শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

0

শিশুক বিপথে পৰিচালিত কৰাৰ অপৰাধত কাৰাবন্দী হৈছিল তেওঁ

আজি ৯৮ গৰাকী অনাথ ছোৱালী আছে তেওঁৰ পৰিয়ালত...

২৫ বছৰ ধৰি অনাথ শিশুৰ চোৱাচিতা কৰি আছে তেওঁ...

বহু কেইগৰাকী ছোৱালীৰ বিয়াও পাতি দিছে তেওঁ...

জীৱনত আমি কেতিয়াবা এনে এক মুহুৰ্তৰ সম্মুখীন হওঁ যিয়ে আমাৰ জীৱন সলনি কৰি পেলায়। জীৱনৰ বিভিন্ন সময়ত অহা কিছুমান চিন্তাই জীৱনৰ দিশ সলনি কৰে। এনে ধৰণৰ চিন্তাই আমাৰ জীৱনৰ সুখ আৰু সমৃদ্ধিও বৃদ্ধি কৰে আৰু লগতে আনৰ জীৱনলৈও পৰিবৰ্তন আনে। পাঞ্জাৱৰ অমৃতসৰৰ সন্দীপ কৌৰৰ লগতো এনে ধৰণৰ ঘটনাই হৈছে।

উগ্ৰপন্থাৰ অভিযোগত অভিযুক্ত হৈ জেল যাবলগীয়া হোৱা সন্দীপ কৌৰক আজি শতাধিক শিশুৱে মা বুলি মাতে। শিশুসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ থকা সন্দীপ কৌৰে বহু শিশুক উচিত শিক্ষা প্ৰদান কৰি আজি বি-টেক, এলএলবি, এমবিএ তথা এমচিএৰ দৰে উচ্চ শিক্ষা প্ৰদান কৰিছে। পঞ্জাৱৰ অমৃতসৰৰ নিবাসী সন্দীপ কৌৰক আজি মহিলাৰ সবলীকৰণৰ প্ৰতীক বুলি অভিহিত কৰা হয়। অমৃতসৰৰ নিকটৱৰ্তী সুলতানবিড়ৰ ভাই ধৰম সিং চেৰিটেবল ট্ৰাস্টৰ জৰিয়তে এই সমস্ত কাম পৰিচালনা কৰা সন্দীপ কৌৰৰ তত্বাৱধানত আজিও ৯৮ গৰাকী অনাথ ছোৱালীৰ লালন-পালন হৈ আছে। এই সমলৰ খোৱা-লোৱাৰ পৰা পঢ়া-শুনালৈ সকলো দায়িত্ব হাঁহিমুখে গ্ৰহণ কৰি আছে সন্দীপ কৌৰে।

৩১ বছৰ পূৰ্বে অমৃতসৰৰ স্বৰ্ণমন্দিৰত হোৱা অপাৰেশ্বন ব্লু-ষ্টাৰে বহু লোকৰ মনত গভীৰ সাঁচ পেলাই গৈছিল। এনে লোকৰ মাজৰেই এগৰাকী আছিল ১২-১৩ বছৰীয়া সন্দীপ কৌৰ। সন্দীপ কৌৰৰ মনত দুখ আছিল যে কি কাৰণত ভাৰতীয় সেনাই স্বৰ্ণ মন্দিৰৰ দৰে এখন পৱিত্ৰ ঠাইত এনে ধৰণৰ জিঘাংসু অপাৰেছন চলাইছিল। তেওঁৰ কৈশোৰ মনৰ পৰা সেই আঘাট দূৰ হোৱাই নাছিল কি তেনে সময়তেই ইন্দিৰা গান্ধীৰ হত্যা আৰু তাৰ পাছৰ শিখ গণহত্যাই সন্দীপ কৌৰক অধিক বিদ্ৰোহী কৰি তোলে। আৰু তেতিয়াই তেওঁ ভাৱিবলৈ আৰম্ভ কৰে যে যিসকলে তেওঁলোকৰ লগত এনে কৰিছে তেওঁলোকৰ লগতো এনে হোৱা উচিত।

আৰু এইদৰেই ১৯৮৯ চনত দশম শ্ৰেণী অতিক্ৰম কৰাৰ পাছত সন্দীপ কৌৰে বব্বৰ খালচা নামৰ এটা বিদ্ৰোহী সংগঠনৰ সংস্পৰ্শলৈ আহে আৰু এই সংগঠনৰ এগৰাকী সদস্য ধৰম সিং কশ্বীতৱালৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এনে কৰাৰ কাৰণ আছিল এটাই আৰু যে বব্বৰ খালচা নামৰ এটা বিদ্ৰোহী সংগঠনটোত কুমাৰী ছোৱালীক সংগঠনৰ সদস্য কৰা নহয়।আৰু এইদৰে ৩ বছৰ অতিক্ৰম কৰাৰ পাছত তেওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু জেললৈ প্ৰেৰণ কৰে। জেললৈ অহাৰ ৬ মাহৰ ভিতৰতেই তেওঁ খবৰ লাভ কৰে যে তেওঁৰ স্বামীক এটা এনকাউন্টাৰত আৰক্ষীয়ে হত্যা কৰিছে। সন্দীপ কৌৰে কয় যে সেই সময়ত তেওঁৰ ওপৰত আৰক্ষীয়ে যথেষ্ট হেঁচা প্ৰয়োগ কৰে। আৰু ইয়াৰ কাৰণ আছিল এটাই যে তেওঁ সংবাদ মাধ্যমক যেন অৱগত কৰে যেন তেওঁৰ বিবাহ ধৰম সিঙৰ লগত সন্মতি অবিহনে হৈছিল। কিন্তু সন্দীপ কৌৰে সত্যৰ পৰা আঁতৰি নাহিল আৰু ইয়াৰ ফলত আৰক্ষীয়ে তেওঁৰ ওপৰত অইন কেইবাটাও গোচৰ ৰুজু কৰে। যাৰ বাবেই সন্দীপ কৌৰে আৰু ৪ বছৰৰ বাবেই সংগৰুৰ জেলত থাকিবলগীয়া হ’ল।

১৯৯২ চনৰ পৰা ১৯৯৬ চনলৈ জেলত থকাৰ সময়ত সন্দীপ কৌৰে নিজৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয়। সংগৰুৰ জেলত থকাৰ সময়ত তেওঁ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয় আৰু স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰে। তেওঁ লগতে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে জেলৰ পৰা মুক্তি লাভ কৰি তেওঁ ঘৰলৈ উভতি নগৈ আৰক্ষীৰ গুলীচালনাত নিহত হোৱা পৰিয়ালৰ অনাথ শিশুৰ তত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰিব। আৰু এই উদ্দেশ্যৰেই ১৯৯৬ চনত সংগৰুৰ জেলৰ পৰা মুকলি হৈ সন্দীপ কৌৰে জেলৰ পৰা তেওঁৰ লগতে মুক্তি লাভ কৰা কেইগৰাকীমান মহিলাৰ লগত পাটিয়ালালৈ আহে আৰু নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হয। তেওঁৰ এই কামত সন্দীপ কৌৰৰ দেউতাকেও সহায়ৰ হাত আগবঢ়ায়।

পাটীয়ালালৈ অহাৰ পাছত প্ৰথমে তেওঁ অনাথ শিশুৰ সন্ধানত নামে আৰু তেনে কেইটামান শিশুক নিজৰ লগত ৰাখে। আৰু তাৰ পাছত তেওঁ সেই শিশু কেইটাৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰে। এই কামৰ বাবে তেওঁলোকে চান্দাও সংগ্ৰহ কৰে। জেলৰ পৰা অহাৰ পাছত সন্দীপ কৌৰে এফালে অনাথ শিশুৰ দায়িত্ব পালন কৰি থাকিল আৰু আনফালে নিজৰ অসম্পূৰ্ণ শিক্ষাও সমাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। পুৰণি দিনৰ স্মৃতি মনত পেলাই তেওঁ কয় যে, মই ৩ বজাতেই শোৱা-পাটী এৰিছিলো আৰু প্ৰথমে নিজে তৈয়াৰ হৈ অনাথ শিশুকেইটাক টোপনিৰ পৰা জগাই, গা-ধুৱাই স্কুললৈ যাবলৈ প্ৰস্তুত কৰিছিলো। শিশুকেইটাক স্কুললৈ পঠাই মোৰ হাতত ইমান সময় নৰইছিল যে মই পুৱাৰ আহাৰ গ্ৰহণ কৰিব পাৰো কিয়নো মই সঠিক সময়ত নিজৰ কলেজো পাব লাগিছিল। সন্দীপ কৌৰে ইমানখিনি দায়িত্ব বহন কৰাৰ পাছত কাৰো সহানুভূতি আশা কৰা নাছিল আৰু তাৰ বাবেই কিজানি তেওঁৰ বিষয়ে কলেজত কোনেও একো প্ৰশ্ন কৰা নাছিল বা তেওঁ কি কৰে সেয়া অনুধাৱন কৰিব পৰা নাছিল।


সন্দীপ কৌৰে অনাথ শিশু ডাঙৰ কৰাৰ দাযিত্বটো যথেষ্ট নিষ্ঠাসহকাৰে কৰিছিল। আৰু তাৰ বাবেই শিশুসকলৰ সৰু-বৰ সকলো কথাৰ গুৰুত্ব দিছিল, নখ কটাৰ পৰা হম ৱৰ্ক কৰালৈ তথা স্কুললৈ যোৱা সকলো কাম তেওঁ কৰিছিল। সকলো শিশুৰে প্ৰিয় আছিল সন্দীপ কৌৰ। এটা সময় আছিল যেতিয়া তেওঁ টোপনি মাৰিবলৈ বিচনা এখন নাছিল। তেওঁ সদায় অনাথ শিশুসকলৰ কল্যাণৰ কথাটোতহে প্ৰাধান্য দিছিল। সকলো বস্তুৰেই প্ৰধান অংশ পাইছিল এই অনাথ শিশুকেইটাই। শিশুবোৰেই নিজৰ মাতৃ সন্দীক কৌৰক যথেষ্ট মৰম কৰিছিল। প্ৰায়ভাগ সময়তেই শিশুকেইটাই মৰমতেই নিজৰ মাকৰ কোঠাতেই টোপনি গৈছিল। এই সম্পৰ্কত মনত পেলাই সন্দীপ কৌৰে কয় যে, সেই সময়ত ইমানবোৰ দেৱশিশু মোৰ কোঠাত শুইছিল যে মোৰ টোপনিৰ সময়ত ভৰি দীঘল কৰিবলৈ ঠাইৰ অভাৱ হৈছিল কিন্তু সেয়া কোনোপধ্যেই বিৰক্তিকৰ নাছিল, বৰঞ্চ সেয়া আছিল এক স্বৰ্গীয় অনুভূতি।

সন্দীপ কৌৰে কব বিচাৰে যে তেওঁ পাটিয়ালাত ৭ বছৰ কাল থকাৰ সময়ত আৰক্ষীয়ে ইয়াতো তেওঁক যথেষ্ট অসুবিধা দিছিল। বিভিন্ন ধৰণৰ অভিযোগ তেওঁৰ ওপৰত জাপি দিয়া হৈছিল। বিশেষত শিশুসকলৰ লালন-পালন কৰি থকা সন্দীপ কৌৰৰ ওপৰত আৰক্ষীয়ে অনা এটা প্ৰধান অভিযোগ আছিল শিশুসকলক সন্ত্ৰাসবাদী হোৱাৰ বাবে উদগনি যোগোৱাৰ অভিযোগটো। ইয়াৰ ওত্তৰত সন্দীপ কৌৰে সকলোকে কৈ ফুৰিবলগীয়া হৈছিল যে তেওঁ শিশুবোৰক উপযুক্ত শিক্ষা প্ৰদান কৰি উপযুক্ত লোক হিচাপে গঢ়ি তোলাহে প্ৰধান অভিপ্ৰায় আছিল। তথাপি আৰক্ষীৰ উপৰ্যুপৰি আতিশায্যৰ বলি হৈ সন্দীপ কৌৰে শিশুবোৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পাটিয়ালা এৰি অমৃতসৰলৈ গুচি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২০০২ চনত তেওঁ দুশৰো অধিক শিশুক লৈ অমৃতসৰ গুছি আহে আৰু দুমহলীয়া এটা ঘৰ ভাড়া কৰি থাকিবলৈ আৰম্ভ কৰে। এই দুমহলীয়া ঘৰটোৰ তলৰ মহলাত ছোৱালীবোৰ আছিল আৰু ওপৰ মহলাত লৰাবোৰ আছিল। ঘৰৰ সম্মুখত টেন্ট দি সন্দীপ কৌৰে পাকঘৰৰ ব্যৱস্থা কৰি দিছিল। এই সমস্ত কামক তেওঁৰ পৰিয়ালে সন্দীপক সদায় সহায় কৰি আহিছে। ইমানৰ পাছতো সন্দীপ কৌৰ আৰু শিশুবোৰৰ সমস্যাৰ অন্ত পৰা নাছিল। তেওঁ চিন্তা কৰি এটা উপায় বিচাৰি পাইছিল যে যদিহে তেওঁলোকৰ নিজা মাটিত থকা লোৱাৰ ব্যৱস্থা কৰিব পৰা হয় তেন্তে বহুখিনি সমস্যা আঁতৰ হ’ব। ইয়াৰ পাছত তেওঁ অমৃতসৰৰ নিকটৱৰ্তী কৰীৱ চুলতানবিড়ত আহি নিজাকৈ থকাৰ ব্যৱস্থা কৰি লয়। আজি অতি গৰ্বৰে সন্দীপ কৌৰে কয় যে, মোৰ বহুকেইটা সন্তান আজি বি-টেক, এলএলবি, এমবিএ আৰু এমচিএৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে। মোৰ সন্তানৰ এজনে মাৰ্ছেন্ট নেভীতো নিৰ্বাচিত হৈছে, ইয়াৰ উপৰি মোৰ এজনী ছোৱালীয়ে চাৰ্টাড একাউটেন্টৰো পাঠ্যক্ৰম কৰি আছে।

১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা ভাই ধৰম সিং চেৰিটেবল ট্ৰাষ্টৰ যোগেদি বৰ্তমান সন্দীপ কৌৰৰ তত্বাৱধানত ৯৮ গৰাকী কন্যা সন্তান আছে। ইয়াৰ উপৰি বহু কেইগৰাকী ছোৱালী হোষ্টেলত আছে আৰু তেওঁলোকৰ খৰছ সন্দীপ কৌৰে বহন কৰি আছে। আনকি তেওঁ ট্ৰাষ্টৰ জৰিয়তে বহুকেইগৰাকী কন্যাৰ সূচাৰুৰুপে বিবাহো সম্পন্ন কৰিছে। যাৰ ফলত কৌৰ মাতৃত্বৰ মৰমত ডাঙৰ হোৱা এই ছোৱালীবোৰ আজি কাৰোবাৰ পত্নী-বোৱাৰী তথা সফল হৈ আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা আৰু ইটালীত বাস কৰি আছে। সময়ে সময়ে এই ছোৱালীবোৰ সন্দীপ কৌৰৰ খবৰ লবলৈ আহে ট্ৰাষ্টকো অৰ্থনৈতিক দিশত বহু সহায় কৰে। সন্দীপ কৌৰৰ তত্বাৱধানত থকা অনাথ শিশুবোৰ কেৱল পঞ্জাৱৰেই নহয়, এই শিশুবোৰৰ বহুতো হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰো আছে। সন্দীপ কৌৰে তেওঁৰ মাতৃত্বৰ জৰিয়তে অনাথ শিশুবোৰক মানৱতাৰ সংস্কাৰ আৰু জীৱনৰ অনুশাসন ইমান নিয়াৰিকৈ তথা নিষ্ঠাসহকাৰে দিয়ে যে তেওঁৰ ওচৰত বহু পিতৃ-মাতৃয়ে নিজৰ সন্তানক পইচাৰ বিনিময়ত ৰাখিবলৈ আহে যাতে তেওঁলোকৰ সন্তানে সন্দীপ কৌৰৰ পৰা জীৱনৰ শিক্ষা লাভ কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।

লেখক- হৰীশ বিষ্ট

অনুবাদ- শোণিত কুমাৰ গোস্বামী

www.bdshkhalsatrust.com

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ