ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে যুৱপ্ৰজন্মক নতুনত্বৰ তীব্ৰ জ্বৰত আক্ৰান্ত কৰোৱা যুৱকজন

 ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে যুৱপ্ৰজন্মক নতুনত্বৰ তীব্ৰ জ্বৰত আক্ৰান্ত কৰোৱা যুৱকজন

Friday December 11, 2015,

4 min Read

অৰুণাভ কুমাৰ-৪০ টাৰো কম আপলোডেড ভিডিঅ'ৰ দ্বাৰা প্ৰায় ২ লাখ উপভোক্তাৰ পছন্দ আদায় আৰু ১৮ নিযুত মতামত সংগ্ৰহ কৰি জনপ্ৰিয়তাৰ ঢৌ সৃষ্টি কৰা Qtiyapa(TVF)ৰ আঁৰৰ মানুহ্জন।ইউটিউৱ ব্যৱহাৰকাৰীৰ বাবে অতি পৰিচিত ক্যুটিয়াপাৰ ভিডিঅ' সমূহ প্ৰস্ত্তত কৰা দ্য ভাইৰেল ফিভাৰ মিডিয়া লেব্চ নামৰ সংস্থাৰ প্ৰতিষ্ঠাতা আৰু সৃষ্টিশীল বিষয়া অৰুণাভ। এই ব্যতিক্ৰমী ভিডিঅ' দৰ্শকলৈ মুকলি কৰি দিয়াৰ মাত্ৰ ১৮ মাহতেই ধুমুহাৰ দৰে আহে জনপ্ৰিয়তা।অৱশ্যে জনপ্ৰিয়্তা অৰ্জনৰ গতি দ্ৰুত হ’লেও এই কাম আৰম্ভ কৰা ইমান উজু নাছিল।আনকি অৰুণাভে নিজেও ইমানখিনি সাফল্য আশা কৰা নাছিল।সেয়ে হয়তো ব্যতিক্ৰমী সৃষ্টিৰ বাবে আগ্ৰহী অনেকৰ বাবেই অৰুণাভ প্ৰেৰণাৰ উৎস।

অৰুণাভ কুমাৰ

অৰুণাভ কুমাৰ


শৈশৱৰ অৰুণাভ

অৰুণাভৰ পিতৃ মাতৃয়ে যেতিয়া পুত্ৰৰ স্কুলখন পছন্দ নকৰিছিল তেতিয়া তেওঁলোকে স্কুলখন সলাইছিল আৰু যেতিয়া অৰুণাভৰ স্কুলখন ভাল নালাগিছিল তেতিয়া তেওঁ স্কুলৰ পৰা পলাইছিল।কঠোৰ অনুশাসনপ্ৰিয় দেউতাকৰ হাতত অৰুণাভৰ ভাগ্য প্ৰায় নিৰ্ণীতই হৈ গৈছিল ।স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ সংযুক্ত প্ৰবেশ পৰীক্ষা বা JEE ত অৱ্তীৰ্ণ হৈছিল যদিও প্ৰথম চেষ্টাত বিফল হ’ল। ইয়াৰ পাছত তেওঁ সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বা IIT ৰ প্ৰবেশ পৰীক্ষাৰ প্ৰস্ত্ততিৰ বাবে কোটালৈ ৰাওনা হ’ল আৰু পিছৰ বছৰতে উত্তীৰ্ণ হৈ খড়গপুৰ আই আই টিত নামভৰ্তি কৰিলে।অৰুণাভৰ বাবে কিন্ত্ত ইয়াৰ পৰিবেশ মুঠেও উৎসাহ্জনক নাছিল কিয়নো ঠাইখন অতিশয় নিৰিবিলি।

“পাঠ্যক্ৰমৰ প্ৰতি ষান্মাসিকতে মই একোটা নতুন পেছাৰ বাবে লক্ষ্য লৈছিলো,প্ৰথম ষান্মাসিকত মই এজন অৰ্থনীতিবিদ হ’ম বুলি মন মেলিছিলো, দ্বিতীয়তে ভাবিলো এম বি এ কৰিম,তৃতীয়তে ভাৱিলো সংকেতলেখনকাৰী বা কোডাৰ হ’ম আৰু চতুৰ্থটোত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা দিম বুলি মন কৰিছিলো , প্ৰতিটো ষান্মাসিকতে মই কেৰিয়াৰ সলাইছিলো,”অৰুণাভে কয়।

আই আই টিৰ পৰৱৰ্তী জীৱন আৰু দৃশ্য শ্ৰব্য মাধ্যমত যাত্ৰা

আই আই টিত অধ্যয়নৰ পাছত অৰুণাভে মুম্বাইলৈ আহি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাৰ এটা প্ৰকল্পৰ বাবে কাম কৰিবলৈ ল'লে।কিন্ত্ত কামটোৰ প্ৰতি অসন্ত্তষ্টি আৰু বিৰক্তি বাঢ়ি অহাৰ লগে লগেই তেওঁ কামৰ পৰা অব্যাহতি ল'লে। সেই সময়তে তেওঁ আই আই টি মুম্বাইৰ কিছুসংখ্যক সৃষ্টিশীল লোকৰ সাক্ষাৎ লাভ কৰিলে আৰু কেইখনমান চুটি ছৱিও নিৰ্মাণ কৰিলে।ইয়াৰ ফলত বহুতেই তেওঁক ছৱিৰ সহকাৰী পৰিচালক ৰুপে কাম কৰাৰ পৰামৰ্শ দিলে যিটো কাম কৰাটো তেওঁৰ বাবে সহজ হ’লেও কামটোৰ বাবে সুযোগ লাভ কৰাটোৱে কঠিন আছিল।কিন্ত্ত শেষত অৰুণাভে ওম শান্তি ওম ছৱিখনত ফাৰাহ খানৰ সহকাৰী হিচাবে কাম কৰাৰ সুযোগ পালে। ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত কাম কৰিবলৈ পোৱাটো অৰুণাভে নিজৰ সৌভাগ্য বুলি বিশ্বাস কৰে।

“ৰেড চিলিজ এণ্টাৰটেইনমেণ্টক মই মোৰ চলচিত্ৰ জীৱনৰ পঢ়াশালী বুলি গণ্য কৰোঁ । শ্বাহৰুখ খান,ফাৰাহ খান..আৰু কাৰিকৰী দিশত ছৱিখনত কাম কৰা প্ৰতিজনেই মোৰ শিক্ষকৰ দৰে আছিল..ইলেক্ট্ৰনিক গণমাধ্যম আৰু ছৱি নিৰ্মাণৰ কাম এইসকলৰ সৈতেই শিকিলো আৰু এইবাবে নিজকে মই ভাগ্যবান বুলিও ভাৱো।”

ওম শান্তি ওম ছৱিৰ কাম শেষ হোৱাৰ ৯ দিনৰ পাছতেই অৰুণাভে আমীৰ খান প্ৰডাকশ্যন্সৰ পৰা ‘‘দেলহী বেলী” ছৱিখনত কাম কৰাৰ প্ৰস্তাৱ পালে । একেদিনাই নেটৱৰ্ক এইট্টিন আৰু পি এন চি কমিউনিকেশ্যন্চ দ্বাৰা আয়োজিত এটা প্ৰতিযোগিতাত তেওঁ নিৰ্মাণ কৰা “দ্য উইছ দাইভাৰ্চ” নামৰ ছুটি ছৱিখনেও পুৰস্কাৰ লাভ কৰাৰ খবৰো পালে।

ক্যুটিয়াপাৰ আৰম্ভণিটো

২০০৯ চনত অৰুণাভে ‘ইঞ্জিনীয়াৰ্চ ডায়েৰী’ শীৰ্ষক টি ভি অনুষ্ঠানটোৰ বাবে প্ৰস্ত্ততিৰ কাম কৰি থকা অৱস্থাতে এম টিভি আৰু অন্য যুৱ প্ৰজন্মৰ বাবে অনুষ্ঠান প্ৰস্ত্তত কৰা চেনেলৰ কাষ চাপিছিল। সকলোৱে তেওঁৰ চিন্তাৰ প্ৰশংসা কৰিছিল যদিও শেষত গৈ প্ৰস্তাবিত অনুষ্ঠানটো নাকচ হৈ গৈছিল।

“সৌভাগ্যবশতঃ কেনন কেমেৰা.ইউটিউৱ আৰু নাকচ হোৱা ঘটনাৰ সংযোগ যেন একেসময়তে ঘটিছিল।এই কলেজ ক্যুটিয়াপা (দ্য টি ভি এফ )নামৰ অনুষ্ঠানটোৰ চিন্তা আচলতে মই এম টিভি ৰ বাবে কৰিছিলো আৰু বহু শ্ৰম নিয়োগ কৰাৰ পাছতো অনুষ্ঠানটো নাকচ হৈছিল। অৱশ্যে সেয়া মোৰ জীৱনৰ সবাতোকৈ শ্ৰেষ্ঠ প্ৰত্যাখ্যান আছিল বুলি ক’লেও ভুল নহয়,কাৰণ সেয়া নঘটা হ’লে কেতিয়াও ক্যুটিয়াপা(দ্য টি ভি এফ)আমাৰ মাজলৈ নাহিলহেঁতেন…”

যেতিয়াই তেওঁলোকে কোনো এটা অনুষ্ঠানৰ ধাৰণা লৈ কোনো কৰ্তৃপক্ষৰ ওচৰ চাপিছিল তেতিয়াই তেওঁলোক সকলোৱে এষাৰ কথাই শুনাইছিল যে সাধাৰণ ভাৰতীয় দৰ্শক নিৰ্বোধ আৰু এই ধৰণৰ অনুষ্ঠান পছন্দ নকৰে।তেওঁলোকে তেওঁলোকৰ কথা শুদ্ধ প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল আৰু অৰুণাভে তেওঁলোকৰ ধাৰণা ভুল প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল। ২০১০ চনৰ বছৰটোৰ পিছৰ ভাগত অৰুণাভে দ্য ভাইৰেল ফিভাৰ আৰম্ভ কৰে আৰু তেওঁৰ বন্ধু, প্ৰথম কৰ্মচাৰী আৰু বৰ্তমানৰ অংশীদাৰ অমিত গোলানীয়ে প্ৰথমটো ভিডিঅ' পুনৰ সম্পাদনা কৰি ইউটিউৱত আপলোড কৰি দিয়ে।দুদিনৰ ভিতৰতে ভিডিঅ' টোৱে ১৭-১৮ হাজাৰ ‘লাইক’চ লাভ কৰে আৰু সপ্তাহটোৰ ভিতৰত আটাইতকৈ বেছিসংখ্যক দৰ্শকে প্ৰত্যক্ষ কৰা ভিডিঅ' হিচাবে পৰিগণিত হয়।

সেইসময়ত অৰুণাভৰ হাতত ঘৰভাড়া পৰিশোধৰ বাবেই পইছা নাছিল গতিকে ভিডিঅ'টোৰ প্ৰচাৰৰ ব্যৱস্থা কৰাও সম্ভৱ নাছিল। কিন্ত্ত কেনেবাকৈ Qtiyapaশব্দটো আই আই টি আৰু এন আই টিৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছিল আৰু তেতিয়াই তেওঁলোকে বুজিছিল যে তেওঁলোকে সঠিক কামেই কৰিছে।২০১২ চনৰ ফেব্ৰুৱাৰীত তেওঁলোকে Rowdiesশীৰ্ষক দ্বিতীয়টো ভিডিঅ' আপলোড কৰাৰ ৫ দিনৰ ভিতৰতে ১ নিযুত দৰ্শকে ভিডিঅ' টো প্ৰত্যক্ষ কৰে।

ৰোদিজ নাইনৰ  ভিডিও

ৰোদিজ নাইনৰ ভিডিও


অৰুণাভে কয়,“এইখন দেশত ১২০ কোটি মানুহ আছে আৰু ২০ জন মানুহেও মিডিয়াৰ নিৰ্মাণ সম্পৰ্কীয় কথাবোৰ ভালদৰে জানিবলৈ নাপায়। ‘ৰোদিজ’ত ৰঘূৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতাজনক বহুকেইটা চেনেলেই অডিশ্যন পৰ্যন্ত দিবলৈ দিয়া নাছিল,তেওঁলোকৰ এই দৃষ্টিভংগী দেখি মোৰ খং উঠিছিল। মই প্ৰস্ত্তত কৰা সৰু ভিডিঅ'টো মোৰ কলেজৰ ৩০০০জনে পছন্দ কৰাৰ পাছত মোৰ ভাৱ হৈছিল যে,আৰু ১০০০ খন কলেজৰ ৩০০০জনকৈ ছাত্ৰ ছাত্ৰীয়েও ইয়াক পছন্দ কৰিব আৰু এনেদৰে ভিডিঅ'টো পছন্দ কৰা মানুহৰ সংখ্যা ৩০,০০০ লাখ হবগৈ।সেয়ে মই বিশ্বাস কৰো যে ৩ নিযুত লোকে মোৰ কাম চাবলৈ অপেক্ষা কৰি আছে।”

সম্প্ৰতি দ্য ভাইৰেল ফিভাৰৰ দলটোত ১৫ জন সদস্য আছে,মুম্বাই আৰু দিল্লীত দুটা কাৰ্যালয় আছে আৰু পৰিসংখ্যাৰ ফালৰ পৰা ই দেশৰ যুৱক যুৱতীৰ মনোৰঞ্জনৰ খোৰাক যোগাব পৰা দ্বিতীয় বৃ্হৎ নতুন মিডিয়া নেটৱৰ্ক।অৰুণাভৰ সৃষ্টিশীল ভৱিষ্যতৰ বাবে শুভেচ্ছা থাকিল।

মূলঃআদিত্য ভূষণ দ্বিবেদী

অনুবাদঃঅৰুণিমা গোস্বামী