ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

Thursday June 02, 2016,

3 min Read

২০১৩ চনৰ ছেপ্টম্বৰ মাহৰ এটা আবেলি । একাদশ শ্ৰেণীৰ ছাত্ৰ স্বপ্ননীল টিউচনৰপৰা ভাগৰে জুগৰে আহি ঘৰ সোমালহি । চকীখনত বহি পৰাৰ পাছত যেন শৰীৰটোৱে আৰু লৰচৰ কৰিবলৈ নিবিচাৰিব । কিন্তু সমূখত পৰি থকা পদাৰ্থবিজ্ঞানৰ কিতাপখনে সোঁৱৰাই আছে যে পৰীক্ষালৈ বেছিদিন নাই আৰু পঢ়িবলৈ আছে বহুতো কিবা কিবি । কিতাপখনৰ পাত লুটিয়াবলৈও যেন সামৰ্থ্য নাই অৱশ শৰীৰটোত । এলাহে জুমুৰি দি ধৰিছে । কিতাপৰ পাতবোৰ যদি হাত নলগোৱাকৈ লুটিয়াই থাকিবপৰা গ'লহেতেন । এলাহতে অহা এই চিন্তাই যেন হঠাৎ সকলো এলাহ কাটি দিলে স্বপ্ননীলৰ । সঁচাকৈয়ে এনেকুৱা এটা যন্ত্ৰ বনাব পাৰিলে কেনে হয় ? হাত নলগোৱাকৈ কিতাপৰ পাত লুটিয়াবপৰা এটা যন্ত্ৰ যদি উলিয়াবপৰা যায় তেনেহলে যিসকলৰ হাত নাই বা হাত ব্যৱহাৰৰ অনুপযোগী, তেওঁলোকেও অনায়াসে এই যন্ত্ৰ ব্যৱহাৰ কৰি কিতাপৰ পাত লুটিয়াব পাৰিব। 

এই চিন্তা মনলৈ অহাৰ লগে লগে পুৰ্ণোদ্যমে কামত লাগিল স্বপ্ননীল । আৰু সাজি উলিয়ালে এটা কিতাপৰ পাত লুটিয়াবপৰা যন্ত্ৰ যি যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ হাত লগোৱাৰ প্ৰয়োজন নাই । এই যন্ত্ৰই তেওঁক দেশজোৰা খ্যাতিৰ দিয়াৰ লগতে ৰাষ্টপতিৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এই যন্ত্ৰক বৰ্তমানলৈ কেইবাবাৰো উন্নত কৰিছে তেওঁ আৰু বৰ্তমান ইয়াক বিদ্যুৎ শক্তিচালিত ৰূপ দিয়াৰ লগতে ভইচ ৰিকগনিশ্বনৰ সুবিধা সংযোজিত কৰাৰ কাম কৰি আছে ইনভেশ্বন স্কলাৰ আখ্যা পোৱা স্বপ্ননীলে ।

image


'মই সদায় যিকোনো কাম সহজে কৰাৰ চিন্তাত থাকোঁ । এই কাৰণেই মোৰ মনলৈ এই যন্ত্ৰটোৰ কথাও আহিছিল।' স্বপ্ননীলে কয় । এই যন্ত্ৰটো প্ৰথমবাৰ বনোৱাৰ পিছত কেইবাবাৰো তাক উন্নত কৰে আৰু এই উদ্ভাৱনৰ বাবে তেওঁ আই আই এম আহমেদাবাদত প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰপৰা IGNITE-14 পুৰষ্কাৰ গ্ৰহণ কৰে । ইয়াৰ পাছত ২০১৬ চনত তেওঁ সন্মানীয় Innovation Scholars In-Residence কাৰ্যসূচীৰ অধীনত দুসপ্তাহৰবাবে ৰাষ্ট্ৰপতি ভৱনৰ অতিথি হোৱাৰ সুযোগ পাইছিল । এই কাৰ্যসূচীৰ অন্তৰ্ভূক্ত হোৱা উদ্ভাৱকসকলৰ ভিতৰত তেওঁৱেই আছিল কনিষ্ঠতম ।

image


'মোৰ মতে এই সন্মানক এটা সুযোগ বোলাতকৈ এটা দায়িত্ব বুলি কোৱাহে উচিত হ'ব ।' স্বপ্ননীলে কয় । এই দায়িত্বক সঠিক ৰূপত পালন কৰি যাবলৈ সম্পূ্ৰ্ণ চেষ্টা চলাইছে তেওঁ । বৰ্তমান গিৰিজানন্দ চৌধূৰী ইষ্টিটিউট অৱ ছাইন্স এণ্ড টেকললজীত অধ্যয়নৰত স্বপ্ননীলে GrNInnovare Initiative নামৰ এত কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উদ্ভাৱনসমূহ বিশ্ববাসীৰ আগলৈ লৈ যাোৱাত সহায় কৰাৰ পদক্ষেপ হাতত লৈছে । তেওঁ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ ইনভেশ্বন হাবৰ সৈতেও জড়িত ।

image


ইফালে তেওঁৰ উদ্ভাৱন কিতাপৰ পাত লুটিওৱা যন্ত্ৰটিক এতিয়া বৈদ্যুতিক ৰূপ দিয়াৰ লগতে ভইচ ৰিকগনিশ্বন ব্যৱস্থা সংলগ্ন কৰাৰ চেষ্টা চলাই আছে স্বপ্ননীলে । উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনৰ ক্ষেত্ৰখনত উপলব্ধ সা-সুবিধাসমূহৰ লগত চিনাকী কৰাই দিয়াৰ কামত দেহে-কেহে জড়িত হৈ আছে স্বপ্ননীল । অসম তথা উত্তৰ পূৰ্বাঞ্চলক উদ্ভাৱনৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দিয়াৰ ক্ষেত্ৰত যতদুৰ সম্ভৱ অৰিহণা যোগোৱাটোক এটা ব্ৰত হিচাপে গ্ৰহণ কৰিছে স্বপ্ননীলে । সেয়েহে বিভিন্ন শিক্ষানুস্থানত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি তেওঁৰ অন্যতম লক্ষ্য ।

image


'দেশৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীসকলৰ বাবে এজন মেন্টৰ হিচাপে কাম কৰাৰ মোৰ সদায়েই ইচ্ছা আছিল । তেওঁলোকক দেশৰ প্ৰগতিৰ বাবে সাাজিক, অৰ্থনৈতিক, কাৰিকৰী আদি ,কলো ক্ষেত্ৰতে কাম কৰিবলৈ উদ্বুদ্ধ কৰিব পৰাকৈ সক্ষম হোৱাটো মোৰ সপোন আছিল,' স্বপ্ননীলে কয়। এই সপোনক এতিয়া পূৰামাত্ৰাই সফল কৰিছে স্বপ্ননীলে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থাপন হ'ব সাজ-পাৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ

আত্মহত্যাৰ চিন্তাৰপৰা তাৰকা অলৰাউণ্ডাৰ হোৱালৈ সুৰেশ ৰাইনাৰ যাত্ৰা

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী