016,

3 min Read


এখন জাংক মেইল অৰ্থাৎ অদৰকাৰী ই-মেইলৰ পৰাই ভেটি স্থাপন হৈছিল এটা ষ্টাৰ্টআপৰ । নভবাকৈয়ে এখন মেইলত অহা এটা লিংকত ক্লিক কৰিছিল ধ্ৰুৱজ্যোতি শইকীয়াই। এইটো আছিল এটা মেট্ৰিমনিয়েল ছাইট অৰ্থাৎ ঘটক প্ৰতিষ্ঠানৰ ছাইটৰ লিংক । এনেয়ে ক্লিক কৰা ছাইটটোত ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ তালিকা এখন দেখুৱাইছিল যদিও তাত নাছিল অসমৰ বহুকেইটা জাতি জনগোষ্ঠীৰ নাম । অধিক কৌতুহলী হৈ অন্যান্য বহুকেইটা তেনেধৰণৰ ছাইট খুলি চালে তেওঁ । আটাইকেইটাতে একেটাই কথা লক্ষ্য কৰিলে তেওঁ । অসমৰ জাতি জনগোষ্ঠী, অসমৰ সমাজৰ লগত খাপ খোৱাকৈ এটা ছাইটতো নাই কিছুমান ব্যৱস্থা । সেই সময়ত কিছুমান কথাৰ বাবে কিছু হতাশাগ্ৰস্ত হৈ থকা ধ্ৰুৱজ্যোতিৰ মনলৈ হঠাৎ আহিল এটা পৰিকল্পনা । অসমৰ সকলো জাতি জনগোষ্ঠী আৰু অসমৰ সমাজৰ বৈচিত্ৰ আৰু বিশেষত্বসমূহ প্ৰতিফলিত হ'ব পৰাকৈ এটা সম্পুৰ্ণ অসমকেন্দ্ৰিক মেট্ৰিমনিয়েল ছাইট নিৰ্মাণ কৰিলে কেনে হয় ?

শুভ বিবাহ ডট কমৰ আৰম্ভণী

এটা অসমকেন্দ্ৰিক মেট্ৰিমনিয়েল ছাইটৰ ধাৰণা মনলৈ অহাৰ লগে লগে এই ধাৰণাটোক এটা বাস্তবিক ৰূপ দিয়াৰ চিন্তা কৰিবলৈ ধৰিলে ধ্ৰুৱজ্যোতিয়ে । ফোন কৰিলে বন্ধু মিন্টু মণি দাসক । মিণ্টু সেই সময়ত দেশৰ ৰাজধানী দিল্লীত ব্যস্ত নিজৰ ব্যৱসায়ক লৈ । ৱেব ডেভেলপাৰ মিণ্টু মণিয়ে এই ধাৰণাটোৰ কথা শুনি কেৱল সহযোগিতাৰ আশ্বাস দিয়াই নহয় একেবাৰে দিল্লী ত্যাগ কৰি উভতি আহিল অসমলৈ । দুয়ো বন্ধুৰ মাজত চলিল আলোচনাৰ পিছত আলোচনা। ধ্ৰুৱজ্যোতিয়ে কৈ গ'ল তেওঁৰ মনত থকা সমস্ত পৰিকল্পনা। 

''মিন্টুৰ লগত সকলো কথা ভালকৈ আলোচনা কৰাৰ অন্তত সি কলে - 'মই অলপ ৰিচাৰ্ছ কৰোঁ ছাইটতো কেনেকৈ কৰা ভাল হ'ব।' কেইদিনমানৰ পিছত আহি সি মোক ক'লে ছাইটতো চা কেনেকুৱা লাগিছে? ৰিচাৰ্ছ কৰা নহয় সি একেবাৰে কামটোকে কৰি পেলালে। ''
image


এইদৰেই দুয়ো বন্ধুৱে নিজৰ সাঁচতীয়া ধনেৰে গঢ়ি তুলিলে শুভবিবাহ ডট কম । উল্লেখযোগ্য যে subhabibah.com ব্যৱহাৰকাৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া । ইয়াত সন্নিবিষ্ট হৈছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী । আনকি আন ঠাইৰ পৰা আহি অসমত বসবাস কৰি অসতে জীণ যোৱাসকলকো অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত ।

'প্ৰথম মাহতেই আমি বিপুল সঁহাৰি লাভ কৰিছো । অৱশ্যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোটিটকীয়া মেট্ৰিমনিয়েল ছাইটৰ দৰে সা-সুবিধা স্বাভাবিকতে দিব পৰা নাই । কিন্তু আমি দ্ৰুত গতিত আমাৰ ছাইট উন্নত কৰি গৈ আছো। লগতে আমি আমাৰ ব্যৱহাৰকৰীসকলকো বুজাই দিবলৈ সক্ষম হৈছো আমি কি কাৰণত পৃথক । ' উৎসাহেৰে কৈ গ'ল ধ্ৰুৱজ্যোতি শইকীয়াই ।

ব্যৱহাৰকাৰীসকলৰ সৈতে ব্যক্তিগত যোগাযোগ ৰখাত গুৰুত্ব প্ৰদান কৰে ধ্ৰুৱজ্যোতি শইকীয়াই । ব্যৱহাৰকাৰীসকলৰ নিৰাপত্তাৰ দিশটোতো বিশেষ গুৰুত্ব প্ৰদান কৰা হয় । বিশেষকৈ মহিলাসকলৰ প্ৰফাইলৰ তথ্যৰ যাতে অপপ্ৰয়োগ নহয় তাৰবাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় । subhabibah.comৰ কণ্টেণ্ট আৰু মাৰ্কেটিংৰ দিশটো চায় ধ্ৰুৱজ্যোতি শইকীয়াই । আনহাতে কাৰিকৰী দিশটোৰ দয়িত্বত আছে মিণ্টু মণি দাস ।

image


অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কদৰ্য টেলিকম আৰু ইণ্টাৰনেট সেৱা তথা জনসাধাৰণৰ মাজত ইণ্টাৰনেট সজাগতাৰ অভাৱ স্বত্বেও subhabibah.com ক লৈ উৎসাহী ধ্ৰুৱজ্যোতি আৰু মিন্টু মণি । তেওঁলোকৰ মতে এয়া ইণ্টাৰনেট সম্পৰ্কীয় কামৰ আৰম্ভ কৰিবৰ বাবে এক সুন্দৰ সময় । 

পাত্ৰ বা পাত্ৰীৰ সন্ধানৰ লগতে বিবাহ সম্পৰ্কীয় অন্যান্য সেৱা আগবঢ়োৱা আৰু তেনে সেৱা আগবঢ়োৱা আন সকলক এখন মঞ্চ প্ৰদান কৰিবলৈ চেষ্টা কৰাটো subhabibah.com ৰ আন এক প্ৰয়াস । আনহাতে সামাজিক সচেতনতাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰতিষ্ঠানটোৱে । মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে subhabibah.com এ হাতত লৈছে এক সজাগতা অভিযান- অপাৰেশ্যন পিকদানী ।

image


অতি সোনকালে সম্পুৰ্ম অসমীয়া ভাষাতো উপলব্ধ হ'ব subhabibah.com . ইয়াৰ উপৰিও পৰ্যায়ক্ৰমে ইয়াত সন্নিবিষ্ট হ'ব অন্যান্য বহু সেৱা । ধ্ৰুৱজ্যোতি আৰু মিন্টুমণিৰ দৃঢ় বিশ্বাস- তেওঁলোকে শীঘ্ৰেই subhbibha.com ক গঢ়ি তুলিব দেশৰ আগশাৰীৰ কোটিটকীয়া মেট্ৰিমনিয়েল ছাইটসমূহৰ দৰেই ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী 

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী