জৈৱিক পদ্ধতিৰে ধান উৎপাদনৰ বিশ্ব অভিলেখ গঢ়িলে বিহাৰৰ কৃষকে

জৈৱিক পদ্ধতিৰে ধান উৎপাদনৰ বিশ্ব অভিলেখ গঢ়িলে বিহাৰৰ কৃষকে

Monday November 23, 2015,

3 min Read

দেশৰ ভিতৰতে পিছপৰা এখন জিলা বিহাৰৰ নালন্দা। সুমন্ত কুমাৰ নালন্দা জিলাৰ ভিতৰুৱা অঞ্চলৰ দৰৱেশপুৰ নামৰ এখন গাৱৰ এজন কৃষক। কুমাৰে এক হেক্টৰ মাটিতে আচৰিতভাবে ২২.৪ টন ধান উৎপাদন কৰি গঢ়িলে বিশ্বঅভিলেখ। লক্ষণীয় ভাবে কুমাৰে কোনো ধৰণৰ অপতৃণনাশকো ব্যৱহাৰ কৰা নাছিল খেতি পথাৰত। কুমাৰৰ অভিলেখ পৰিমাণৰ ধানৰ উৎপাদনে অঞ্চলটোতে এক নিৰৱ কৃষি বিপ্লৱৰ সৃষ্টি কৰিলে। এক হেক্টৰ মাটিত হোৱা ধানৰ উৎপাদনে চীনৰ “ধানৰ পিতৃ পুৰুষ” হিচাবে পৰিচিত কৃষি বিজ্ঞানী য়ুৱান লংপিঙৰ ১৯.৪ টন ধান উৎপাদনৰ অভিলেখ ভংগ কৰিলে। সুমন্ত কুমাৰৰ এনে অভিলেখ পৰিমাণৰ ধানৰ উৎপাদন কেৱল এবাৰেই হোৱা নাই, সীমাবদ্ধও হৈ থকা নাই কেৱল সুমন্তৰ খেতি পথাৰতে। দৰৱেশপুৰ গাৱৰ অন্যান্য কৃষক সকলেও ১৭ টনতকৈ অধিক পৰিমাণৰ ধান উৎপাদন কৰিছে। প্ৰতিজন কৃষকেই পূৰ্বতকৈ দুগুণ পৰিমাণৰ ধান উৎপাদন কৰি জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে।

দৰৱেশপুৰৰ কৃষক সকলে খেতি পথাৰত ব্যৱহাৰ কৰা এক নতুন জৈৱিক কৃষি পদ্ধতিয়েই হ’ল এই সফলতাৰ আঁৰৰ মুল কাৰণ। সিঁচা তিনি-চাৰি সপ্তাহ মান হোৱা কঠীয়া তিনি-চাৰি জোপা একেলগ কৰি বোকাময় পথাৰত নিৰ্দিষ্ট অন্তৰে অন্তৰে ৰুই ধান খেতি কৰাই নিয়ম সমগ্ৰ বিশ্বতে। এই পৰম্পৰাগত নিয়মৰ পৰিবৰ্তে দৰৱেশপুৰৰ কৃষক সকলে সাধাৰণতকৈ আধা পৰিমাণৰ বীজৰ কঠীয়া ভালকৈ প্ৰতিপালন কৰি অলপ ডাঙৰ হ’লে পথাৰত এজোপা এজোপাকৈ সংৰোপণ কৰে। প্ৰতিজোপা কঠীয়াৰ মাজত ৰাখে ২৫ ছেন্টিমিটাৰৰ ব্যৱধান। তাৰোপৰি খেতিমাটি ডৰাত বোকা নিদি, শুকান কৰি ৰাখি কৃষক সকলে লক্ষ্য ৰাখে যাতে ধান জোপাৰ গুৰিত কোনো অপতৃণ হ’ব নোৱাৰে, শিপাই যাতে প্ৰয়োজনীয় বতাহ পায়। এনেদৰে কৃষক সকলে কম পৰিমাণৰ বীজ, কম পৰিমাণৰ পানী আৰু কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ পূৰ্বতকৈ প্ৰায় দুগুণ পৰিমাণৰ ধান লাভ কৰে।

সুমন্ত কুমাৰ

সুমন্ত কুমাৰ


এগ্ৰিকালচাৰ নেটৱৰ্কৰ মতে দৰৱেশপুৰৰ কৃষক সকলে ব্যৱহাৰ কৰা পদ্ধতিটোক কোৱা হ’য়- “দ্য চিষ্টেম অৱ ৰাইচ ইনটেনছিফিকেশ্বন (SRI)”। এই পদ্ধতিটো ১৯৮৩ চনত মাদাগাস্কাৰত ফাডাৰ হেনৰী ডি লওলানি নামৰ এজন ফৰাচী খ্ৰীষ্টান ধৰ্মযাজকে উদ্ভাৱন কৰিছিল। হেনৰী ডি লওলানিয়ে দেখিলে স্থানীয় কৃষক সকলে কষ্ট কৰা স্বত্বেও শষ্যৰ উৎপাদন কম হয়। কৃষক সকলক খাদ্যৰ নাটনিৰ পৰা সকাহ দিবলৈ ১৯৬০ চনতে হেনৰী ডি লওলানিয়ে আৰম্ভ কৰিছিল পৰীক্ষা নিৰীক্ষা। কেইবাবছৰ ধৰি কৰা কেবালানিও পৰীক্ষামূলক ধান খেতিৰ অন্তত হেনৰীয়ে উদ্ভাৱন কৰিছিল এই পদ্ধতিটো। কম পৰিমাণৰ বীজৰ পৰা অধিক উৎপাদন কৰিব পৰা পদ্ধতি হিচাপে জনাজাত হ’ল “দ্য চিষ্টেম অৱ ৰাইচ ইনটেনছিফিকেশ্বন” চমুকৈ SRI নামৰ কৃষি পদ্ধতিটো। এয়া আছিল জৈৱিক পদ্ধতিৰ কৃষিৰ বাবে এক বৈপ্লৱীক পদক্ষেপ।

দৰৱেশপুৰ গাঁৱৰ কৃষক সকলৰ অভিলেখ পৰিমাণৰ ফচল উৎপাদনৰ কথা জানিব পাৰি নবেল বটাঁ বিজয়ী অৰ্থনীতিবিদ যোছেফ ষ্টিগলিৎজে ২০১৩ চনত নালন্দা জিলাৰ জৈৱিক পদ্ধতিৰে কৰা ধান খেতি পৰিদৰ্শন কৰিলেহি। উপলব্ধি কৰিলে এই জৈৱিক পদ্ধতিৰে ধান খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা। দৰৱেশপুৰৰ কৃষক সকলক “কৃষিবিজ্ঞানীতকৈ উৰ্ধত” বুলি প্ৰসংশা কৰি থৈ গ’ল নবেল বটাঁ বিজয়ী অৰ্থনীতিবিদ যোছেফ ষ্টিগলিৎজে। কৃষিবিদ অনিল ৱৰ্মাৰ মতে-“কোনো বিজ্ঞানী বা কম্পেনীয়ে যদি কোনোধৰণৰ অতিৰিক্ত ব্যয় নোহোৱাকৈ ৫০শতাংশ অধিক শষ্য উৎপাদনৰ নিশ্চিতি দিয়ে, তেন্তে তেওঁলোকে নবেল বটাঁ পোৱাটো নিশ্চিত। কিন্তু ডেকা বিহাৰী খেতিয়ক সকলে তেনে কৰি দেখুওৱা স্বত্বেও একো নাপালে। যি কি নহওক মই দুখীয়া খেতিয়ক সকলে ভালকৈ এসাঁজ খাবলৈ পোৱাটোকে বিছাৰিছো।”

মূলঃ থিংক চেইঞ্জ ইণ্ডিয়া

অনুবাদঃ মুকুন্দ মাধৱ নেওগ