এটা ভাৰতীয় বহুজাতিক কোম্পানী নিৰ্মাণ: আয়ুশক্তি আয়ুৰ্বেদৰ ডা. স্মিতা নাৰমৰ সপোন !

এটা ভাৰতীয় বহুজাতিক কোম্পানী নিৰ্মাণ: আয়ুশক্তি আয়ুৰ্বেদৰ ডা. স্মিতা নাৰমৰ সপোন !

Sunday November 08, 2015,

6 min Read

প্ৰায় ১০ বছৰ বয়সত প্ৰচণ্ড পেটৰ বিষত ভূগিছিল ডা. স্মিতা নাৰমে। তেওঁৰ এই বিষ ইমানেই বেচি আছিল যে স্মিতাৰ পিতৃ-মাতৃয়ে তেওঁৰ এপেন্টিচাইটিছ হোৱা বুলি সন্দেহ কৰি অস্ত্ৰোপচাৰ কৰিবলৈ স্মিতাক চিকিৎসালয়লৈ লৈ যোৱাৰ যো-জা চলাইছিল। পিছত স্মিতাৰ পিতৃয়ে তেওঁৰ এজল খুৰাকক মাতি পঠিয়ালে। খুৰাকজন আছিল এজন বেজ আৰু গাৱত তেওঁ বেজালী কৰিছিল। সেই খুৰাকজনেই স্মিতাৰ এই পেটৰ বিষৰ বাবে এক বনৌষধ দিছিল। সেই বনৌষধ সেৱন কৰাৰ পিছতেই আশ্চৰ্যজনকভাৱে স্মিতাৰ পেটৰ বিষ আঁতৰিছিল। এইধৰনেই ঘৰুৱা বনদৰৱৰ সহায় লৈ স্মিতা আৰু তেওৰ পৰিয়াল উপকৃত হৈছিল।

সেই ঘটনাটোৱেই ডাঃ স্মিতাৰ মনত আয়ুৰ্বেদৰ ওপৰত গভীৰ বিশ্বাস জন্মাইছিল।ডা.স্মিতাই কয় ‘মোৰ দেউতা,ককা আৰু খুৰা আছিল আয়ুৰ্বেদিক চিকিৎসক। শৈশৱৰ পৰাই মই কোনোধৰণৰ এলোপেথিক দৰৱ গ্ৰহন কৰা নাই।মই যেতিয়াই অসুস্থ হৈ পৰিছিলো মোক ‘সুদৰ্শন ঘণৱতী’ খাবলৈ দিয়া হৈছিল আৰু প্ৰতি দেওবাৰে এছামুচ কেষ্টৰ তেল খাবলৈ দিছিল’ ।

এইধৰণৰ কেইবাটাও অভিজ্ঞতা আৰু প্ৰাচীন সেই চিকিৎসা বিদ্যাৰ সৈতে হোৱা সম্পৰ্কই ডাঃ স্মিতাৰ মনটো আয়ুৰ্বেদলৈ ঢাল খুৱাইছিল।কিন্তু তেওঁ কেৱল এগৰাকী চিকিৎসক হৈয়েই থাকিব নিবিচাৰিলে,তেওঁ আৰম্ভ কৰিলে “আয়ুশক্তি আয়ুৰ্বেদ প্ৰাইভেট লিমিটেড(Ayushakti Ayurveda Pvt Ltd)”। “আয়ুশক্তি আয়ুৰ্বেদ প্ৰাইভেট লিমিটেড হৈছে ডাঃস্মিতাৰ এই চিকিৎসা বিদ্যাটোৰ প্ৰতি থকা ভালপোৱা আৰু চিৰাচৰিত অভ্যাসৰো উৰ্ধত গৈ কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহৰ ফচল।

image


আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰক প্ৰসাৰতা প্ৰদান

ডা.স্মিতাই আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰি থকা সময়চোৱাতেই স্বামীক লগ পাইছিল আৰু স্নাতক উত্তীৰ্ণ হোৱাৰ পিছত চিকিৎসা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ ওপৰত থকা দক্ষতাৰ ফলত তেওঁলোক যঠেষ্ট সংখ্যক ৰোগী লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ডাঃ স্মিতাই কেৱল ৰোগীৰ বিশ্বাস জয় কৰাৰো উৰ্ধত গৈ কিবা এটা কৰাৰ হেঁপাহ মনত পুহি ৰাখিছিল। ডাঃস্মিতাৰ ভাষাত, ‘আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যঠেষ্ট সক্ষমতা আছে কিন্তু মই এনেকুৱা কিবা এটা বিচাৰিছিলো,যাৰ জৰিয়তে আৰু অধিক চিকিৎসকে আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ গুণসমুহ সমগ্ৰ বিশ্বতে বিয়পাই দিবলৈ সক্ষম হয়।

আপুনি জানেনে যে arthritis, infertility(সন্তানহীনতা), fibroids আৰু psoriasis আদি ৰোগৰ নিৰাময়ৰ উপায় আয়ুৰ্বেদত আছে ? এই সত্য প্ৰমাণ কৰিবলৈ নেডাৰলেণ্ডছৰ ডাঃভিক্টৰ মানহেভ আয়ুশক্তি আয়ুৰ্বেদ প্ৰাইভেট লিমিটেডলৈ আহিছিল। তিনিবছৰ ধৰি তেওঁ আয়ুশক্তি আয়ুৰ্বেদ প্ৰাইভেট লিমিটেডত infertility(সন্তানহীনতা)ত ভুগি থকা ৰোগীসকলক পৰ্যবেক্ষণ কৰে। PCOD, শুক্ৰাণুৰ অপৰ্যাপ্ততা, low motility, habitual abortion আৰু সাধাৰণ সন্তানহীনতা আদি সমস্যাত ভুগি থকা ৰোগীসকলক পৰ্যবেক্ষণৰ অন্তত তেওঁ এই চিকিৎসাৰ এক আশাপ্ৰদ ফলাফল দেখা পায়। ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ নেডাৰলেণ্ডছৰ এৰামাছ বিশ্ববিদ্যালয়ত তেওঁৰ গৱেষণা পত্ৰ দাখিল কৰে। এই গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে infertility(সন্তানহীনতা)ৰ ক্ষেত্ৰত সাধাৰণ এলোপেথিক চিকিৎসাত ১৫ৰ পৰা ২০শতাংশ সফলতাৰ বিপৰিতে আয়ুশক্তি আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে ৪২শতাংশ অৰ্থাত দুগুণ সাফল্য লাভ কৰিব পৰা যায়।

ইয়েই আয়ুশক্তি আয়ুৰ্বেদৰ এক টাৰ্ণিং পইন্ট হিচাপে বিবেচিত হয়। এই খবৰ বিয়পি পৰাৰ লগে লগেই পশ্চিমৰ বহু চিকিৎসকে আয়ুশক্তিৰ সৈতে নিজকে নিয়োজিত কৰিবলৈ আগ্ৰহী হৈ পৰে আৰু এই চিকিৎসা পদ্ধতিক বিদেশলৈ লৈ যাবৰ বাবে উঠিপৰি লাগে। ডাঃ নৰম আৰু তেওঁৰ স্বামীয়ে আয়ুৰ্বেদিক দৰৱসমুহক এক পদ্ধতিগত দিশত সজায় লৈ বিক্ৰিৰ ব্যৱস্থা গ্ৰহন কৰে আৰু তাৰেই ফলস্বৰূপে ১৯৮৭চনত দুয়ো জন্ম দিয়ে “আয়ুশক্তি আয়ুৰ্বেদ প্ৰাইভেট লিমিটেড(Ayushakti Ayurveda Pvt Ltd)”।

image


মাত্ৰ এটা যন্ত্ৰৰে তেওঁলাকৰ প্ৰথম উৎপাদন প্ৰকল্প আৰম্ভ হয় মহাৰাষ্ট্ৰৰ পালঘৰত।যদিও উৎপাদন কাৰ্যটো আছিল এটা সহজ কাম কিন্তু সেই দৰৱসমুৰ ইউৰোপীয় মানবিশিষ্ট গুনাগুণ পৰিক্ষণ আৰু প্ৰমাণপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত কোম্পেনীটোৱে বৃহৎ প্ৰত্যাহ্বানৰ সমুখীন হবলগীয়া হৈছিল।

সেইসময়ৰ স্মৃতি ৰোমন্ঠন কৰি ডাঃ স্মিতা নৰমে কয় “ আমি এটা লেৱৰেটৰী লাভ কৰিলো, দৰৱসমুহ পৰীক্ষা কৰিলো আৰু আমাৰ ইউৰোপৰ বিতৰকৰ কাষলৈ পঠিয়াই দিলো। কিন্তু তাত পৰীক্ষা কৰাৰ অন্তত প্ৰমাণ হ’ল যে আমাৰ দৰৱসমুহ উৎকৃষ্ট মানৰ নহয়। ভাৰতীয় পৰীক্ষাগাৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হল। আমাৰ দৰৱৰ শুদ্ধতাৰ ওপৰত প্ৰশ্নচিহ্ন আহি পৰিল। ” ।

তাৰ পিছতে ডাঃ নৰমৰ গোটেই দলটোৱে দৰৱৰ আসোঁৱাহসমুহ দুৰ কৰাত দিনে ৰাতিয়ে লাগি পৰিল আৰু অৱশেষত এজন দক্ষ IIT technologistএ তেওঁলোকৰ সমস্যা দূৰ কৰিলে। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে এতিয়াৰে পৰা তেওঁলোকে প্ৰতিটো দৰৱেই জাৰ্মানীৰ এটা পৰীক্ষাগাৰত পৰীক্ষা কৰিব। এই সন্দৰ্ভত ডাঃনৰমে কয় “ আমি বিচাৰিছিলো heavy metal free, microbian free, pesticide free দৰৱ আৰু গোটেই ভাৰততে heavy metalপৰীক্ষা কৰাৰ বাবে সেইসময়ত কোনো AASF যন্ত্ৰ উপলদ্ধ নাছিল। আনকি ডাঙৰ ডাঙৰ ঔষধ কোম্পেনী সমুহৰ বাবে কাম কৰা পৰীক্ষাগ্ৰসমুহতো সেই যন্ত্ৰটো নাছিল। এয়া ১৯৯৩ চনৰ কথা। এতিয়া সেই যন্ত্ৰটো আমি নিজেই ক্ৰয় কৰি লৈছো, কিন্তু ই ও এটা বৃহৎ প্ৰত্যাবান আছিল।”

আন্ত:ৰাষ্ট্ৰীয় সহযোগ

২০০৫ চনলৈ আয়ুশক্তি আছিল এক ব্যক্তিগত চিকিৎসা প্ৰতিস্থান। ইয়াৰ কোনো জনসম্পৰ্ক ব্যৱস্থা বা বিজ্ঞাপনৰ ব্যৱস্থা নাছিল। তৎসত্বেও প্ৰতিদিনেই ৩০০ও অধিক ৰোগী তেওঁলোকে লাভ কৰিছিল। তাৰ পিছতে তেওঁলাকে ইয়াৰ অন্যান্য শাখা মুকলি কৰাৰ কথা ভাবে আৰু ভাৰতৰ ভিন্ন প্ৰান্তত ৭টা আৰু জাৰ্মানীত ৩টা শাখা আয়ুশক্তি আয়ুৰ্বেদ চিকিৎসাকেন্দ্ৰ মুকলি কৰা হয়। “আয়ুশক্তি আয়ুৰ্বেদৰ আন্ত:ৰাষ্ট্ৰীয় সহযোগী সকল মাজত এক আমোদজনক কাহিনী আছে। এবাৰ এগৰাকী ইটালীয়ান মহিলা ভিক্টোৰীয়া ৰাছিডৰিয়া আধ্যাত্মিক জ্ঞানৰ বাবে ভাৰতলৈ আহিছিল আৰু উভটি যাবলৈ ওলোৱাৰ দিনা তেওঁ জানিব পৰিলে যে তেওঁ গুৰুতৰভাবে হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হৈছে। এইৰাগবিধ সহজে অৰ্থাত দুই তিনিদনলৈ কোনো ধৰণে ধৰিব পৰা নাযায়। কিন্তু বিলুৰিবিন অভাৱনীয় হাৰত বৃদ্ধি পায়। তেওঁৰ চকুৰ বৰণ সম্পূৰ্ণৰূপে হালধীবৰণ হৈ পৰিছিল। সেইসময়ত কাৰোবাৰ পৰামৰ্শ মৰ্মে তেওঁ আমাৰ ওচৰলৈ আহে। আমাৰ চিকিৎসালয়ৰ ব্যৱস্থা তেতিয়া নাছিল । তেওঁক মোৰ ঘৰতে ১৫দিনলৈ ৰাখি বিশেষ খাদ্য , বনদৰৱ আৰু আয়ুৰ্বেদিক দৰৱেৰে চিকিৎসা কৰিলো। সমান্তৰালভাৱে ভিক্টোৰিয়াই ইটালীত থকা তেওঁৰ চিকিৎসক সকলৰ লগত নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছিল। যেতিয়া তেওঁ সুস্থ হৈ ইটালীলৈ উভটি গল,তেওঁৰ চিকিৎসকসকল স্তম্ভিত হৈ পৰিল। অন্য চিকিৎসাত যি আৰোগ্য লাভৰ বাবে ৬মাহৰ প্ৰয়োজন হয়,তাক আমি ১৫দিনত সফল কৰি তুলিছিলো।" ডাঃনৰমে কয়। তাৰ পিছতে ৫গৰাকী ইটালীয়ান চিকিৎসক আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি শিকিবলৈ ভাৰতলৈ আহে আৰু আয়ুশক্তিৰ ইউৰোপীয় সহযোগীতাৰ আৰম্ভনী হয়। ব্যৱসায়ীক সহযোগীতাৰ মাধ্যমেৰেই আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ আৰম্ভ হয়। আজিৰ তাৰিখত ইউৰোপ,অষ্ট্ৰেলীয়া আৰু নিউজিলেণ্ডকে ধৰি সমগ্ৰ বিশ্বতেই আয়ুশক্তিৰ ১০০ সহযোগী আছে। ডাঃনৰমে জানিবলৈ দিছে যে তেওঁলোকে আমেৰিকা আৰু ইউৰোপত তেওঁলোকৰ কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা কৰি আছে।

সমৰ্থনৰ নিস্বাৰ্থ হাত

ডাঃ নৰমে আয়ুশক্তিৰ আৰম্ভনী সময়চোৱাত তেওঁৰ স্বামীৰ পৰা লাভ কৰা সহায় আৰু অকুণ্ঠ সহযোগীতাৰ কথা উল্লেখ নকৰাকৈ নোৱাৰিলে। তেওঁ কয় যে তেওঁৰ স্বামীয়ে কেৱল ব্যৱসায়ত সহায় কৰাই নহয়, তেওঁৰ সন্তান জন্ম কিছু পলম কৰাৰ সিদ্ধান্তৰ ক্ষেত্ৰতো সমৰ্থন জনাইছিল। তেওঁ লগতে কয় যে তেওঁৰ স্বামী পৰিয়াল ,অন্য পৰিজন আৰু তেওঁৰ বিশ্বস্ত সহকৰ্মীসকল তেওঁৰ বাবে একো একোটা সফলতাৰ স্তম্ভ। তেওঁ স্বীকাৰ কৰে যে তেওঁৰ কিছুমানসহকৰ্মীয়ে তেওঁৰ ওপৰত চকু মুদি বিশ্বাস কৰি ২৫বছৰলৈকে তেওঁৰ লগতেই আছে যাৰ বাবেই এই সফলতা সম্ভৱ হৈ উঠিছে। ASSOCHAMৰ তথ্য মতে ভাৰতৰ ভেষজ উৎপাদন জগতখনে ২০১৫ৰ ভিতৰত উপাৰ্জনৰ পৰিমান ৭,৫০০কোটিৰ পৰা ১৫,০০০লৈ বৃদ্ধি কৰিবলৈ সক্ষম হব। ইয়াৰে ভিতৰত আয়ুশক্তি আয়ুৰ্বেদ অন্যতম। ডাঃনৰমে কয় যে “আয়ুশক্তি আয়ুৰ্বেদে বিগত ১০টা বৰ্ষত প্ৰতিটো বৰ্ষতে ৩০শতাংশকৈ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।” ডা.নৰমৰ মতে “বৰ্তমান ৰাইজে অনুভৱ কৰিছে যে এটা টেবলেট খোৱাতকৈ প্ৰাকৃতিক উপাদানেৰে আৰোগ্য লাভ আৰু ৰোগ প্ৰতিৰোধ কৰাটোহে গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয়, "আমি এঢাপ এঢাপকৈ আগবাঢিছো । এতিয়া আমাৰ সকলো উপাদান আৰু সম্পদেই আছে । এতিয়া মোৰ সপোন হৈছে এটা ভাৰতীয় বহুজাতিক কোম্পেনী গঢ়ি তোলা। ”