গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়:  JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

Wednesday November 25, 2015,

4 min Read

আপুনি গুৱাহাটীৰ বাসিন্দা নেকি ? যদি হয়,তেনেহলে আপোনাৰ বাবে এটা চিনাকী ব্ৰেণ্ড বা নাম হৈছে 'জেবিজ(JBs)'। কেৱল গুৱাহাটীয়েই কিয়, সমগ্ৰ অসমৰ মানুহেই নাম শুনা এটা ব্ৰেণ্ড হৈছে এই 'জেবিজ'। একেখন ব্যৱসায়ীক প্ৰতিষ্ঠানতে সকলো খাদ্যসম্ভাৰ উপলব্ধ হোৱা প্ৰতিষ্ঠান হৈছে 'জেবিজ'। মিঠাই,বেকাৰী,দক্ষিণ ভাৰতীয়,উত্তৰ ভাৰতীয়,কন্টিনেন্টেল,চাট,স্নেক্স,আইচক্ৰিম, কি নাপায় 'জেবিজ'ত! মধ্য বিত্ত শ্ৰেণীৰ পৰা উচ্চ বিত্ত শ্ৰেণীলৈকে সকলোৰে অন্যতম পচণ্ড 'জেবিজ'।


image


আৰম্ভণী-

বৰপেটা জিলাৰ পাঠশালাৰ ব্যৱসায়ী পৰিয়াল 'জালান পৰিয়ালে' ২০০১ চনৰ নবেম্বৰ মাহত গুৱাহাটীৰ ফাঁচী বজাৰত প্ৰতিটো ধৰণৰ খাদ্য সামগ্ৰী একেখন চাদৰ তলতে পোৱাকৈ 'জেবিজ' নাম দি এই প্ৰতিষ্ঠানটোৰ আৰম্ভণী কৰে । তেতিয়ালৈকে গুৱাহাটী বা অসমৰ গ্ৰাহকে হয়তো ধাৰণা কৰিব পৰা নাছিল যে, উপলব্ধি আৰু স্বাদৰ সমাহাৰ এনেদৰে ঘটিব পাৰে। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় এটা বছৰ পৰ্যালোচনা কৰি গোপাল জালান আৰু তেওঁৰ খুৰাক অৰুণ জালানে আৰম্ভ কৰিলে 'জেবিজ' অৰ্থাৎ 'জালান ব্ৰাদাৰ্ছ'। উৎকৃষ্ট আৰু সুস্বাদু খাদ্যৰ সমাহাৰ ঘটিল 'জেবিজ'ত প্ৰতিজন গ্ৰাহকৰ সন্তুষ্টিক মূখ্য লক্ষ্য হিচাপে লৈ আৰম্ভ কৰা ব্যৱসায়টোৰ ভৱিষ্যত সম্পৰ্কত শংকিত হৈ আছিল গোপাল জালান আৰু অৰুণ জালান। 'জেবিজ'ত এবাৰ কিবা এটা খোৱাৰ পিছত যাতে দ্বিতীয়বাৰ পুনৰ সেইজন গ্ৰাহক 'জেবিজ'লৈ খাবলৈ আহিবলৈ বাধ্য হয়, সেই কথাটোতেই মূল গুৰুত্ব আছিল জালান পৰিয়ালৰ। জন্মলগ্নৰে পৰা আজি ১৫টা বছৰে অসমৰ খাদ্যৰ বজাৰ খনত গৌৰৱোজ্জৰ এক অধ্যায়ৰ সূচনা কৰা 'জেবিজ'ত স্বত্বাধিকাৰী গোপাল জালানে এজন স্বত্বাধিকাৰীৰ সলনি এজন সাধাৰণ গ্ৰাহকৰ দৰে 'জেবিজ'লৈ অহা গ্ৰাহকৰ জুমৰ কাষত ৰৈ গ্ৰাহকৰ সন্তুষ্টি-অসন্তুষ্টিৰ উমান লবলৈ আজিও চেষ্টা কৰে। যাতে গ্ৰাহকৰ পচণ্ডৰ ভিত্তিক খাদ্য সামগ্ৰীৰ গুনগত মান অক্ষুন্ন ৰাখিব পাৰে। সেইবাবেই জন্মলগ্নৰে পৰা 'জেবিজ'ৰ ফাষ্টফুডেই হওক বাব মিঠায়েই হওক একেই সোৱাদৰ ধাৰা অব্যাহত আছে।


গ্ৰাহক হৈছে ভগবান-

"ব্ৰেণ্ড সৃষ্টি কৰে গ্ৰাহকে। ব্যৱসায়ীয়ে নহয়। গ্ৰাহকক আপোনাৰ দোকানলৈ বাৰে বাৰে আহিবলৈ বাধ্য কৰিবলৈ আপোনাক লাগিব নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে গুণগত মান অটুত ৰখাৰ প্ৰচেষ্টা। এজন গ্ৰাহকৰ সন্তুষ্টিয়ে আপোনাক আৰু তিনিজন গ্ৰাহক আনি দিব। তিনিজনে ৯জন। এনেকৈয়ে মুখ বাগৰি আপোনাৰ খাদ্যৰ সোৱাদ গ্ৰাহকৰ জিভাৰ চিনাকী হৈ পৰিব। আৰু এইদৰেই আমি ২০০১ চনৰ প্ৰথমখন জেবিজৰ পৰা ২০১৪চনলৈ সমগ্ৰ গুৱাহাটীকে সামৰি ল'ব পৰাকৈ মুঠ চাৰিখন একে মানৰ 'জেবিজ' প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছো। আমাৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকৰ সন্তুষ্টি"। গোপাল জালানে কয়।


image


২০০৫ চনত খ্ৰীষ্টানবষ্টিত,২০০৮চনত লতাশিলত আৰু ২০১৪চনত নাৰেংগীত স্থাপন কৰা জেবিজ সমুহে ব্যক্তি বিশেষৰ পৰা পৰিয়াল বিশেষলৈ জিভাৰ জুটিৰ পৰা ক্ষুধা নিবাৰণলৈ সকলো ধৰণে বিভিন্ন গ্ৰাহকক সন্তুষ্টি প্ৰদান কৰি আহিছে। এটা সৰু পৰিয়ালে দিনৰ সাঁজেই হওক বা নিশাৰ সাজেই হওক উচিত মূল্যত নিৰামিষ খাদ্য গ্ৰহণ কৰিব পাৰে 'জেবিজ'ত। শেহতীয়াভাবে মহানগৰৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে 'বাহিৰতেই খাই ল'ম ' বোলা প্ৰৱণতা আৰু অভ্যাস। 'অলপ ওলাই যোৱাও হ'ল,নিশাৰ সাজ খাই অহাও হ'ল'। এই ধাৰণাটো যোৱা তিনি-চাৰি বছৰত গঢ় লৈ উঠাৰ লগে লগেই গ্ৰাহকৰ সহাৰি ৫০০শতাংশ বৃদ্ধি হোৱা বুলি গোপাল জালানে কয়। জেবিজে প্ৰদান কৰা গুণগত মানেই জেবিজৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু সফলতাৰ মূল চাবিকাঠি বুলি মত পোষণ কৰিলে সমাজ তথা সাংস্কৃতিক কৰ্মী আৰু জেবিজৰ স্বত্বাধিকাৰী গোপাল জালানে। ঠিকেই পঢ়িছে। কেৱল ব্যৱসায়েই নহয়, অসমৰ সামাজিক আৰু সাংস্কৃতিক জগতখনৰো এটা চিনাকী নাম গোপাল জালান। বিভিন্ন সামাজিক-সাংস্কৃতিক অনুস্থানৰ লগত ওতপ্ৰোতভাবে জড়িত জালান।


জেবিজৰ অন্তৰ্ভাগ

জেবিজৰ অন্তৰ্ভাগ


কেৱল ব্যৱসায়েই নহয়, সমাজকৰ্মতো জেবিজ-

"মানুহক সন্তুষ্টি দিম বুলিয়েই ব্যৱসায় কৰিছো। অলপ সফলতাও আহিছে। মানুহে জেবিজৰ খাদ্য,সেয়া লাগিলে মিঠায়েই হওক বা দোচা,পাওভাজি,চাট বা আইচক্ৰিমেই হওক, খাই ভাল পায় বুলি বিশ্বাস আহিছে। অলপ অচৰপ ব্যৱসায় বৃদ্ধিৰ লগতে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ কিছু অৱদান আগবঢাবলৈ যত্ন কৰিছো। " গোপাল জালানে কয়।

বিভিন্ন সামাজিক-সাংস্কৃতিক অনুস্থান আৰু কাৰ্যসূচীত জেবিজৰ ল'গ'টো দেখা যায়। ইতিমধ্যে জেবিজে নিজাববীয়াকৈ আয়োজন কৰি আহিছে 'আলোচনীৰ প্ৰতিযোগীতা'। তদুপৰি বিগত বৰ্ষৰ শিক্ষক দিৱসত জেবিজৰ জি.এছ.ৰোডৰ খ্ৰীষ্টানবষ্টি শাখাত আয়োজিত বিশেষ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭ গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। শংকৰদেৱ কলাক্ষেত্ৰৰ কোনো অনুস্থানেই হওক বাব কোনো নাট্যদলৰ কোনো প্ৰদৰ্শনীয়েই হওক অথবা চিলা মহোৎসৱেই হওক, গোপাল জালান সদায় হাজিৰ। ব্যৱসায়িক সফলতা আৰু খ্যাতিৰ পিছতো নিৰহংকাৰী আৰু বিনয়ী স্বভাৱৰ হাঁহিমুখীয়া গোপাল জালানৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰে।


নতুনলৈ কি পৰামৰ্শ জালানৰ-

"ব্যৱসায় কৰিবলৈ ধৈৰ্য্যৰ প্ৰয়োজন। এটা ব্যৱসায়ত কিছু সফলতা আহিলেই আন এটা ব্যৱসায় আৰম্ভ কৰি দিয়াটো উচিত নহবও পাৰে। এটা ব্যৱসায়কে সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলি গ্ৰাহকৰ চিনাকী নাম কৰি তুলিবলৈ যত্ন কৰিব লাগিব। সফলতা এটা ৰাতিতে নাহে। কোনো বিখ্যাত বহুজাতিক বা বহিৰাগত ব্ৰেণ্ডৰ ফ্ৰেন্সাইজী এটা খুলি ব্যৱসায় আৰম্ভ কৰাটো হাতত পৰ্যাপ্ত ধন থাকিলে টান নহয়। কিন্তু নতুন এটা ব্যৱসায় গ্ৰাহকৰ সন্তুষ্টিৰে এটা ব্ৰেণ্ড হিচাপে প্ৰতিস্থা কৰিব পৰাতো কঠিন আৰু প্ৰত্যাহ্বানমূলক হয় বুলি ভাবোঁ। সকলো নতুন ব্যৱসায়িলৈ পৰামৰ্শ হিচাপে ক'ব খোজোঁ যে ধৈৰ্য, সততা,নিষ্ঠা আৰু একাগ্ৰতাৰে আগবাঢ়ক। গ্ৰাহকক ভগবান জ্ঞান কৰি সামগ্ৰীৰ গুণগত মান উৎকৃষ্ট ভাবে অক্ষুন্ন ৰাখক। কেৱল মেনেজাৰৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই সকলো তদাৰক কৰি আগবাঢ়ক। এদিন সফলতাই আপোনাৰ চৰণ চুমিব। "


জেবিজ কেৱল গুৱাহাটীতেই কিয়-

অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, নলবাৰী আদি স্থানৰ উপৰিও দিল্লী তথা কলকাতাৰ দৰে মহানগৰৰ ব্যৱসায়ীয়েও জেবিজৰ শাখা অৰ্থাত ফ্ৰেন্সাইজী খুলিবলৈ বাৰাম্বাৰ আগ্ৰহ প্ৰকাশ কৰাৰ পিছতো বৰ্তমান চাৰিটা শাখাত ১০০জনমান কৰ্মচাৰীৰে নিজেই সকলো তদাৰক কৰি গুণগত মান অক্ষুন্ন ৰখা গোপাল জালান আৰু তেওঁৰ খুৰাক অৰুণ জালানে গুৱাহাটীৰ বাহিৰত শাখা স্থাপন নাই। কাৰণ এটাই, জানোচা আনৰ হাতত সামগ্ৰীৰ মান নিম্নগামী হৈ বৰ্তমানৰ সদনাম আৰু গৌৰৱ হ্ৰাস পায়।

এইদৰেই নামনি অসমৰ পাঠশালাৰ জালান পৰিয়ালৰ গোপাল জালান আৰু অৰুণ জালানে শূণ্যৰ পৰা আৰম্ভ কৰি আজি প্ৰতিস্থা কৰিছে আৰু ধাৰা অব্যাহত ৰাখিছে উৎকৃষ্ট খাদ্যৰ এটা ব্ৰেণ্ডৰ। যাৰ নাম জেবিজ।