আপোনাক সুস্বাদু খাদ্য ৰান্ধিবলৈ শিকাবপৰা কেইগৰাকীমান নাৰী

আপোনাক সুস্বাদু খাদ্য ৰান্ধিবলৈ শিকাবপৰা কেইগৰাকীমান নাৰী

Monday November 09, 2015,

4 min Read

খ্ৰীষ্টমাছ উপহাৰৰ আদান-প্ৰদান প্ৰক্ৰিয়াতে সীমিত হৈ নাথাকে; ইয়াৰ লগতে এক অৱশ্যম্ভাৱী উপহাৰ আহে: সুস্বাদু খাদ্য দকচি খোৱাৰ সুযোগ। সেই সময়ত কিচ্চেনবিলাকৰ পৰা সুমধুৰ বাচন, চামুচ, হেতাৰ শব্দ ভাঁহি আহে- আৰু আমি লোভনীয় খ্ৰীষ্টমাছৰ আহাৰলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰোঁ।

খাই ভালপোৱা সকলৰ বাবে আমি কিছুমান ৱেবচাইট আৰু ফুড ব্লগৰ পৰা ভাৰতৰ ফুড ব্লগিঙত অৰিহণা যোগোৱা কিছুমান মহিলাৰ নাম নিৰ্বাচন কৰিলো। আইতাসকলৰ পৰম্পৰাগত আহাৰৰ পৰা আৰম্ভ কৰি আধুনিক ৰন্ধন প্ৰকৰণলৈকে এই মহিলাসকলে “ৰন্ধন” তথা “ৰান্ধনি”ৰ সূত্ৰই সলনি কৰি পেলাইছে।

image


অৰ্চনাজ কিচ্চেন: ছফ্টৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ লগতে যোগাসনৰ শিক্ষয়িত্ৰী আৰু মাতৃ অৰ্চনা হৈছে ভাৰতৰ সবাতোকৈ জনপ্ৰিয় ফুড ব্লগাৰৰ ভিতৰত এগৰাকী। অৰ্চনাই অনেক ধৰণৰ বাট বুলি আহিছে। আমাৰ শাৰীৰিক আৰু মানসিক জগতত চহৰীয় লাইফষ্টাইলৰ ফলত আহিব পৰা ঋণাত্মক প্ৰভাৱক তেখেতৰ অৱদানে কিছু পৰিমাণে হ’লও হ্ৰাস কৰিছে। তেখেতে বিশ্বৰ সৰ্বোৎকৃষ্ট ষ্ নিৰামিষ আহাৰৰ ৰেচিপিৰ বিষয়ে নিজৰ ৱেবচাইটৰ যোগেদি জনায় আৰু লগতে শাক-পাতৰ চিজনৰ কথাও মনত ৰাখে। তেখেতে নিউট্ৰিয়েন্টছ, প্ৰ’টিন আদিৰ উপলব্ধতাৰ কথাও ধ্যান দিয়ে। তেওঁৰ ৰেচিপিবোৰ উৎসৱ, স্কুল লাঞ্চ বক্স মেন্যু আৰু ডেছাৰ্টত ভগাই লোৱা হৈছে।

ছুব্বুজ কিচ্চেন: ছুব্বুৰ বিশেষত্ব হৈছে দক্ষিণ ভাৰতীয় ৰেচিপিসমূহ যিবিলাক সাৱধানতাৰ সৈতে কেইবা প্ৰজন্ম ধৰি বাগৰি আহিছে। নিজৰ ৱেবছাইটত তেওঁ মাকৰ পৰা শিকি অহা পৰম্পৰাগত আহাৰক গুৰুত্ব প্ৰদান কৰে। নিজৰ ব্লগৰ যোগেদি ছুব্বুৱে মানুহক অনুপ্ৰেৰণা যোগাব বিচাৰিছিল যে- ৰন্ধন এক সহজ আৰু আনন্দদায়ক প্ৰক্ৰিয়া। চেন্নাইস্থিত তেওঁৰ কিচ্চেনৰ পৰা তেওঁ কেনেদৰে সামগ্ৰীৰ মিশ্ৰণ কৰা উচিত, কেনেদৰে সাধাৰণ বস্তুৰ ব্যৱহাৰ কৰি এক অপূৰ্ব সোৱাদ লাভ কৰিব পৰা যায়- ইত্যাদি নিজৰ পাঠকসকলক শিকায়।

image


মঞ্জুলাজ কিচ্চেন: উত্তৰ ভাৰতৰ নিৰামিষ আহাৰৰ বিষয়ে কওঁতে মঞ্জুলাই জৈন ধৰ্মৰ “Live and let live” মন্ত্ৰ মানি চলে। মছলাৰ ব্যৱহাৰ মিতব্যয়ীকৈ কৰা হয় যাতে শাক-পাচলি, দাইল আদিৰ আচল সোৱাদ হেৰাই নাযায়। তেওঁৰ ৱেবচাইটটো চালে গম পোৱা যায় যে কেইবাটাও সৰু সৰু উপাদানৰ সফল মিশ্ৰণ ঘটালেহে সঠিক সোৱাদ আহে। তেখেতৰ ভিডিঅ’ টিউটৰিয়েল অনেক লোকে চায়।

বেকাৰ ইন ডিছগাইজ: শৰবাণীয়ে কিছুদিনৰ আগতে বেকিং কৰাৰ আনন্দৰ কথা জানিব পাৰিলে আৰু এতিয়া অনেক হেঁপাহেৰে সেই কাম কৰে। উপাদান জোখাৰ সঠিক বিজ্ঞান, সঠিক তাপ প্ৰদানৰ প্ৰক্ৰিয়া আদি সকলো মিলিহে এক উন্নতমানৰ বেকিং প্ৰদান কৰে। শৰবাণীয়ে বস্তুবোৰ সহজ কৰি ৰাখি ভাল পায়- আৰু এইয়াই হৈছে আনে তেওঁ শিকোৱা বেকিঙত আনন্দ লাভ কৰাৰ ৰহস্য।

image


শাইলুজ ফুড: ভাৰতত শাইলুৰ ব্লগ কিয় ইমান জনপ্ৰিয় হৈছে, ব্লগলৈ গ’লেই আপুনি ধৰিব পাৰিব। আপোনাৰ স্বাদ-গ্ৰন্থিয়ে সোৱাদ ল’ব নোৱাৰিলেও ৱেবছাইটত থকা ছবিবোৰে আপোনাক আনন্দ প্ৰদান কৰিব (Indian Food Photos চাওক)। তেখেতৰ ব্লগত আপুনি সমগ্ৰ ভাৰতৰ- বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ ৰেচিপিৰ বিষয়ে জানিব পাৰিব।

শ্ব’ মী দা কাৰী: কেনেদৰে-ৰান্ধিব-লাগে সেইয়া জানিলে ভাল যদিও, কেনেদৰে-ৰন্ধা-অনুচিত সেই ৱাৰ্নিংখিনিও সমানেই উপযোগী। হেতল আৰু অনুজাই নিজৰ সন্তানৰ বাবে অনেক দিনৰ পৰাই ৰান্ধি আহিছে আৰু সেয়েহে সাধাৰণতে হোৱা ভুলবিলাকৰ বিষয়ে ভালদৰেই জানে। তেওঁলোকৰ অভিজ্ঞতাৰ পৰা বিভিন্ন দক্ষিণ ভাৰতীয় আহাৰ ৰান্ধিবলৈ তেওঁলোকে হিন্ট আৰু পৰামৰ্শ প্ৰদান কৰে। আপুনিও আপোনাৰ সফল/অসফল ৰন্ধনৰ বিষয়ে তেওঁলোকক জনাব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শ ভিডিঅ’ বা প’ডকাষ্টৰ যোগেদি লাভ কৰিব পাৰে।

মাই ডাইভাৰ্ছিটি কিচ্চেন: এইয়া অপৰ্ণাৰ কেৱল ব্ল’গেই নহয়, তেওঁৰ জীৱনৰ কিছু অংশ বুলিবও পাৰি। তেওঁ নিজে ৰন্ধা বস্তুৰ ফটোগ্ৰাফী কৰিবলৈ আৰম্ভণি কৰি ব্লগৰ পাতনি মেলিছিল। এই ব্লগৰ মূখ্য ফ’কাছ হৈছে ভেজিটেৰিয়ান পালাক্কাড়, চাউল, শাক, দালি আৰু নাৰিকলৰ ওপৰত ভিত্তি কৰি কৰা ৰন্ধণ। এজন পাঠকে অনেক প্ৰকাৰৰ প্ৰডাক্ট ইয়াত বিচাৰি পাব পাৰিব। ইয়াৰ উপৰিও “Make at home” উপকৰণ যেনে ভেনিলা এক্সট্ৰেক্ট বা স্পাইছী হট চকলেট মিক্স আদিৰ বিষয়ে ব্লগৰ পৰা শিকিব পাৰি।

image


এডিবল গাৰ্ডেন: নাগছে কেৰালা, হায়দৰাবাদ, ছিডনী আদি ঠাইত বিভিন্ন সময়ত বাস কৰিছে; তেওঁ ফুল-টাইম, পাৰ্ট-টাইম চাকৰি, সন্তান, স্বামী আদি চম্ভালি লোৱাৰ উপৰিও ফুড ব্লগ এটি আৰম্ভ কৰে। কোৱাটো নিষ্প্ৰয়োজন যে এই ব্লগ অনেক সফল হৈ পৰে। তেওঁ নিজৰ ৰেচিপিবিলাকত কেৰালা আৰু তামিলৰ ৰস মিশ্ৰিত কৰে; কিন্তু তাৰ লগতে নিজে বিভিন্ন ঠাইত দেখা ৰেচিপিৰ লগতো অলপ পৰীক্ষা-নিৰীক্ষা চলায়। ৰন্ধনত ইমান বছৰ অভিজ্ঞতাৰ পিছত তেওঁ বিচাৰি পোৱা এক নিয়ম হৈছে- ৰেচিপি এটাত সদায় নিজস্ব অৱদান অকণ থাকিব লাগে।

নিশা মধুলিকা: নিশাৰ ৰেচিপিৰ উপকৰণবিলাক সহজতে উপলব্ধ। তেখেতৰ চেনেলৰ যোগেদি তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলগা হয় আৰু এই ভ্ৰমণ-কাহিনীবিলাক ভিডিঅ’ টিউটৰিয়েলৰ যোগেদি উপভোগ কৰিব পাৰি। আন এটি মজাৰ কথা হৈছে এই ৱেবছাইটটো সম্পূৰ্ণভাৱে হিন্দী ভাষাত উপলব্ধ।