উদ্যমীয়ে নিজে হাতে কামে লাগিব লাগিব – শ্বগুন শৰ্মা

উদ্যমীয়ে নিজে হাতে কামে লাগিব লাগিব  – শ্বগুন শৰ্মা

Monday November 09, 2015,

3 min Read

বিদ্যালয়ত শিক্ষা সমাপ্ত কৰাৰ পিছত, তেওঁ মুম্বাইৰ এন.আই.এফ.টি (নেছনেল ইনষ্টিটিউট অব ফেচন টেকনলজি)ত ফেচন ডিজাইন অধ্যয়ন কৰিবলৈ যায়। পাঠ্যক্ৰম আঠ মাহ অধ্যয়ন কৰাৰ পিছত, তেওঁ অনুভৱ কৰিলে যে তেওঁ সমগ্ৰ জীৱন ফেচন ডিজাইনিং কৰিব নোৱাৰে আৰু সেয়েহে তেওঁ এক সবল পদক্ষেপ গ্ৰহণ কৰি পাঠ্যক্ৰমটো বাদ দিয়াৰ সিদ্ধান্ত লয়। যদিও তেওঁৰ এই সিদ্ধান্ত বন্ধুবৰ্গ তথা আত্মীয় সজ্জনে সহজভাৱে লোৱা নাছিল তথাপি তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ ৰল –

’মই মোৰ সময় মই বিশ্বাস কৰা তথা মই আগ্ৰহী বিষয়তহে মনোনিৱেশ কৰিম।

image


মই তেতিয়াৰ পৰা সেই দৰ্শনত জীয়াই আছো, শ্বগুন শৰ্মাই কয় । হস্তনিৰ্মিত, প্ৰাকৃতিক তথা নিষ্ঠুৰতা ৰহিত আৰামদায়ক সামগ্ৰীৰ তৈয়াৰক গোষ্ঠী হেডনিষ্টাৰ প্ৰতিষ্ঠাতা তেওঁ। তেওঁৰ মতে, হেডনিষ্টাৰ সৌন্দৰ্য সামগ্ৰী সমূহ বিলাসী কিন্ত্ত প্ৰাকৃতিক আৰু বিশেষীকৃত।

লক্ষ্য নেহেৰুৱাবলৈ শ্বগুণে হেডনিষ্টাৰ টেটু নিজৰ বাহুত অংকণ কৰি লৈছিল।

দুবছৰৰ আগতে, শ্বগুণে পৰম্পৰাগত, শীতল চাবোনৰ নিৰ্মাণ আৰম্ভ কৰে যিহেতু তেওঁ বজাৰত উপলব্ধ সামগ্ৰীসমূহ ভাল পোৱা নাছিল। তেওঁ কামটো গভীৰভাৱে ল'লে আৰু ক্ৰাফটৰ উৎপাদনৰ বাবে কৌশল আৰু উপাদান সৃষ্টিত ব্ৰতী হয়। ‘‘মই ক্লিনিকেল আৰু আৰ্য়ুবেদিকৰ বাহিৰেও ছালৰ শুক্ৰষাৰ এখন বজাৰ থকাৰ কথা অনুভৱ কৰিলোঁ – বিলাসী , পাৰিপাৰ্শ্বিকভাৱে নিৰাপদ সামগ্ৰীক লৈ হেডনিষ্টাৰ জন্ম হ’ল।’’

তেওঁৰ জন্ম দিল্লীত আৰু শিক্ষাগ্ৰহণো তাতেই। নইডাস্থিত দিল্লী প্লাৱিক স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা লাভ কৰাৰ পিছত, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচৰ পৰা ইংৰাজী (সন্মান) শিক্ষা লাভ কৰে। তাৰ পিছত পুণেৰ ছিমবাইছিছ ইনষ্টিটিউট অৱ বিজনেজ মেনেজমেণ্টৰ পৰা এম.বি.এ. ডিগ্ৰী লাভ কৰে।

তেওঁৰ কেৰিয়াৰৰ বিভিন্ন সময়ত তেওঁ মহিন্দ্ৰা, হিন্দুস্তান টাইমছ আৰু ফিউচাৰ ব্ৰেণ্ডৰ সৈতে কাম কৰিছিল। তেওঁ বিভিন্ন পৰ্যায়ত ব্ৰেণ্ডৰ তদাৰক কৰিছিল। ব্ৰেণ্ডৰ সৈতে তেওঁৰ কৰ্ম অভিজ্ঞতাই তেওঁক মহিলা গ্ৰাহকসকলৰ আশা-আকাংক্ষা, প্ৰয়োজনীয়তা আদিৰ বিষয়ে জনাত সহায় কৰে।

শ্বগুণে কয় যে, উদ্যোগ স্থাপন কৰাটো বাহিৰৰ পৰা দেখাৰ দৰে সহজ নহয়। ‘‘বাস্তৱতে, এইটো আপোনাৰ শ্লিভ খোলা আৰু হাত লেতেৰা কৰাৰ দৰে কিন্তু আৰম্ভনিৰ সময়ৰ পৰাই আপুনি হাতে কামে লাগিবই লাগিব।’’

সামগ্ৰীৰ উৎপাদন, কাৰখানা পৰিচালনা কৰাকে ধৰি পিছৰ মাহৰ চলিত মূলধন কেনেকৈ আহিব এই সকলো প্ৰত্যাহ্বান শ্বগুণে গ্ৰহণ কৰিছিল।

শ্বগুণে কয়, ‘‘এই সকলোবোৰৰ সৈতে কাম কৰিবলৈ অদম্য ধৈৰ্যৰ প্ৰয়োজন, কাৰণ এইটো প্ৰকৃততে আশ্চৰ্যজকৰ কিদৰে ক্ষুদ্ৰ বিষয়বোৰে নিজেই বৃহৎ হৈ দেখা দিব আৰু বৃহৎ সময় অপচয় কৰাব। আনুষংগিক ব্ৰেণ্ডৰ পৰিচয়, আইনগত বা প্ৰশাসনিক আদি ব্যৱসায়ৰ সকলো দিশতে দক্ষ হোৱাটো প্ৰয়োজনীয়।’’

শ্বগুণৰ বাবে এক গুৰুত্বপূৰ্ণ শিকনি হ’ল যে অধিকাংশ বিষয়েই সাধাৰন জ্ঞান ব্যৱহাৰ কৰি সমাধা কৰিব পাৰি। প্ৰতিটো ক্ষেত্ৰতে সময় বৃহত্তম প্ৰত্যাহ্বান। তেওঁ কৈছে, ‘‘কেনেকৈ মোৰ সময় ব্যয় কৰিম বা কেনেকৈ মোৰ ধন ব্যয় কৰিম সেইটো এটা দ্বিধা। সাধাৰণতে, আউটছৰ্চিং আৰু পৰিচালনা বিষয়ৰ মাজত নিজেই ভাৰসাম্য ৰক্ষা কৰিব লাগে। এগৰাকী বিনিয়োগকাৰী হিচাপে, মোৰ সময় মোৰ সৰ্বোত্তম সম্পদ আৰু মই ইয়াক কেনেকৈ বুদ্ধিৰে ব্যয় কৰিম সেইটো আটাইতকৈ ডাঙৰ বিষয়।’’

image


শ্বগুণে তেওঁৰ ভাৰতত নিৰ্মিত সামগ্ৰীৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰাৰ সপোন দেখিছে। তেওঁ সৌন্দৰ্যৰ ধাৰণাক ব্যক্তিগত আনন্দ আৰু সৌন্দৰ্যৰ ধাৰণাৰ সৈতে জড়িত কৰে। ৱেবছাইটৰ সৈতে তেওঁ খুচুৰা বিতৰক প্ৰিমিয়াম ষ্ট'ৰ আৰু উচ্চ মূল্যৰ স্পা, চেলুন আৰু হোটেলৰ সৈতে বিতৰক সামগ্ৰীৰ নতুন চেনেলৰ সন্ধান কৰে। তেওঁ লগতে কয়, ‘‘আমি দক্ষিণ-পূৱ এছিয়াত এক বিতৰণ নেটৱৰ্কৰ স্থাপন কৰি আছো যাতে আমি হেড’নিষ্টাৰ এক বৃহৎ বজাৰ পাওঁ।’’