প্ৰতি সপ্তাহৰ শেষ দিনা গুৰগাঁৱত যান-বাহন স্তব্ধ কৰি দিয়া মানুহগৰাকী

0

গুৰগাঁৱক দেশৰ ভৱিষ্যত নগৰী হিচাপে গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই থকা হৈছে যদিও আচৰিতভাৱে খেলৰ বেলিকা ইয়াত আন্তঃগাঠনি আৰু সুবিধাৰ অভাৱ পৰিলক্ষিত হয়। ভাৰতৰ ক্ৰীড়া সংস্কৃতিৰ দুৰ্বলতাৰ দিশটো দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে ধ্ৰুৱ স্বামীনিয়ে প্ৰতি দেওবাৰে গুৰগাঁৱৰ যান-জঁটক বিশ্ৰাম দি আহিছে। ৪ কিঃমিঃ-ৰ এছোৱা পথ যান-জঁট মুক্ত কৰি তাত কেৱল শাৰীৰিক ব্যায়াম যেনে, চাইকেল চলোৱা, দৌৰা, স্কেটিং আৰু আন আন শাৰীৰিক কছৰৎ কৰা হয়। প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই ‘মুক্ত পথ প্ৰকল্প’ই সমূহীয়া ঠাইৰ দাবী জনাই আহিছে আৰু এয়া ২০১৪ চনৰ মাৰ্চলৈকে চলি থাকিব।

ধ্ৰুৱ DUPLAYS (সংযুক্ত আৰৱ আমিৰশ্বাহীস্থিত এটা কোম্পানী)-ৰ ভাৰতীয় সংস্কৰণৰ প্ৰতিষ্ঠাপক, যি গুৰগাঁৱত ক্ৰীড়াৰ পুনৰুদ্ধাৰৰ হকে কাম কৰিবৰ বাবে গঢ়ি উঠিছে। উত্তৰপ্ৰদেশৰ এখন সৰু চহৰ চান্দচীৰ পৰা অহা ধ্ৰুৱই আই,আই,টি দিল্লীৰ পৰা কম্পিউটাৰ চাইঞ্চ আৰু ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লোৱাৰ পিছত INSEAD-ৰ পৰা MBA ডিগ্ৰী গ্ৰহণ কৰে। McKinsey ৰ প্ৰাক্তন পৰামৰ্শদাতা ধ্ৰুৱ তেওঁৰ এই নতুন প্ৰকল্পটোক লৈ বেছ উৎসাহী।

“কিছুমান কাৰণৰ বাবে আমাৰ সময়ত উদ্যোগশীলতা যথেষ্ঠ প্ৰশংসিত হৈছে। সত্যটো হৈছে, এনেকুৱা এক ক্ষেত্ৰত আপুনি সদায় এক প্ৰত্যাহ্বানৰ মাজেৰে যাব লাগিব যেনে বেতনবিহীন এক অনিশ্চয়তাৰ জীৱন য’ত সকলো নিজেই কৰিবলগীয়া হয় । আপুনি কোনো এক সমস্যাৰ ভাল সমিধানেই আগবঢ়াইছে বুলি ভাবোতেই হয়তো সন্মূখীন হ’ব অভিযোগৰ । এনে ধৰণৰ অজস্ৰ সমস্যাই অহৰহ দেখা দিব । এনে সময়বোৰত কেৱল কামটোৰ প্ৰতি থকা আপোনাৰ উদ্যম আৰু ভালপোৱাইহে আপোনাক আগুৱাই নিব পাৰিব,” তেওঁ কয় ।

নিজৰ উদ্যোগশীলতাৰ জীৱনটো পৰিচালনাৰ বাবে তেওঁ বেছি গুৰুত্বপূৰ্ণ কামবিলাক বাচনি কৰি লৈছে। “আমাৰ সকলোৰে সদায় প্ৰায় ২০টা মান কাম কৰিবলগা থাকে, কিন্তু আমি সদায় সকলো কাম কৰি থাকো। আপুনি কোনবিলাক কাম বেছি গুৰুত্বপূৰ্ণ আৰু কোনবিলাক পাছত কৰিলেও হ’ব, সেইটো ঠিক কৰি ল’ব লাগিব, ” তেওঁ কয়, “মই সবাতোকৈ গুৰুত্ব দিওঁ অসন্মতি প্ৰকাশ কৰাত ( যিটো মই মোৰ আগৰ প্ৰতিষ্ঠান McKinsey-ৰ পৰা শিকিছোঁ ), - তোমাৰ যদি মত বেলেগ হয়, তাক তুমি প্ৰকাশ কৰা।”

Your Story য়ে ধ্ৰুৱৰ সৈতে তেওঁৰ আৰম্ভণি আৰু ভাৰতৰ ক্ৰীড়া সংস্কৃতিলৈ পৰিৱৰ্তন আনিবৰ বাবে তেওঁ কিদৰে আশাবাদী সেই বিষয়ে জানিবলৈ প্ৰয়াস কৰিছিল আৰু তলত সেই সাক্ষাৎকাৰৰ কিয়দংশ আগবঢ়োৱা হৈছে----

YS: DUPLAYS-ৰ ভাৰতীয় সংস্কৰণ আৰম্ভ কৰিবলৈ আপোনাক কোনে প্ৰেৰণা দিলে ?

ধ্ৰুৱ: বৰ্ডিং স্কুলত পঢ়ি থকাৰ সময়ছোৱাত মই বিভিন্ন খেল খেলিছিলো, কিন্তু কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত খেলিবলৈ নোপোৱা হ’লো। মই ইয়াৰ কাৰণ বুজি পাইছিলো যে, আমাৰ বৰ বেছি খেলাৰ সুবিধা নাছিল আৰু লগতে মনে মিলা মানুহবোৰক মই চিনি পোৱা নাছিলো যাৰ সৈতে মই খেলিব পাৰো। এবাৰ এটা সপ্তাহান্তিকত মই বাস্কেটবল খেলাৰ বাবে মোৰ বন্ধুকেইজনমান গোট খুৱাই এই আনুষ্ঠানিক খেলৰ ধাৰণাটো আৰম্ভ কৰাৰ কথা ঠিক কৰিলোঁ। আমাৰ এই বাস্কেটবল দলৰ কথা ফেচবুকত দ্ৰুত গতিত বিয়পি পৰিল। মানুহৰ কৌতুহলোদ্দীপক সহাঁৰিৰ পৰা বুজি উঠিছিলো যে মই এখন সঠিক বজাৰৰ সন্ধানতেই আছিলোঁ। সেয়েহে মই DUPLAYS-ৰ সৈতে মিলিত হৈ ইয়াৰ ভাৰতীয় সংস্কৰণ মুকলি কৰিবলৈ সিদ্ধান্ত ল’লো।

চাকৰি কৰা মানুহখিনিৰ বাবে সৃজনাত্মক খেলৰ আৰম্ভ কৰিবলৈ গৈ পোৱা অসুবিধাবোৰ আছিল খেলৰ বাবে সা-সুবিধাৰ অভাৱ আৰু মনে মিলা মানুহখিনিৰ লগত সহজে যোগাযোগ কৰিব নোৱাৰা অৱস্থা। গুৰগাঁৱত ৰাজহুৱা ক্ৰীড়াৰ আন্তঃগাঁঠনিৰ অভাৱৰ বাবে আমি বক্তিগত খণ্ডৰ বিদ্যালয় আৰু ক্ৰীড়া প্ৰতিষ্ঠানৰ সহায় লৈছিলো। আমাৰ ৱেবচাইট আৰু ফেচবুকৰ জৰিয়তে আমি খেলৰ প্ৰতি আগ্ৰহী আৰু কুশলী মানুহখিনিৰ লগত যোগাযোগ কৰিব পাৰিছো।

YS: ব্যক্তিগত পৰ্যায়ত আৰু এগৰাকী উদ্যোগী হিচাপে আপোনাক কোনে গতি প্ৰদান কৰিছে ?

ধ্ৰুৱ: ভাৰতত ক্ৰীড়া সংস্কৃতিৰ অভাৱবিলাকৰ সৈতে অভ্যস্ত হৈ, বৰ্তমান এই দিশত এক পৰিৱৰ্তন আনিব পাৰি মই গৌৰাৱান্বিত। ভাল লাগিছে যে আমি মানুহক নিয়মীয়াকৈ খেলাৰ বাবে সহায় কৰিব পাৰিছো আৰু এইদৰেই স্বাস্থ্য আৰু তজবজীয়া হৈ থকাৰ ক্ষেত্ৰত সজাগতা আনিব পাৰিছো। মই বিচাৰিছো যে মানুহে খেলাটো আন আন সৃজনাত্মক কাম যেনে, চিনেমা চাবলৈ বা বজাৰ কৰিবলৈ বা বাহিৰত খাবলৈ যোৱাৰ দৰেই একে বুলি ভাৱে।

কামটো কৰি যোৱাত মোক প্ৰকৃততেই সহায় কৰিছে মানুহৰ পৰা পোৱা সহাঁৰিয়ে। আমি প্ৰায়েই শুনিবলৈ পাওঁ যে মানুহবোৰে বহু দিনৰ বিৰতিৰ মূৰত খেলিবলৈ পাই কিমান ভাল পাইছে আৰু এইটোৱে তেওঁলোকৰ সপ্তাহান্তিকৰ ছুটিবোৰ কিমান মধুৰ কৰি তুলিছে। মোৰ দৰে বহুতেই অন্তিম বাৰৰ বাবে স্কুল বা কলেজত থাকোতেই খেলা।

YS: এতিয়ালৈ আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ ?

ধ্ৰুৱ: মই মানুহ আৰু ব্যাৱসায়ৰ বিষয়ে যথেষ্ঠ জ্ঞান লাভ কৰিছোঁ। আমাৰ সৈতে ২৫০০ মানুহে পঞ্জীয়ন কৰিছে আৰু গুৰগাঁৱত আমাৰ লগত খেলি আছে। আমি ৬ বিধ ক্ৰীড়াৰ ভিতৰত যেনে বাস্কেটবল, ফুটবল, টেনিছ, স্কোৱাছ, বেডমিণ্টন আৰু টেবুল টেনিছৰ অন্তৰ্গত বিভিন্ন খেলৰ (এঘণ্টীয়া প্ৰীতি খেল, লীগ/টুৰ্নামেণ্ট,প্ৰশিক্ষণ) আয়োজন কৰো। হয়, আমি ক্ৰিকেট আয়োজন নকৰোঁ ! আমাৰ মুক্ত পথৰ অনুষ্ঠানে বহুতকে আকৰ্ষিত কৰিছে।

ইয়াৰ লগতে এইটোও ক’ব খোজোঁ যে, অনুষ্ঠানবিলাক আয়োজন কৰিব পৰাকৈ প্ৰধানকৈ পেছাদাৰী ক্ৰীড়াৰ মানুহৰ অভাৱ আমাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে, কিন্তু আমি আশাবাদী যে, যিদৰে আমি আগুৱাই গৈ আছোঁ, ভৱিষ্যতে বৃহ সা-সুবিধা থকা প্ৰতিষ্ঠানৰ সৈতেও যুক্ত হ’ব পাৰিম, যি সমূহ বেছি পেছাদাৰী।

YS: আপুনি নিজেই সকলো খৰচ বহন কৰিছে নে ? যদি হয় বিত্তীয় পুঁজি সংগ্ৰহৰ বাবে আপোনাৰ পৰিকল্পনা কি ?

ধ্ৰুৱ: আমি DUPLAYS-ৰ পৰা আৰম্ভণিতে পুঁজি লাভ কৰিছিলো। আন এখন চহৰত যেতিয়া ইয়াৰ শাখা মুকলি কৰিম, তেতিয়া পুঁজি সংগ্ৰহ কৰিম। এইটো এই বছৰতে খুব সম্ভৱ হ’ব।

YS: প্ৰতিষ্ঠাপক দলটোৰ বিষয়ে অলপ কওকচোন, আপোনালোক কেনেদৰে একেলগ হ’ল ?

ধ্ৰুৱ: সৌবীৰ দত্ত আৰু মই দুয়ো প্ৰতিষ্ঠাপক সদস্য। মই যেতিয়া প্ৰথমে বাস্কেটবল খেলৰ আয়োজন কৰিছিলো, মানুহে মোক ফুটবল খেলো পাতিবলৈ কৈছিল। সৌবীৰ দত্ত ফুটবল খেলৰ নিয়মীয়া খেলুৱৈ আছিল আৰু মোৰ অনুপস্থিতিত তেওঁ ফুটবল খেলৰ আয়োজন কৰিছিল। এবাৰ কফি খাই থকাৰ মাজতে আমি একেলগে কাম কৰাৰ আৰু আমাৰ ব্যাৱসায়ৰ পৰিকল্পনাৰ কথা আলোচনা কৰিলো। দুমাহৰ পিছত তেওঁ এডিডাছৰ মাৰ্কেটিঙৰ চাকৰি এৰি মোৰ লগত যুক্ত হ’ল।